ভোগেশ্বৰ দেৱালয়ৰ ইতিহাস : দিলীপ কুমাৰ ৰয়

  • 171
  •  
  •  
  •  
  •  
    171
    Shares

পাতনিঃ দেৱালয়ৰ ইতিবৃত্তি
—————————————-

” ধৰ্মস্য তত্ব নিহিতং গুহায়াম্ “–ইয়াৰ অৰ্থ হ’ল ধৰ্মৰ তত্ব গুহাত নিহিত আছে । অৰ্থাৎ ধৰ্ম কোনো বাহিৰৰ জড় বস্তু নহয় , ই থাকে চেতনাৰ গভীৰত অন্তৰস্থ দেহগুহাত আৱদ্ধ হৈ আৰু ই অনুভূতিৰ মাধ্যমেৰে বোধগম্য যি আমাৰ সমস্ত সত্বাক আবৃত কৰি মনক ভূমিৰ পৰা ভূমা সুখী কৰি তুলিছে।

যেতিয়াই ব্যক্তিৰ জীৱনত সকলো দিশৰ পৰাই সকলো কেইটি পথেই আহি একেটি উৎসত মিলি যায় তেতিয়াই তেওঁৰ জীৱনত ধৰ্মৰ বীজ অংকুৰিত হয় । Ailson Wales ৰ Oxford Essential Dictionary মতে ইংৰাজী religion শব্দৰ অৰ্থ হ’ল কোনো দেৱ-দেৱীক বিশ্বাস কৰা আৰু ইয়াৰ লগত জড়িত ক্ৰিয়া কৰ্ম । Sonali Mathor ৰ Consise Dictionary মতে ইয়াৰ অন্য অৰ্থ কোনো অলৌকিক শক্তিৰ প্ৰতি ভয়, শ্ৰ দ্ধা । অসমীয়া ধৰ্ম শব্দ সংস্কৃত ‘ধৃ ‘ ধাতুৰ পৰা উৎপন্ন । ধৃ – মানে আটকি ৰাখ । অৰ্থাৎ ধৰি ৰাখ , কিবা এটা দৃঢ়ভাবে ধৰি ৰখা কাৰ্যই ধৰ্ম । হেমচন্দ্ৰ বৰুৱাৰ হেমকোষত ইয়াৰ অৰ্থ –সৎসঙ্গ । দীপিকা মতে –পুৰুষৰ বিহিত ক্ৰিয়া সাধ্য গুণৰ নাম ধৰ্ম । ভাৰত মতে–ধৰ্মৰ লক্ষণ অহিংসা । যুক্তিবাদী মতে –মানুহৰ কৰ্তব্য সাধনেই ধৰ্ম ।

আদিতে সত্যসন্ধানী ঋষিসকলে পৰম ব্ৰহ্মক , পৰমেশ্বৰক নানা ৰূপত নানা স্থানত বিভিন্ন নামেৰে কল্পনা কৰি লৈছিল আৰু তেওঁক পাবলৈ উপাসনা কৰিছিল । সমগ্ৰ সৃষ্টি প্ৰপঞ্চই অহোৰাত্ৰি তেওঁৰেই মহিমাগান কৰি আছে বুলি কল্পনা কৰি নানা ছন্দেৰে বন্দনা কৰিছিল বিশাল আকাশৰ তলত । তেতিয়া মন্দিৰ নাছিল । ঋষিসকলে স্তুতি , স্তোত্ৰ , ভজন , আৰাধনা , উপাসনা , পূজা-পাৰ্বন , হোম-যজ্ঞাদি , ঈশ সংগীত , নৃত্য আদি ভিন্ন ৰূপেৰে মুক্ত আকাশৰ তলত ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে । কিছুমানে অৰণ্য অথবা শৈল-শিখৰতো উপাসনা আৰম্ভ কৰিব ধৰিলে ।কিন্তু সকলোৱে এনেদৰে মুকলি আকাশৰ তলত উপাসনাৰ পৰিবৰ্তে অধিক সংখ্যকেই মনক নিয়ন্ত্ৰিত কৰি একান্তভাবে পৰমেশ্বৰক কল্পিত মূৰ্ত্তিত আত্মনিয়োগ কৰিবলৈ প্ৰাৰ্থনা , উপাসনাৰ বাবে নিৰ্মাণ কৰি ল’লে নামঘৰ , মঠ-মন্দিৰ ,দেৱালয় আদি । এনেদৰে বিশ্বাস আৰু যাদুৰ যুগপৎ মিলনত ধৰ্ম আৰু দেৱতাৰ আলয় দেৱালয় বা দেৱতাৰ গৃহ দেৱগৃহ গঢ়ি উঠিছিল ।

