মই, আঘাতত অভ্যস্ত আই : কুসুমাঞ্জলি শৰ্মা

  •  
  •  
  •  
  •  
  •  

আই ,
I,m used to being hurt
মই ,আঘাতত অভ্যস্ত আই
সেই তাহানিৰ পৰাই
কপালে আঠুৱে থকা চিন বোৰে
অহৰ্ণিশে তাকেই সোঁৱৰাই

মই আঘাতত অভ্যস্ত আই
‘উস’বুলিও এবাৰো নুঠো মই
জানো
জানো মোৰ মুখৰ এটি ‘উস’
তোৰ মনত দিয়ে হেজাৰ দুখ
দুখ দিয়াৰ মন নাই আই
আলফুলে তোক ৰাখিব বৰ মন যায়

চিন্তা নকৰিবি
অভ্যস্ত মই
আঘাতত অভ্যস্ত অ আই

সৰুৰে পৰাই সেই চঞ্চল ওপৰ চকুৱা স্বভাৱ
ক’তো তৎভৎ নাই
নিদিয়াত ভৰি দিওঁ
নলগাত হাত দিওঁ
নোচোৱা নেমেলাকৈ

জীৱন ভৰ
বহু পিছল খাইছোঁ আই
সেইকথা কাহানিও কোৱা নাই
তোৰ আগতগৈ হাঁহিছোঁ
খিল খিলাই
খিল খিলাই
দেহ মনৰ দুখ থৈ লুকুৱাই

তোৰ মনৰ দুখ নিবিচাৰোঁ মই

মই আঘাতত অভ্যস্ত
I’m used to being hurt…

Be the first to comment

Leave a Reply

Your email address will not be published.