৪০ জন জোৱান, ৪০ টা পৰিয়াল: চৈয়দ আহমেদ শ্বাহ

সাময়িকী

  • 6
  •  
  •  
  •  
  •  
    6
    Shares

যেতিয়াই এনেকুৱা একোটা ঘটনা ঘটে সেই ঘটনাটোৰ প্ৰত্যক্ষফল ভোগে পৰিয়ালৰ মানুহখিনিয়ে। কেৱল মানসিক ভাবেই নহয় ই আৰ্থিক আৰু সামাজিক দিশতো পৰিয়াল একোটাৰ ভাবিব নোৱাৰা ক্ষতি কৰে। কেবল তেনেকুৱা একোটা ভূক্তভূগী পৰিয়ালেহে কব পাৰে এনে একোটা ঘটনাই কেনেকৈ নোহোৱা কৰে ভৰিৰ তলৰ মাটি।

এনেকুৱা ঘটনা যেতিয়া ঘটে ই একোটা বোমাৰ দৰে পাৰ্শ্বৱৰ্তী পৃথিবীখন কঁপাই যায়। বোমাটো যিমান ডাঙৰ হয় ইয়াৰ শব্দ বহু দূৰলৈকে শুনা যায়। দূৰৈৰ ঘৰদুৱাৰ কঁপাই। খিৰিকিৰ কাঁচ ভাঙে।

ঘটনাটো ঘটাৰ লগে লগে তালৈ সকলো ধপলিয়াই আহে। খং ক্ষোভৰ এক প্ৰবল বা মাৰলিত কেইসপ্তাহ মানলৈকে সকলো উটি যায়।

আমাৰ কথা কাম হৈ পৰে আবেগ সৰ্বস্ব। সেই সময়তে যিটো এটা স্বাভাবিক প্ৰক্ৰিয়া। কিন্তু কেইদিনমানৰ পাছত সকলো তল পৰে। পণ্ডিত সকলৰ পাণ্ডিত্যপূৰ্ণ বিশ্লেষণেৰে সংবাদ মাধ্যম সমূহ তালফালহৈ থাকে।

২৬/১১, নেলী, পাৰ্লেমেন্ট, গোধ্ৰা, গনেশগুৰি, মাওবাদীৰ দ্বাৰা সংঘটিত কেইবাটাও হত্যাযজ্ঞ, ভূপাল, গুজৰাট, ১৯৮৪ ইত্যাদি।

ওপৰত উল্লেখকৰা ঘটনাবিলাক একে ধৰণৰ নাছিল। সকলোৰে ভিন ভিন চৰিত্ৰ আছিল। সেই চৰিত্ৰ নিৰোপণ কৰিব পাৰি মানুহৰ মাজত তাৰ মানসিক প্ৰতিক্ৰিয়াৰে।

কিছুমান ঘটনাই মানুহৰ মাজত কোনো প্ৰতিক্ৰিয়া কৰা নাছিল বা সামান্য প্ৰতিক্ৰিয়া কৰিছিল। কিছুমান দীৰ্ঘম্যাদী। কিছুমান ঘটনা মানুহৰ অজ্ঞাতেই ঘটে। সেইবিলাকৰ আঁৰৰ কাহিনী মানুহে বিচাৰি নুফুৰে।

এতিয়া কাশ্মীৰত ঘটি যোৱা ঘটনাটোৱে আকৌ দেশীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ তাৎপৰ্য বহন কৰিছে।

আমাৰ অসমৰ চাৰিজন লৰা সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হৈছে। কেবল সেইয়াই নহয়। কাশ্মীৰৰ প্ৰেক্ষাপটত অসমৰ বৰ্তমানৰ পৰিস্থিতিয়ে ভবিষ্যতৰ কি ভয়াবহ ছবি ডাঙি ধৰিছে সেইয়া ভাবি আমি কম বেছি পৰিমাণে সংকিত হৈছো।
যিটো অতি যুক্তিপূৰ্ণ।

অসমক যি ভাল পাই সি শান্তিত শুই থাকিব নোঁৱাৰে। কথা বিলাকে তাক খুন্দিয়াই থাকিব। শতৰু কোন মিতিৰনো কোন জানিবলৈ মনে উচপিচাই থাকিব।

অসমৰ কিবা এটা হব লাগিলে আনৰ পৰা কিবা সহায় পাম বুলি আশা নকৰিব। বাহিৰৰ পৰা অহা হাত বিলাক পৰম হিতৈশীৰ হাত বুলি নাভাবিব।

