ফাগুণ : সঞ্জীৱনী পাঠক

  • 44
  •  
  •  
  •  
  •  
    44
    Shares

চকুপানীখিনিয়ে কোঠাটোৰ পোহৰখিনি ঢাকি পেলাইছে ৷ বিচনাত লেপেট খাই পৰি ৰোৱা তাইৰ জ্বৰীয়া দেহাৰ তপত হাতখনেৰে তাতোকৈ তপত চকুপানীখিনি মচি পেলোৱাৰ বৃথা চেষ্টা এটা চলাই আছে ৷ চকু দুটা মুদি ফোনৰ সিপাৰৰ উশাহকেইটাৰ কথা মনত পেলাই তাই ভাবিছে ইমান ভালপোৱা থাকিও কেনেকৈ একেবাৰতে ৰঙহীন হৈ যায় পৃথিৱী? দিনটোত দুঘন্টাৰ কাৰণেও মাতষাৰ নুশুনিলে থাকিব নোৱাৰা ছোৱালীজনীয়ে কেনেকৈ শিকি পেলায় ঘন্টাৰ পাছত ঘন্টা ধৰি শিল হৈ পৰি থাকিবলৈ ! প্ৰাণভৰি ভালপোৱা মানুহজনৰ নামত আগবঢ়োৱা প্ৰতিটো খোজেই এতিয়া বিচাৰি থাকে আনখন হাত ৷ আঙুলিকেইটাৰ মাজত খাপ খাই ৰোৱা আঙুলিকেইটা এনেদৰে মিছা হ’ব বুলি সপোনতো ভবা নাছিল তাই ৷ নিজকেই কেতিয়াবা ইমানখিনি বিশ্বাস কৰা নাছিল যিমান বিশ্বাস সেই উশাহকেইটাক কৰিছিল।

কঁপালত চেঁচা পৰশ এটা পাইও চকুদুটা মুদি এ থাকিল তাই। জানে,মাকে জ্বৰটো জুখি চাইছে। হঠাৎ তপত চকুপানীখিনি কাৰোবাক চুবলৈ দিবলৈ তীব্ৰ ইচ্ছা এটা হ’ল তাইৰ,আপোনা আপুনি হাতখন উঠি গ’ল আকৌ সেইখিনি মচি দিবলৈ।

বিষ এটাত কেঁকাই উঠিল,কেঁকনিটো অলপ বেছি জোৰকৈয়ে ওলাইছিল হ’বলা । দেহাটো বিষাইছিল তাইৰ, কেঁকনিটো কিন্তু ভিতৰৰ কোনোবাখিনিৰ পৰাহে উজাই আহিছিল ৷

উশাহকেইটা পৃথক হোৱাৰ পৰাই গোটেইকেইটা ৰাতি তিতি আছে তাই চকুপানীখিনিত,মাজে মাজে এটা অস্ফূট কেঁকনি ৷ ৰাতি তাইৰ লগত একেলগে শোৱা ভনীয়েকৰ হাতখনত খামুচি ধৰে তাই ৷ হাত এখনৰ অবিহনে খোজটো দিব নোৱাৰেই তাই কোনোমতে ৷

মাজৰাতি ওলাই গৈ বহি থাকে ৰঙহীন ছোৱালীজনী। তাই ভাবি থোৱা শেৱালিফুলীয়া ৰাতিটোৰ কথা মনত পৰে। নীলা শাৰীখনলৈ মনত পৰিলে এনেয়ে গাটোত এবাৰ হাত ফুৰাই চায় তাই। তেতিয়াই ক’ব নোৱাৰাকৈয়ে চকুপানীখিনিয়ে পুনৰ আন্ধাৰ কৰে আন্ধাৰ সময়খিনি। আন্ধাৰখিনি পোহৰ হোৱালৈ বহি থাকে তাই বাহিৰতে । ইতিমধ্যে তপত হৈ থকা দেহাটোও স্বাভাৱিক উষ্ণতালৈ আহে আৰু চকুপানীখিনি গালতে শুকায়।

ইমানদিনে হেঁপাহেৰে আঙুলিৰ মূৰত গণি থকা দিনটোৰ কথা তাইৰ মনত পৰে ৷ পহিলা ফাগুণৰ পুৱাটো তাই ৰঙহীন হৈ বহি থাকে বাৰান্দাত। কৃষ্ণচূড়াৰ ৰঙাখিনিয়ে এইবাৰ হয়তো তাইৰ সৈতেই উচুপি ফুলিব আৰু সেই উচুপনিখিনিয়ে ৰঙকো আমনি কৰিব প্ৰতিটো ফাগুণতেই !!!

সঞ্জীৱনী পাঠক
স্নাতক চতুৰ্থ ষাণ্মাসিক
কটন বিশ্ববিদ্যালয়

  • 44
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.