নঙঠা ৰজাৰ সাধু : দেৱজিত হাজৰিকা

  •  
  •  
  •  
  •  
  •  

একোকে কৰিব পৰা নাই দুখৰ দিনত …
সৰু সৰু মানুহবোৰৰ বুকুবোৰ দুখৰ জুয়ে দহিছে

বুকুতে জ্বলাই পুৰি মাৰিছে নঙঠা ৰজাৰ পুত্তলিকা…

এফালৰ পৰা দেশখন জ্বলাই খাইছে ভোট খকুৱা পাষণ্ডই
দশকৰ পিছত দশক জুৰি গণতন্ত্ৰৰ ভেটাৰখীয়া উদে
খান্দিছে ভৰিৰ তলৰ মাটি ।

জ্বলা জুইত ঘিঁউ ঢালি ঢালি
ৰঙ চোৱা নগ্ন শাসকৰ
দিনক দিনে বাঢ়ি আহিছে ৰক্তপিপাসী অতপালি।

জুইহৈ জ্বলি উঠিছে জনগণ,জাতি,মাটি,ভেটি…
আনফালে পাশাখেলত মগ্ন দুৰ্যোধন,দুঃশাসন।
নিজ মাতৃৰো আঁজুৰিছে বস্ত্ৰ-ভূষণ ।

এইফালে মগজু বন্ধকত ৰখা পপীয়া ৰজাই চালি ধৰিছে …
সৰু সৰু ল’ৰাবোৰে শিলগুটি দলিয়াই খেদিছে
চদকা খোৱা কাগজৰ বাঘ !

একেলগে ইমানবোৰ মানুহে থু পেলাইছে !
তথাপি তিলমানো কেৰেপ নাই
অভূতপূৰ্ব নঙঠা ৰজাৰ !

ৰজা ঐ ! চকু মেল
বন্ধকী মগজু খোল!শকুনিৰ কুমন্ত্ৰণা মূৰৰ পৰা দলিয়াই পেলা
সম্বিৎ ঘুৰাই আন!

আত্মাৰ স্বাধীনতা ঘূৰাই আন !
বিবেকৰ স্বাধীনতা কাঢ়ি ল ! চিৰশতৰু,জাতিদ্ৰোহী অক্টোপাচবোৰৰ হাঁতোৰাৰ পৰা …

তোৰ গাতো আছে লাচিতৰ তেজ ! তোৰো আছে হাজাৰ হাতীৰ বল !
তয়ো অনায়াসে তুলি লব পাৰিবি
অজেয় পৰাক্ৰমী হেংদাঙ!

অ’ নঙঠা ৰজা!
তোৰ বীৰ্যবান কঁকালত বান্ধি ল টঙালি !
খাপৰ পৰা উলিয়াই উদ্যৎ হেংদাঙ……

লাচিতৰ দৰে তয়ো ক’ব পাৰিবি……
“দেশতকৈ চকী ডাঙৰ নহয়!”
” দেশতকৈ গাদী ডাঙৰ নহয়!”
মনত ৰাখিবি
আত্মাৰ স্বাধীনতা
বিবেকৰ স্বাধীনতাই সভ্যতাৰ আদিম আৰু অন্তিম পৰিচয় !

চকু মেল !
তোৰ সোণালী অতীতৰ বুৰঞ্জীখনৰ পাতবোৰ আকৌ লুটিয়াই চা !
তোৰ এনে অচিনাকী ভয়াবহ ৰূপ দেখি আয়ে টুকিছে চকুলোৰ তেজ !

হাজাৰবাৰ ভাবি চা
গাদী আগলৈও পাই থাকিবি !
ভৰিৰ তলৰ মাটিডোখৰহে আচল !

1 Comment

  1. জাতীয় প্ৰেম উদ্বুদ্ধ কৰিব পৰা এটি সুন্দৰ কবিতা। পঢ়ি ভাল লাগিল।

Leave a Reply

Your email address will not be published.