সকলো বেপাৰী। সকলো মতলবী। আগতে অসমীয়াই নিজৰ হিচাপ নিকাচখিনি কৰি উঠি একান্ত নোৱাৰা অবস্থাতহে ভাৰতৰ মূল ভূখণ্ডৰ পৰা অহা নিজকে হিতৈশী বুলি কবলৈ বিচৰা মতলববাজ মূদৈৰ লগত অস্থায়ী আৰু সময়সাপেক্ষ বুজাপৰা কৰিব। নিজৰ ক্ষতি হোৱা কাম নকৰিব। আমাৰ নিজা শকতি এতিয়া নাই। সেইকাৰণেহে এই বুজা পৰাৰ কথা কৈছো। আৰু বাহিৰ বুলি মই কোনো বিদেশীৰ কথা কোৱা নাই। ভাৰত নামৰ ভূখণ্ডৰ সৈতে কুকুৰাৰ ডিঙিৰ সমান নাড়ি এডালত আমি লাগি আছো। সেইডাল অটুত থাকিব বুলি আমাক বাৰে বাৰে আশ্বস্ত কৰিব বিচাৰিলেও আমি সম্পূৰ্ণৰূপে আশ্বস্ত হব পাৰিছোনে।

কাশ্মীৰত কি হৈছে দেখা নাই। হাজাৰ লম্ফ জম্ফ কৰিলেও কোনো এটা চৰকাৰেই পাঁচ লাখ কাশ্মীৰি পণ্ডিতক ঘৰলৈ ঘুৰাই পথাব পৰা নাই। জগমোহন যেতিয়া ৰাজ্যপাল আছিল তেওঁৰ চলাহি কথাত ভুলগৈ প্ৰথমতে এটা দল জম্মুলৈ আহিছিল। থাকি যোৱাখিনিক কাশ্মিৰীয়ে খেদি পঠিয়াইছিল। সেই সময়ত পাক অপ্ৰপচাৰত ভুল গৈ ভাৰতক বৈৰী বুলি ভবা কাশ্মীৰীয়ে হাজাৰ বছৰ ধৰি একেলগে থকা নিজৰ গিয়াতিক এইদৰে জাতিদ্ৰোহী আখ্যাদি খেদি দিছিল বুলি কৰবাত কৰবাত পঢ়িছো।

মই যিহেতু ভাৰতীয় মোৰ চকুত আজাদীৰ কথা কোৱা সকলো কাশ্মীৰীয়েই দেশদ্ৰোহী। ভাৰতীয় সংবিধানৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ প্ৰতিজন ভাৰতীয় নাগৰিকৰ এইটোৱেই স্থিতি। মানবাধিকাৰ তথা ভাষা সাংস্কৃতিক সুৰক্ষাৰ কথাখিনিও এইখন সংবিধানৰ পৰাই আমি পাম আৰু তাৰ ছত্ৰছায়াতেই সেইয়া আমি দাবী কৰিম। যদি সংবিধানৰ প্ৰতি আস্থা নাই সেইয়া খোলাখুলিকৈ কোৱাৰ সৎ সাহস ৰাখক। দুমুখীয়া চৰিত্ৰ নাৰাখিব।

ইমানখিনি কোৱাৰ পিচতো ভাৰতৰ অন্যান্য অংশত আমাৰ পৰম হিতৈশী নাই বুলি মই কোৱা কথাখিনিৰ সামঞ্জস্য নাই যেন বোধ হলেও সেইয়া স্বাধীনতাৰ পাচৰচোৱাৰ তিক্ত অভিজ্ঞতাৰ পৰা হে কৈছো। প্ৰতিটো বস্তুৰ কাৰণে আমি যুঁজিব লগীয়া হৈছো। বিশেষ এটা ৰাজনৈতিক দলৰ গাত সকলো দোষ জাপি দি নিজে ধোৱা তুলসীপাত হবলৈ যোৱা সকলক ইয়াৰ পৰা বেলেগ বুলি ভাবিবৰ থল আছে বুলি ভাবিবলৈ আমাৰ মন নাযায়। জাৰ্চি সলনি কৰিলেই মানুহ সলনি নহয়।

জনতাদল, অসম জনতাদল, অগপ, বিজেপি। আগলৈ বা আৰু কত কি আহিব সবাটোকৈ পুৰণি দলটোক গালি পাৰি পাৰি। মাজতে আকৌ সংখ্যালঘু মৰ্চা আৰু বামপন্থীয়েও পাঁচ বছৰ শাসন কৰাৰ আংশিক স্বাদ পালে । মই কাকো ভাল বেয়া কবলৈ যোৱা নাই। মোৰ বক্তব্য হল পোনপটীয়া। প্ৰথমে নিজৰ তিয়নীখন কঁকালত থাকে নাই সেইটো নিশ্চিত হৈ অসমৰ মতলবত বেহা বেপাৰ কৰক। নিজৰ দোকানত ঘাটি কৰি লাম লাকটু হেৰুৱাব লগীয়া যাতে নহয় চাই থাকক।

