বাস্তৱ : মাছুমা জামান

  • 114
  •  
  •  
  •  
  •  
    114
    Shares

[“বাস্তৱ ভয়াবহ সত্য”,,,,সময়ে সময়ে প্ৰতাৰিত হোৱা সচা ভালপোৱাৰ নিদৰ্শন এয়া😑😑]

দৃশ্য ১:
ডাৱৰীয়া বতৰ, ক্ৰমাৎ মুশূলধাৰ বৰষুণৰ অপেক্ষাত গুৱাহাটীৰ পল্টন বজাৰৰ এটি আবেলি। সদাব্যস্ত পল্টন বজাৰ, যেন মানুহৰ মকৰাজল।। বাট পথ, পদপথ, সকলোতে কেৱল ব্যস্ততাৰ চাপ, অগণন মানুহৰ ভিৰ । তেনেতে ধাৰাষাৰ বৰষুণৰ আগমন ।। দূৰণিৰ বাছ গাড়ী সমূহ বৰষুণৰ মাজতে পল্টনবজাৰ আহি আছে , যাত্রীবোৰ নামিছে আৰু মকৰাজলত সোমাই আদৃশ্য হৈ পৰিছে।।

দৃশ্য ২:
সময় সন্ধিয়া ৫:৩০ মিনিট। ধাৰাষাৰ বৰষুণৰ মাজতে মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীমুখী বাছ এখন আহি পল্টন বজাৰ পালেহি। বাছত দীপলিপ সুন্দৰী পাহাৰৰ যুৱতী “ইবা” , আচল নাম – ইবা হুংলাং খাৰচনহৌ।। পিন্ধনত বগা চেলৱাৰ কামিজ আৰু ৰঙা দুপাত্তা, লগত খৰখেদাকৈ সুমুৱাই লোৱা পিন্ধা কাপোৰৰ সৰু বেগ এটা। বাছৰ পৰা নামি বৰষুণজাকৰ মাজতে গাতে লাগি থকা দোকান এটাৰ কাষত থিয় হল।। বৰষা সিক্ত ভগৰুৱা দেহাৰ সৈতে তাইৰ চকুত অস্থিৰতা কাৰোবাক বিচাৰি । “ৰঙা” T-চাৰ্ট আৰু “ঘন নীলা” ৰঙৰ লংপেন্ট পিন্ধি আহিব লগা “অৰ্ণৱ” ক । সমুখৰে অহা যোৱা কৰা প্ৰতিজন মানুহৰ মাজত অৰ্ণৱক বিচাৰি হাহাকাৰ কৰি ফুৰিছে ইবাৰ চকুযুৰিয়ে । “অৰ্ণৱ” যাৰ বাবে তাই আজি ঘৰৰ সকলো এৰি গুৱাহাটী পালেহি। নেদেখাকৈ মিছকলৰ যোগেদি চিনাকি হৈছিল অৰ্ণৱৰ লগত, আজি সম্পূৰ্ণ ৬মাহ পিছত “অৰ্ণৱ” ৰ প্ৰেম আৰু বিশ্বাসে তাইক আহিবলৈ বাধ্য কৰিছে সুদূৰ গুৱাহাটী ।। ইতিমধ্যে ১ঘণ্টা পাৰ হল।। অপেক্ষাৰ।।

দৃশ্য ৩:
“অৰ্ণৱ” নলবাৰীৰ পৰা আহি বৰষুণ অহাৰ আগৰে পৰা পল্টন বজাৰ বাছ আস্থানৰ ওচৰত এচুকত ৰৈ আছিল। পিন্ধনত “কলা” T-চাৰ্ট , “কলা” ৰঙৰ জিনছ। যেন পল্টন বজাৰৰ মায়াময় নিশাৰ অন্ধকাৰৰ মাজত সহজেই হেৰাই যাব পাৰে প্ৰয়োজনত। সমুখত বগা চেলৱাৰ, ৰঙা দুপাত্তা লোৱা ছোৱালী জনী বহু দেৰি ৰৈ থকা দেখি তাইৰ আহিবলগীয়া ” ইবা” সেইজনীয়ে বুলি ধৰি ললে। নিশ্চিত হব কাৰণে ফোন কৰিলে ইবাৰ নম্বৰত।
:👉 ইবা, তুমি আহিছা ?
:👉অৰ্ণৱ ৰ ফোন পাই ইবাৰ দুচকুত সুখৰ অশ্ৰুৰ বন্যা, স্বস্তিৰ নিশ্বাস।। একে উশাহতে কৈ দিলে — অৰ্ণৱ মই আহিছোঁ, সকলো এৰি আহিছোঁ তোমাৰ কাষলৈ- মই গুৱাহাটীত, তুমি কোৱাৰ দৰে তুমি চিনিব পৰাকৈ পিন্ধি আহিছোঁ বগা সাজ , ৰঙা দুপাত্তা ,, থিয় হৈ আছো পল্টন বজাৰত।।
👉 ইবা ,তুমি ঠিক কোন খিনি ঠাইত ত থিয় হৈ আছা ? তোমাৰ পিছফালে কি আছে ?
👉 মই এয়া বাছ ৰখোৱা ঠাইতে থিয় হৈ আছো। পিছফালে ” জনতা ” হোটেল লিখা আছে ।। তুমি আহা , মই যে দেখা নাই তোমাক। তুমি কত ??
👉ইবা, তুমি অলপ মান তোমাৰ বাওঁ ফালে আগবাঢ়ি যোৱাচোন ( অৰ্ণৱ নিশ্চিত হব খুজিলে ) , ভবা মতেই সমুখৰ ছোৱালী জনী বৰষুণ নেওচি বাওঁফালে আগবাঢ়ি গল। অৰ্ণৱ দূৰৰ পৰা চাই আছিল সকলো। তাৰ চকুত অপাৰ আনন্দ।। সমুখৰ ছোৱালী জনীয়ে তাইৰ ইবা।। অপূৰ্ব সুন্দৰী।।

