নীলিম কুমাৰ সমীপেষু : বিশাল ৰায়

  • 31
  •  
  •  
  •  
  •  
    31
    Shares

মাননীয় নীলিম কুমাৰ,

আপুনি মোক যেতিয়া এটা জলফাইৰঙী কবিতা লিখিব দিছিল
মই শব্দৰ বাটত বাৰে বাৰে উজুটি খাই পৰিছিলোঁ
মগজুৰ ভঁৰালত লুকুৱাই ৰাখিছিলোঁ টুকুৰা টুকুৰ অনুভৱৰ স্তৱক

আপোনাৰ কবিতাৰ ঘৰত মই চোৰৰ দৰেই সোমাইছিলোঁ
এপদ এপদকৈ লিৰিকি বিদাৰি চাইছিলোঁ কবিতা নিৰ্মাণৰ সঁজুলি
উলংগ আকাশখনে তাকে দেখি যে মুখ টিপি হাঁহিছিল

কবিতাৰ স্কুলত নাম ভৰ্ত্তি কৰিবলৈ যদিও মোৰ ভাল মাৰ্ক নাই
আপোনাৰ সাঁথৰৰ সাফৰখন খুলিবলৈ মই এতিয়াও যত্ন কৰোঁ
কিয়নো সূৰ্য উদয় হোৱাৰ দৃশ্য যে মোৰো ভাল লাগে আপোনাৰ দৰেই

আপুনি দিয়া অংকৰ শুদ্ধ উত্তৰ বিচাৰি
মই নতুনকৈ কবিতাৰ নেওতা মুখস্থ কৰিবলৈ লৈছোঁ
নিতৌ শূন্যৰ পৰা আৰম্ভ কৰি জুখি জুখি চাওঁ শব্দবোৰৰ বুকু

আপুনি আগে আগে গৈ আছে দূৰন্ত গতিত
চেৰেকীৰ পাকৰ দৰেই ঘুৰি আছে মোৰ কবিতা নিৰ্মাণৰ কছৰৎ
আপোনাৰ বাবেই মই ন’কৈ সাজিছোঁ শব্দ অহা-যোৱা কৰা দুৱাৰ

মোক কবিতাৰ স’তে সহবাস কৰিবলৈ একো অজুহাত নালাগে
কবিতাক এখনি ৰূপোৱালী সাজ দিবৰ বাবেই মই খেপিয়াই ফুৰিছোঁ এন্ধাৰৰ মাজে মাজে এমুঠি নিৰ্মল পোহৰ বিচাৰি…

  • 31
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.