শুভানু ধ‍্যায়ী – মূলঃ ওড়িয়াঃ আচাৰ্য ভাৱানন্দ, অনুবাদঃ সুৰেন তালুকদাৰ

  • 8
  •  
  •  
  •  
  •  
    8
    Shares

আচাৰ্য ভাৱানন্দঃ আচাৰ্য ভাৱানন্দ ওড়িয়া ভাষাৰ এগৰাকী সুপ্ৰতিষ্ঠিত চুটি গল্প লেখক। তেওঁৰ গল্প আৰু আন লেখাৰ সংখ‍্যা অধিক নহয় যদিও উচ্চ মান বিশিষ্ট হোৱাৰ হেতুকে তেওঁৰ গল্প আন কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে।
————————————————-
ৰাধু জেনাক লগ পোৱা দুবছৰেই হ’ল। দুকুৰি পাঁচ বছৰীয়া এই মানুহজনক দেখিলে এনে লাগে,তেওঁৰ বয়স যেন চাৰি কুৰিমানহে হৈছে। সুদা গাৰে থাকিলে বুকুৰ কামিহাড় লেখিব পাৰি।আৰ্থিক অনাটনত জুৰুলা ৰাধুৰ বৰ্তমান একমাত্ৰ চিন্তা হৈছে ছোৱালীজনীক ক’ৰবাত গতাব পৰাটো। ইফালে ল’ৰাটো এতিয়াও স্কুলৰ ডেওনাৰ ভিতৰতে। নিজৰ মানুহজনী অকালতে সিফলীয়া হোৱাৰ দিন ধৰি ৰাধুৱে ল’ৰা-ছোৱালীহাল আগত লৈয়ে দিন নিয়াইছে। নিয়মিত ভাবে পথাৰলৈ গৈছে,হাল-কোৰ বাইছে,খেতি চপাইছে। একমাত্ৰ খেতিখনৰ পৰাই টুক্ টাক্ কৈ চলি আছে যদিও সাঁচতীয়া গাঁঠিৰ ধন ভাঙি ছমাহে-বছৰেকে জীজনীলৈ দুই-এখন শাৰী অথবা ল’ৰাটোলৈ কামিজ একোটা ননাকৈ থকা নাই। হালৰ মুঠিত ধৰা দিন ধৰি কেটেৰা-জেঙেৰা খাই লোকৰ মাটিত হাল বাওঁতেই জীৱনটোৰ আধা কাল গ’ল। নিজৰ বুলি এপুৰা মান মাটি লোৱা আজি তিনিবছৰ মানহে হ’ল।
ঘৈণীয়েক ঢুকোৱাৰ পাছত গাঁৱৰ গিয়াতি-কুটুমে ৰাধু জেনাক আকৌ এজনী চপাবলৈ কৈছিল।ৰাধু কিন্তু নিৰ্বিকাৰ। কৈছিল তোমালোকে মোক জ্বালা-যন্ত্ৰনাৰ মাজলৈ আকৌ কিয় ঠেলি দিব খুজিছা?ইহঁত দুটাক মানুহ কৰিব পাৰিলেই মোৰ শান্তি,আৰুনো কি লাগিছে।
পদূলিমুখৰ তাৰ নিজৰ মাটিডৰালৈ চাই চাই