অসমৰ ধৰ্মীয় পৰম্পৰাৰ প্ৰধান ধাৰা তিনিটা হ’ল –শাক্ত , শৈৱ আৰু বৈষ্ণৱ । পুৰণি অসমত দেৱালয় সমূহ সাধাৰণতে শিৱ আৰু আদ্যাশক্তি ভগৱতীক লৈয়ে গঢ়ি উঠিছিল । প্ৰাগঐতিহাসিক কালত অসমৰ আদিম জনগোষ্ঠীবোৰৰ উপাস্য দেৱ-দেৱী আছিল শিৱ আৰু শক্তি । অৱশ্যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ সময়ত অৰ্থাৎ গুপ্তবংশৰ ৰজাসকলৰ দিনৰ পৰা ধৰ্মৰ উপাস্য দেৱতা হিচাপে বৈদিক বিষ্ণুকেই অভেদত্ব আৰোপ কৰি শ্ৰেষ্ঠ দেৱতা হিচাপে স্বীকৃতি দিয়া বুলি ব্ৰাহ্মণ আৰু আৰণ্যক সমূহত অভিব্যক্ত হৈছে ।

প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ঋগ্বেদৰ সময়ত শক্তি বা দেৱীৰ প্ৰাধান্য নাছিল । মাত্ৰ অদিতি আৰু উষা নামৰ দুগৰাকী নাৰীক দেৱমাতৃ বুলি অভিহিত কৰা হৈছে । ড° শশীমোহন দাসগুপ্তৰ মতে শক্তি আৰু শৈৱৰ সমন্বয়তহে পৰমতত্ব সাধন হয় । সেই হিচাপে পৰমতত্বৰ প্ৰতীক হ’ল শিৱ আৰু দেৱী সেই পৰমতত্বৰ শক্তি তথা পত্নী । এইমতে শিৱৰ প্ৰাধান্যই বেছি । আন এক দৰ্শন মতে দেৱী হ’ল অদ্বিতীয় মহাশক্তি । তেৱেই ব্ৰহ্মাণ্ডৰ সকলো শক্তি , বৈচিত্ৰৰ মূল কাৰক তথা গৰাকী ।

শাক্তপন্থী সকলৰ মতে জগৎস্ৰষ্টা পৰমেশ্বৰৰ স্বৰূপ উপলব্ধ হয় মাতৃ শব্দৰ মাধ্যমেৰে । মাতৃয়েহে সকলো দুখ-দুৰ্গতি , অপায়-অমঙ্গল আদি দূৰ কৰিব পাৰে ।তেৱেই বিভিন্ন দেৱতা আৰু তেওঁলোকৰ মূল চালিকা শক্তি । সেয়ে শক্তিবিহীন শিৱ , ব্ৰহ্মা , বিষ্ণু নিষ্কিয় । বিভিন্ন পুৰাণ , কিংবদন্তী আদি বিশ্লেষণ কৰি পণ্ডিতসকলে প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তৰ পিতৃ ভৌম নৰকে পোন প্ৰথমে হিন্দু শাক্ত ধৰ্ম খ্ৰীঃ পূঃ ১৪০০ৰ পৰা ২০০০ ৰ ভিতৰত মিথিলাৰ পৰা অসমলৈ আনিছিল বুলি ধাৰণা কৰে।

