কুঁৱা : কৌস্তুভমণি শইকীয়া দত্ত

  • 39
  •  
  •  
  •  
  •  
    39
    Shares

কুঁৱা খান্দিছোঁ বহু দিন জুৰি
নিজক কৈ আছোঁ
পানী ওলোৱা নাই থমকি ৰ’বলৈ
যা খান্দি যা ।

মোৰ সেমেকা দুচকুৱে ধুনীয়া পৃথিৱীখনলৈ
মূৰ তুলি চায় ।
মোৰ ভিতৰতো গঢ়ি উঠিবনে এখন ধুনীয়া পৃথিৱী ।

চকুপানীয়ে জানে
পানীবিহীন কোনো সভ্যতা নাই
নাই জনপদ চহৰ
আৰু নাই চকুপানীবিহীন প্ৰেম ।

এটা স্বাধীনতা মোৰ বুকুৰ মাজেৰে সদায় পাৰ হয়
বুলেটবিদ্ধ মোৰ পৰাধীন শৰীৰ সদায় মৰে ।
সদায় এবাৰ তালৈ যাওঁ…
মাটিৰ তললৈ
য’ত শুই থাকে হেজাৰ-বিজাৰ মৃতদেহ
তাত পোহৰ নাই ঘৰ নাই গাওঁ নাই
কোনো নথকা পৃথিৱী সেয়া ।
তাৰ পাঁচ হাত ওপৰতে সকলো থকা আনখন পৃথিৱী ।

পানী পানী…
পানী পাবলৈ খান্দিম কুঁৱা
মোৰ মগজুত পানীৰ সপোন
কোৰৰ চাবত থনথনকৈ ভাগে কাৰ শুই থকা জঁকা ।

  • 39
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.