ৰাধুৱে ভাৱে,– এই ভাটিডৰা সঁচাকৈয়ে তাৰ নিজৰ মাটিনে?কত পৰিশ্ৰমৰ মূলতহে যে মাটিডৰা সি নিজৰ কৰি ল’ব পাৰিছে,সেই কথা ভাবিলে আজিও তাৰ মন ভৰি উঠে। তাৰ অৱৰ্তমানত একমাত্ৰ উত্তৰাধিকাৰী তাৰ ল’ৰাটোৱে পাৰিবনে মাটিদৰা নিজৰ কৰি ৰাখিবলৈ– এনে চিন্তা মাজে সময়ে ৰাধুৰ মনলৈ নহা নহয়।
সময়বোৰ কেনেকৈযে পাৰ হৈ যায়। আচ্চা,এটা কথা নহয়, বাবু। সিদিনা হাটত শুনিলোঁ, চৰকাৰে হেনো আমাৰ মাটিবোৰ লৈ যাব। হয়নে বাবু? যদি সঁচাকৈ লৈ যায়,আমাৰ কি গতি হ’ব? হাড়ক পানী কৰি আজি অত বছৰৰ মূৰত নিজৰ বুলিবলৈ এহালিচা মাটি কৰিছিলোঁ।তাকো যদি কাঢ়ি নিয়ে, তেন্তে ডিঙিত চিপজৰী লোৱাত বাহিৰে আমাৰতো অন‍্য গতি নাথাকিব। দিন-কাল যেনেহে হৈছে, ঠিকতো নাই, নিবও পাৰে।বাবু ,তোমালোক ডাঙৰ মানুহ, বাহিৰখন দেখিছা।এইবোৰ অন‍্যায়ৰ বিৰুদ্ধে নোকোৱানো কিয়?সৰুতে আমিতো পথাৰত একেলগে কাম কৰিছিলোঁ।কি মজাৰ দিন আছিল সেইবোৰ,নহয়নে?মাথোঁ মইহে কিয়,আমাৰ বংশৰ মানুহখিনিয়ে তোমালোকৰ ঘৰত কাম কৰিয়েই জীৱন কটালে।ভগৱন্তৰ কৃপাত তুমি জখলাডালৰ ওপৰলৈ উঠিব পাৰিলা,আমি যেনিবা তলতে ৰ’লোঁ।তুমি উৰাজাহাজত উঠি দেশ-বিদেশ ঘূৰি আহিলা।তাতো বাৰু আদব-কায়দাবোৰ আমাৰ দৰে একেনে?বহু বছৰৰ মুৰত নিজৰ ঠাইলৈ ঘূৰি আহিছা।গাঁৱৰ এই নিছলা মানুহখিনিয়ে তোমাৰ মুখলৈ নাচাই আৰু কাৰ মুখলৈ চাব?এতিয়া ভুৱনেশ্বৰতে থাকিব লৈছা যেতিয়া তোমাৰ নিশ্বয় দিল্লীৰ বৰমূৰীয়াসকলৰ লগত ভাল সম্পৰ্ক আছে।সেই বাবেই কৈছোঁ,গাঁওখনৰ বাবে কিবা এটা কৰা।পুণ‍্য হ’ব।ভাল কামৰ ফল অথলে নাযায়।
অত বছৰৰ মূৰত আকস্মিকভাবে মোক লগ পাই ৰাধু জেনা নামৰ হোজা অথচ উদাৰ হৃদয়ৰ মানুহজনৰ কিযে হ’ল,অনৰ্গল কথাকে কৈ গৈছে।অনেক কথা,অনেক স্মৃতি।মই তেওঁৰ কথাখিনি মন দি শুনিলোঁ। শুনি ভাবিছোঁ—- হৃদয়খন কিমান নিৰ্মল হ’লে মানুহে কথাবোৰ এনেকৈ ভাবিব পাৰে বা ক’ব পাৰে!