আনহাতে শিৱক মূলত প্ৰাক্ আৰ্য তথা অনাৰ্য দেৱতা বুলি বিবেচনা কৰা হয় । কাৰণ আৰ্য সভ্যতাৰ পূৰ্বে মহেঞ্জোদাৰো আৰু সিন্ধু সভ্যতাতো শৈৱতত্বৰ আভাস পোৱা যায় । অধ্যাপক নীলকান্ত শাস্ত্ৰীয়ে কৈছে যে –শৈৱতত্বৰ ইতিহাস যদিও অন্ধকাৰময় , তত্ৰাচ এইটো সুস্পষ্ট যে , শৈৱতত্বৰ উৎপত্তিৰ ইতিহাস আৰ্য বা বৈদিক আৰু প্ৰাগাৰ্য ধৰ্ম আৰু সংস্কৃতিৰ সংমিশ্ৰণ । গুণাভিৰাম বৰুৱাৰ মতে প্ৰাচীন অসম আৰু বৰ্তমানৰ জলপাইগুৰিৰ জল্পেশ্বৰ নৃপতিৰ দিনত অসমত পোন প্ৰথমে শিৱপূজা আৰম্ভ হৈছিল । স্কন্দ পুৰাণতো এই কথাৰ উল্লেখ পোৱা যায় । কালিকা পুৰাণ মতেও পৰশুৰামৰ ভয়ত বহু ক্ষত্ৰিয়ই ম্লেচ্ছ ৰূপে আত্মগোপন কৰি আত্মৰক্ষাৰ্থে ‘জল্পীশ শিৱত’ শৰণ লৈছিল।

এনেদৰে অসমত শংকৰদেৱৰ আৱিৰ্ভাৰ সময়লৈকে শক্তিপূজাৰ প্ৰভাৱ শক্তিশালী ৰূপত চলি আছিল । তাৰো আগলৈ অৰ্থাৎ নৰকৰ আগমনৰ সময়লৈকে চলি থকা শিৱ আৰাধনা নৰকৰ মৃত্যুৰ পিছত কিছু অৱসান ঘটি বামাচাৰী ৰীতিৰ সৈতে সংমিশ্ৰিত হোৱা দেখা যায় ।

মুঠতে শৈৱ , শাক্ত আৰু বৈষ্ণৱ –এই তিনি ধৰ্মীয় পৰম্পৰাত অসমত বিভিন্ন থান , দেৱালয় , পীঠ ,সত্ৰ আৰু নামঘৰ আদি গঢ়ি উঠিছে প্ৰগাৰ্য কালৰে পৰা । অসমৰ ঠায়ে ঠায়ে আজি যি দেৱালয় দেখা যায় সেয়া এই তিনি ধৰ্মীয় পৰম্পৰাৰ প্ৰতিফলন । এই তিনি পন্থাৰ উপাসক সকলৰ উপাসনাৰ স্থলী এই দেৱালয় বা মন্দিৰবোৰ । উল্লেখ্য যে উপাসনাৰ প্ৰাথমিক ঠাইবোৰ হেনো থান হিচাপে গঢ়ি উঠিছিল । সংস্কৃত স্থান্ শব্দৰ পৰা অসমীয়া থানৰ উৎপত্তি । পিছলৈ ৰূপান্তৰৰ মাজেদি সেইবোৰ নামঘৰ , মন্দিৰ , দেৱালয় ( দেৱ + আলয় ) আদিলৈ উত্তৰণ ঘটিল ।

ভোগেশ্বৰ দেৱালয়ৰ জনশ্ৰুতিমূলক ইতিহাস
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

