About Us
Elegance in Thought, Excellence in Print
Who We Are
Monikut Publication is an independent publishing house based in Guwahati, committed to enriching the literary landscape of Assam and beyond. Over the past several years, we have dedicated ourselves to discovering, nurturing, and publishing works that reflect the depth, diversity, and brilliance of Assamese literature.
Our Mission
To bring the finest Assamese writing to readers everywhere and to contribute meaningfully to the cultural and intellectual growth of our society. We believe that literature has the power to shape thought, spark dialogue, and build communities — and we see Monikut as a medium through which such transformative reading experiences can reach people.
Our Vision
To create a reading culture that inspires curiosity, fosters critical thinking, and ushers in a new intellectual epoch for readers. We aim to make literature accessible, relevant, and vibrant by offering thoughtfully curated books that resonate with both seasoned readers and new generations.
Quality Is Our Identity
At Monikut, quality is not merely a principle — it is our identity. The very name Monikut embodies our commitment to producing books that stand out for their literary merit, editorial excellence, and aesthetic value. From contemporary voices to classical works, we strive to bridge the gap between great writing and the audiences who deserve access to it.
Monikut Publication invites you to explore, read, and participate in the journey of building a stronger literary future — one book at a time.
"মণিকূট" — চিন্তাত শ্ৰেষ্ঠত্ব, ছপাত উৎকৃষ্ট
উৎকৃষ্ট গ্ৰন্থ প্ৰকাশৰ মাজেৰে ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ এক অভিজাত প্ৰকাশনগোষ্ঠী ‘মণিকূট’। অসমৰ গুৱাহাটীস্থ প্ৰকাশন প্ৰতিষ্ঠান মণিকূটে জন্মলগ্নৰে পৰা গভীৰ দায়বদ্ধতা আৰু এক উৎসৰ্গিত মনোভাৱেৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰালৰ পৰা বৈচিত্ৰ্যময় আৰু বহুৰঙী সাহিত্য সম্ভাৰ বিচাৰি উলিয়াই আৱশ্যকীয় সাজ-সজ্জাৰে আটকধুনীয়াকৈ ছপা কৰি পঢ়ুৱৈৰ আদৰ লভিবলৈ সক্ষম হৈছে।
আমাৰ লক্ষ্য স্পষ্ট আৰু গভীৰভাৱে অৰ্থপূৰ্ণ― ভাষা সাহিত্যৰ শ্ৰেষ্ঠ সম্ভাৰসমূহ সকলোশ্ৰেণীৰ পঢ়ুৱৈৰ ওচৰলৈ লৈ গৈ সমাজৰ বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ ধণাত্মক বৰঙণি আগবঢ়োৱা। প্ৰতিগৰাকী ব্যক্তিৰ সমষ্টিৰে গঠিত সমাজখনৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সাহিত্যৰ অসাধাৰণ শক্তি আছে বুলি আমি সৰলতাৰে বিশ্বাস কৰোঁ আৰু তাৰবাবে মণিকূটক এক মাধ্যমৰূপে গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। মণিকূটৰ বাবে গুণগত মান কেৱল এটা নীতি নহয়, ই আমাৰ পৰিচয়। মণিকূটৰ পৰা প্ৰকাশিত প্ৰতিখন গ্ৰন্থই সেয়েহে নিঃসন্দেহে উৎকৃষ্টতাৰ দাবী কৰিব পাৰে।
আধুনিক সাহিত্য কৃতিৰ পৰা ঐতিহাসিক কৃতিলৈ, সকলো স্তৰৰ মহৎ সাহিত্য সম্ভাৰৰ লগত পঢ়ুৱৈৰ দূৰত্ব আঁতৰাবলৈ আমি নিৰন্তৰে চেষ্টা কৰি আহিছোঁ। আমাৰ দৰ্শন হৈছে প্ৰতিগৰাকী পঢ়ুৱৈৰ মনোজগত উজ্জ্বল কৰি তীক্ষ্ণ চিন্তাধাৰাৰ বিকাশ ঘটাই পঢ়ুৱৈৰ বাবে এটা নতুন বৌদ্ধিক যুগৰ আৰম্ভণিৰে কিতাপ পঢ়াৰ ন-সংস্কৃতি গঢ়ি তোলা। আমি সাহিত্যক সৰ্বসমাদৃত, প্ৰাসংগিক আৰু সজীৱ কৰি তোলাৰ স্বাৰ্থত বাস্তৱ চিন্তাধাৰা প্ৰতিফলিত হোৱা নিৰ্বাচিত কিতাপসমূহ প্ৰকাশ কৰোঁ, যিবোৰ অভিজ্ঞ পঢ়ুৱৈৰ লগতে নতুন প্ৰজন্মৰ বাবেও সমানেই প্ৰাসংগিক। আমাৰ এই যাত্ৰাত সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ অংশগ্ৰহণে মনিকুট প্ৰকাশনৰ মনোবল বৃদ্ধি কৰিব বুলি আমি আশাবাদী।
Nationwide Shipping
We deliver across India with care and speed.
Best Quality
Premium paper, print, and binding on every title.
Best Offers
Competitive pricing with regular discounts.
Secure Payments
Safe and trusted checkout for every order.