ৰাজু জেনাক লগপোৱাটো সঁচাকৈয়ে আকস্মিক।আমি অহা জীপগাড়ীখন হঠাতেএঠাইত ৰৈ গ’ল।ৰৈ গ’ল মানে বোকাত চকা সোমাই গ’ল।দ্ৰাইভাৰে চেষ্টা কৰিছে হে কৰিছে,নাই,লৰচৰেই নকৰে।চকাবোৰ ওপৰতে ঘূৰি থাকে। বাবিৰত ঘনঘোৰ অন্ধকাৰ,তাতে আকৌ দবাপিটা বৰষুণ।এই বৰষুণৰ মাজত গাড়ীখন যে কেনেকৈ উঠোৱা যাব তাকে ভাবিহে আমাৰ তালুৱে- জিভাই লগা অৱস্থা।খন্তেক পিছতে আচৰিত ভাবে মই আৱিস্কাৰ কৰিব কৰিলোঁ যে যিটো পদূলিত আমাৰ জীপগাড়ীখন লাগি ধৰিছিল,সেইটো আছিল মোৰ বাল‍্যবন্ধু ৰাধু জেনাৰ পদূলিমুখ।কিমান দিন,কিমান বছৰ যে ৰাধুক মই লগপোৱা নাই- সেই কথা এতিয়া স্মৃতিৰ অতীত।আশৈশৱ দৈন‍্যৰ লগত সুপৰিচিত ৰাধু যে এহালিচা মিটিৰ গৰাকী হ’ব,সেই কথাও মোৰ জ্ঞাত নাছিল।
গাত কাপোল নথকাকালৰ পৰাই ৰাধু আৰু মই
একেলগে পাৰ কৰিছিলোঁ আমাৰ শৈশৱ-কৈশোৰ।হাউখেল,ঢোপখেল,ৰবাব টেঙাৰ ফুটবল খেল—-
কিমান যে খেল খেলিছিলোঁ সৰুতে!খেলি উঠাৰ পিছত আকৌ নদীত সাঁতোৰ।সোণালী শৈশৱ-সঁচাকৈয়ে সোণালী ! ৰাধুহঁতৰ খেতিৰ মাটি নাছিল-আমাৰ মাটিতেই সিহঁতে খেতি কৰিছিল আধিয়াৰ হিচাপে।ৰাধুহঁত যে আমাৰ মাটিৰ আধিয়াৰ-এনে শ্ৰেণী-বৈষম‍্যৰ ধাৰণা আমাৰ মনত তেতিয়া সোমোৱাই নাছিল।আজি অৱশ‍্যে এই গাঁৱত মোৰ নিজৰ মাটি নাই।কিন্তু ৰাধুৱে অন্ততঃ এহালিচা মাটিৰো গৰাকী হ’ব পাৰিছে,এই কথাটো জানিব পাৰিহে মই পৰম সন্তোষ পাইছোঁ।আমি দুয়োৰো এৰা এৰি হোৱা
ওঠৰ বছৰ মানেই হ’ল নেকি!
ৰাধু ,গাড়ীখন এতিয়া কেনেকৈ উঠোৱা যায়?
তুমি কিবা এটা কৰিলেহে কৰা।এনেয়ে আন্ধাৰ, তাতে আকৌ বৰষুণ। তোমাক কষ্ট দিয়াহে হ’ব নেকি! তেনে কথা নক’বা,বাবু।এই ৰাধু জীয়াই থাকোঁতে তাৰ পদূলিমুখত গাড়ী এখন পৰি থাকিব,তাকো তাৰ বাল‍্যবন্ধুৰ গাড়ী।তেনে কথা হ’বই নোৱাৰে।আৰু তুমি যে ক’লা কষ্ট,জীৱনত এই দুই হাতেৰে ইয়াতকৈ সহস্ৰ গুণাধিক কষ্ট কৰিছোঁ বাবু।এইটোও কিবা কষ্টৰ কথা হ’লনে!কৈয়েই ৰাধুৱে তাৰ পঁজা ঘৰলৈ দৌৰ মাৰিলে।খন্তেক পিছতে দেখিলোঁ,তক্তাৰ নিচিনা কিবা এখন মূৰত লৈ ৰাধু ওলাই আহিছে- হাতত এটা কেৰাচিন তলৰ লণ্ঠন। ভালদৰে চাই দেখোঁ, কঠাল গছৰ মজবুত তক্তাৰে বনোৱা সেইখন এখন কাঠৰ দুৱাৰ-পানী পৰি নষ্ট নহ’বৰ বাবে এপিঠিত টিনৰ পাত এচলাও লগোৱা আছে। আৰ্থিক দীনতাত জুৰুলা হৈ থকা ৰাধুৰ দৰে লোক এজনৰ বাবে কাঠৰ এই দুৱাৰখন নিশ্চয় এক অমূল‍্য সম্পদ।কিন্তু এই কথাটো সম্পূৰ্ণভাবে আওকাণ কৰিমাথোঁ গাড়ীখন উঠাবৰ বাবেই তাৰ এই মহামূল‍্যবান সম্পত্তিটো ধ্বংস কৰিবলৈকেও ৰাধুৱে অকণো ইতস্ততঃ বোধ কৰা নাই।কাৰণ সেইখন মোৰ জীপগাড়ী-তাৰ বন্ধুৰ জীপগাড়ী।ৰাধুৰ মনৰ বিশালতাত মোৰ নিজকে বৰ সৰু সৰু যেন লাগিল।এইখন বনাওঁতে তাৰ ছাগৈ কিমান কষ্ট হৈছিল। মজুৰিৰ বিনিময়ত ৰাধুৱে ছাগৈ কাঠমিস্ত্ৰীৰ ঘৰতো কাম কৰি দিব লগা হৈছিল।ৰাধুক নাপালে যে আমাৰ কি গতি হ’ল হেঁতেন!
