অনুগল্প : নৱজিৎ মেধি

  • 126
  •  
  •  
  •  
  •  
    126
    Shares

[ ১ ]
#এক মিনিটৰ গল্প :- *(নিগনি দৌৰ )*

অফিচৰ পৰা আহিয়েই সন্ধিয়া শাহুআইক ঘৰত দেখি অনুপম বৰুৱা বৰ আনন্দিত হ’ল । বিয়া কৰোৱা বহু বছৰেই হ’ল যদিও নিজে থকা চহৰখনৰ পৰাই বিয়া কৰোৱাৰ কাৰণে শহুৰেকৰ ঘৰৰ মানুহ সকাম-নিকাম নাথাকিলে ৰাতি থকাকৈ অনুপমৰ ঘৰত কম আহে ।

ইঞ্জিনীয়াৰিঙ ছাৰ্ভিছেচৰ বিষয়া হিচাবে চাকৰি কৰি থকা অনুপম বৰুৱাই ঘৰ-দুৱাৰ খিনিও বনাইছে বেংকৰ হোম-লোণেৰে । দৰমহাৰ টকা কেইটাৰে চলোতে ঘৰখনত দুই এটা বয়-বস্তু ; লাম-লাকুটৰ অভাব হয় যদিও অনুপমৰ পত্নীয়ে কোনোদিনেই টকা পইচাৰ বিষয়ত ঘৰত অশান্তি কৰি পোৱা নাই । অন্যায় কাৰ্যৰ মাজেদি দুয়ো পতি-পত্নী ধন ঘটিবলৈ নাৰাজ । দুটি সন্তানৰ পিতৃ – অনুপমৰ আকালো নাই ভঁ‌ৰালো নাই বুলি ক’ব পাৰি ।

এসপ্তাহ জোঁৱাইৰ ঘৰত থাকি অনুপমৰ শাহুয়েক যাবলৈ ওলাই ঘৰৰ বাৰান্দাত পুৰণি আধাভঙা জোতা থোৱা বাকচটো দেখি অনুপমক ক’লে – তুমি ইমান ভাল চাকৰি কৰি আছা – আমাৰ বংশৰে অমুকে সাধাৰণ চাকৰি এটা কৰিয়েই দেখোন টকা-পইচাৰ ফালৰ পৰা নদন-বদন হ’ল !

অনুপমে শাহুৱেকে কোৱা কথাখিনিৰ অন্তৰ্নিহিত ভাব খিনি বুজিব পাৰি শাহুৱেকক ক’লে – আই ; আপুনি মই মানুহ হৈ থকাতো বিচাৰে নে অসৎ পন্থাৰে টকা ঘটা নিগনি দৌৰত ব্যস্ত হোৱাতো বিচাৰে ? শাহুয়েকে এক মিনিট তভক মাৰি ৰৈ অনুপমক ক’লে – তুমি বেয়া নাপাবা জোঁৱাই ; মই ভুলতে কথাষাৰ ক’লো – তুমি মানুহ হৈ থকাতোহে মই বিচাৰোঁ‌ ….।
#########

[ ২ ]

