সেৱা : গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্থান প্ৰাপ্ত গল্প : পৰিস্মিতা বৰদলৈ

  • 14
  •  
  •  
  •  
  •  
    14
    Shares

বগলী পাখী যেন ধকধকীয়া কাপোৰখনত ৰঙা কাপোৰেৰে ঘেৰ দিয়া ধুনীয়া চন্দ্ৰতাপখনৰ তলতে ফুলাম গামোচাৰে ঢাকি পাতি লোৱা হৈছে অস্থায়ী মণিকুটটি ৷ মণিকুটটিৰ সন্মুখত মুখামুখিকৈ কলপুলিৰ ঠাৰিৰে সজা গছা দুটিত জ্বলি আছে দুগছি মাটিৰ চাকি ৷ মণিকুটটিৰ পৰা অলপ নিলগত ঠিক সন্মুখৰ মধ্যাংশতে সজোৱা আছে সুন্দৰকৈ শৰাই দুখনি ৷ গাত চেলেংচাদৰ খনি লৈ অতপৰে নাম লৈ থকা মূল পাঠেকীজনে হাতৰ ভোৰতালযোৰ মজিয়াত থৈ মূৰ দোঁৱাইছে মণিকুটটিলৈ চাই ৷

“নাগশ্যাম কি দিবো যাদৱৰাই
ব্ৰহ্মাণ্ডৰ ভিতৰত যত বস্তু আছে
সবেই তোমাতে পায়
কি দিবো আসন প্ৰভূ নাৰায়ণ
গড়ূৰই যাৰ বাহন
কিবা অলংকাৰে ভূঞ্জিবো তোমাক
কৌস্তুভই যাৰ ভূষণ
ঐশ্বৰ্য বিভূতি কিবা দিবো আমি
আপুনি লক্ষ্মীৰ পতি
কিবা স্তুতিনুতি কৰিবোহো আমি
যাৰ ভাৰ্য্যাই সৰস্বতী
এতেকেহে প্ৰভূ চৰণতে তোমাৰ
শৰণ মাগো গোঁসাই
শ্ৰীকৃষ্ণৰ চৰণে হৃদয়ে ধৰিয়া
দীন মাধৱে গায়৷”

“ঔ হৰি,ঔ ৰাম !এতিয়া সেৱকীক মাতিব লাগে সেৱা ল’বলৈ ৷ নামভাগীৰ অন্ত পৰিছে৷”

এইবুলি নালিয়া ভকতে কান্ধৰ গামোছাখনেৰে মুখখন মোহাৰি মোহাৰি ক’লে ৷ ভকতৰ কথাত নামতে বহি থকা কোনোবা এজনে ভিতৰলৈ গৈ ৰিঙিয়াই ক’লেগৈ “নামলোৱা হৈ গ’ল অ’ ৷ ভকতে সেৱা ল’বলৈ গৃহস্থক মাতিছে৷”

সেই মাতষাৰত গৃহস্থৰ যি য’ত আছে তেনেকৈয়ে কাম এৰি সেৱা ল’বলৈ খৰখেদা লগালে ৷ কোনোবাজনে হাততে দুখন গামোছা লৈ আহি এখন নিজৰ কান্ধত লৈ আনখন ঘৰৰ গিৰিহঁতক দিছে যদি আন কোনোৱে আকৌ ভকতৰ বাবে গুৱাপাণ আৰু অৰিহণাৰ যোগাৰ কৰিছে ৷ কোনোবাই সঁফুৰা ভৰাই থুৰীয়া তামোল লৈ আগুৱাইছে নামলোৱা কোঠাটিলৈ ৷ মুঠতে যিয়ে যেনেকৈ পাৰে ভকত সেৱাত যাতে ক্ৰুটি ৰৈ নাযায় তাৰে প্ৰয়াস কৰিছে সাধ্যানুসাৰে ৷ তেনেতে ঘৰখনৰ সবাতোকৈ ডাঙৰজনী বোৱাৰীয়ে ওৰণিখন টানি লৈ কান্ধত গামোছাখন পেলাই পাছফালে মূৰ কৰি চাই ক’লে ,“আমাৰ জুনুকা ক’ত গ’ল?তায়ো সেৱা কৰিবলৈ আহিব লাগিছিল নহয়” ৷ তেখেতৰ মাতত সেৱা কৰিবলৈ অহা আন সকলেও নিজৰ মাজতে কোৱাকুই কৰিলে ৷ জুনুকা সেৱা কৰিবলৈ নহা কথাটোৱে নামলোৱা কোঠাৰ সেই চুকটোত এক ভুনভুননিৰ সৃষ্টি কৰিলে ৷ এপাকত জুনুকাৰ বাপেকে বনকৰা ল’ৰা ৰঘুক জুনুকা ক’ত আছে বিচাৰি আনিবলৈ পাচিলে ৷ আৰু আন সকলক আঠু ল’বলৈ ক’লে ৷ সৰু ছোৱালী একেবাৰে শেষত মূৰ দোঁৱালেহিও দায়ে নধৰে ৷ সকলোৱে ডাঙৰজনাৰ কথাত হয়ভৰ দি আঠুকাঢ়ি হাতকৰযোৰ কৰি মূৰেৰে মাটি চুলে ৷ জুনুকাৰ মাকৰহে পাছে মনটো উচপিচাই থাকিল ৷

