মোৰ শৈশৱৰ খেল আৰু মোৰ আধুনিকতা : জ্যোতিমণি দেৱী

  • 8
  •  
  •  
  •  
  •  
    8
    Shares

‘শৈশৱতে খেলা কত ধেমালি মোৰ
আজিও মনত পৰে
বালিঘৰ সজা কত কাহিনী
আজিও আকুল কৰে।’

শৈশৱ বুলিলেই সোণোৱালী অতীতে দেও পাৰি নাচি উঠে মোৰ চকুৰ আগত । পাহৰিব নোৱাৰা স্মৃতিয়ে মনত দোলা দিয়ে, মোৰ শৈশৱ যেন এটি সুৰীয়া বাঁহী , ভাঁহি আহে নিজানৰ পৰা সুমধুৰ ৰাগী টানি , জোকাৰি থৈ যায় অজানিতে মনৰ মণিকোঠা , নিস্ফুট বেথাৰে বহি ৰয় যেন সেউজী পাতত এটি সোণপৰুৱা , তুলি আনি কপালত লওঁ , সোণপৰুৱাৰ ফোট জিলিকি উঠে মোৰ স্মৃতিৰ আকাশত । কিমান খেলিলোঁ খেলা কাক ক’ম , আমি যেন এজাক কাউৰীৰ সমদল , একেলগে গাওঁ এমূৰত ৰৈ —

আহ্ কাউৰী আহ্

আনমূৰৰ কাউৰীয়ে চিঞৰি গাওঁ

বোকা আছে পানী আছে
কেনেকৈ যাওঁ ?

আকৌ উত্তৰ দিওঁ –

সোণৰ দলঙত কাপোৰ থৈ
দেওঁ দি দি আহ –

কাউৰী হৈ আহোঁ জপিয়াই
কা কা কা —

কিনো খেলা আছিল নামটো জনা নহ’ল । খেলিছিলোঁ নিতৌ কাউৰীৰ সমদল হৈ।

পথৰুৱা নৰা উভালি উভালি খেলোঁ চিউ দোবল মূৰি — দৌৰি দৌৰি নাভাগৰা দিন , আমাৰ মাতত তল পৰে নীড়মুখী চৰাইৰ কলৰোল , আমি উৰুওৱা দৌৰৰ কোবত তল পৰে পথৰুৱা আলিৰ উৰণীয়া গো-ধূলি , আৰু আমি গাওঁ চিঞৰি চিঞৰি আকাশেও শুনক বুলি – “কাউৰী গ’ল গধূলি হ’ল /আমাৰো ঘৰা-ঘৰি যাবৰে হ’ল ।” সেই উৰন্ত মনটোৱে গধূলি চোতালত ঢাৰি পাৰি পঢ়িব আগত লোৱাৰ লগে -লগে বৰশীৰ চিপ বাব ধৰে । খোলা চপৰীয়া পিঠাত গুৰ অকণ সানি ফিকা চাহ কাপ যেতিয়া মাৰ হাতে যতনাই দিয়ে তেতিয়া বৰশীৰ চিপ মৰা কমে যদিও তাৰ আবেশ থাকি যায় আৰু কেতিয়া কুকুৰ মোটোকা দিওঁ গমেই নাপাওঁ । এই চেগতে সাৰে থকা বাইদেউ বা দাদাই খেলখন খেলে । জ্বলি থকা কেৰাচিনৰ চাকিৰ ঠাহ খোৱা কাজলে আহি মোৰ মুখত ভাওনাৰ ৰাৱণৰ ধেনুভিৰীয়া মোচ কোচা হৈ জিলিকি উঠে আৰু দাদা বাইদেৱে জগাই আগত দাঙি ধৰে আইনাখন সফলতাৰ হাঁহি মাৰি । মোৰ চকু ডাঙৰকৈ মেল খাই আৰু জ্বলি উঠে হনুমানে লংকাত জুই দিওঁতে ৰাৱণৰ চকু জ্বলাদি । একো কৰিব নোৱাৰি মনৰ আক্ৰোশ মনতে মাৰ নিয়াই ভোৰ ভোৰাই কলৰ পাৰ পাওঁ মৰ টোপনিক গালি দি । ঘৰত কেতিয়াবা পিঠা বনোৱা বিশেষ দিন পৰে , সেইদিনা কেৰাচিনৰ চাকি পঢ়া চোতালৰ পৰা আখলৰ পিঠাৰ চৰু পোহৰায় । পিঠাৰ অপেক্ষাত সেইদিনা সঁচাই টোপনি নধৰে , আমি যৌথ পৰিয়ালৰ শিশু নামধাৰী কাউৰীৰ জাকটোৰ মাজত চলে সাঁথৰ ভঙা খেল —
ঘৰৰ পাছৰ ৰঙা চৰেই ( চৰাই)
মুখ চাই চাই উত্তৰ কৰেই(কৰে)

আৰু এনেকৈ খেলি থাকোঁতে আহি পৰে হাতীৰ কাণ হেন কলপিঠা , ঢিমিক ঢামাক জোনাকত কাৰোবাৰ যদি আগতে খোৱা হ’ল , আৰম্ভ হ’ল আকৌ খেলা পিঠা টনা-টনি কৰি কাঢ়ি খোৱা , শেষত কাজিয়া। আস্ সেই কাউৰীৰ জাকটো এতিয়া নিজৰ নিজৰ জাগাত দায়িত্ববোধেৰে ভাৰাক্ৰান্ত , নিজৰ শিশুকেইটাক খেলিব দিব সময় নাই , নহ’লে যে ৰৈ যাব হোমওৱৰ্ক , পিছ পৰি যাব প্ৰতিযোগিতাৰ দৌৰত ,কেৰিয়াৰ আগত ,শৈশৱৰ ধেমালি পিছত , সংস্থাপনৰ দায়ত ইহঁতে হয়তো আমাৰ থ’ব লাগিব জীৱনৰ বিয়লি বেলা বৃদ্ধাশ্ৰমত ।

আমাৰ এডৰা কুঁহিয়াৰতলী আছিল । ইয়াৰ মাজৰ খালী ঠাই আমাৰ বিবাহ বাহৰ , দৰা -কইনা খেলৰ । এই খেলে দিছিল আমাৰ পৰম্পৰা সংস্কৃতি ৰক্ষাৰ আদিপাঠ , আজিৰ শিশুৱে আমাৰ দৰে নিজে দৰা-কইনা হৈ খেলিব লাগে বুলি জনাতকৈও ভালকৈ জানে মটো-পত্লু ,নিন্জা হেত্তৰীৰ কৌশল , আমাৰ বিয়ানামৰ পৰিৱৰ্তে আমি সিহঁতক শিকিব দিছোঁ হিন্দী ডায়লগ্ ,যাতে গুণ বসানিব পাৰোঁ মোৰ শিশুটো “এক সে বৰ কৰ এক ” ।কাৰোবাৰ লগ হৈ খেলিব গ’লে শংকিত হৈ পৰোঁ বেয়া কথা শিকিব , বেয়া হ’ব , সেয়ে নিজৰ ম’বাইল টো হ’লেও আগত দি আৱদ্ধ ৰাখোঁ , চিৰাচৰিত শিশু মনৰ কৌতুহলে আমাতকৈও সিহঁতক ম’বাইল মাষ্টাৰ সজাই দিয়ে ,আমি গৌৰৱ কৰোঁ আৰু সেই সুযোগতে ম’বাইলৰ নেটৰ জালত ভৰি দিয়ে , বেয়াও ভাল হৈ যায় , অকাট্য যুক্তি বিচাৰি উলিয়াই , এটি ম’বাইল ফোন নহ’লে জীৱনকে শেষ কৰি দিব পৰা ভাবুকিৰে অভিভাৱকক বাধ্য কৰাই এটি দামী ম’বাইল দিবলৈ ।
যিখিনি বেয়া হোৱাৰ সুযোগ আমি সমনীয়াৰ সৈতে বনৰীয়া হৈ ফুৰোঁতে পোৱা নাছিলোঁ সেইখিনি সুযোগ আমি আমাৰ শিশুক ঘৰৰ আৱদ্ধ কোঠাৰ ভিতৰত দিলোঁ ।

