সম্পাদকীয় : দুৱাৰদলিত ফাগুন

  • 32
  •  
  •  
  •  
  •  
    32
    Shares

‘মণিকূট’ গৈ পঢ়ুৱৈৰ স্ক্ৰীণত জিলিকি উঠাৰ সময়ত ফাগুনৰ পছোৱাজাকে সকলোৰে গা-মন ৰাই-জাই কৰিব নিশ্চয় । প্ৰেয়সীৰ আচল উৰুৱাই নিয়া এই ফাগুনৰ বতৰতে মনবোৰ উৰুঙা উৰুঙা লাগে আপোনাৰো । ফাগুনে মায়া সানে সকলোৰে হৃদয়ে হৃদয়ে । আকাশত পলাশ-শিমলু- মদাৰৰ জুই ৰঙা ফুল । সুদূৰত ধূলিৰে ধূসৰ দিগন্তৰ সীমনা । অদূৰত কুলিৰ মৌসনা মিঠা মাতত বসন্তৰ আগলি বতৰা । গছৰ ডালত কুহিপাতৰ ভুমুকি । চৌদিশে ফুল ফুলাৰ মেলা । মৌমাখিৰ গুণগুণনিত বসন্তৰ অনুভৱ। বসন্ত মানেই যেন নৱযৌৱনা ধৰিত্ৰী , সম্ভাৱনাৰ বিস্তীৰ্ণ পাহাৰ । বসন্তৰ এই মায়াসনা বতৰতে কলীয়া গোসাঁয়ে ধৰাধামলৈ নামি আহি আবীৰৰ ৰঙেৰে আমাৰ মনবোৰ জীপাল কৰি তোলেহি ।
‘প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ’ — বুলি আধ্যাত্মিকতাৰ গভীৰ ৰসক ৰঙীন আবীৰৰ ৰূপত আমাৰ মাজত সিচি দিয়েহি । এয়াই ফাগুন, এয়াই বসন্ত । ৰঙৰ উৎসৱত নিজকে বিলাই দিয়াৰ অনুভৱ ফাগুনে দিয়েহি আনি হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে । প্ৰকৃতিৰ এই বৈভৱৰ স’তে একাত্ম হৈ ক্ষণিকৰ বাবে হ’লেও আমি পাহৰি যাবলৈ বিচাৰোঁ আজিৰ আধুনিক জীৱনে আনি দিয়া মানুহৰ দুখ-অশান্তি,যন্ত্ৰণা-ক্লেশ ইত্যাদিবোৰক । আহক, বসন্তৰ এই মনোমোহা বতৰত আমাৰ মাজত থকা সকলো ধৰণৰ অসূয়া-অপ্ৰীতি,ভেদাভেদ পৰিহাৰ কৰি এক ভাতৃত্বৰ বান্ধোনেৰে আমি আটায়ে একগোট হোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰোঁ ।

