এখন দেশৰ কথাৰে : ৰাজশ্ৰী বৰ্মণ

  • 54
  •  
  •  
  •  
  •  
    54
    Shares

সৎ আৰু নীতিৱান মানুহৰ মই সদায় ভক্ত। ব্যক্তিগত জীৱনতো এই দুই গুণ পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ । কিছুমান জটিল সময়ত সৎ আৰু নীতিৱান ব্যক্তিৰ বিষয়ে কৰা পঢ়াশুনাই মোক বৰ সহায় কৰিছিল । সেই কাহিনীবোৰৰ মাজত এক সাংঘাটিক মিল দেখিবলৈ পাইছিলো। তেওঁলোকে নিজেই নিজৰ পোহৰ হব পাৰিছিল । হয় , বুদ্ধদেৱে কৈছিল : মানুহ নিজেই নিজৰ পোহৰ হব লাগে । পোহৰৰ বাট কোনো ৰোল মডেল বা চুপাৰহিৰোৰ দ্বাৰা বনাই থোৱা নাথাকে । নিজৰ ভিতৰৰ শক্তিহে ইয়াৰ মূল উপাদান ।

ব্যক্তিগত ভাৱে মই সেইবাবেই বুদ্ধ ধৰ্মত বিশ্বাসী। বুদ্ধদেৱৰ জ্ঞানী বাণীসমূহ আপোনাৰ মোৰ আমাৰ সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস হব পাৰে বুলি মই বিশ্বাস কৰোঁ । সেই ধৰ্ম জ্ঞানেৰে প্ৰভাৱিত হৈ সুখৰ এক বাতাবৰণ গঢ়ি তোলা ভূটান ৰাষ্ট্ৰৰ বিষয়ে কিছু কথা নিজে জানিবলৈ ইন্টাৰনেট খুলিছিলো। ইন্টাৰনেটৰ সহায়তে এই লেখাটি প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ । আশাকৰো পঢ়ুৱৈয়ে ভাল বেয়া বিচাৰ কৰি মোক উৎসাহিত কৰিব।

আমাৰ ৰাজ্য খনৰ মাটিকালিৰ আধাৰো কম ভূটানৰ মাটিকালি । জনসংখ্যা মাত্ৰ আঠ লাখ ।( আমাৰ তিনি কোটিৰো অধিক!) ভূটানত এতিয়াও ৰাজতন্ত্ৰই শাসন কৰে । আজিৰ তাৰিখত আমাৰ ৰাজ্যত গণতন্ত্ৰতেই যি হিটলাৰী শাসন চলিছে তেওঁলোকৰ ৰাজতন্ত্ৰতেই সেই শাসন চলা নাই। শুনিবলৈ আচৰিত, কথিত ভাষাত ‘খাপচাড়া’ হলেও সময় কিন্তু একেখিনিয়েই। একবিংশ শতিকা। পৃথিৱীৰ একমাত্ৰ ৰাষ্ট্ৰ য’ত ৰাজতন্ত্ৰ বিৰাজমান তাৰে ৰজাইহে বা ৰজাৰ অনুমতিত প্ৰজাতান্ত্ৰিক শাসকে দুহেজাৰ আঠ চনতে আৰম্ভ কৰিছিল এক সূচাংক । Gross National Happiness. অৰ্থাৎ মুঠ জাতীয় সুখ স্বাচ্ছন্দ ।যত পৃথিৱীৰ প্ৰতিখন দেশে বিশ্বাস কৰে যে ধন হে সুখ শান্তিৰ কাৰণ , ধন বাঢ়িলেহে সুখ বাঢ়িব সেই সময়ত ভূটীয়াসকলে সুখকহে বেছি গুৰুত্ব দিয়ে ।

মুৰ্খ মানুহ যে !

সৰুতে গা ধুবলৈ বৰ বেয়া পাইছিলো । ঠাণ্ডাৰ দিনত মই দুদিনলৈকে গা নোধোও । সেইবাবে মোক ভূটীয়া বুলি জোকাইছিল। মাঘ মাহত হেনো হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বহু ভূটীয়া মানুহ আহে । সিহঁতে মাহ মাহ গা নোধোৱে । গাৰ কাষেৰে যাব নোৱাৰি । গোন্ধায় ।GNH পঢ়ি থাকোঁতে বাৰে বাৰে মোৰ মনলৈ আইতাহঁতে কোৱা এই কথাবোৰ আহি আছিল।

আচলতে Gross National Happiness নো কি?

