নুসুধিবা : অংশুমালা দেৱী

  •  
  •  
  •  
  •  
  •  

ফাগুনক নুসুধিবা ৰঙৰ কথা
নুসুধিবা ধূলিৰ কথা
মোৰ পথত এতিয়া ফাগুনৰ বতাহ
চোতালত মোৰ সৰাপাতৰ মেলা
বসন্তৰ বতৰা সৰা পাতক নুসুধিবা
ফাগুনকো নুসুধিবা
আৰু মোকো নুসুধিবা মোৰ কথা
যি বাটত মই খোজকাঢ়ো
সেই বাট তুমি নিচিনা
সেই বাটেও নিচিনে তোমাৰ ভৰিৰ খোজ
সেই বাটৰ ধূলিত প্ৰিয় গোন্ধ এটি বৈ থাকে
চকু মুদি উৰি আহে ধূলি
লগত আনে এৰি অহা দিনৰ সুৱাস
মোৰ কোঠাত এতিয়া অজস্ৰ ধূলি
মোক সাবটি থাকে ফাগুনৰ মৰমে
কেতিয়াবা ধূলিৰ দৰে
আকৌ কেতিয়াবা সৰাপাতৰ দৰে ভৰাই ৰাখে বুকু
লাহে লাহে দেখোঁ ৰঙা হৈ আহে ফাগুন
এটোপ দুটোপকৈ সৰে পানী
শান্তহৈ উঠে ফাগুন
মনে মনে আহে বসন্ত
সৌ দূৰণিৰ পৰা ভাহি আহে কুলিৰ মাত যেন লগা
এটি মিঠা মাত,এটি মিঠা সুৰ
নুসুধিবা মোক কুলিৰ ৰূপৰ কথা
ফাগুনকো নুসুধিবা…..।

শুনি যাবা সেই সুৰ,হৃদয়তো কুঁহিপাতে
পোখা মেলে যি সুৰত……।

মাথোঁ নুসুধিবা ৰূপৰ কথা।

Be the first to comment

Leave a Reply

Your email address will not be published.