কোনো খতি-খুণ নোহোৱাকৈ আমাৰ জীপগাড়ীখন বোকাৰ পৰা উঠি আহি ঠিকেই,কিন্তু অশেষ ক্ষতি হ’ল ৰাধু জেনাৰ। তাৰ কাঠৰ দুৱাৰখন ডাঙি টুকুৰা-টুকুৰ হ’ল।ৰাধুৰ মানসিক উচ্চতাৰ মাত্ৰালৈ চাই মোৰ ভাব হৈছে,তাৰ এই ক্ষতি মোৰ জীৱনত মই পূৰাব পাৰিমনে? এই অপৰাধবোধে মোৰ অন্তৰখন খুলি খুলি খাবলৈ ধৰিলে।
গাড়ীখন উঠি অহাৰ লগে লগে আনন্দতে ৰাধুক মই সাবটি ধৰিছিলোঁ।মই লক্ষ‍্য কৰিছিলোঁ,ৰাধু যথেষ্ট আৱেগিক হৈ পৰিছে।অশ্ৰু সিক্ত নয়নেৰে সি বহুপৰ মোৰ ফালে চাই আছিল।খন্তেক পিছতে ৰাধুৰ মুখত ফুটি উঠিছিল এক অনাবিল আনন্দৰ হাঁহি-সেই হাঁহিত উদ্ভাসিত হৈ উঠিছিল তাৰ মুখমণ্ডল।মই ভাবিবলৈ ললোঁ- তাৰ এই হাঁহি সঁচাকৈয়ে এক নিষ্পাপ পৰিস্ফুটন নে হাঁহিৰ মাজেৰে ৰাধুৱে মোক জখলাডালৰ তলৰ ঢাপলৈ ঠেলি পঠিয়াই দিব খুজিছে!কিন্তু কিয় মোৰ এনে ভিব হ’ল! মোৰ অপৰাধবোধে নিশ্চয় মোক সন্দিহান কৰি তুলিছে।নাই,নাই! যিজন লোকে নিজৰ সম্পত্তি নষ্ট কৰিও বাল‍্যবন্ধুৰ বিপদত নিস্বাৰ্থ সহায়ৰ হাত আগবঢ়াব পাৰে,তেনে এজন লোকৰ বিষয়ে এনেকৈ ভবাটো অকল অন‍্যায়ে নহয়,পাপো।অনুশোচনাত মই দগ্ধ হ’লোঁ।
ৰাধু আৰু মোৰ অকল যে কৰ্মক্ষেত্ৰহে ভিন ভিন তেনে নহয়,আমাৰ চিন্তা- চৰ্চা,ধ‍্যাণ-ধাৰণাৰ ক্ষেত্ৰও বোধহয় ভিন ভিন। নহ’লেনো ৰাধুৰ সততাখিনিৰ ওপৰতো আমাৰ সন্দেহ ওপজেনে?কাঠৰ দুৱাৰখন ভাঙি টুকুৰা টুকুৰ হোৱা সত্বেও ৰাধুৰ মুখত মই অকণো দুখৰ ভাব নেদেখিলোঁ।বৰং সি মোক এই বুলিহে কৈছিল যে ঈশ্বৰে দিলে তেনে আৰু এখন দুৱাৰ বনাই লোৱাটো একো ডাঙৰ কথা নহয়।তাৰ বন্ধু এজনৰ বিপদত যে সামান‍্য সহায় কৰি দিব পাৰিছে,সেইটোহে ডাঙৰ কথা। এই মুহূৰ্তত মোৰ ভাব হৈছে,ৰাধুৰ তেনে বিপদত ময়েই হয়তো মোৰ কাঠৰ দুৱাৰ এখন উলিয়াই নিদিলোঁহেঁতেন।
