ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) : ড. ধনমণি কলিতা

  • 89
  •  
  •  
  •  
  •  
    89
    Shares

গ্ৰন্থৰ নাম- ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী
(প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ)

আলোচক- ড. ধনমণি কলিতা
গৱেষণা সহযোগী, অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু বিকাশ প্ৰতিষ্ঠান।

প্ৰকাশক- বান্ধৱ, পাণবজাৰ

দাম- ১৫০ টকা

প্ৰথমতে তিনিটা কাহিনী-

কাহিনী একঃ
দুবছৰমান আগতে এদিন দুজন বন্ধুৱে পাণবজাৰৰ আনন্দ প্ৰকাশনৰ বিপণীলৈ গৈ কেইখনমান কিতাপ কিনিলে। দুজনৰ এজনৰ ঘৰ বঙাইগাওঁত আৰু আনজনৰ চন্দ্ৰপুৰত। দুই বন্ধু ইতিহাসৰ ছাত্ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছিল। লগতে দুই বন্ধু তেতিয়া কৰ্মসূত্ৰে কলেজৰ সহকাৰী অধ্যাপক। কিতাপ কিনি দুই বন্ধু ঘৰা-ঘৰি হল। ৰেলত বঙাইগাওঁলৈ অহা যোৱা কৰা বন্ধুৱে নতুনকৈ কিনা কিতাপ এখন পঢ়িবলৈ ললে। প্ৰথম প্ৰবন্ধটো পঢ়াৰ পিচত দ্বিতীয়টো প্ৰবন্ধটো পঢ়িবলৈ লৈ বন্ধু অবাক। একে উশাহতে প্ৰবন্ধটো পঢ়ি বন্ধুলৈ ফোন লগালে আৰু সেই প্ৰবন্ধটো তৎক্ষণাত পঢ়িবলৈ দিলে। চন্দ্ৰপুৰৰ বন্ধুৱেও একে উশাহতে পঢ়ি বঙাইগাওঁৰ বন্ধুক ফোন- আৰে কি লিখিছে দেখোন, সাংঘাটিক।…

কাহিনী দুইঃ
ওপৰৰ কাহিনীটোৰ লগতেই জড়িত আন এক কাহিনী । বঙাইগাওঁৰ বন্ধু এইবাৰো ট্ৰেইনত, গন্তব্যস্থান কলকাতা। গৱেষণাৰ কিছু তথ্য সংগ্ৰহৰ বাবে সেই যাত্ৰা। যাত্ৰা বিৰক্তিকৰ নহবৰ বাবে লগত লৈ গৈছিল দুখনমান কিতাপ, তাৰে এখন ওপৰত উল্লেখ কৰা কিতাপখন। বন্ধুৰ সহযাত্ৰী এগৰাকী দৰ্শণৰ অধ্যাপিকা, তেৱো যাব কলকাতা। দিঘলীয়া যাত্ৰা, গতিকে কথা-বতৰা পতা হল তেওঁলোকৰ। বন্ধুৱে সেই কিতাপখনৰ অন্য এটা অধ্যায় পঢ়ি আছিল, কৌতুহলবশত অধ্যাপিকাই কিতাপখন এবাৰ পঢ়ি চাব বিচাৰিলে। কিছু সময় ওপৰে ওপৰে প্ৰথম অধ্যায়টো পঢ়ি দ্বিতীয় অধ্যায়টো অলপ পঢ়ি ক’লে – তোমাৰ বয়টা খুব Sweet মনে হলো না (তোমাৰ কিতাপখন খুব এটা Sweet যেন নালাগিল) !