১৯৬২ ৰ স্মৃতি এতিয়াও সজীব। লাম লাকটু লৈ পলাইছিল সকলো। যিদৰে পলাইছিল জাপানী আহোঁতে।

মানক মাতিছিল কোনে। অসমীয়াই। বৃটিছকো এক প্ৰকাৰ মাতি অনাৰ দৰেই হৈছিল। মাতিছিল অসমৰ সেইসময়ৰ নেতৃবৃন্দই।

বাকী থাকিল ৫৬ ইঞ্চিৰ কথা। দেখিলেহে লেখিম।

১। ৪৮ চনতে পাকিস্থানে বলপূৰ্বকভাবে আমাৰ হাতৰ পৰা কাঢ়ি লোৱা বৃহৎ ভূখণ্ডৰ এক বৰ্গ ইঞ্চি মাটি উদ্ধাৰ কৰি দেখুৱাওক। আগৰ বীৰ সকলে পৰা নাই। আপুনি পাৰেই বা।

২। ৬২ ত চীনদেশে কাঢ়ি লোৱা বৃহৎ ভূখণ্ডৰ পৰা এক বৰ্গ ইঞ্চি মাটি উদ্ধাৰ কৰি দেখুৱাওক। আগৰ বীৰ বীৰাঙ্গনাই পৰা নাছিল। আপুনি পাৰেই বা।

মোক এই দুই বৰ্গ ইঞ্চি মাটি ঘুৰাই লাগে। আপুনিয়েই কৰক বা অন্য কোনোবাই কৰক। তাৰ পিচত আমাৰ বিশ্বাস আহিব যে কুকুৰাৰ ডিঙিটো বাচি থাকিব।

ওহোঁ। মোক পুৰণি কাহিনী নালাগে। সেইবোৰ কথা পঢ়িবলৈ ভাল। পৃথিবীখন বহুত আগুৱালে।

আমাল লৰা ছোৱালীয়ে এখন ভৌগলিক সীমা নথকা ভাৰ্চুৱেল পৃথিবীত বাস কৰে। আমি মনত আঘাট পাওঁ বুলি আমাক জানিবলৈ নিদিয়ে। আচলতে সিহঁত বহুত জ্ঞানী হৈছে। আমি আদহীয়া আৰু বুঢ়া বিলাকক আমাৰ পিঠিৰ ফালে আমাৰ অজ্ঞাতে ফিচিঙা ফিচিঙ কৰি হাঁহে যেন মোৰ বোধ হয়।

নতুন সহস্ৰাব্দ। নতুন শতাব্দী। নতুন কাহিনী। সৌ সিদিনাৰ কথা এতিয়া ইতিহাস।

আজি জাৰ্মান জাপান যুক্তৰাস্ত্ৰ সমৰক্ষেত্ৰত বৈৰী নহয়। বজাৰত যুদ্ধ কৰে জাপানৰ চামুৰাই সকলে। কোৰিয়াৰ কিমেও ট্ৰাম্পৰে হৈতে মিতিৰালি কৰিছে। চোভিয়েট ৰুচিয়া ভাঙি চিঙি গল। চেকশ্লভেকিয়া, যোগাস্লাভিয়া মেপতে নোহোৱা হল। চীনৰ সন্যই কৰ্পৰেট চুইট পিন্ধি আমেৰিকাক নগুৰ নাশস্তি কৰে।

ইমানখিনি লিখি উঠিও মই শেষত কবলৈ বাধ্য যে মোৰ কথা বিলাকক মোৰ নিজৰ ক্ষেত্ৰত শেষ কথা বুলি মই নাভাবো। এতিয়া সু সংহত আৰু সুশৃংখলিত চিন্তা মোৰ নাই। প্ৰতি দিনে সময় সলনি হয় পৰিস্থিতি সলনি হয়। ইম্প্ৰভাইজেশ্যন ইজ কী টু চাৰ্ভাইভেল। প্ৰতি বলৰে নিজৰ চৰিত্ৰ থাকে। নিজ স্থিতিত অটল আকোৰগোজ কেবল তেতিয়াহে হব পাৰি যেতিয়া নিজে সৰ্বজান্তা বুলি ভাবি গজদন্তমীনাৰবাসী হব পাৰি।

‘সবাৰ ওপৰে মানুষ’ সেই কথাৰে আঁত ধৰি সৰ্ব শেষত কওঁ ময়ো মানুহ।

অসমীয়া নামৰ জাতিটো এই মানবজাতিৰে অংশ।

  • 6
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.