প্ৰসংগঃ ভাৰতবৰ্ষ : বিশাল অনুৰাগ

  • 14
  •  
  •  
  •  
  •  
    14
    Shares

এইখন ভাৰতবৰ্ষ
লুণ্ঠনৰ আকাংক্ষাৰে সংলগ্ন প্ৰতি প্ৰান্তত
অস্বাভাৱিক প্ৰসংগ মাত্ৰেই হ’ব পাৰে প্ৰাসংগিক
পক্ষপাত সিদ্ধান্তৰে ৰচিত হ’ব পাৰে অখণ্ড আইন
তেনে এক প্ৰান্ত হ’ব পাৰে পঞ্জাৱ কিম্বা কাশ্মীৰ
হ’ব পাৰে ৰণবীৰ সেনাৰ বিহাৰ কিম্বা পূৰ্বাঞ্চল
এইখন ভাৰতবৰ্ষ
স্বাধীনতাৰ অৰ্থ হ’ব পাৰে বেশ‍্যাগিৰি
হ’বও পাৰে সমতাৰ অৰ্থ শোষণ কিম্বা
ভ্ৰাতৃত্বৰ অৰ্থ সাম্প্ৰদায়িক সংঘৰ্ষ অথবা মছজিদৰ
ধ্বংসস্তুপ
এইখন ভাৰতবৰ্ষ
জমিদাৰৰ খেয়াল-খুচীত মীমাংসিত হ’ব পাৰে
ভূমিৰ বিবাদ
শ্ৰমিকৰ দুহাত হ’ব পাৰে পূজিৰ আজন্ম দাস
এইখন ভাৰতবৰ্ষ
অখণ্ডতাৰ বলিশালত কটা যাব পাৰে সমাজৰ
একান্ত অধিকাৰ
নাগৰিক পক্ষত নাগৰিক নিসিদ্ধ হ’ব পাৰে
নিসিদ্ধ হ’ব পাৰে চাৰু মজুমদাৰ কিম্বা বিষ্ণু
হালধীয়াই শাণদিয়া দুপৰত ছিটিকি পৰিব পাৰে
নাগৰিকৰ তেজ

কিয়নো এইখন ভাৰতবৰ্ষ ।

  • 14
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.