বজালী মহকুমাৰ অন্তৰ্গত অকয়া সত্ৰৰ পূৱ-দক্ষিণ কোণত শ্ৰীশ্ৰী ভোগেশ্বৰ মহাপ্ৰভূৰ থান বা দেৱালয় অৱস্থিত । উলুবন আৰু বিৰিণাৰে আবৃত এখনি গাঁও , নাম উলুৱা । উলুবন আছিল গুণে গাঁওখনৰ নাম উলুৱা হৈছিল হেনো । ঠাইখনৰ ৰাজহ নাম চমুৱা উলুৱা । প্ৰবাদ আছে যে মানৰ অত্যাচাৰত এই ঠাইলৈ অসমৰ বহু ঠাইৰ লোক চমু চাপি আহিছিল গুণে গাঁওখনৰ নাম চমুৱা উলুৱা । গাঁখননৰ বৃহৎ পৰিসৰলৈ চাই দুটা অংশত ভাগ হৈছিল –উজান উলুৱা আৰু ভাটি উলুৱা । এই উজান উলুৱা কালদিয়াৰ পলসেৰে জীপাল কৰি গঢ়া পশ্চিমৰ সেউজী বননিৰ , মন শৰীৰক শান্তিৰ শীতল বতাহ দিয়া এক ৰম্যভূমি । এই উলুৱা গাঁওখনতেই অসম বিখ্যাৎ তথা ভাৰতবৰ্ষৰ ধৰ্মীয় বিশ্বাস আৰু আস্থাৰ পূণ্যস্থান শ্ৰীশ্ৰী ভোগেশ্বৰ দেৱালয় বা ভোগেশ্বৰ মন্দিৰ অথবা ভোগী গোসাঁইৰ থান । বজেইলা স্থানীয় ৰূপত ইয়াৰ নাম ভোগী গহেৰ ঘৰ বা ভোগী গহেৰ থান ।

ভোগী গোসাঁই ভগৱান শ্ৰী কৃষ্ণৰ এটি ৰূপ । প্ৰসাদ-ভোগতেই ভোগেশ্বৰ মহাপ্ৰভূ সন্তুষ্ট হয় গুণে তেওঁৰ নাম ভোগেশ্বৰ । ভোগৰ ঈশ্বৰ>ভোগেশ্বৰ । ভোগেশ্বৰ মহাপ্ৰভূৰ স্বৰূপ সম্পৰ্কত স্বভাৱকবি কালিদাস খাটনিয়াৰৰ “ভোগেশ্বৰ মাহাত্ম্য”ত এনেদৰে বৰ্ণনা আছে —

“ভোগেশ্বৰ নামে তুমি ভোগৰ ঈশ্বৰ ।
তোমাৰ সেৱাত ভোগ মিলে সমস্তৰ ।।
যুগে যুগে ভোগলাগি তযু অৱতাৰ ।
তযু সেৱা সমস্তৰে আপদ উদ্ধাৰ ।।
তুমি প্ৰকৃতিৰ পতি ভোগেশ্বৰ হৰি ।
পুনঃ পুনঃ কৰো সেৱা হৃদি ধ্যান ধৰি ।।
ভোগেশ্বৰ নামে জানা ঈশ্বৰ সাক্ষাত।
পূৰ্ণব্ৰহ্ম কৃষ্ণৰূপ মাহাত্ম্য বহুত ।।”

এই ভোগেশ্বৰ মহাপ্ৰভূ কেনেকৈ প্ৰকৃতিত বেকত হ’ল সেই সম্পৰ্কত পূৰ্বউল্লিখিত গ্ৰন্থত এনেদৰে পোৱা যায় —

