জুবিন আৰু জুবিনৰ শেহতীয়া সৃষ্টি “মা”

গান

  • 3.5K
  •  
  •  
  •  
  •  
    3.5K
    Shares

জুবিন, নামেই যাৰ পৰিচয়। অসমীয়াৰ হিয়াৰ আমঠু। যাৰ কণ্ঠত আছে হৃদয় মুহিব পৰা এক অদ্ভুত শক্তি।যাৰ স্বভাৱত আছে শিশু সুলভ সৰলতা। যাৰ কোমল হৃদয় খনে জিনি যায় প্ৰতিজন মানুহৰে মন। অকল সংগীতেই নহয় জুবিনৰ প্ৰতিটো কবিতাতেই আছে আপোন আপোন এক সুগন্ধি। সেইজনেই জুবিন যাৰ অন্তৰত অকল গানেই নহয় দেশ আৰু জাতিৰ প্ৰতিও আছে গভীৰ শ্ৰদ্ধা। সমাজৰ সংকট কালত জুবিনে ৰচনা কৰা গানবোৰ আৰু সেই গানত নিজ কণ্ঠ নিগৰাই যি প্ৰতিবাদৰ জোৱাৰ আনে, সেইবোৰেই জুবিনৰ সৃষ্টিশীল মনৰ সুকৰ্মৰ পৰিচয় দিয়াৰ লগতে প্ৰতিজন জুবিন প্ৰেমিকক উৎসাহিত আৰু গৌৰৱান্বিত কৰি আহিছে। এইজনেই জুবিন যিজনে পদে পদে বিতৰ্কৰো সম্মূখিন হৈ আহিছে। সেয়া হয়তো জুবিনৰেই দুৰ্ভাগ‍্য। প্ৰতিভা থাকিলে বিতৰ্কও থাকিব। জীৱন যুঁজৰ এজন সাহসী সেণাপতি জুবিন। সংগীতৰ ৰজা,দয়াৰ সম্ৰাট,সৰলতাৰ সাগৰ। অহংকাৰ কি বস্তু জুবিনে নুবুজে। সেয়ে অজানিতে হেজাৰ ভুল কৰিলেও জুবিনৰ সুন্দৰ মন আৰু মধুৰ কণ্ঠৰ বাবে সদায়েই অসমবাসীৰ হৃদয়ত বাস কৰিব।

জুবিন গাৰ্গৰ শেহতীয়া সংগীত সঁফুৰা “মা”ৰ প্ৰতিটো গীতেই ইতিমধ্যে সংগীত অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। মণিকূটৰ পঢ়ুৱৈৰ বাবে গীতকেইটা আগ্ৰহেৰে আগবঢ়াই দি জুবিন আৰু জুবিনৰ সংগীত জগতখনৰ উজ্বল ভৱিষ‍্যত কামনা কৰিলোঁ।

মণিকূট পৰিয়াল।

  • 13
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.