GNH এক সূচাংক। ইয়াৰ দ্বাৰা দেশৰ মুঠ জনসংখ্যাৰ সুখ আৰু কুশলতা জোখা হয়। ইয়াক ভূটান চৰকাৰে দেশৰ এক সাংবিধানিক লক্ষ্য বুলি অভিহিত কৰিছে।

উনৈশ শ বাসত্তৰ চনত এজন বৃটিছ সাংবাদিকে মুম্বাই বিমান বন্দৰত ভূটানৰ ৰজাক সাক্ষাৎকাৰ লোৱা সময়ত পোন প্ৰথমবাৰৰ বাবে এই শব্দটো উচ্চাৰিত হৈছিল । তেওঁ কৈছিল যে GNH is more important than GDP. অৰ্থাৎ মুঠ জাতীয় সুখ মুঠ জাতীয় আয়তকৈ বেছি গুৰুত্বপূৰ্ণ ।

দুহেজাৰ এঘাৰ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভূটানৰ উদাহৰণ দি ‘সুখৰ দ্বাৰা বিকাশ ‘ এই শীৰ্ষক এক প্ৰস্তাব গ্ৰহণ কৰিছিল ।এই প্ৰস্তাৱ মৰ্মে সুখ মানুহৰ বাবে এক মৌলিক লক্ষ্য হোৱা উচিত বুলি কোৱা হৈছিল । এই আলোচনাৰ ফলস্বৰূপেই দুহেজাৰ বাৰ চনৰ 20 মাৰ্চৰ দিনটোক ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস বুলি ঘোষণা কৰে । আজিৰ তাৰিখত ভূটান এছিয়া মহাদেশৰ প্ৰথমখন সুখী দেশ আৰু সমগ্ৰ বিশ্বতে এই স্হান হৈছে অষ্টম।

ভূটান পৃথিৱীৰ শেষৰখন বুদ্ধ ধৰ্মৰ ৰাজত্ব থকা দেশ । এতিয়ালৈকে তেওলোকে সোতৰশ শতিকাৰ সভ্যতা সংস্কৃতিৰ ঐতিহ্য জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে । তেওঁলোকে গোলকীকৰণক এতিয়াও আহিবলৈ দিয়া নাই । যিটো গৰিষ্ঠ সংখ্যক অনুন্নত বা উন্নয়নশীল দেশত দেখা যায় যে গোলকীকৰণৰ প্ৰভাৱত স্বকীয় বৈশিষ্ট্য জীয়াই ৰখা সম্ভৱ নহয় গৈ তেনে পৰিস্থিতি ভূটানত উদ্ভৱ হোৱা নাই ।অন্য ৰাষ্ট্ৰৰ পৰা পৃথক হৈ থাকিও তেওঁলোকৰ যে পৃথিৱীৰ দহখন সুখী দেশৰ মাজৰ এখন এই কথা কিমান গৌৰৱৰ কথা নহয় নে? দ্বিপাক্ষিক শান্তি চুক্তি ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ হৈছে হে হৈছে কিন্তু শান্তি প্ৰতিষ্ঠা? হৈছে জানো! প্ৰায়ভাগ দেশেই শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে । সৎ আৰু সততাৰে যি মানসিক শান্তি প্ৰাপ্ত হয় , সেয়া একান্ত ব্যক্তিগত কথা। তেনে এটা জনসমষ্টিয়ে ভূটান ৰাষ্ট্ৰ প্ৰতিনিধিত্ব কৰে।তেওঁলোক মহাযানী বুদ্ধ ধৰ্মৰ ধৰ্ম জ্ঞানেৰে দীক্ষিত ।