ফাগুন মাহ বাবেই পলাশ – মদাৰ – শিমলুৰ জুই বৰষা ৰূপৰ মাধুৰী দশোদিশে। বতাহেও কয় কাণে কাণে – এয়া ঋতু পৰিৱৰ্তনৰ সময়। ফাগুণে কঢ়িয়াই আনিছে বসন্ত ঋতুৰ বতৰা। ফাগুণৰ বোকোচাত উঠি চ’তে প্ৰৱেশ কৰিব হোলিৰ বতৰা লৈ। পুলকিত হৈ উঠিব মন-প্ৰাণ।
প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ এই সন্ধিক্ষণত “মণিকূট”ৰ চোতালতো বসন্তৰ আগজাননী পৰিস্ফুট হৈছে। এয়া তেনেই স্বাভাৱিক। লেখকৰ কলমত ঋতুৰ বতৰাই নিশ্চিত ভাবে প্ৰভাৱ পেলাবই। আমিনো কোন – তাত বাধা দিওতা ! বৰ্তমানৰ ডিজিটেল যুগৰ লগত ফেৰ মাৰি অসমীয়া ভাষাৰ চৰ্চা আগবঢ়াই নিবলৈ কৰা এক ক্ষুদ্ৰ প্ৰচেষ্টাৰ অংশ আছিল ‘মণিকূট’ নামৰ এই মাল্টিমেডিয়া অসমীয়া ইউনিকোডত লেখা ৱেব আলোচনীখনৰ জন্ম। জন্ম লগ্নৰে পৰা আমাৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হৈছে সেয়া আপোনালোক পঢ়ুৱৈ সকলে বিচাৰ কৰিব। কিন্তু আমাৰ এই নিৰ্ভেজাল প্ৰচেষ্টাৰ যতি পৰিবলৈ নিদিয়াকৈ আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ। সামাজিক মাধ্যমৰ যোগেদি কলম হাতত তুলি লৈ নিজৰ সৃষ্টিশীলতা জীয়াই ৰখা এচাম লেখকৰ আন্তৰিক সঁহাৰিক সাৰথি কৰি আমি আগবাঢ়িছিলো আৰু আমি আজি গৌৰৱেৰে কব পৰা হৈছোঁ যে লেখকৰ বাবে মাধ্যম কোনো বাধা হ’ব নোৱাৰে। উপযুক্ত সৃষ্টিয়ে ডিজিটেল মাধ্যমতেই হওক বা ছপা মাধ্যমতেই হওক, পঢ়ুৱৈৰ সমাদৰ লভিবই। মণিকূটত প্ৰকাশিত প্ৰতিটো লেখাৰ মাজতেই এই কথাটোৰ সত্যতা প্ৰতীয়মান হৈ আহিছে। সেয়েহে মণিকূট প্ৰাঙ্গণ আমি মুকলিকৈ ৰাখিছোঁ – অসমীয়া ভাষাক মনে-প্ৰাণে শ্ৰদ্ধা কৰি ডিজিটেল মাধ্যমৰ মাজেৰে সাহিত্য চৰ্চা কৰা প্ৰতিজনলৈ। অসমীয়া ইউনিকোডৰ বহুল ব্যৱহাৰৰ দ্বাৰা অসমীয়া ভাষাৰ সম্প্ৰসাৰণত নিশ্চিত ভাবে বৰঙণি যোগাব পাৰি বুলি আমি অনুভৱ কৰোঁ।
তেনে এক উদ্দেশ্য আগত ৰাখিয়েই মণিকূটৰ শাৰদীয় সংখ্যাত এক গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ আহ্বান জনোৱা হৈছিল। নবীন প্ৰবীণ সকলোৰেই বাবে মুকলি থকা এই প্ৰতিযোগিতাৰ বাবে অহা লেখাৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰি তুলিছে। আমি আশাবাদী, অসমীয়া ভাষাৰ প্ৰসাৰত কোনো বাধাই হেঙাৰ হ’ব নোৱাৰে।
সাম্প্ৰতিক সময়ৰ অসমৰ পৰিস্থিতিয়ে স্বাভাৱিক ভাবেই সকলোকে উদ্বিগ্ন কৰি ৰাখিছে। প্ৰতিজন খিলঞ্জীয়া অসমীয়া আৰু অসমীয়া ভাষী লোকৰ মনত এক স্বাভাৱিক সংশয়ে গ্ৰাস কৰিছে – নাগৰিকত্ব সংশোধনী বিধেয়ক’২০১৬ ৰ জৰিয়তে অসমত নাগৰিকত্ব লভা লোকসকলৰ বাবে অসমত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাব। আনহাতে এই বিধেয়কখন সমৰ্থন কৰা সকলৰ মতে তেনে আশংকাৰ কোনো ভিত্তি নাই। নতুনকৈ কোনোৱেই আহি অসমীয়া ভাষাৰ বাবে বিপদ কঢ়িয়াই নানে। নানা মুনিৰ নানা মতত আমি সৰ্বসাধাৰণ বিভ্ৰান্ত। কিন্তু সকলো ৰাজনীতিৰ উৰ্ধত এটা কথা সকলোৱেই মানিব, জাতিৰ বাবে ভাষাই হ’ল মুখ্য পৰিচয়। আৰু এই ভাষাৰ সংকট দেখিলে তাক সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰতিহত কৰিবলৈ সকলোৱেই আগবাঢ়ি আহিবই লাগিব। তাৰ কোনো বিকল্প নাই।