ঘৰ পাওতে পূব আকাশ ৰঙচুৱা হৈ পৰিছে।
–তমি বাহিৰে বাহিৰে কাপোৰ সলাই গাটো জোবোৰা মাৰি আহাগৈ। নীহকুলীয়া মানুহ এজনৰ সৈতে সনা-পিটিকাখন কৰি আহিছা। মোৰ আইৰ কঢ়া নিৰ্দেশ।
আইৰ মুখৰ “নীহকুলীয়া”শব্দটোৱে মোৰ গালত যেন এক প্ৰচণ্ড চৰহে শোধালে-মোৰ তেনে লাগিল।হয়,সামাজিক জীৱনত ৰাধু নীহকুলীয়া।কিন্তু ব‍্যক্তিগত জীৱনত?ৰাধুৰ আন্তৰিকতাৰ উচ্চতাখিনিক মোৰ অথবা মোৰ কুলৰ উচ্চতাই বোধহয় কেতিয়াও ঢুকি নাপাব।গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে উচ্চ-নীচ,ভিন-পৰ-এইবোৰৰ উৰ্ধলৈ আমি কেতিয়া আহোৰণ কৰিব পাৰিম? নীহ কুলৰ হ’লেও ৰাধু সম্ভৱতঃ মোতকৈ অধিক সুখী।
সিদিনা পুৱাৰ ভাগতে ৰাধু জেনা আহি মোৰ ঘৰত উপস্থিত। দুয়ো একেলগে বহি বিগত কালৰ অনেক কথা কথা আলোচনা কৰিলোঁ,অনেক স্মৃতি ৰোমন্থন কৰিলোঁ। মই ভ্ৰমন কৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইৰ বিষয়ে ৰাধুৱে মোক নানাক প্ৰশ্ন কৰিলে।তেওঁৰ অনুসন্ধিৎসু মনটোৰ শলাগ নলৈ নোৱাৰিলোঁ। কথা প্ৰসংগত ৰাধুৱে আকৌ দোহাৰিলে- চৰকাৰে যে তেওঁৰ মাটিখিনি লৈ লোৱাৰ কথা উঠিছে,সেই বিষয়ে মই ভুৱনেশ্বৰ অথবা দিল্লীৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগে।
—- ৰাধু তোমাৰ কাঠৰ দুৱাৰখন ভাঙি একেবাৰে টুকুৰা টুকুৰ হ’ল।এটা কাম কৰা-আমাৰ গোহালি ঘৰৰ আটালত এসোপা তক্তা দমাই থোৱা আছে,তাৰে ভালচাই তক্তা এখন তুমি লৈ যোৱা।আৰু দুৱাৰ এখন বনোৱাৰ খৰচটোও লোৱা।
কিন্তু ৰাধুৱে যিটো উত্তৰ দিলে সেইটোৱেহে মোৰ মনটোক আকৌ জোকাৰি দিলে। তেওঁ ক’লে- মই তক্তা নিবলৈ অহা নাই, বাবু। কষ্টোপাৰ্জিত মোৰ মাটি হালিচা যাতে চৰকাৰে নিব নোৱাৰে,তাৰ ব‍্যৱস্থা কৰিবৰ বাবেহে মই তোমা নুৰোধ জনাবলৈ আহিছোঁ।নহ’লে ল’ৰা-ছোৱালী দুটি লৈ মই কি খাম?