Civilization শব্দটোৰপৰা অহা এটি শব্দ civic sense. এই শব্দটোৰ অৰ্থ বহু শিক্ষিত ভদ্ৰলোকেও হয়তো নাজানিব। কল কাৰখানাৰ ধোৱা আবৰ্জনা আদিয়ে বৃদ্ধি আৰু বিকাশৰ by product হিচাপে নিতৌ আমাৰ চৌপাশৰ পৰিবেশ কিমান লেতেৰা কৰিছে সেয়া সকলোৱে কম বেছি পৰিমাণে জানে । গোলকীকৰণৰ পিঠিত উঠি বিকাশৰ যাত্ৰা কৰোঁতে আমি এইবোৰ কথা মনলৈ আহিলেও মন কৰিবলগীয়া কথা বুলি নাভাবো ।ভূটীয়া —সেই আইতাহতে কোৱা তথাকথিত লেতেৰা মানুহবোৰে নিজৰ দেশখন বৰ চাফ চিকুনকৈ ৰাখিছে । বহনক্ষম বিকাশৰ জ্ঞান পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে সঁচা কিন্তু তাৰপৰা কাৰ কিবা লাভ হৈছেনে নহৈছে সেয়া ডাঙৰ প্ৰশ্নবোধক। ভূটান পৃথিৱীৰ এনে এখন দেশ যত বহনক্ষম উন্নয়নে পৰিবেশ তন্ত্ৰক ক্ষতি কৰা নাই। পৰ্যটনৰ ক্ষেত্ৰতো তেওঁলোকে কোনো কাৰণতে পৰিবেশ তন্ত্ৰ যাতে বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে আগবাঢ়িছে। সেইবাবে দেশখন প্ৰাকৃতিক সম্পদেৰে উভৈনদী হৈ আছে ।গোলকীকৰণক নিৰুৎসাহ কৰাৰ ফলত সাংস্কৃতিক স্বকীয়তা বজাই ৰখাত সহায় কৰিছে। মোবাইল ফোন টিভি ইন্টাৰনেট ইত্যাদি হানিকৰ সামগ্ৰীবোৰ ভূটানৰ বজাৰতো উপলব্ধ হৈছে যদিও নিজৰ কৃষ্টি-সংস্কৃতি তথা পৰিবেশ তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে তেওঁলোক সদা সচেতন। লিংগ বৈষম্যৰ দৰে ঠেক কথাবোৰে ভূটানৰ সভ্য লোকসকলক চুব পৰা নাই । পুৰুষ আৰু মহিলা উভয় লিংগৰ প্ৰতিয়েই তেওঁলোকে সন্মান জনাব জানে । দেশ বিদেশৰ মহিলা পৰ্যটকসকলেও আজিলৈকে ভূটানলৈ গৈ কোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱা নাই । এয়া কম ভাগ্যৰ কথা নহয় ।

ভূটানৰ বিষয়ে জানিব পাৰি মোৰ ধাৰণা হৈছে :চমকপ্ৰদ আৰ্থিক বিকাশ সাধন নহ’লেও কেৱল সততাৰে এখন দেশ সুখী হোৱা সম্ভৱ ।সোতৰশ শতিকাৰ ধ্য়ান ধাৰাৰে পৰিচালিত হৈও সুখৰ সন্ধান সম্ভৱ যদিহে মূৰেৰে কৰা চিন্তা মুখেৰে কোৱা কথা আৰু অন্তৰেৰে অনুভৱ কৰা কথাৰ মাজত আমি সামঞ্জস্য ৰাখিব জানো । ভণ্ড দেশপ্ৰেমিক আমাক নালাগে আমাক লাগে যুক্তিবাদী চিন্তানায়ক , কষ্টসহিষ্ণূ জনগণ আৰু আশাবাদী তৰুণৰ দল ।আৰ্থিক শকতিৰে যদি ভণ্ড প্ৰশংসা পাওঁ, তোষামোদ কাৰী পাওঁ- – no thanks আপোনালোককো আমাক নালাগে । আমাক লাগে ” মানসিক উন্নতিৰ উপায় সততা” বুলি দেহে প্ৰাণে মনে বিশ্বাস কৰিব পৰা এমুঠি সজ্জন ৷

ৰাজশ্ৰী বৰ্মন
মাছখোৱা, গুৱাহাটী৷

  • 54
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.