“অনন্তৰে শুনিওক কথা মনোহৰ ।
যেনমতে বেকত ভৈলন্ত ভোগেশ্বৰ ।।
নাহি সূৰ্য নাহি চন্দ্ৰ নাহি গ্ৰহগণ ।
নাহি জল নাহি স্থল নাহি তৰু-তৃণ।।
অচিন্ত্য স্বৰূপ হৰি নিৰ্গুণ বিশেষ ।
আপোন ইচ্ছাত পাছে ভৈলন্ত প্ৰকাশ ।।
অনন্তৰে সেই হৰি ভোগ বাঞ্ছা কৰি ।
প্ৰকৃতিক সৰজিল মনে ধ্যান কৰি ।।
দৰশাই কামভাৱ সিটো বৰনাৰী।
কৰযোৰে থাকিলন্ত মৃদুহাস্য কৰি ।।
ভোগ লাগি সাজি হৰি ৰাসৰ মণ্ডলী।
প্ৰকৃতিক লই কৰিলন্ত কাম কেলি ।।
পুৰুষে চাহন্ত হাসি বুলি কোন সতী।
পুৰুষে কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী।।
সহস্ৰ বৎসৰ অন্তে প্ৰকৃতি গৰ্ভত ।
ব্ৰহ্মা বিষ্ণু হৰ তিনিপুত্ৰ ভৈল জাত।।
আঙ্কোৱালী তিনিজন বুলিল সাদৰি।
পালিবা আদেশ মোৰ পিতৃ বাক্য বুলি।।
ভোগৰ কাৰণে জন্ম কিবা কলেবৰ।
প্ৰকৃতিক লই ভোগ ভূঞ্জা অনন্তৰ।।
অনন্তৰে হেনমতে ভোগ বাঞ্ছা কৰি ।
চাৰিও যুগতে ভৈলা হৰি অৱতাৰী ।।”

সত্য , ত্ৰেতা , দ্বাপৰ যুগৰ পিছত কলিকালৰ আৱিৰ্ভাৱ ঘটিল । ঈশ্বৰমূখী নৰে ভোগেশ্বৰ মহাপ্ৰভূক পৃথিৱীত যাগ-যজ্ঞ এৰি অন্ন ভোগ গাজি কল আদিৰে সেৱা কৰিব ধৰিলে । প্ৰথমতে কোনো মন্দিৰ বা দেৱালয় অবিহনে প্ৰভূৰ সেৱাত নিবৃত্ত হ’ল ।

“কত থানে নাহি মূৰ্ত্তি নাহি নামঘৰ।
ছাট পুতি কৰে সেৱা লোক নিৰন্তৰে।।”

ইয়াত পুৰোহিতৰ দ্বাৰা পূজা-অৰ্চনা কৰা নিয়ম নাই । বলি-বিধানৰো ব্যৱস্থা নাই । সাত্বিক ৰূপতেই তেওঁৰ পূজাভাগ আগবঢ়োৱা নিয়ম । অলপ ফল-মূল , মাহ-প্ৰসাদ ভক্তিপূৰ্ণভাৱে আগবঢ়ালে প্ৰভূ হেনো সন্তুষ্ট হয় ।

ঠিক এনেহেন সময়তে উলুৱা গাঁওত এজন শান্ত-শিষ্ট আৰু ঈশ্বৰ-পৰায়ণ লোকে বাস কৰিছিল বুলি জনশ্ৰুতিত পোৱা যায় আৰু তেওঁৰ দিনতেই বিখ্যাত ভোগেশ্বৰ মহাপ্ৰভূয়ে উলুৱাত আৱিৰ্ভাব হোৱা বুলি পূৰ্বপুৰুষ সকলে কয় । উলুৱাত কেনেকৈ ভোগেশ্বৰ মহাপ্ৰভূৰ আৱিৰ্ভাব হ’ল সেই কথালৈ যোৱাৰ আগতে অসমৰ তেনে তিনি-চাৰিখনমান দেৱালয়ৰ জন্ম কাহিনী পাঠক সকলক কোৱাটো সমীচিন হব বুলি মনে ধৰিছে।

