ফল্গুধাৰা : পাৰ্থ প্ৰতীম চৌধুৰী

  •  
  •  
  •  
  •  
  •  

ডিগ্ৰী পঢ়ি থকা অৱস্থাত এবাৰ বৰপেটাৰ কীৰ্ত্তন ঘৰলৈ গৈছিলোঁ । সেয়া মোৰ বৰপেটালৈ হয়তো দ্বিতীয় বা তৃতীয় যাত্ৰা । আমাৰ আদি বাসস্থান বৰপেটা । গুৱাহাটীলৈ উঠি অহা প্ৰায় এশবছৰমান হ’বৰ হ’ল । আজোককাৰ সময়তে গুৱাহাটীৰ শিলপুখুৰীত ঘৰ এখন হৈছিল । কিন্তু মূল ঘৰখন ভৱানীপুৰতেই ২০০০ চনলৈ আছিল । থকা মানুহো আছিল । সেয়া অন্য কথন, অন্য সময়লৈ থ’লো ।

কীৰ্ত্তন ঘৰলৈ গৈছিলোঁ হোলীৰ সময়ত । তিনিদিনীয়া কাৰ্যসূচী । মোৰ সৈতে আছিল নব্বৈ ঊৰ্ধৰ আইতা । আচলতে, মই আইতাক নহয় আইতাই মোক লৈ গৈছিল । এক উভটনি যাত্ৰা… কীৰ্ত্তনঘৰৰ হাটীবোৰৰ অলিণ্ড-ধমনী ঘুৰি পকি ফুঁৰিলো । কীৰ্ত্তনঘৰলৈ যোৱাৰ বাটত অসংখ্য বৰপুখুৰী, গৰখীয়া থান আছে । পুখুৰীৰ পাৰতেই ওখ ওখ জাতি নাৰিকলগছেৰে শোভা কৰি আছিল । দুই এডালে পুখুৰীৰ মাজলৈ হেলনীয়া হৈ আহিছে । কোনো এটা পুখুৰীৰ মাজত সৰি পৰা নাৰিকল উটি আছিল… যেন নতুনকৈ সৃষ্টি হোৱা চিৰন্তন একাকীত্ব ! মই কীৰ্ত্তন ঘৰ পাই হেপাঁহ পলুৱাই হোলী চালো, খেলিলোঁ । বৰপেটাৰ থলুৱা মিঠাইৰ সোৱাদ ল’লো । হোলীৰ তিনিদিন কীৰ্ত্তন ঘৰৰ বাৰান্দাৰ খুঁটাত আওজি বহি মানুহৰ ৰেহ-ৰূপ চালোঁ । নিজেও ভাগ ল’লো । একো বাদ দিয়া নাই । তাত থকা কেইদিন মই মাজে মাজে কীৰ্ত্তনঘৰৰ ভিতৰলৈ যাওঁ । অযত্নপালিত কিন্তু ঐতিহ্যমণ্ডিত । কীৰ্ত্তন ঘৰৰ ভিতৰলৈ মহিলাৰ প্ৰৱেশ নিষেধ । বাহিৰত সধৱা-বিধৱা সকলোৱে বেৰৰ জলঙাৰে বাহিৰৰ পৰা ভিতৰলৈ চায় । প্ৰায় অন্ধকাৰ নিচিনা ঠাইকণত প্ৰকাণ্ড চাকি এটা জ্বলি থকা দেখা পায় । মই ভিতৰলৈ গৈ চাওঁ । দুদিনমান মই কীৰ্ত্তনঘৰৰ একেখন জালিৰ জলঙাৰ ভিতৰৰ পৰা বাহিৰলৈ চাই পঠিয়ালো …

কাশীত থকাও যথেষ্ট সময় হ’ল । হোলীৰ সময়ত মহাৰাষ্ট্ৰৰ মানুহবোৰে ঘাটত নিজা নান্দনিক ৰূপেৰে হোলীৰ নাচ-গানেৰে ভৰাই তোলে । ধুতী আকাৰেৰে শাড়ী পিন্ধা নাৰীয়ে গান গাই থকা অৱস্থাত ইহঁতক মাৰ্গীয় প্ৰশ্নবোধক চিহ্ন যেন লাগে ! সৰু আকাৰৰ ঢুলকী, কৰতাল, হাৰমনিয়াম লৈ সকলোবোৰ যেন মহাকাব্যিক চৰিত্ৰ লৈ ৰূপান্তৰিত হয় ! সৰ্বসাধাৰণ মানুহ । ফটাচিটা উৱঁলি যোৱা কাপোৰ । সীমাবদ্ধ জীৱন হয়তোবা সীমাবদ্ধ জীৱন দৰ্শন !

বৰপেটা লৈ মন উৰা মাৰে । ৰঙেৰে আকাশ ভৰি থাকে । তেতিয়াই ভাবি থৈছিলোঁ মথুৰালৈ যাম বুলি ! হয়তো এই বসন্তত মথুৰাৰ মহিমা-শোভাই মন-দিগন্ত চুই যাব !

হোলীৰ সময় । আশাহে কৰিব পাৰি !
——————
পাৰ্থ প্ৰতীম চৌধুৰী
বেনাৰস হিন্দু বিশ্ববিদ্যালয়
বাৰাণসী।

Be the first to comment

Leave a Reply

Your email address will not be published.