শিশু , শিক্ষা, বংশগত আৰু পৰিবেশীয় প্ৰভাৱ : বিনু বৰ্মন

  • 174
  •  
  •  
  •  
  •  
    174
    Shares

এজোপা বিশাল গছৰ সম্ভাৱনা যিদৰে এটা ক্ষুদ্ৰ গুটিত নিহিত হৈ থাকে আৰু উপযুক্ত সাৰ , পানী আৰু যত্ন কৰাৰ ফলত ক্ৰমশঃ ডাঙৰ হৈ ফল- ফুল আদিৰে জাতিস্কাৰ হৈ পৰে , তেনেদৰে এটি শিশুৰো পূৰ্ণ বিকাশৰ ক্ষেত্ৰত শিক্ষা, বংশগত প্ৰভাৱ, পৰিবেশৰ প্ৰভাৱ আৰু পিতৃ – মাতৃৰ ভূমিকা গুৰুত্বপূৰ্ণ । শিশুৰ বাবে নিজৰ ঘৰখনেই হ’ল প্ৰথম শিক্ষাৰ কেন্দ্ৰ । শিশুকালত ঘৰৰ পৰা পোৱা পৰিবেশে প্ৰতিজন লোকৰ জীৱনতে সামগ্ৰিকভাৱে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় । প্ৰতিটো পৰিয়ালতেই সামাজিক ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ , ধৰ্ম – বিশ্বাস আদিৰ একো একোটা সাংস্কৃতিক পৰিবেশ থাকে । এই সকলোবোৰ মানি চলি শিশুৰ শিষ্টাচাৰ , সদ্ – চৰিত্ৰ , সদ্ – স্বভাৱ আদি গঢ় দিয়াত পৰিয়াল তথা সমাজখনৰেই দায়িত্ব অধিক ।

জীৱই মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰাই বংশগত প্ৰভাৱৰ ক্ৰিয়া আৰম্ভ হয় । বংশগত প্ৰভাৱ হৈছে এজন ব্যক্তিৰ আয়ত্বত থকা এক বিশেষ গুণ যি বংশানুক্ৰমে উত্তৰপুৰুষলৈ গতি কৰে । এই গুণসমূহ সন্তানে পিতৃ – মাতৃৰ পৰা প্ৰত্যক্ষভাৱে আৰু পূৰ্বপুৰুষৰ পৰা পৰোক্ষ ভাৱে লাভ কৰে । সেয়ে বংশগত প্ৰভাৱৰ ফল ব্যক্তিবিশেষ পৃথক । বিজ্ঞানী সকলৰ মতে পিতৃ – মাতৃৰ যিমান পৰিমাণৰ ক্ৰম’জম ৰ সংযোজনত জীৱৰ সৃষ্টি হয় সেই ক্ৰম’জম বোৰত কেতবোৰ সূক্ষ্ম জীৱাণুকোষ বা জীন থাকে আৰু এই জীনবোৰতেই জীৱৰ ভৱিষ্যত বিকাশৰ সকলো প্ৰয়োজনীয় সম্ভাৱনীয়তা নিহিত হৈ থাকে ।

জীৱনৰ প্ৰতিটো মুহূৰ্ত আৰু প্ৰতিটো পৰিস্থিতিয়ে ব্যক্তিক শিক্ষাৰ সমল যোগায় । শিক্ষাৰ এই বহল পৰিসৰে ব্যক্তিৰ বংশগতি আৰু পৰিবেশ দুয়োটা দিশ সামৰি লয় ।

পৰিবেশীয় প্ৰভাৱৰ ক্ষেত্ৰত গৃহ পৰিবেশৰ লগতে সামাজিক , সাংস্কৃতিক , স্কুলীয়া পৰিবেশৰো উল্লেখযোগ্য ভূমিকা আছে ।

শিশুৱে যিদৰে পৰিয়ালৰ বিভিন্ন দিশৰ উপাদানেৰে নিজৰ শিক্ষাৰ বুনিয়াদ গঢ়িব বিচাৰে তেনেদৰে সমাজৰ ব্যক্তিসকলৰ সংস্পৰ্শত সমাজৰ আদৰ্শ আৰু চৰিত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নিজৰ চৰিত্ৰ গঠনত প্ৰেৰণা পায় । সবল ব্যক্তিৰ সবল ব্যক্তিত্বইহে সমাজক আগুৱাই নিব পাৰে বাবে তেনে ব্যক্তি গঢ় দিয়াত সমাজৰ যথেষ্ট দায়িত্ব আছে । শিশু এটা সুনাগৰিক হ’বলৈ হ’লে শিশুটোৰ সামগ্ৰিক বিকাশ বাঞ্চনীয় । সেইবাবে পিতৃ – মাতৃ তথা শিশুটোৰ পৰিসৰত থকা সমাজখনে শিশুটোৰ বৌদ্ধিক বিকাশৰ উপৰিও নৈতিক , আধ্যাত্মিক আৰু বৈজ্ঞানিক দৃষ্টিসম্পন্ন শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে । এনে শিক্ষাই মানৱ জীৱনৰ সকলো দিশতেই প্ৰভাৱ পেলাই শিশুটোৰ লগতে সমাজৰ প্ৰগতিৰ পথ নিৰ্ণয় কৰে ।
————————–

বিনু বৰ্মন
গণেশ নগৰ ,
বশিষ্ঠ , গুৱাহাটী – ৭৮১০২৯৷

  • 174
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.