বজালী মহকুমাৰ ডুবিত পৰিহৰেশ্বৰ দেৱালয় । এই ডুবিত ধৰ্মবৰ ( কাৰোৰ মতে ৰঘূবৰ ) নামৰ এজন বৰ দুখীয়া অথচ ঈশ্বৰ-পৰায়ণ নৈষ্ঠিক ব্ৰাহ্মণ আছিল । পেট প্ৰৱৰ্তাবলৈ এজনী মাথোন কজলা কপিলী গাই । কিন্তু দুখৰ বিষয় যে গাইজনীয়ে হেনো গাখীৰ নিদিয়ে । কিছুদিন এনেদৰে যোৱাৰ পিছত ব্ৰাহ্মণ চিন্তিত হ’ল । এনেদৰে চিন্তাযুক্ত মনেৰে ব্ৰাহ্মণে ওচৰেৰে বৈ যোৱা পুষ্পভদ্ৰা নৈৰ পাৰলৈ ফুৰিবলৈ গৈ এটি আচৰিত ঘটনা দেখা পালে ।ব্ৰাহ্মণৰ কজলা গাইজনী নৈৰ পাৰত থকা নল-খাগৰি-বিৰিণাৰ মাজলৈ সোমাই গ’ল । কিছুসময় পিছত যেতিয়া গাইজনী ওলাই আহিল তেতিয়া গাইজনীৰ ওহাৰত গাখীৰৰ ফেন । ব্ৰাহ্মণ আছৰিত হ’ল । গাখীৰ দিয়া ঠাই টুকুৰাত কি আছে চাবলৈ কোৰ মাৰি চোৱাত শিবলিংগ এটি দেখা পালে আৰু গয়ৰহৰ সহযোগত তাক উদঘাটন কৰিবলৈ চেষ্টা কৰিও বিফল হ’ল ।যিমানে উদঘাটন কৰাৰ চেষ্টা কৰে সিমানে তললৈ বহি যায়। ব্ৰাহ্মণে মনত এক শংকা লৈ ঘৰলৈ ঘূৰি আহিল ।সেইদিনাই ৰাতি ধৰ্মবৰক ভগৱান শিৱই সপোন দেখুৱালে যে সেই ঠাইত অৰ্থাৎ গাইজনীয়ে গাখীৰ দিয়া ঠাইত এটি মন্দিৰ সাজি পূজা -অৰ্চনা কৰিব লাগে । ধৰ্মবৰে সপোনৰ কথা মতে তাতে মন্দিৰ সাজিলে আৰু তাতেই আজিৰ বিখ্যাত পৰিহৰেশ্বৰ দেৱালয় ।

আন এক জনশ্ৰুতি অনুসৰি নলবাৰী জিলাৰ বেলশৰ নামৰ ঠাইত ৰূপনাৰায়ণ নামৰ এজন দুখীয়া অথচ নৈষ্ঠিক ব্ৰাহ্মণ আছিল । ব্ৰাহ্মণৰ এজনী কপিলী গাই আছিল । গাইজনীয়ে ঘৰত হেনো গাখীৰ নিদিয়ে । কিছু নিলগৰ বিৰিণাৰ মাজত সোমাই যায় আৰু কিছুসময় পিছত ওলাই আহে । ব্ৰাহ্মণে অনুসন্ধান কৰি কথাৰ আতিগুৰি লোৱাৰ বাবে বিৰিণা ডৰাৰ কিছু দূৰৰ পৰা সকলো এদিন চাই থাকিল । গাইজনী ওলাই অহাত তাইৰ ওহাৰত গাখীৰৰ ফেন দেখিলে । এইবাৰ ব্ৰাহ্মণে দা-কোৰ লৈ বিৰিণা ডৰাৰ মাজলৈ সোমাই তাতনো কি আছে চাম বুলি কোৰেৰে খান্দিবলৈ ধৰিলে । আৰু আচৰিতভাবে তাত এটি শিৱলিংগ দেখা পালে । ৰাতি ব্ৰাহ্মণে সপোন দেখিলে যে তাত এটি মন্দিৰ সাজি ব্ৰাহ্মণে পূজা কৰিলে সকলোৰে মঙ্গল হব ।কথা মতেই কাম ।ব্ৰাহ্মণে গয়ৰহক লৈ তাতে মন্দিৰ সাজি পূজা কৰিবলৈ ধৰিলে । বিৰিণাৰ ঈশ্বৰ গুণে সেই শিৱলিংগৰ নাম হ’ল বিল্লেশ্বৰ । বিৰিণাৰ ঈশ্বৰ>বিন্নেশ্বৰ>বিল্লেশ্বৰ । এই বিল্লেশ্বৰৰ পৰাই গৈ পিছলৈ গাঁওখনৰ নামো বেলশৰ হয় বুলি জনা যায় । বিল্লেশ্বৰ > বিলেশৰ>বেলশৰ ।