প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু ভূপেনদাই ভাৰতৰত্ন সন্মান পোৱা খবৰটোৱে অসমবাসীক উৎফুল্লিত কৰি তুলিছে। অসমীয়াৰ বহু দিনৰ দাবী আছিল, ভূপেনদাই ভাৰতৰত্ন সন্মান পাব লাগে। অৱশেষত সেই সন্মান আহিল ভূপেনদালৈ মৰণোত্তৰ ভাবে। ৰাজ্য খনৰ সামগ্ৰিক উত্তাল পৰিস্থিতিৰ মাজতেই ভূপেন হাজৰিকালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱাক লৈ কিছুমানে ইয়াত ৰাজনীতিৰ গোন্ধ পালেও ভূপেনদা আৰু তেখেতৰ কৃতিসমূহ এতিয়া সকলো ৰাজনৈতিক বিতৰ্কৰ ঊৰ্ধ্বত। ভূপেনদাক প্ৰতিজন অসমীয়াই ইতিমধ্যে বিশ্বৰত্নৰ আসনত বহুৱাই ৰাখিছে। সেয়েহে ভাৰতৰত্ন সন্মান ভূপেনদাৰ নিশ্চয়কৈ প্ৰাপ্য আৰু এই সন্মান দি জনপ্ৰতিনিধি চৰকাৰৰ লগতে আমিহে গৌৰৱান্বিত হৈছো ।
যোৱা কিছুদিনৰ ভিতৰত অসমে কেইবাজনো নিজৰ সুযোগ্য সন্তানক হেৰুৱাইছে। অসমীয়া সংবাদ মাধ্যমৰ মাজেৰে ব্যৱসায়িক ভেটি গঢ়া , অসমীয়া প্ৰকাশন জগতৰ মাইলৰ খুটি জি এল পাব্লিকেশ্বনছৰ স্বত্বাধিকাৰী জি এল আগৰৱালা দেৱৰ যোৱা ৩১ জানুৱাৰীত দেহাৱসান ঘটে। স্বপ্নদ্ৰষ্টা, কৰ্মযোগী পুৰুষ আগৰৱালা দেৱৰ অসমীয়া সাহিত্যৰ প্ৰসাৰত অতি উল্লেখযোগ্য অৱদান হ’ল, অসম সাহিত্য সভাৰ অভিলাষী প্ৰয়াস ‘জোনাকী’ আৰু ‘অসমীয়া বিশ্বকোষ’ৰ প্ৰকাশত লোৱা কেপ্টেইনৰ ভূমিকা। এই পদক্ষেপৰ বাবেই প্ৰতিজন অসমীয়াই তেখেতক চিৰদিন মনত ৰাখিব।
প্ৰচুৰ সম্ভাৱনাৰে ভৰা উদিয়মান গল্পকাৰ পাৰ্থ বিজয় দত্তৰ অকাল বিয়োগে অসমীয়া সাহিত্যৰ জগতৰ অশেষ ক্ষতি কৰিলে। অসম আৰক্ষী সেৱাৰ বিষয়া পাৰ্থ বিজয় দত্তৰ কলমে বহুতো ন-আঙ্গিকৰ অসমীয়া চুটিগল্প সৃষ্টি কৰি থৈ গৈছে যিবোৰে তেখেতৰ স্মৃতি পঢ়ুৱৈৰ মনত সদায় সজীৱ কৰি ৰাখিব।
মণিকূট পৰিয়ালৰ হৈ দুয়োজন প্ৰয়াত সাহিত্য-সেৱীৰ স্মৃতিত শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ‌।
এই সম্পাদকীয় প্ৰতিবেদন লেখি থকাৰ মুহূৰ্তত ভাৰতীয় প্ৰতিজন মানুহৰ অন্তৰ জোকাৰি গৈছে এটি বেদনাগধুৰ ঘটনাই। কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ আত্মঘাতী বিস্ফোৰণত নিহত হৈছে ৪২ জনকৈ চি আৰ পি এফৰ জোৱান। দেশ মাতৃৰ সুৰক্ষা সেৱাত নিয়োজিত এই নিৰপৰাধ জোৱানসকলৰ এনে অকাল মৃত্যুৰ বাবে আজি সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মান। সীমাৰ সিপাৰৰ সমৰ্থনত বলিয়া এই কাপুৰুষ উগ্ৰপন্থী সকলৰ এনে অমানুষিক কাৰ্য্যই আজি নিমিষতে কাঢ়ি লৈ গ’ল এইসকল নিৰপৰাধ দেশসেৱাত নিয়োজিত সেনা জোৱানৰ অমূল্য জীৱন। সঁচাকৈয়ে হৃদয় বিদাৰক।
দেশমাতৃৰ সেৱাত উৎসৰ্গিত তেওঁলোকৰ জীৱনৰ মূল্য আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ। অসমকে ধৰি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ এই বীৰ জোৱানসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি মণিকূট পৰিয়ালে সশ্ৰদ্ধ প্ৰণাম জনাইছে লগতে সেইসকল বীৰ জোৱানৰ পৰিয়ালবৰ্গৰ এই দুখৰ সময়ত আমি মণিকূট পৰিয়ালৰ তৰফৰ পৰা গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ ।

সদৌশেষত অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ মণিকূটৰ বসন্ত সংখ্যাটি আগ্ৰহেৰে আগবঢ়াই দিলোঁ।

উৎপল শৰ্মা ।
মৃণাল কুমাৰ মিশ্ৰ ।

  • 32
    Shares

1 Comment

  1. বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি । এটা জাতিৰ বাবে ভাষাই পৰিচয় বুলি নিজেও ভাবো । আন্তৰিক ধন্যবাদ ল’ব ।

Leave a Reply

Your email address will not be published.