কাইলৈৰ দিনটো আমাৰ হ’ব : সনন্ত তাঁতিঃ ২০১৮ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

মুখামুখি

  •  
  •  
  •  
  •  
  •  

কাইলৈৰ দিনটো আমাৰ হ’ব

হয়, কাইলৈৰ দিনটো আমাৰ হ’ব বুলি প্ৰচণ্ড আশাবাদী কবিজনে ভালদৰেই জানিছিল।ভালদৰেই অনুভৱ কৰিব পাৰিছিল যে গভীৰ জীৱনবোধৰ আশাই মানুহক চৰম হতাশাৰ মাজতো পোহৰৰ বাট দেখুৱাব পাৰে। এই আশাক সাৰথি কৰিয়েই কবিয়ে এদিন কবিতাৰ জগতত খোজ দিছিল, গভীৰ প্ৰত্যাশাৰে এখোজ দুখোজকৈ সেই পথেৰেই আগুৱাই আজি যেন কবিয়ে আশা কৰা সেই নিজৰ দিনটো বিচাৰি পালে। বিচাৰি পালে , আশাবাদী হৈয়ো হতাশাক সাৱটিবলৈ বাধ্য হোৱা মনটোৱে এচাটি নতুন আশাৰ পোহৰ। পুনৰ ঘূৰি আহিল যেন অদৃষ্টৰ সৈতে কৰি অহা নিয়মীয়া যুঁজখনত বিজয়ী হোৱাৰ অদম্য ইচ্ছা।
ক’ব বিচাৰিছো কবি সনন্ত তাঁতিদেৱৰ কথা। প্ৰচণ্ড আশাবাদে জীয়াই ৰখা কবিজনৰ কথা।
২০১৮ চনৰ অসমীয়া ভাষাৰ সাহিত্য অকাদেমি বঁটা প্ৰাপক সনন্ত তাঁতিদেৱৰ লগতে অন্যান্য ২৩টা ভাষাৰ সাহিত্য অকাদেমি বঁটা বিজয়ী সকলক যোৱা ২৯ জানুৱাৰীত দিল্লীৰ সাহিত্য অকাদেমিৰ চৌহদত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়। এই উপলক্ষে প্ৰতিজন বঁটা বিজয়ীৰ মনৰ অনুভৱ জানিবলৈ এক অন্তৰঙ্গ কথা-বতৰাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৩১ জানুৱাৰীত। কবি সনন্ত তাঁতিদেৱৰ মনৰ বতৰা জানিবলৈ সাক্ষাৎ গ্ৰহণ কৰিছিল হিন্দী ছেন্টিনেল কাকতৰ সাংবাদিক দিনকৰ কুমাৰে। মণিকূটৰ পঢ়ুৱৈৰ বাবে সেই সাক্ষাৎকাৰৰ কিয়দাংশ আজি আগবঢ়াই দিলোঁ।

মৃণাল কুমাৰ মিশ্ৰ।
সম্পাদক : মণিকূট।

Be the first to comment

Leave a Reply

Your email address will not be published.