উখহা হাতৰ সাহস : ৰুমী নাথ

  •  
  •  
  •  
  •  
  •  

“হেৰি বেমাৰী দেহাটোৰে আৰু কোনফালে ঢাপলি মেলিছে ? ” পদূলিৰ জপনা আধা খোলা কৰি দেউতাই মাৰ গৰগৰীয়া শব্দৰ শিকলিডালত মেৰ খাই সাঁউত কৰে একেবাৰে মাৰ সন্মুখ পালেহি ।

দেউতা — ” তোমাক আৰু কিমান বুজামহে গোটেই মুখখন মেলি এনেকৈ চিঞৰি চিঞৰি কথা ক’লেহে হয়নে ? কামলৈ যাওঁ । ” ( বিৰক্তিৰ সুৰত দেউতাই মাক উত্তৰ দিছিল ) মা — ” কামলৈ যায় ? ” দেউতা — ” অ’ তোমাক আৰু কিমান চাই থাকিম বেলেগৰ ঘৰলৈ বস্তু ধাৰলৈ আনিব যোৱা ।

” মা — ” নিজকে এবাৰ ভালদৰে চাওঁকচোন । হাত ভৰি কেনেকৈ কপি থকা হৈছে । এইটো দেহাৰে কাম কৰিবলৈ গৈ কিবা এটা হৈ গ’লে মই….মই ক’ৰ পৰা কি কৰিম ? ল’ৰা ছোৱালীৰ কি দশা হ’ব কওঁকচোন ?

” দেউতা –” যোৱাকালি গোটেই গাঁওখন ঘূৰিলা কোনোবাই দিলে জানো ? বিমলৰ মাকৰ হাতধৰীয়া হোৱা বাবেহে সেই চাউলকণ দিলে । হেৰৌ ; সদায়ে আমাৰ দৰে মানুহক কোনে বস্তু ধাৰলৈ দিব ? আমি সিহঁতক উভতাই দিম ক’ৰ পৰা ?

” মা –” হ’লেও আৰু…

“দেউতা — ” হ’ব । ল’ৰা ছোৱালী হালক লঘোণ পেলাব নোৱাৰো মই । যি এমুঠি আছে তাকে সিজাই সিঁহত দুটাৰ লগত ভগাই খাবা । মই গধূলি আহোঁতে বজাৰ পৰা কিছু বস্তু লৈ আহিম ।
” কথাখিনি কৈ দেউতা ওলাই গৈছিল । অ , আ, ক , খ শিকি থকা মোৰ কণমানি ভাইটিয়ে মোৰ ফালে চাই আছিল আৰু মই খিৰিকীৰ পৰ্দাৰ আঁৰেৰে মা দেউতালৈ ।

গধূলি কাম কৰি দেউতা উভতি আহিছিল আৰু লগত ঘৰখনৰ সমস্ত খোৱাৰ বজাৰ । মই বুজিছিলো দেউতাই কাম কৰি দিম বুলি আগতিয়াকৈ টকা আনিছে ন’হলে এদিনৰ হাজিৰাৰে ইমানবোৰ বজাৰ কৰিবলৈ নুজুৰে । ভালেকেইদিন বিস্কুট খাবলৈ নোপোৱা মোৰ কণমানি ভাইটিয়ে বিস্কুট দেখি বৰ ফূৰ্তি পাইছিল । ধিমিক ধামাক চাকিৰ পোহৰত মই পঢ়িছিলো । মাৰ এষাৰি চিনাকি কথা– ” মাজনী, কেৰাচিন তেল বেছি নাই আজিলে এৰ । ভাত খাওঁ আহ । ” মোৰ ভাইটিতকৈ মই বহু কেইটা বছৰ বয়সত ডাঙৰ । হেজাৰ কষ্ট কৰি হ’লেও দেউতাই মোক আৰু মোৰ ভাইটিক একো একোজন সৎ আৰু সফল মানুহ হিচাপে গঢ়ি তুলিবৰ বাবে সকলো ধৰণৰ কষ্ট কৰিব সাজু থাকিছিল ।

মোৰ চকুত আজিও স্পষ্টকৈ ভাঁহি উঠে দেউতাৰ সেই উখহা হাত দুখন । মোৰ দেউতায়ে আমাৰ পঢ়াৰ বাবে প্ৰয়োজন হোৱা খৰছৰ বাবে প্ৰায়ে কাম কৰা মালিকৰ পৰা আগতিয়াকৈ টকা আনিব লগাত পৰিছিল ।

তেতিয়া আছিল আহাৰ মাহ । দিনবোৰ বৰ দীঘল আৰু ৰ’দো চোকা । কামৰ পৰা অহাৰ পিছত গা ধুই গধূলি দেউতা চোতালত বহি আছিল । ময়ো গৈ তেওঁৰ ওচৰত বহিলো । বহাৰ লগে লগে তেওঁ কৈ উঠিল –” মাজনী তই পঢ়া নাই ? ” —” ভাইটিক পঢ়াই আছিলো । একেটা বস্তুকে ইমান বুজাই আছো, নুবুজেহে নুবুজে । তাৰ কিতাপ মইহে চাওঁ মইহে পঢ়ো । সি জালৰ মকৰা আৰু বেৰৰ জেঠী চাই সময় কটাই দিয়ে । ”

