ডঃ ভূপেন হাজৰিকা

শিল্পী স্মৰণ

  • 364
  •  
  •  
  •  
  •  
    364
    Shares

মণিকূটৰ এই শিতানটোত অসমৰ বৰেণ্য সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰৰ আপুৰুগীয়া সৃষ্টিসমূহ ৰোমন্থন কৰাৰ লগতে নতুন প্ৰজন্মৰ আগত চিনাকী কৰি দিয়াৰ এক বিনম্ৰ প্ৰয়াস কৰা হৈছে । এই সংখ্যাটোত (আগষ্ট ১৫ – অক্টোবৰ ১৫) যিসকল শিল্পীৰ জন্ম হৈছিল, তেঁওলোকৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে ।

জন্মঃ ৮ ছেপ্টেম্বৰ, ১৯২৬ (শদিয়া)

মৃত্যুঃ ৫ নৱেম্বৰ, ২০১১

পিতৃঃ নীলকান্ত হাজৰিকা

মাতৃঃ শান্তিপ্ৰিয়া হাজৰিকা

শিক্ষাঃ

প্ৰাথমিক শিক্ষাঃ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়, গুৱাহাটী

প্ৰৱেশিকা পৰীক্ষাঃ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৪০ চন)

ইন্টাৰমেডিয়েট (কলা বিভাগ): কটন মহাবিদ্যালয় (১৯৪২ চন)

স্নাতকঃ বেনাৰচ হিন্দু বিশ্ববিদ্যালয় (১৯৪৪ চন)

স্নাতকোত্তৰঃ বেনাৰচ হিন্দু বিশ্ববিদ্যালয় (১৯৪৬ চন)  (ৰাজনীতি বিজ্ঞান)

ডক্টৰেটঃ কলম্বিয়া বিশ্ববিদ্যালয়, বিষয় – Role of Mass Communication in India’s Adult Education (ৰোল অফ মাছ কমুনিকেচন ইন ইণ্ডিয়াছ আডালত এডুকেচন)

কৰ্মজীৱনঃ

  • বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা
  • ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে জড়িত
  • ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ অসম বিধান সভাৰ সদস্য (নাওবৈচা সমষ্টিৰপৰা)
  • চেয়াৰমেন, এপেলেট বডী অব চেন্ট্ৰেল ব’ৰ্ড অব ফিল্ম চেঞ্চৰচ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা  ১৯৯৯ চনলৈ
  • মেম্বাৰ, স্ক্ৰীপ্ট কমিটি অব নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া
  • ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দা ব’ৰ্ড অব ডাইৰেক্টৰচ অব নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰ
  • এক্‌জিকিউটিভ কাউন্সীল মেম্বাৰ, চিল্‌ড্ৰেন্স ফিল্ম চ’চাইটী
  • মেম্বাৰ, ব’ৰ্ড অব ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্টছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ
  • চেয়াৰমেন, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৮৫
  • জুৰী মেম্বাৰ, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৫৮-ৰ পৰা ১৯৯০ লৈকে কেইবাবাৰো
  • মেম্বাৰ, পি চি জোশী কমিটী।
  • মেম্বাৰ, ফিল্ম এণ্ড টেলিভিশ্যন ইন্সটিটিউটৰ পলীচি মেকিং বডী, ভাৰত চৰকাৰ

পৰিচালিত চলচিত্ৰ

  • এৰা বাটৰ সুৰ (১৯৫৬)
  • মাহুত বন্ধুৰে (১৯৫৮)
  • শকুন্তলা (১৯৬১)
  • প্ৰতিধ্বনি (১৯৬৪)
  • লটি-ঘটি (১৯৬৬)
  • চিক্-মিক্ বিজুলী (১৯৬৯)
  • ফৰ হুম দ্য ছানৰাইজ (১৯৭৪)(তথ্যচিত্ৰ)
  • এমুঠি চাউলৰ কাহিনী (১৯৭৪)(তথ্যচিত্ৰ)
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী (১৯৭৬)(তথ্যচিত্ৰ)
  • থ্ৰ’ মেলডী এণ্ড ৰীডম (১৯৭৭)(তথ্যচিত্ৰ)
  • মেৰা ধৰম মেৰী মা (১৯৭৭)
  • মন প্ৰজাপতি (১৯৭৯)
  • এলং দ্য ৰীভাৰ ব্ৰহ্মপুত্ৰ (১৯৮১)(তথ্যচিত্ৰ)
  • ছিৰাজ (১৯৮৮)
  • মিৰি-জীয়ৰী (১৯৮৯) (টেলিফিল্ম)
  • গিম্পছেছ অৱ দ্য মিষ্টী ইষ্ট (১৯৯৬)

বঁটা আৰু কৃতিত্বঃ

  • ১৯৬১ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৬৪ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। এই ছবিখন ফ্ৰাঞ্চৰ আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।
  • ১৯৬৬ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘লটি-ঘটি’ প্ৰথম অসমীয়া ব্যংগ চলচিত্ৰখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে।
  • ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলী মেম চাব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে । এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ‘ৰজত কমল বঁটা’ আৰু নগদ দহ হেজাৰ টকাৰে সন্মান যাচে।
  • ১৯৭৮ চনত দুখন অসমীয়া গানৰ বিশেষ ৰেকৰ্ড প্ৰকাশ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ’ বুলি আঠোটা বাঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে।
  • ১৯৭৭ চনত পশ্চিম বংগৰ ‘বাংলা চলচিত্ৰ পুৰস্কাৰ সমিতি’ এ ‘দম্পতি’ ছবিখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাচিছিল।
  • ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।
  • ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল ।
  • ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা’ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল ।
  • মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯)
  • ১৯৮৭ চনত অসম চৰকাৰৰ পৰা শংকৰদেৱ বঁটা লাভ কৰে।
  • ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
  • ১৯৮৭ চনত ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে।
  • ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল ।
  • ১৯৯৩ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
  • ১৯৯৩ চনত ড° হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে।
  • ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে।
  • ২০০১ চনত মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে।
  • ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান লাভ কৰে।
  • ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে।
  • ২০১২ চনত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত হয়।

উৎসঃ ৱিকিপেডিয়া, বিভিন্ন কিতাপ, আলোচনী, ইন্টাৰনেট আদি

ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ ১০ টা অমূল্য সৃষ্টি আগবঢ়োৱা হ’লঃ

বিঃদ্ৰঃ – (গানকেইটা youtube ত সংৰক্ষিত হৈ থকা উৎসৰ পৰা দেখুওৱা হৈছে )

(১) অসম আমাৰ ৰূপহী

(২) অসমী আইৰে লালিতা পালিতা

(৩) আই তোক কিহেৰে পূজিমে

(৪) আমি অসমীয়া নহওঁ দুখীয়া

(৫) আহ আহ ওলাই আহ

(৬) ক’ত জোৱানৰ মৃত্যু হ’ল

(৭) জুয়ে পোৰা তিৰাশীৰ

(৮) পূজো আহা আই মাতৃৰ

(৯) মেঘে গিৰ গিৰ কৰে

(১০) শ্বহীদ প্রণামো তোমাক

[শিতানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰিদিপ দেৱ চৌধুৰীয়ে সজাইছে ]

Be the first to comment

Leave a Reply

Your email address will not be published.