ৰাধুৱে আকৌ কৈ গ’ল– মনত আছেনে বাবু,
খৰাং বতৰৰ মাজতো তোমালোকৰ মাটিত কিমান কষ্ট কৰি আমি খেতি কৰিছিলোঁ। এফালে ধান খেতি,আনফালে আলু খেতি। তেতিয়ালৈকে এইখন গাঁৱত কোনেও আলুখেতিত হাত দিয়া নাছিল। নহয়নে? সেইবাৰ কম আলু পাইছিলোঁনে? কিন্তু পালে কি হ’ব,উৎপাদন অনুপাতে মূল‍্য জানো পাইছিলোঁ? গাঁৱৰ বাট-পথৰ দুৰৱস্থাৰ বাবে উৎপাদিত সামগ্ৰীসমূহ দূৰৰ বজাৰলৈ নিয়াত অসুবিধা হৈছিল আৰু সেই বাবেই প্ৰাপ‍্য মূল‍্যৰ পৰা আমি বঞ্চিত হৈছিলোঁ। আৰু আজিও, দেশ স্বাধীন হোৱাৰ প্ৰায় তিনিকুৰি বছৰৰ পাছতো আমাৰ বাট-পথৰ অৱস্থা একেই থাকিল। বাৰিষা আঁঠুৱনীয়া বোকা আৰু খৰালি গোটেইখন ধূলিময়। হাড়ভঙা পৰিশ্ৰমৰ পাছতো খেতিয়কে উচিত মূল‍্য নাপায়।বৰ দুখৰ কথা নহয়নে?আগৰ গাঁও কি আছিল আৰু আজিৰ গাঁও কি হ’ল।মানুহ বাঢ়িল, কিন্তু সম্পদ? গাঁৱত আজিলৈকে এটি উন্নত পথ হৈ নুঠিল। যাতায়াতৰে সুবিধা নাই যেতিয়া উন্নতি হ’ব কেনেকৈ? সেয়েহে কৈছোঁ, তোমালোক পৰাখিনিয়ে কিবা এটা কৰিব লাগে।আমি হ’লোঁ মূৰুখ,কিবা কৰাৰ আগ্ৰহ থাকিলেও জ্ঞান-বুদ্ধিৰে নোৱাৰোঁ। আজি উঠোঁ বাৰু।আকৌ কেতিয়াবা আহি দেশ-বিদেশৰ কথা শুনিম।
উঠিবলৈ লৈ ৰাধু দেখোন আকৌ থমকি ৰ’ল।মুখখন দেখি ভাব হ’ল,আৰু কিবা ক’ব খুজিছে।সংকোচ ভাবেৰে ক’লে–কথা এটা ক’ব খুজিছোঁ,বেয়া-চেয়া নাপাবা কিন্তু।এই যে তুমি বাহিৰখন ঘূৰিছা,জ্ঞান আৰ্জন কৰিছা,দুটা পইচাৰ
মুখো দেখিছা— ভাল কথা। কিন্তু সামান‍্য ত‍্যাগ স্বীকাৰ কৰি,তোমাৰ দৰে বিজ্ঞ লোক এজন যদি গাঁৱতে থাকিলাহেঁতেন,তেন্তে গাওঁখনৰ, গাঁৱৰ মানুহখিনিৰ কিমান উপকাৰ হ’লহেঁতেন,ভাবি চোৱাচোন।তুমিতো কাম কৰিব নালাগে,মাথোঁ ৰাইজক শুদ্ধ পথটো দেখুৱাই দিব লাগে।সঠিক দিশ এটা দেখুৱাই দিবলৈকে আমাৰ উপযুক্ত মানুহৰ অভাৱ।
ৰাধু জেনাৰ জ্ঞানৰ পৰিসৰ দেখি মই তবধ মানিলোঁ।এই মানুহজনে ইমানখিনি জ্ঞান কেনেকৈ আহৰণ কৰিলে–তাকে ভাবিহে মই আচৰিত হ’লোঁ।
আমাৰ গোহালিৰ আটালৰ পৰা তক্তা দুখনমান কান্ধত লৈ ৰাধু ঘৰমুৱা হ’ল।ৰাধুৰ কথাখিনিৰ অনুৰণন বহু দিনলৈ মোৰ কৰ্ণকুহৰত বাজি আছিল।
গাঁৱলৈ আৰু মোৰ ঘূৰি অহা নহ’ল। ৰাধু জেনাক লগপোৱা আজি প্ৰায় দুবছৰেই হ’ল।কিন্তু তেওঁৰ সেই সামান‍্য অনুৰোধফেৰাও মই আজিলৈকে ৰক্ষা কৰিব পৰা নাই। ৰাধু জেনাৰ মাটি হালিচাৰ বিষয়টো লৈ এতিয়াও চৰকাৰৰ ঘৰলৈ যোৱাটো মোৰ হৈ উঠা নাই।

  • 8
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.