কাহিনী তিনিঃ
বয়সন্ধিকালত… ইংৰাজী নববৰ্ষ উপলক্ষে এজনী বান্ধৱীয়ে এখন নতুন ডায়েৰী উপহাৰ দিছিল। তাত প্ৰথম জানুৱাৰীৰ পাতটোত বান্ধৱীৰ ধুনীয়া গোটা হাতৰ আখৰেৰে ইংৰাজীত লিখা আছিল Think pure thoughts । কিমান যে জোৰ আছিল কথাটোত ! হয়তো সেয়া মৃদু সমালোচনাও আছিল। নিজৰ তৰ্কপ্ৰিয় স্বভাৱ সত্বেও কিন্তু বান্ধৱীক সুধিবলৈ চেষ্টা নকৰিলো কি আছিল সেই pure thoughts। সাহস নোহোৱাৰ কাৰণটো আছিল তেতিয়া ধাৰণা আছিল যে impure বুলিলেই যৌন বিষয়ক কিবা কথা ।… এনে কথাবোৰ মনলৈ আহিছে Thomas Laqueur-ৰ নতুন গ্ৰন্থ Solitary Sex: A Cultural History of Musterbation পঢ়িবলৈ লয়।… ইচ্ছা হল বঙালী পাঠকক এই গ্ৰন্থ সম্বন্ধে কিছু কথা জনোৱাৰ। কিতাপখনৰ বিষয়বস্তু নামটো দেখিলেই গম পায়, সেয়া হল হস্তমৈথুন। কোনো কোনোৱে হয়তো নাক কোঁচাই কব – এয়া কি গৱেষণাৰ বিষয় হল নেকি, কোনোৱে হয়তো ৰুচিবোধৰ প্ৰতি প্ৰশ্ন তুলিব, বা নীতিৰ কথা, সামাজিকভাৱে শোভনীয়-অশোভনীয় আদি বিষয়ৰ কথা উলিয়াব। পশ্চিমৰ ফালে যৌন বিষয়ক কথাবোৰ মুকলিকৈ আলোচনা হয়, আমাৰ ইয়াৰ দৰে নহয়। আমাৰ ইয়াত আনৰ উপাৰ্জন সম্বন্ধে যি কৌতুহল দেখুওৱা হয় তাকহে পশ্চিমৰ দেশবোৰত অৰুচিকৰ বুলি গণ্য কৰা হয়। … নিজৰ গৱেষণা সম্বন্ধে Laqueur-এ লিখিছে- It is the most prevalent social activity, and it is still the one that people are more reluctant to speak about, one of the very few truly discomfiting things to air in public…Only questions about personal income …[Occasion] similar resistance.’
এই কাহিনীটো আচলতে এটা প্ৰবন্ধৰ কিছু অংশ। তাক আৰু দিঘলীয়া নকৰি পোনে পোনে আলোচ্য গ্ৰন্থখনলৈ অহা যাওঁক।

ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) ঃ

শিৰোণামত থকা কিতাপ খনৰ কথা কবলৈ গৈ এক দিঘলীয়া পাতনি মেলা হল। এতিয়া আৰু দিঘলীয়া কৰিব নোৱাৰি। তৃতীয় কাহিনীটোৰ কথকে কোৱাৰ দৰে বহুতে এনে বিষয়বস্তুক লৈ লেখা-মেলা কৰিলে অসমৰ পাঠক সমাজে লেখকৰ ৰুচিবোধ, সামাজিকভাৱে শোভনীয়-অশোভনীয় আদি কথাবোৰ অৱতাৰণা কৰাৰ ভয়ো নথকা নহয়। তেনে এক পৰিৱেশত প্ৰণৱজ্যোতি ডেকাৰ এই গ্ৰন্থখন বিষয়বস্তুৰ ফালৰ পৰা হয়তো এক কথা অসমীয়া ভাষাত বিৰল। দেহোপজিৱীনিক লৈ গল্প, উপন্যাস লিখা হৈছে কিন্তু শিৰোণামত ‘প্ৰাপ্তবয়স্কৰ যৌন জ্ঞান গ্ৰন্থ’ৰ দৰে উপ-শিৰোণাম উল্লেখ কৰি কোনোৱে আজিলৈ এনে গ্ৰন্থ লিখাৰ সাহস কৰা নাই। শিৰোণামটো পঢ়ি কোনোবাই যদি গ্ৰন্থখনত বৎসায়নৰ কামসূত্ৰৰ দৰে কোনো বৰ্ণনা পাম বুলি ভাৱি কিনিছে তেন্তে ঠগ খোৱাটো খাটাং। এই গ্ৰন্থখন আচলতে সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত যৌন জ্ঞান আলোচনাৰ বাবে ৰচনা কৰা হৈছে। আচলতে কি আছনো গ্ৰন্থখনত !