আন এক জনশ্ৰুতি মতে বৰ্তমান বঙাইগাঁও জিলাৰ বৰ্তমানৰ টুক্ৰেশ্বৰী পাহাৰৰ ওচৰত টুকৰা নামৰ গৰখীয়া এজনে সদায়ে গৰু চৰায় । গৰুৰ পালৰ পৰা এজনী গাই কিছু সময় নাইকীয়া হয় আৰু ওলাই আহিলে তাইৰ ওহাৰত গাখীৰৰ ফেন দেখা পোৱা যায় । পিছত গৰখীয়াজনে পাহাৰৰ ওপৰলৈ উঠি গৈ ক’ত গাইজনীয়ে গাখীৰ দিয়ে তাৰ সম্ভেদ উলিয়ালে । ৰাতি গৰখীয়াজনক সপোনত ক’লে যে তাত এটি মন্দিৰ নিৰ্মাণ কৰি পূজা কৰিব লাগে । গৰখীয়াজনে সপোনৰ কথা মতে তাতে মন্দিৰ নিৰ্মাণ কৰি পূজা কৰিব ধৰিলে । টুকৰা নামৰ গৰখীয়াৰ নামেৰে মন্দিৰটোৰ নাম টুক্ৰেশ্বৰী হ’ল আৰু পিছলৈ পাহাৰখনৰ নামো টুক্ৰেশ্বৰী হ’ল । টুকুৰাৰ ঈশ্বৰ >টুক্ৰেশ্বৰ> টুক্ৰেশ্বৰী ( স্ত্ৰীলিংগ )।

উলুৱাৰ সেই ব্ৰাহ্মণজনৰ নাম আছিল গয়াপানি ।ব্ৰাহ্মণৰ এজনী সুঠাম চেহেৰাৰ কপিলী গাই আছিল । সময়ত কপিলী গাভিনী হ’ল ।ব্ৰাহ্মণৰ মহা আনন্দ লাগিল । সময়ত কপিলীয়ে পোৱালীও জগিলে । ব্ৰাহ্মণে গোপালক চিন্তা কৰি এমাহৰ মূৰত কপিলীক খিৰাবলৈ গ’ল । কিন্তু বিধিৰ বিপাক কপিলীয়ে ব্ৰাহ্মণকতো খিৰাব নিদিয়েই আনকি দামুৰীকো গাখীৰ পিব নিদিয়ে । কিছুদিন এনে ঘটনা ঘটাত ব্ৰাহ্মণ চিন্তিত হ’ল আৰু কালদিয়াৰ পাৰত গাইজনীক চৰাবলৈ নি দুখঃমনে বহি থকা হ’ল । এনেকৈ থাকোতে হঠাতে এদিন ব্ৰাহ্মণে এক আচৰিত ঘটনা প্ৰত্যক্ষ কৰিলে ।

