• 1
  •  
  •  
  •  
  •  
    1
    Share

পাঠশালাৰ পৰা প্ৰকাশিত দুমহীয়া অসমীয়া মাল্টিমিডিয়া ৱেব আলোচনীখনে বিগত ‘স্বাধীনতা দিৱস’ৰ দিনা আত্মপ্ৰকাশ কৰাৰ পাছত ইয়াৰ অভাৱনীয় জনপ্ৰিয়তাই “মণিকূট” পৰিয়ালক স্বাভাৱিকতে উৎসাহী কৰি তুলিছে। “মণিকূট”ত গল্প, কবিতা, প্ৰৱন্ধৰ উপৰিও অদিও আৰু ভিডিও সম্বলিত সাংস্কৃতিক শিতান, সাক্ষাৎকাৰ, বিজ্ঞানপ্ৰভা, খেলজগত আদি কুৰিটাৰো অধিক শিতানৰ জৰিয়তে সৃজনশীল সকলো ধৰণৰ কলাকে সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে । নতুন প্ৰজন্মৰ, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাহিত্য-সংস্কৃতিৰ সকলো দিশৰে প্ৰতিভা বিকাশত এখন মঞ্চ হিচাপে “মণিকূটে” এক বলিষ্ঠ ভূমিকা পালন কৰিব পাৰিব বুলি আমি গভীৰ আশাবাদী। গতিকে, ছাত্র-ছাত্ৰীসকলে unicodeত লেখা সৃষ্টিশীল লেখা বা কলাসমূহ “মণিকূট”লৈ প্ৰেৰণ কৰি নিজৰ প্ৰতিভাৰ আত্মপ্ৰকাশ ঘটোৱাৰ সুযোগ গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। মণিকূটলৈ লেখা পঠিওৱাৰ ঠিকনা::
ইমেইল: monikut.editor@gmail.com
হোৱাটছ এপ নম্বৰ: 7086323199

  • 1
    Share