মহীৰাম মৌজাদাৰৰ ঘৰ ৷ পুৰণি চহকী মানুহ ৷ ভঁৰালে পথাৰে , গাঁয়ে গৰুৱে চাৰিওপিনে নদনবদন অৱস্থা ৷ পৰিয়ালটি চহকীৰ লগতে অতি ভক্তিপৰায়ন বুলিও গাঁওখনতে জনাজাত ৷ গাঁৱৰ নামঘৰৰ বছৰেকীয়া ভাওনাই হওঁক বা বৰসবাহেই হওঁক মূল চান্দা দিয়া মানুহঘৰ এই মৌজাদাৰৰৰে ঘৰ ৷

মহীৰাম মৌজাদাৰৰ বাপেকো আছিল মৌজাদাৰ ৷ উত্তৰাধিকাৰী সূত্ৰে তথা বৰপুত্ৰ গুণে সেই মৌজাদাৰৰ পদৱী তথা উপাধিৰ অধিকাৰী হ’ল মহীৰাম বৰুৱা ৷ মহীৰাম মৌজাদাৰহঁতৰ পাঁচোটি ভাই ককাই যদিও দুটিহে এই গাঁৱৰ ঘৰত থাকে ৷ বাকী তিনিটি চহৰত থাকে ৷ চহৰত থাকিলেও কিন্তু গাঁৱৰ মোহ সিহঁতে এৰিব পৰা নাই সমূলিকে ৷ সেয়েহে গাঁৱৰ ভাওনা সবাহেই হয় বা আন কেতবোৰ অনুষ্ঠানেই হওক সিহঁতে যেনেতেনে আহে ৷

এইবাৰ পাছে নামঘৰৰ নহয় ঘৰতে পতা বাৰ্ষিক কৰ্মভাগৰ বাবেহে আটাইকেইটা পৰিয়াল লগ হৈছে ৷ এইভাগ নামলৈ গাঁৱৰ প্ৰতিঘৰৰে বৰ হেঁপাহ ৷ বৰ আশাৰে বাট চাই থাকে গাঁৱৰ ৰাইজে ৷ নামলৈ সেই এপষেকমান থকাৰেপৰা গাঁৱৰ ৰাইজে লাগিভাগি দিয়েহি ৷ এসপ্তাহমান আগৰেপৰা পাত পটুৱা চিলোৱাৰ পৰা সকলো যোগাৰ পাতিত গাঁৱৰ ৰাইজ আহি আগভাগ লয় ৷ এই নামভাগিৰ বাবে মূল পাঠেকী হিচাপে বেলেগ গাঁৱৰপৰা নালিয়া ভকতক নিমন্ত্ৰণ কৰি অনোৱা হয় ৷ তদুপৰি সত্ৰৰ গোঁসাইকো আমন্ত্ৰণ কৰি অনা হয় ৷ কেৱল গৃহস্থ বুলিয়েই নহয় গাঁৱৰ আন ৰাইজেও এটা কথা মনত ৰাখে যাতে নিমন্ত্ৰণ কৰি অনা ভকত তথা গোঁসাই ঈশ্বৰৰ সেৱা সৎকাৰত একো খুঁত ৰৈ নাযায় ৷ তাৰবাবেই সকলোৱে হাতেকামে লাগি দিয়েহি মৌজাদাৰৰ ঘৰত ৷

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই ৷ গাঁৱৰ সকলো ৰাইজে মিলি ঢাৰি ঢকুৱাৰ যোগাৰৰপৰা বোৱাৰীসকলে তামোলচালি কাটি দিয়ালৈকে হাতেকামে লাগি দিছেহি ৷ আনহে নালাগে মৌজাদাৰৰ ঘৰৰ কলপাতেৰে নুজুৰিবগৈ ভাবি ঘৰেপতি কমেও দহখিলাকৈ হ’লেও কলপাতো লৈ আনিছে ৷ ভকতৰ বাবে এঠা দৈ , কোমল চাউল আৰু গুৰৰ বাবে গৃহস্থই কেৱল ধনহে দিছে ৷ গাঁৱৰ ৰাইজেই আলচ কৰি ভালতকৈয়ো ভাল গৰুৰ থমা দৈ,ঢেকীয়ালৰ নাম থকা গুৰ তথা জলপানৰ বাবে লগা চাউল অনোৱাই দিয়াইছে ৷ মুঠতে সকলোৰে মাথো এটাই কথা ৷ তেওঁলোকৰ গাঁৱৰ মৌজাদাৰৰ ঘৰৰ এইভাগি নামত ভকতসেৱাত যাতে একো হীনডেঢ়ি নহয় ৷ নামভাগ ভালে ভালে হৈ গ’লে গাঁৱৰে যশস্যা ৷