দেখন্ত কপিলী গাই নদীৰ পাৰত যাই
———-বিৰিণাৰ বনত সোমায় ———–।
এচুপি বিৰিণা ভাল বৰ্ণ নৱ দুৰ্বাদল
———–হালিজালি তৈতে উজ্জ্বলয়——–।।
নিয়ৰ পৰিছে সৰি যেন টোকে চকুপানী
———কপিলীয়ে বুকে বান্ধি লৈলা ———।
কপিলীৰ চাৰি বাটে দুগ্ধ ঝৰে যেন শ্ৰোতে
———–পাছে দামুৰীক পিৱ দিলা————।।
( পূৰ্ব উল্লিখিত গ্ৰন্থ )

ব্ৰাহ্মণৰ চিন্তা দুগুণে বাঢ়িল । বিৰিণাৰ মাজত কি আছে বুলি চাবলৈ ঘৰৰ পৰা কোৰ এখন লৈ গৈ বিৰিণা চুপা খান্দিবলৈ ধৰিলে । পিছত যি দেখিলে সিয়ে ব্ৰাহ্মণৰ মনত অলৌকিক ভাৱৰ উদ্ৰেক কৰিলে আৰু ভয়ত বিটত হ’ল ।

দুই হাতে ধৰি কোৰ খান্দিল বিৰিণা গোৰ
———বিৰিণা চুপা উভালিল ————।
চুপাৰ তলত দেখে মূৰ্ত্তি এক পৰকাশে
——–জ্বলে যেন জ্বলন্ত অনল———-।।
শিৰ মুখ দেখিলন্ত পৰি সেৱা কৰিলন্ত
———-মূৰ্ত্তি গোট তুলিবাক মন ———-।
পাৰে মানে খান্দিলন্ত শিৰ ভিন্ন নেদেখন্ত
———-যায় যেন পাতাল ভূৱন ———-।।
( পূৰ্ব উল্লিখিত গ্ৰন্থ )

গয়াপানি ব্ৰাহ্মণৰ মনত ভয় জন্মিল আৰু ঘৰলৈ ঘূৰি আহিল। ৰাতি যেতিয়া চিন্তা-ভাৱনাৰ মাজত বিচনাত শুই পৰিল তেতিয়া মাজৰাতি ব্ৰাহ্মণে সপোনত জ্যোতিষ্মান পোহৰত এক সুন্দৰ পুৰুষ দেখা পালে আৰু ব্ৰাহ্মণক সপোনত ক’লে —

অনন্তৰে বোলে বাণী শুনা শুনা গয়াপানি
———–শুদ্ধমতি দৈৱজ্ঞ বাহ্মণ——।
মই স্বয়ং ভোগেশ্বৰ আদি অন্ত নাই মোৰ
————ৰূপ-গুণ নাজানি প্ৰমাণ——–।।
ভোগ লালসাত উটি মই প্ৰকৃতিৰ পতি
———–ভোগ হেতু সৃষ্টিৰ প্ৰচাৰ————।
ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ সূৰ্য অগ্নি পুৰন্দৰ
———–কালে কালে নানা অৱতাৰ ———।।
আমাৰ নিশ্চয় বাণী মনত ৰাখিবা তুমি
———–প্ৰভাতত কৰিবা প্ৰচাৰ ————–।
নৰ নাৰী সৱে মিলি ইটো ক্ষেত্ৰে আগবাঢ়ি
———–সৱে মোক কৰোক প্ৰচাৰ ।।

ৰাতিপুৱা উঠি ব্ৰাহ্মণে সমস্ত কথা গয়ৰহক বিৱৰি ক’লে আৰু সেই বিৰিণা জোপাৰ ঠাইত খেৰৰ জুপুৰী এটি সাজি পূজা অৰ্চনা কৰিবলৈ ধৰিলে আৰু সিয়েই আজিৰ ভাৰতবৰ্ষৰ অন্যতম পূণ্যস্থলী ভোগেশ্বৰ দেৱালয় বা থান । ইয়াৰ মাহাত্ম্য অন্য এক বিশ্বাসৰ পুৰাণ ।

দিলীপ কুমাৰ ৰয় ।

  • 171
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.