#এক মিনিটৰ গল্প : * ( দগ্ধ )*
*******
অৰূপ তালুকদাৰে তেওঁৰ দুবছৰ পুৰণি মাৰুতী কাৰ খন বিক্ৰী কৰিবলৈ যোৱা দুমাহ ধৰি চেষ্টা কৰি আছে । গ্ৰাহক আহিছে দুই চাৰিজন কিন্তু গাড়ীখন গেৰেজত দেখুৱাই উঠাৰ পিছতেই কয় – গাড়ী খনৰ মবিল চেম্বাৰটো ফাটি আছে – চেঞ্জ কৰিবলৈ কমেও বিছ হাজাৰ টকা খৰচ পৰিব । তালুকদাৰে অৱশেষত ফটা মবিল চেম্বাৰৰ কথাটো গোপনে ৰাখি সৰলমনা প্ৰতিবেশী বিজয় ডেকাকে গাড়ী খন বিক্ৰী কৰিলে । তালুকদাৰৰ পত্নীয়ে মবিল চেম্বাৰ ফাটি থকা গাড়ী খন প্ৰতিবেশীক বিক্ৰী কৰিব মানা কৰিছিল যদিও কথাটো নামানিলে তালুকদাৰে । এসপ্তাহ পিছতেই ডেকাই গাড়ী খনত থকা ডিফেক্ট বোৰ দেখি তালুকদাৰক জনোৱাত তেখেতে ডেকাক ক’লে- গাড়ীৰ কথানো কি ক’ব – মানুহৰ দেহৰ যন্ত্ৰাংশই আজিকালি বিকল হৈ যায় যিকোনো সময়তে !

মানুহৰ দিন সদায়ে একে নাযায় । এমাহ মান পিছতেই অৰূপ তালুকদাৰৰো তেনেকুৱাই হল। যোৱা তিনি বছৰ মান আগৰ পৰা ৰক্তাল্পতাত ভুগি থকা সুস্থ-সবল তালুকদাৰ পত্নীৰ হঠাতে ৰক্ত ক্ষৰণ হবলৈ ধৰিলে। হস্পিটেলত ভৰ্ত্তি কৰোৱাত ডাক্তৰে অৱস্থা অতি সংকটজনক বুলি জানিব দিলে আৰু ৰোগীক বচাবলৈ অতি সোনকালে বি- নিগেটিভ গ্ৰুপৰ তেজৰ ব্যবস্থা কৰিব ক’লে । এইটো গ্ৰুপৰ ব্লাড পোৱাতো বৰ কঠিন – ৰেয়াৰ ব্লাড গ্ৰুপ ; প্ৰায় হাজাৰ মানুহৰ মাজত এজন মানৰহে থকাৰ নিচিনা ।

তালুকদাৰে পত্নীৰ কাৰণে বি- নিগেটিভ ব্লাড গ্ৰুপৰ তেজ বিচাৰি সকলো ফালে চলাথ কৰিলে যদিওঁ‌ ক’তো পাবলৈ সক্ষম নহ’ল । ইফালে দিন গৈ থকাৰ ল’গে ল’গে তেওঁৰ পৰিবাৰৰ অৱস্থাও বেয়াৰ ফালে ঢাল খালে ।

সকলো ফালে আন্ধাৰ দেখি থকা সময়তে তালুকদাৰৰ পত্নীৰ খবৰ ল’বলৈ প্ৰতিবেশী বিজয় ডেকাই আন এজন বন্ধুক লগতলৈ হস্পিটেল পালে । তেওঁলোকক দেখি তালুকদাৰে বহিব দিয়াত ডেকাই ক’লে – আপুনি ডাক্তৰক খবৰ দিয়ক ; মোৰ আৰু মোৰ বন্ধুজনৰ ব্লাড গ্ৰুপ আপোনাৰ পৰিবাৰৰ লগত একেই । আমি এতিয়াই ব্লাড দি যাওঁ‌ । তেখেতক তেজ দিয়াৰ কাৰণে দুই এদিনতে আৰু দুজন মানুহ বিচাৰি উলিয়াম মই ।

অনুশোচনাত দগ্ধ হৈ চকু পানী ওলোৱা অৰূপ তালুকদাৰৰ ফালে অবুজ ভাবে চাই থাকিল তেওঁৰ প্ৰতিবেশী বিজয় ডেকাই ….. ।
###############

নৱজিৎ মেধি।

  • 126
    Shares

3 Comments

  1. পঢ়ি ভাল লাগিলঅ।আৰু লিখিব বুলি কামনা কাৰিলো।

  2. দুয়োটা গল্পই বাস্তৱ । বৰ ভাল লাগিল দাদা।

Leave a Reply

Your email address will not be published.