অৰ্ণৱ ইবাৰ কাষলৈ গল, ঠিক পিছফালৰ পৰা, ইবা নেদেখাকৈ।। কাৰণ ইবাই দেখি চিনিব পৰাকৈ অৰ্ণৱয়ে কথা দিয়া মতে, ৰঙা T- চাৰ্ট আৰু ঘন নীলা জিনছ পিন্ধি অহা নাই, বৰঞ্চ কলা ৰঙৰ চাৰ্ট-পেন্ট হে পিন্ধি আহিছে।।
অৰ্ণৱে পিছফালৰ পৰা ইবাৰ সোঁহাত খন লাহেকৈ ধৰি মাতিলে – ” ইবু ” !! ( অৰ্ণৱে মৰমতে ইবু বুলি মাতে ইবাক ) ইবাৰ সমস্ত শৰীৰত এক বিজুলীৰ সোঁত বৈ গল, এয়া যে তাইৰ কল্পনাৰ ৰাজকুমাৰ ‘অৰ্ণৱ ‘ , লাজ ভয় শংকা ভালপোৱা অপেক্ষা সকলো মিহলি এক বিস্ময়কৰ শিহৰণ ইবাৰ দুচকুত।। অৰ্ণৱৰ মাতত ঘূৰি চালে।। এই প্ৰথম মিলন দুয়োৰে , পল্টন বজাৰত, বৰষুণে ধুই নিয়া ব্যস্ত পদপথত।।

দৃশ্য ৪ :
মাৰ্ঘেৰিটা ঘুৰি যাবলগীয়া নৈশবাছ খনৰ সময় ৰাতি ৯ বজাত। ইবা অকলে বাছ আস্থানত ৰৈ আছে, হয়- অকলে ।। যিজন অৰ্ণৱক বিশ্বাস কৰি ইবাই সকলো এৰি, মনৰ সমস্ত ভালপোৱা বুকুত বান্ধি লৈ আহিছিল, সেইজন অৰ্ণৱ তাইক কোৱাৰ দৰে চিনিব পৰাকৈ “ৰঙা” T-চাৰ্ট আৰু ঘন নীলা পেন্ট পিন্ধি অহা নাছিল বৰঞ্চ আহিছিল কলা ৰংৰ চাৰ্ট পেন্ট পিন্ধি, কাৰণ — ইবা দেখবলৈ বেয়া, অপছন্দ হোৱা হলে যাতে ইবাৰ চকুত নপৰা কৈ অৰ্ণৱ গুচি যাব পাৰে।। কলা পোছাকযোৰে নিমিষতে অৰ্ণৱৰ আচল কলা ৰূপ ইবাৰ আগত দাঙি ধৰিলে। অৰ্ণৱৰ প্ৰতি থকা মনৰ সমস্ত বিশ্বাস ভালপোৱা নিমিষতে ভাঙি থানবান হল। ভালপোৱাৰ সলনি ক্ষোভ আৰু ঘৃণাই নিমিষতে ঠাই ললে ইবাৰ মনত। সেই সকলো ছোৱালীৰ কথা ভাবিলে মনতে যিসকলে প্ৰেমত বিশ্বাস কৰি অৰ্ণৱৰ দৰে মানুহৰ দ্বাৰা প্ৰতাৰিত হয়,আত্মহত্যা কৰিবলৈ বাধ্য হয় ।। মনৰ প্ৰচণ্ড ক্ষোভত অৰ্ণৱৰ গালত পূৰ্ণহতিয়া চোৰ সোধাই, ইবা বৰষুণৰ মাজত মায়াময় পল্টন বজাৰৰ নিশাৰ আন্ধাৰত আদৃশ্য হৈ পৰিল।।
মাৰ্ঘেৰিটাৰ নৈশ বাছ খন এৰিবলৈ এতিয়াও ১০ মিনিট সময় বাকী।

মাছুমা জামান
ৱাৰ্ড নং–১০,ভাটিপাৰা
জিলা–গোৱালপাৰা, পোষ্ট অফিচ–গোৱালপাৰা ।
পিন নং–৭৮০১২১

  • 114
    Shares

1 Comment

Leave a Reply

Your email address will not be published.