জয়ন্ত হাজৰিকা

  • 56
  •  
  •  
  •  
  •  
    56
    Shares

মণিকূটৰ এই শিতানটোত অসমৰ বৰেণ্য সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰৰ আপুৰুগীয়া সৃষ্টিসমূহ ৰোমন্থন কৰাৰ লগতে নতুন প্ৰজন্মৰ আগত চিনাকী কৰি দিয়াৰ এক বিনম্ৰ প্ৰয়াস কৰা হৈছে । এই সংখ্যাটোত (আগষ্ট ১৫ – অক্টোবৰ ১৫) যিসকল শিল্পীৰ জন্ম হৈছিল, তেঁওলোকৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে ।

জন্মঃ ২০ ছেপ্তেম্বৰ, ১৯৪৩

মৃত্যুঃ ১৫ অক্টোবৰ, ১৯৭৭

কৰ্ম-ৰাজী:

নেপথ্য-সংগীত (বোলছবি)

  • মণিৰাম দেৱান
  • লটিঘটী
  • ফাগুনী
  • চিক্‌মিক বিজুলী

সংগীত পৰিচালনা (কাহিনী-চিত্ৰ)

মণিৰাম দেৱান ছবিত প্ৰথমে জয়ন্ত হাজৰিকাই সহকাৰী সংগীত পৰিচালক ৰূপে ভূপেন হাজৰিকাৰ লগত কাম কৰিছিল। পাছলৈ লটিঘটী ছবিতো ভূপেন হাজৰিকাৰ সহকাৰীৰূপে কাম কৰে। নিজাববীয়াকৈ সংগীত পৰিচালনা কৰা ছবিকেইখন হ’ল:

  • বনৰীয়া ফুল (১৯৭১, পৰিচালক: অতুল বৰদলৈ)
  • বৃষ্টি (১৯৭৫, পৰিচালক: দেউতী বৰুৱা)
  • নিয়তি (১৯৭৮, পৰিচালক: ইন্দুকল্প হাজৰিকা)
  • ধৰ্মকাই (১৯৭৭, পৰিচালক: ভবেন দাস)
  • নতুন আশা (১৯৭৭, পৰিচালক: প্ৰবীৰ মিত্ৰ, জয়ন্ত হাজৰিকাৰ মৃত্যুৰ পাছত মণীষা হাজৰিকাই সম্পূৰ্ণ কৰিছিল।)

জয়ন্ত হাজৰিকাৰই আধৰুৱা কৰি যোৱা ছবিকেইখন:

  • ৰঙামেঘ (পৰিচালক: অতুল বৰদলৈ)
  • এনাজৰী (পৰিচালক: গৌৰী বৰ্মন, ৫টা গান সম্পূৰ্ণ কৰি গৈছিল)
  • পোহৰ (পৰিচালক: মানিক বৰা, ২টা গান সম্পূৰ্ণ কৰি গৈছিল)
  • উপপথ (পৰিচালক: হেমন্ত দত্ত, মণীষা হাজৰিকাই কাম শেষ কৰে)

সংগীত পৰিচালনা (তথ্য-চিত্ৰ)

  • ফ্লোৰা এণ্ড ফ’না অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া
  • হুইলছ এণ্ড দা হৰাইজন
  • সন্মান
  • জ্যোতি চিত্ৰবন

সংগীত পৰিচালনা (মঞ্চ নাটক)

  • ছিৰাজ (নাট্যকাৰ: ফণী শৰ্মা)
  • বান (নাট্যকাৰ: প্ৰফুল্ল বৰা)
  • জিণ্টী
  • জন্ম
  • যুদ্ধ ঘোষণাৰ দিন
  • জেৰেঙাৰ সতী
  • ‘লখিমী থিয়েটাৰ’ৰ পাঁচখন নাটক

উৎসঃ ৱিকিপেডিয়া, বিভিন্ন কিতাপ, আলোচনী, ইন্টাৰনেট আদি

জয়ন্ত হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ ১০ টা অমূল্য সৃষ্টি আগবঢ়োৱা হ’লঃ

বিঃদ্ৰঃ – (গানকেইটা youtube ত সংৰক্ষিত হৈ থকা উৎসৰ পৰা দেখুওৱা হৈছে )

জয়ন্ত হাজৰিকাৰ কালজয়ী গীতবোৰঃ

(১) তোমাৰ মৰমে মোৰ

(২) আগলি বতাহে কঁপালে কলৰে পাত

(৩) পিতাইটি অ’ই

(৪) জীৱনটো যদি অভিনয় হয়

(৫) বৰষা ঋতু ভাল পাওঁ মই

(৬) ব’হাগ হয় যদি

(৭) এই আকাশ বৰ বিশাল

(৮) দুৰ্যোগ লগ্নৰ দেখো হাঁহাকাৰ

(৯) আনৰ কাৰণে জীৱন শলিতা

(১০) এই লুইত কাৱেৰী সিন্ধু গংগা

[শিতানটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ ৰিদিপ দেৱ চৌধুৰীয়ে সজাইছে ]

Be the first to comment

Leave a Reply

Your email address will not be published.