ভূপেন দা আজি আকৌ এখন চিঠি লিখিলোঁ তোমালৈ… : অংশুমালা দেৱী

  •  
  •  
  •  
  •  
  •  

আজি সপ্ততিতম গণৰাজ‍্য দিৱস। তুমিতো জানা ভূপেন দা দেশে স্বাধীনতা লাভ কৰিছিল বহু জনৰ ত‍্যাগ আৰু বলিদানৰ বিনিময়ত।গণৰাজ‍্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। আজিৰ এই সুন্দৰ দিনটোত মৰণোত্তৰ ভাৱে এই বৰ্ষৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰতৰত্ন” সন্মান আগবঢ়োৱা হৈছে তোমালৈ। আমাৰ মৰমৰ ভূপেনদালৈ আগবঢ়োৱা হৈছে এই সন্মান। সঁচাকৈ বৰ সুখ পাইছোঁ কিন্তু আৰু বহুত সুখী হ’ব পাৰিলোঁ হেঁতেন ভূপেন দা,যদি তুমি নিজ হাতেৰে গ্ৰহন কৰিব পাৰিলা হেঁতেন এই সন্মান! আজি সুখ পালেও লগতে মনত সমানে বৰ দুখো অনুভৱ কৰিছোঁ।

মোৰ এনে লাগিছে ভূপেনদা,
তুমি যেন আকৌ কৈ উঠিছা….

মৃত‍্যু সাবটি
সমাধিতলিত
অকলে আছোঁহি শুই
এতিয়া পুনৰ
আহিছাঁ কিয়
জ্বলাব কলিজাৰ জুই।

তুমি কৈছিলা ভূপেন দা….

নোজোকাবা মোক
মিছা হাঁহি মাৰি

তোমাক জোকাবলৈ সাহস নকৰোঁ ভূপেনদা,
আমি জানো , ভালকৈয়ে জানো
তুমি যে এতিয়া আছাঁ
মৰণ-প্ৰেয়সীক সাবটি
জীয়া মায়াৰ বান্ধ খুলি।

কিন্তু সেই সকলক কি কৰোঁ ভূপেন দা;
যি সকলে তোমাৰ দৰে বিশ্বৰত্ন জনক
চিনি পাবলৈ,নাম দিবলৈ অত বছৰ লগালে!
সময়ৰ খেলত তোমাৰ শান্তিৰ ঘুমটি ভাঙি
আকৌ এবাৰ তোমাক অস্ত্ৰ হিচাপে ব‍্যাৱহাৰ কৰে।

তোমাৰ নামেৰে চিৰপৰিচিত মোৰ দেশ
তোমাৰ সুৰেৰে চিৰ গৰ্বিত মোৰ দেশ
তোমাকলৈয়ে এই দেশত ৰচে অসময়ৰ খেল
সেইদিনা তেওঁলোক গভীৰ টোপনিত লালকাল
আজি সাৰ পাই উঠিছে হঠাতে ,ভূপেনদা
আজি তোমাক চিনি পাইছে আকৌ এবাৰ নকৈ।

তুমি দুখ নকৰিবা ভূপেন দা
এয়া তোমাৰ প্ৰাপ‍্য
জীয়াই জীয়াই নাপালেও,তুমিতো দেখি আছাঁ
সকলো বুজি আছাঁ
এনেকৈয়ে শান্তি লভিছোঁ আমি।

তুমি আমাৰ আত্মাত আছাঁ
আমাৰ অসমৰ প্ৰতিটো সৌন্দৰ্যত তুমি
প্ৰতিটো উৎসৱত তুমি
তুমি অবিহনে আমি নিঠৰুৱা
সেয়ে ভূপেন দা আবেগিক হৈ উঠো হঠাতে
কাৰণ তুমিয়েতো কৈছিলা …

গীতৰ সভাত আমিয়েইতো তোমাৰ
প্ৰধান অলংকাৰ
সেয়ে কৈছোঁ ভূপেন দা…
আমাৰ সুৰৰ জগতত তুমিয়েই আমাৰ
একমাত্ৰ ভগৱান
যাৰ নাই তুলনা,যাৰ নাই কোনো মৃত‍্যু
আছাঁ যদি কেৱল গভীৰ টোপনিতহে
মগ্ন হৈ আছাঁ তুমি ভূপেন দা,
তথাপিও মানি নলওঁ তুমি নাই বুলি
মানি নলওঁ আমি
তোমাকলৈ ৰচা কোনো ৰাজনীতিকেই।

আকৌ কৈছোঁ ভূপেন দা
তুমি বিশ্বৰ গৌৰৱ
তুমি মোৰ অসমীৰ সুসন্তান
তোমাক সন্মান দিয়ক,আমি সুখী হওঁ প্ৰতিক্ষণে
কাৰণ এয়া যে তোমাৰ প্ৰাপ‍্য
বহু পলম হ’ল ভূপেন দা,তথাপিও
তোমাৰ প্ৰাপ‍্য তোমাক দিবলৈ
শিলৰ কলিজাৰেও শুভবুদ্ধি উদয় হ’ল
এয়াও যে তোমাৰেই প্ৰতিভাৰ গুণ
অপথে যোৱা সকলক তুমি শুদ্ধ পথ দেখুৱালা।

তেওঁলোকে বুজি উঠক ভূপেন দা—-

শিল্পীৰ বাবে সন্মানতকৈও আপোন নিজৰ দেশ,জাতি,মাটি,ভাষা। শিল্পী সদায় মানুহৰ হৃদয়ত বাস কৰে। যি জনতাৰ হৃদয়ত তেওঁলোকে কুটনীতিৰে আঘাত দি আহিছে,সেই আঘাতৰ ঘাঁ শুকাবলৈ আজি তেওঁলোকৰ আকৌ তোমালৈ মনত পৰিছে। তোমাৰ নামেৰে আমাৰ হৃদয় গলাব খুজিছে যদি আমি গলিম, আশা কৰিছোঁ তেওঁলোকৰ শুভবুদ্ধি আৰু যাতে আবেলিৰ বেলিৰ দৰে ঘৰমুৱা নহয়,আৰু যদি তেনে হয় , আমিও তোমাৰ ভাষাকে নিজৰ কৰি ক’বলৈ বাধ‍্য হ’ম ভূপেন দা….

যিমান পাৰোঁ হ’ম অগ্ৰগামী
নৰওঁ কিঞ্চিৎ কোনো লাভ নাই
ধ্বংসকাৰীক পৰাস্ত কৰা
শান্তি যুঁজৰ কোনো ক্ষয় নাই।

তুমি যে কৈছিলা ভূপেনদা,আমি বুজিছোঁ

কালৰাত্ৰিৰ বুকুতে লুকাই
আছেই প্ৰভাত বুজিলাঁনে নাই?
ৰাইজ-সিংহক শৃঙ্খল-শৃগালে
সদা কৰে ভয় বুজিলাঁনে নাই?
মুক্তিকামী লক্ষজনৰ
মৌন প্ৰকাশ শুনিছানে নাই?

শুনিছোঁ ভূপেন দা,সকলো বুজি উঠিছোঁ আমি সেয়ে আগবাঢ়ি আছোঁ সততাৰে আৰু সাহসেৰে।

আজিলৈ ইমানেই ভূপেন দা।
—————–

অংশুমালা দেৱী

Be the first to comment

Leave a Reply

Your email address will not be published.