বসন্তৰ বতৰা দিয়ে চৰাইয়ে: ঘণশ্যাম ৰাজবংশী

  •  
  •  
  •  
  •  
  •  

নিশাৰ আকাশত মুক্ত বিহংগ হৈ উৰি উৰি অহা চৰাইৰ মাত, পুৱাