‘অ’ মোৰ দেশৰ মাটি…’ সৃষ্টিৰ আৰৰ অভিজ্ঞতা : প্ৰয়াস মজুমদাৰ

  • 55
  •  
  •  
  •  
  •  
    55
    Shares

‘অ’ মোৰ দেশৰ মাটি…’ – ৰবীন্দ্ৰনাথৰ গীতৰ এফাকি। ৰবীন্দ্ৰ সংগীতৰ স্পৰ্শ সৰুৰে পৰা পাইছোঁ। ককা দিলীপ শৰ্মাই ৰবীন্দ্ৰ সংগীতৰ সাধনা কৰিছিল। তেওঁ বিভিন্ন সংগীতৰ প্ৰতিষ্ঠানত ৰবীন্দ্ৰ সংগীতৰ পাঠ দিছিল। সাংস্কৃতিক অনুষ্ঠান বোৰত ককাই আইতা সুদক্ষিনা শৰ্মাৰ সৈতে ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰা দেখিছোঁ। ঘৰত ছাত্ৰ-ছাত্ৰীক দুয়োজনে ৰবীন্দ্ৰ সংগীতৰ পাঠ দিয়া দেখিছোঁ। তেওঁলোকৰ প্ৰতিষ্ঠান ‘জয়জয়ন্তী কলাকেন্দ্ৰ’ লৈ অনেক ছাত্র-ছাত্ৰী ৰবীন্দ্ৰ সংগীতৰ পাঠ লবলৈ আহে। ককাই হাৰমনিয়ামটো লৈ শিকাই থাকে। ককাৰ পৰা মোৰ মা ঋজুশ্ৰী শৰ্মা মজুমদাৰে ৰবীন্দ্ৰ সংগীত ভলকৈ যে আয়ত্ব কৰিছিল সেই কথা জানিছিলোঁ। মা পল্টন বজাৰৰ বেংগলী হায়াৰ চেকেণ্ডাৰী ষ্স্কুলৰ শিক্ষয়িত্ৰী। ৰবীন্দ্ৰ জয়ন্তী আহিলেই মা ঘৰত ৰবীন্দ্ৰ সংগীত গুনগুনায় কিয়নো স্কুলত গাব লাগিব, ছাত্র-ছাত্ৰীক শিকাব লাগিব।
দেউতাই সদায়ে মাক ৰবীন্দ্ৰ সংগীতৰ চৰ্চা নিয়মীয়া কৰিবলৈ উৎসাহিত কৰিছিল। ৰবীন্দ্ৰনাথৰ দেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কলিকতাত আয়োজিত এটি অনুষ্ঠানলৈ দেউতাৰ সৈতে মাও নিমন্ত্ৰিত হৈছিল। তাত মাই ‘অসমত ৰবীন্দ্ৰ চৰ্চাৰ ক্ষেত্ৰত দিলীপ শৰ্মাৰ অৱদান’ৰ বিষয়ে কথা আৰু গীতেৰে এটি অনুষ্ঠান পৰিবেশন কৰিছিল। কথাখিনি দেউতাই কৈছিল আৰু মাই গীতকেইটা গাইছিল। মাই ৰবীন্দ্ৰনাথৰ অসমীয়ালৈ ৰূপান্তৰিত কেইটামান গীত গাইছিল। সভাৰ চেয়াৰমেন আছিল প্ৰখ্যাত অৰ্থনীতিবিদ অমিয় কুমাৰ বাগছী। তেওঁ অনুষ্ঠানৰ শেষত মাৰ ওচৰলৈ আহি কৈছিল, “Oh… Golden Voice…”। তাৰ পিছত আগৰতলালৈও ৰবীন্দ্ৰ সংগীত পৰিবেশনৰ বাবে নিমন্ত্ৰণ পাইছিল। ময়ো মাৰ লগত সেই অনুষ্ঠানত ৰবীন্দ্ৰ সংগীত গাইছিলো। এয়া আঠ বছৰ আগৰ কথা। তেতিয়াৰে পৰা দেউতাই মাক ৰবীন্দ্ৰ সংগীতৰ অসমীয়া ৰূপান্তৰৰ শ্ৰব্য সফুঁৰা এটি উলিয়াবলৈ প্ৰায়ে কৈ আছিল।
যোৱা বছৰ দেউতা আৰু মই এটা পৰিকল্পনা কৰিলোঁ। মাই দুমাহমান মোৰ মুম্বাইৰ বাসস্থানত থকাকৈ আহিছিল। দেউতাই এই সময়তে মোক ইংগিত দিছিল যে গীত কেইটা ৰেকৰ্ড কৰাৰ ব্যৱস্থা কৰিবি। গীত কেইতা নিৰ্বাচনো কৰি দিলে। মই original গান শুনি শুনি সংগীতখিনি মোৰ হ’ম ষ্টুডিঅতে বনাই ৰেকৰ্ড কৰিবলৈ ‘Audio Garage Recording Studio’লৈ গ’লো। মোৰ চিনাকি ষ্টুডিঅ। তেওঁলোকৰে ইনষ্টিটিউটতে মই Sound Engineering আৰু Music Production অৰ ক’ৰ্চ কৰিছিলোঁ। ৰেকৰ্ডিষ্ট অমিয় লন্ধে চাৰে বৰ যত্নেৰে গানকেইটা ৰেকৰ্ডিং আৰু মিক্সিং কৰি দিলে। এনেকৈয়ে জন্ম হ’ল ‘অ’ মোৰ দেশৰ মাটি…’ শীৰ্ষক শ্ৰব্য সফুঁৰাটি – যিটো যোৱা ১২ জানুৱাৰীত মাছখোৱা প্ৰাগজ্যেতি কেন্দ্ৰত উম্মোচন কৰিলে বিখ্যাত সংগীতকাৰ অনুপম চৌধুৰীয়ে। সফুঁৰাটিত থকা গীতকেইটা হ’ল : অ’ মোৰ দেশৰ মাটি (অনুবাদ: লক্ষহীৰা দাস), পুৰনি সেই দিনৰ কথা (অনুবাদ: নবকান্ত বৰুৱা), দিনবোৰ মোৰ সোনৰ সঁজাত (অনুবাদ: ভূপেন হাজৰিকা), হেৰ’ ধুমুহা নামি আহ (অনুবাদ: কেশব মহন্ত) আৰু সংকোচৰ বিহবলতা (অনুবাদ: নবকান্ত বৰুৱা)। ইয়াৰে দুটিগীটত ময়ো মাৰ সৈতে কণ্ঠদান কৰিছো। মোৰ বিশ্বাস শ্ৰোতাই শ্ৰব্য সফুঁৰাটি আদৰি ল’ব। সফূঁৰাটি YouTube অত উপলব্ধ কৰি দিয়া হৈছে। ভাবৰ গভীৰতা, সুৰৰ সম্মোহনে ৰবীন্দ্ৰ সংগীতক দিছে অনন্য শক্তি। ৰবীন্দ্ৰ সংগীতে আমাৰ অনুভূতিক যিদৰে স্পৰ্শ কৰে, তেনেদৰে আমাৰ চেতনাকো জগাই তোলে।

প্ৰয়াস মজুমদাৰ
সংগীত পৰিচালক, মুম্বাই৷

  • 55
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.