গ্ৰন্থখনৰ ভুমিকাত লেখকে এক ঘোষণা কৰিছে এইবুলি- ‘যিটো ভাষাত গ্ৰন্থখন লিখা হৈছে, সেই ভাষাটো মানৱ সমাজৰ পৰা লোপ পাই গ’লেও, গ্ৰন্থখন মানৱ জনামানসত জীৱিত অৱস্থাত ৰৈ যাব’। হয়তো যৌন বিষয়ৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু অনুসন্ধিৎসাৰ কথা লক্ষ্য কৰিয়েই লেখকে এই কথাষাৰ কৈছে। গ্ৰন্থখন মূলত- গ্ৰন্থ পৰিচিতি, ৰূপোপজীৱিনী বনান দেহোপজীৱিনী (বেশ্যা বৃত্তি), মানৱ প্ৰজাতিৰ মাজত যৌন বেশ্যালিৰ উদ্ভৱ, হিজৰা বা নপুংসক গোষ্ঠী: তৃতীয় লিঙ্গ, মানৱৰ নপুংসকতা আৰু যৌন সুখ, ৰূপোপজীৱিনী বনান দেহোপজীৱিনী, মানৱৰ যৌন-ক্ষুধাৰ অভিব্যক্তি, ধৰ্ম, মৰ্ষ আৰু দাসত্ব কামনা, আৰু সমাপ্তি এই নটা অধ্যায়ত ভাগ কৰা হৈছে। অধ্যায়ৰ শিৰোণাম কেইটা পঢ়িয়েই হয়তো পাঠকে এক ধাৰণা কৰিব পাৰিছে কেনে ধৰণৰ বিষয়বস্তু গ্ৰন্থখনত আলোচনা কৰা হৈছে। এনে বিষয়বস্তু সামৰি লিখা দ্বিতীয় এখন গ্ৰন্থৰ নাম মনলৈ অনাটো হয়োতো আমাৰ দৰে বেছিভাগৰে কঠিন হব।

আধুনিক মানৱ জীৱনৰ যৌন প্ৰশ্ন আৰু সমস্যা ইমানেই জটিল যে কোনো এক স্থিৰ সিদ্ধান্তত উপনীত হব নোৱাৰি। গ্ৰন্থখনৰ ঠায়ে ঠায়ে লেখকে তেওঁৰে ‘বিক্ষিপ্ত আত্মজীৱনী’ সোণৰ চামুচ মুখত লৈৰ প্ৰসংগ উত্থাপন কৰিছে, বিশেষকৈ তাত সন্নিৱিষ্ট মোৰ যৌন অন্বেষণৰ কাহিনী শীৰ্ষক অধ্যায়টোৰ কথা, লগতে তেওঁৰ কেইবাটাও গল্পৰ প্ৰসংগও গ্ৰন্থখনত পোৱা যায়। সেয়ে পাঠক সকলে এই গ্ৰন্থখন অধ্যয়ন কৰাৰ লগতে তেওঁৰ অন্ততঃ আত্মজীৱনীখনো পঢ়িলেহে লেখকৰ লেখা পঢ়াৰ আচল সোৱাদটো পাব।

গ্ৰন্থখনৰ নামটো লৈ হয়তো বহুতে অলপ বিমূঢ়ত পৰিব পাৰে যিহেতু ৰূপোপজীৱিনী আৰু দেহোপজীৱিনী শব্দ দুটা আভিধানিক অৰ্থ একে। অৱশ্যে ইয়াৰ ব্যাখ্যা লেখকে আৰম্ভণিতে দিছে এনেদৰে- ‘এগৰাকী ব্যক্তিৰ দেহৰ দ্বাৰা আৰু মনৰ দ্বাৰা কাৰ মূল্যায়নৰ মাজত থকা আৰু সৃষ্টি হোৱা সংঘাত আৰু সমতাৰ ভিত্তিতেই গ্ৰন্থখন ৰচিত হৈছে’, সেয়ে দেহ আৰু ৰূপৰ প্ৰাৰ্থকটো বুজাবলৈকে এনেদৰে নামটো ৰখা হৈছে। ভাৰতৰ ভিভিন্ন মন্দিৰ বা যৌন গ্ৰন্থত সমকামিতাক প্ৰতিনিধিত্ব কৰা কোনো বিশেষ চিত্ৰ বা চিত্ৰণ দেখিবলৈ পোৱা নাযায়। এই বৰ্জনৰ কাৰণ বিচৰা আৰু যৌন ব্যতিক্ৰম আৰু তাৰ দ্বাৰা ব্যক্তিৰ চৰিত্ৰ পৰিৱৰ্তন যিমান সহজে বুজি পোৱা বুলি ভৱা হয় সেয়া যে সহজ নহয় তাক জানোৱাৰ বাবেও এই গ্ৰন্থখন ৰচনা কৰা হৈছে।

দ্বিতীয় অধ্যায়ত লেখকে বিশ্বত মানৱ নাৰীৰ যৌন ব্যেশ্যালিৰ চমু ইতিহাস, ভাৰতবৰ্ষৰ ঐতিহাসিক ব্যেশ্যা বৃত্তি লগতে পতিতা বৃত্তিৰ নিবৃত্তি আদি বিষয়বোৰ আলোচনা কৰিছে। ঠিক তেনেদৰে মানৱ প্ৰজাতিৰ মাজত যৌন বেশ্যালিৰ উদ্ভৱৰ আলোচনা কৰিবলৈ লৈ তৃতীয় অধ্যায়ত তেওঁ জীৱ-জন্তুৰ মাজৰ যৌন মিলনৰ বিষয়েও এক আলোচনা আগবঢ়াইছে। লেখকৰ এক পৰ্যবেক্ষণ হল যে ‘জীৱৰ একক প্ৰজননৰ পৰা যুগ্ম প্ৰজনন, অৰ্থাৎস দুটা জীৱৰ এটা পুৰুষ আৰু এটা স্ত্ৰী জীৱৰ প্ৰয়োজনলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে প্ৰকৃতিয়ে জীৱৰ যৌন সঙ্গম কাৰ্য সুখদায়ক অনুভূতিৰ উৎপাদন কাৰ্যত পৰিণত কৰিব লগা হল’।