“নমো নমো নাৰায়ণ
প্ৰসন্ন হৈয়োক হৰি
কৰিয়োক মায়াক নিৰ্জান
আপোনাৰ মহিমা আপুনি বেকত কৰি
জীৱক কৰা পৰিত্ৰাণ”
ঔ হৰি ঔ ৰাম ঔ হৰি

ভকতসৱে গৃহস্থৰ ভুৰি ভুৰি আৰ্শীবাদ দিছে ৷ সকলোৱে গোঁসাই ঈশ্বৰৰ আৰ্শীবাদ লভি উঠি আহিব লৈছে ৷ সেৱা কৰি উঠিয়েই বৰবোৱাৰীয় ৰঘূক দেখি চকুৰ ইংগিতেৰে জুনুকাৰ কথা সোধে ৷ সি সোঁৱেবাঁৱে মূৰ জোকাৰি বিচাৰি নোপোৱাৰ কথা কয় ৷ এইবাৰ মাকজনী থিৰেৰে থাকিব নোৱাৰে ৷ ক’ত যাব পাৰে তাই ৷ ভঁৰালৰ তল, শাকনিবাৰী,গোহালি পৰ্যন্ত বিচাৰি পাত পাত কৰে ৷ নাই জুনুকা নাই ৷ ক’ত যাব পাৰে বাৰু ? ভকত বিদায়ৰ সময় হয় ৷ বৰবোৱাৰীৰ অবিহনেই ভকত বিদায় পৰ্ব সামৰা হয় ৷ বৰবোৱাৰী যে নুমলী জীক বিচৰাত ব্যস্ত থাকে ৷ ইফালেসিফালে সকলোৱে জুনুকাক বিচৰাত লাগে ৷ একোবত মাকৰ মন চেবায় ৷ পুৰণা ঢেঁকীশালৰ দিশলৈ বাট পোনায় ৷ দূৰৈৰপৰা দেখে হয় তেওঁৰ অনুমান মিছা নহয় ৷ ফুটফুটীয়া চোলাটোৰে সেয়া তায়েই হয় ৷কিন্তু হাতত সেয়া কি তাইৰ ? ভালকৈ ওচৰ চাপি যোৱাত মন কৰে এটা হাতত পিটলৰ লোটাটো আৰু আনখনত গামোচা এখন। ঢেঁকীশালখনৰ মজিয়াখন অকণমানকৈ মচি থোৱা আছে যেন এইমাত্ৰই কোনোবাই ইয়াতে আহাৰ গ্ৰহণ কৰি মোহাৰি থৈ গৈছে জেগাটুকুৰা ৷ মাকে কণমানি জুনুকাজনীলৈ চাই মৰমেৰে সোধে,“গোটেইখন বিচাৰি চলাথ কৰিলো তোমাক ৷ কি কৰি আছিলাহি ইয়াত সোণ তুমি? সেৱা কৰিবলৈও নগ’লা?”

“মা ময়ো সেৱাই কৰি আছিলোতো ইয়াতে৷”

মাকে তাইৰ কথাত আচৰিত হৈ তাইলৈ চায় আৰু তেনেতে পাছফালৰ নঙলাডাল খুলি যাবলৈ ওলোৱা মগনিয়াৰ জনলৈ চকু যায় ৷ মগনিয়াৰজনৰ মুখত তেতিয়া অলপপৰৰ আগেয়ে ভোক গুচাই প্ৰসাদ আৰু পৰমান্ন খোৱাৰ তৃপ্তি, যি জুনুকাৰ চকুৱে মুখে জ্যোতি হৈ জিলিকিছিল ৷

©পৰিস্মিতা বৰদলৈ
পৰ্বতীয়া ৰোড,পি ডব্লিউ ডি কলনিৰ সমীপত৷
জিলা-তিনিচুকীয়া
পিন-৭৮৬১২৫

  • 14
    Shares

4 Comments

  1. অতি সুন্দৰ গল্প। পৰীস্মিতাই এনে গল্প আৰু লিখি যাওক।

  2. ভাল লাগিল গল্পটো । দুই এটা বানান ভুল দেখা গৈছে । আন্তৰিক ধন্যবাদ ল’ব ।

  3. সুন্দৰ পাতনি এটিৰে আগবঢ়াই নিয়া এটা সুখপাঠ্য গল্প। লেখিকাৰ পৰা ভবিষ্যতে আৰু অধিক গল্প পঢ়িবলৈ পাম বুলি আশা প্ৰকাশ কৰিলোঁ।

  4. বৰ ভাল লাগিল। ভৱিষ্যতে পুনৰ পৰিস্মিতাৰ পৰা এনে ধৰণৰ গল্প পঢ়িব পাম বুলি আশা কৰিলো ।

Leave a Reply

Your email address will not be published.