আমি শিলগুটিৰে লাচ খেলিছিলোঁ , খোলেই গুটি খেলিছিলোঁ , মাৰ্বল খেলিছিলোঁ আৰু আমাৰ মা-দেউতাৰ আমাৰ সুক্ষ্ম সঞ্চালন মূলক বিকাশৰ বাবে এদিনো তিলমাত্ৰ সময় আৰু পৰিশ্ৰম খৰচ হোৱা নাছিল । আজিৰ শিশুৰ এনে বিকাশৰ বাবে আমি বজাৰত উপলব্ধ খেলনাৰে অহোপুৰোষাৰ্থ কৰোঁ । সেয়ে আমাৰ ঢেকী দিয়া সময় নাই ,পানী কঢ়িওৱা সময় নাই , আলহীৰ ঘৰলৈ বিপদ- আপদৰ খবৰ ল’বলৈও সময়ৰ টনা-টনি , যেন আমি মৰিবৰ দিনা যমে নিব আহিলেওঁ ক’ম ‘এতিয়া মোৰ যাবৰ সময় নাই , শিশুটো টকা ঘটা যন্ত্ৰ এটা সজাই বৃদ্ধাশ্ৰমলৈ গৈ যেতিয়া সময় কটাম আৰু মই মোৰ সন্তানৰ এটা ফোন কলৰ বাবে ৰখি ৰখি ভাগৰি কান্দিম তেতিয়া আহিবা যমৰাজ মোক নিবলৈ ।’ ঘৰৰ ভিতৰতে পানী,টয়লেট, বহি বহি অনলাইন অৰ্ডাৰ দি দি মনে পচন্দ কৰা বস্তু পাওঁতে আমাৰ দেহত হ’ৰমনৰ ভাৰসাম্যহীনতা , আগতে আমি নুশুনা ৰোগ , থায়ৰয়ড, ডায়েবেটিচ, ইউৰিক এচিড, অবেচিটি আদিৰ পয়োভৰে আমাক ৰুগীয়া কৰি পেলাইছে ,বিষত কেকাই আছোঁ , আমাৰ শিশুহঁতকো মৰমৰ নামত সোনকালে আহিব পৰাকৈ জাপি দিছোঁ অনাগত ভৱিষ্যতত আমাৰ এনে অৱস্থা এটাক ।
কাগজৰ নাওঁ সাজি পানীপচাত উটুওৱা, ফটাকানিৰ জাল সাজি খাল ডোঙত মাছ মৰা , মা-দেউতাই হাক দিয়া নাছিল পানী লাগিব , জ্বৰ হ’ব বুলি ,আৰু সঁচাই এইবোৰেৰে আমি তেওঁলোকক আমনি দিয়াও নাছিলো বিশেষ । কিন্তু আজিৰ শিশুৱে ঠাণ্ডা পানীৰে গা ধুলেই আমি শংকিত হওঁ জ্বৰ আহিব বুলি , আমি সিহঁতক প্ৰাকৃতিক ভাৱে পোৱা প্ৰতিৰোধ ক্ষমতাকো হ্ৰাস কৰি আনি পংগু কৰি তোলোঁ ।

আজি শৈশৱৰ খেলাই মোক ভাবিব বাধ্য কৰিছে আমাৰ খেলাবোৰ আছিল সঁচাই বিজ্ঞান সন্মত , এই কথা অজানিতেই শিকিছিল আমাৰ অৰ্ধ শিক্ষিত মা- দেউতাহঁতে ,আৰু আমি উচ্চ শিক্ষিত হৈ সেই মা-দেউতাই দিয়া শিক্ষাক সততে উলাই কৰিবও কুণ্ঠাবোধ কৰা নাই । আমি আধুনিক হৈ আমাৰ শিশুক পংগু কৰিছোঁ আৰু আমাক বনৰীয়া সজাই তেওঁলোকে সমগ্র বিকাশ প্ৰকৃতিৰ হাতেৰে কৰিছিল । এতিয়া ভাবিছোঁ আছলতে কোন বেছি আধুনিক ? একেলগে শিলিখা, জলফাই বিচাৰি হিন্দু মুছলিম কি পাহৰা আমি শিশুকেইটাই আজি ধৰ্মৰ ৰাজনীতি কৰি বিভেদ আনোঁ । মোৰ মা-দেউতাতকৈ মই সঁচাই আধুনিক জানোঁ?

জ্যোতিমণি দেৱী
ছিপাঝাৰ, দৰং ।

  • 8
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.