গ্ৰন্থখনৰ চতুৰ্থ আৰু পঞ্চম অধ্যায়কেইটাত মূলত হিজৰা বা নপুংসক গোষ্ঠীৰ লোক জীৱিকা অৰ্জনৰ উপায়, তেওঁলোকৰ যৌন জীৱন আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা নপুংসক ৰূপ দিয়া আদি বিষয়বোৰ আলোচনা কৰা হৈছে। ৰূপোপজীৱিনী বনান দেহোপজীৱিনী শীৰ্ষক চতুৰ্থ অধ্যায়ত লেখকে ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত পতিতা বৃত্তি গ্ৰহণ কৰাৰ কাৰণবোৰ ব্যাখ্যা কৰা হৈছে। বহুতে ভৱাৰ দৰে কেবল আৰ্থিক দাৰিদ্ৰই উপাৰ্জন কৰিবৰ বাবে কোনো নাৰীয়ে বেশ্যা বৃত্তি লবলৈ বাধ্য নহয়। ইয়াৰোপৰি ‘নিজৰ পৰিয়ালতকৈ উচ্চতৰ মানৱ জীৱনৰ প্ৰতি আকাংক্ষা আৰু বিশেষ যৌন বাচ-বিচাৰৰ অভাৱ, এই দুটা চৰিত্ৰইহে ঘাইকৈ মানৱ নাৰীক পতিতা বত্তি নিৰ্বাচন কৰিবলৈ উদগনি দিয়ে’। সপ্তম আৰু অষ্টম অধ্যায়ত মানৱৰ যৌন ক্ষুধা প্ৰকাশ কৰাৰ বিভিন্ন অভিব্যক্তিসমুহ আলোচনা কৰা হৈছে। ঠিক তেনেদৰে শেষৰ অধ্যায়ত ভাৰতবৰ্ষত সমকামিতাক শাস্তি প্ৰাপ্যযোগ্য অপৰাধ নহয় বুলি দিয়া ৰায়ক লৈও এক চমু আলোচনা লেখকে আগবঢ়াইছে। মুঠতে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে যৌনজ্ঞান লাভ কৰিব খোজা লোকসকলে এই গ্ৰন্থখন পঢ়ি চাব পাৰে।

সামৰণি
শেষত, এই আলোচকক চিনি পোৱা দুই এজনে হয়তো ধৰিব পাৰিছে দুই বন্ধু কোন। তথাপি চিনি নোপোৱা সকলৰ বাবে কৈ থওঁ – চন্দ্ৰপুৰৰ বন্ধুজন এই লেখক নিজে আৰু বঙাইগাওঁৰ বন্ধুজন এই লেখকৰ প্ৰিয় বন্ধু পিন্টু ৰয়। তৃতীয় কাহিনীৰ লেখক প্ৰখ্যাত ইতিহাসবিদ অধ্যাপক দিপেশ চক্ৰৱৰ্তী। পিন্টুৱে পঢ়ি থকা প্ৰবন্ধটো আছিল নিজৰেই মুদ্ৰাদোষে য’ত তৃতীয় কাহিনীটো সন্নিৱিষ্ট আছিল । এই আলোচকে তৃতীয় কাহিনীটো বঙালীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিছে যিটো সন্নিৱিষ্ট আছে আনন্দ প্ৰকাশনে প্ৰকাশ কৰা দিপেশ চক্ৰৱৰ্তীৰ ইতিহাসেৰ জনজীৱন শীৰ্ষক গ্ৰন্থখনত। এতিয়া বহুতে ভাবিব দ্বিতীয় কাহিনীটো এনে মুখৰোচক কথা হিচাপে সন্নিৱিষ্ট কৰা হল। আচলতে কথাটো তেনেকুৱা নহয়। অধ্যাপিকা গৰাকী আমাৰৰ সমাজৰ বেছিভাগ লোকৰে এক প্ৰতিনিধিহে যিয়ে এনেধৰণৰ বিষয় বস্তুৰ আলোচনাত সদায়ে মুখ কোঁচাই দিয়ে।

  • 89
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.