ইয়াৰ পিছত দেউতাই মোক যি বুজনি দিলে সেয়া মই কেতিয়াও নাপাহৰোঁ । তেতিয়া তেওঁ মোক মূৰত হাত বুলাই কৈছিল — ” তয়ো তাৰ বয়সত তাৰ নিচিনাই আছিলি । তোৰ মায়ে খং কৰিছিল মই তথাপিও তোক মৰমেৰে বুজাই থাকিছিলো । এতিয়া তই তাক মৰমেৰে বুজাই বঢ়াই আগবঢ়াই নিব লাগিব । মোৰ সদায়ে এই শক্তি জানো থাকিব ? তই তাক গঢ় দিব লাগিব ।” দেউতাই যেতিয়া মোৰ মূৰত হাত বুলাই কথাখিনি কৈ আছিল তেতিয়া এনেকুৱা লাগিছিল যেন সেইখন হাত নহয় এচতা অসমান ওখোৰা মোখোৰা কাঠহে মোৰ মূৰত ঘঁহি আছে । লাহেকৈ মই দেউতাৰ ভাগৰুৱা শৰীৰৰ কান্ধত মূৰটো থৈ তেওঁ গম নোপোৱাকৈয়ে তেওঁৰ হাতৰ তলুৱা দুখন চাই মোৰ চকুলো ওলাই আহিছিল ।

মই মাক সুধিছিলো দেউতাৰ হাত দুখনৰ কথা । জানিছিলো তেজ মঙহৰ হাত দুখনক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰাৰ ফলত হোৱা বুলি । তথাপিও সুধিছিলো । মাৰ উত্তৰত খং আৰু দুখে ভুমুকি মাৰিছিল ।

কেইবাদিন ধৰি দেউতাই এঘৰ মানুহৰ ঘৰত কাম কৰি আছিল । বিশেষকৈ খৰি ফালিব দিছিল হেনো । সঠিক সময়ত কাম কৰিব গৈ পাব লাগিব আৰু সময়ত গৈ পালেও আবেলি পলমকৈ কাম কৰাব খোজে । ৰাতিপুৱাৰ পৰা খৰি ফালি থকা মানুহজনক ১১ মান বজাত এবাটি চাহ আৰু দুপৰিয়া সকলোৱে খাই বৈ উঠি দেউতালৈ বুলি এসাঁজ সাঁজি থৈ আটাইয়ে জিৰণি লয়গৈ আৰু ঠিক ৩ মান বজাত দেউতাক ভাত খাবলৈ কয় । ভাতৰ সলনি কেতিয়াবা এবাটি বোকা চাউল । কথাবোৰে বৰকৈ মোক আঘাত হানিলে যদিও দেউতাৰ সেই অফুৰন্ত শক্তি আগতকৈ বহুত বেছি পৰিমাণে যেন মোৰ মন আৰু শৰীৰত প্ৰবাহিত হ’ব ধৰিছিল । সিদিনাৰে পৰা দেউতাৰ সেই উখহা হাত দুখনে মোক সাহস , প্ৰেৰণা আৰু শক্তি প্ৰদান কৰি আহিছে ।

মই মোৰ পঢ়া শেষ কৰি আমাৰ পৰা কিছু দূৰত অৱস্হিত এখন হাইস্কুলত শিক্ষয়িত্ৰীৰ জীৱন আৰম্ভ কৰাৰ দুদিন পিছতে দেউতাৰ মৃত্যু হয় । তেতিয়াৰ পৰা মা আৰু ভাইটিৰ সম্পূৰ্ণ দায়িত্ব আহি পৰিল মোৰ ওপৰত । দেউতাক হেৰুৱাৰ দুখে তিনিওকো বহুদিনলৈ লগ এৰা নাছিল । বছৰ বাগৰিল । দেউতাক হেৰুওৱাৰ পাছত ভাইটিক এজন সৎ তথা সফল ব্যক্তি হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিলো সিও তাৰ কৰ্তব্য পালন কৰি আহিছে আৰু আজি মোৰ ভাইটি এজন আই. এ . এচ অফিচাৰ ।

“দেউতাৰ অভাৱ বাৰুকৈ অনুভৱ হ’ল আমাৰ । মনৰ হেজাৰ প্ৰশ্নক দমন কৰি দেউতালৈ সেৱা জনালোঁ আৰু ক’লো — দেউতা তুমি য’তেই আছা সুখত থাকা । এয়া সকলো তোমাৰ কষ্টৰ ফল । তোমাৰ প্ৰতি টোপাল ঘামৰ বিনিময়তহে এই সফলতা । তুমি যেন সদায়েই আমাক এনেকৈ আশীৰ্বাদ কৰা আৰু আমাৰ সাহস হৈ থাকা । ”

ৰুমী নাথ
ষষ্ঠ ষান্মাষিক
দক্ষিণ কামৰূপ মহাবিদ্যাল, মিৰ্জা৷

1 Comment

  1. সচাকৈ সুন্দৰ গল্প!পঢ়ি বহুত ভাল লাগিল,লেখিকা ৰুমী নাথ তোমালৈ শুভেচ্ছা জনাইছোঁ,তুমি তোমাৰ লক্ষ্যৰে আগবাঢ়ি যোৱা আৰু সফল হোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ

Leave a Reply

Your email address will not be published.