ফাগুন বনত : দিলীপ কুমাৰ বৰুৱা

  • 22
  •  
  •  
  •  
  •  
    22
    Shares

বাৰিৰ ঢাপৰে
লঠঙা শিমলুৰ
কাইটীয়া ডালকেইটাই
যেনেকৈহে হাঁহিলে দাঁত নিকতাই
মোলৈ ভেবালাগি চাই
এতিয়াহে বুজিলো
আনটো মূৰত যে ফাগুনে
অধীৰ আগ্ৰহেৰে
তালৈকে আছে বাট চাই !

সৰাপাততে চোন
ফাগুনে ক’ত সপোন ৰচে
নিয়ৰৰ আলসুৱা হিয়াতে
পলাশী ফাগুনীয়ে বুটা বাচে
কাইটীয়া শিমলু আৰু মদাৰত
পক উঠে
মাছৰ উজান উঠাৰ দৰে
ক্ষণে ক্ষণে
আকাশে বতাহে !

সেয়েহে আজি চৌদিশে
বিপুল আয়োজন
সূচনা এক মহা বিপ্লৱৰ
ফাগুন বনত
ৰঙেৰে উপচাই দিয়া
মধুৰ ক্ষনত !

কোনোবা ৰূপহীৰ
হৃদয় কোণত
ফুলে যদিও ফুলক
ইমান দিনে গোপনে ৰখা
ঔফুলীয়া মৰমবোৰ
হিয়াৰ একোণত !!!

  • 22
    Shares

1 Comment

Leave a Reply

Your email address will not be published.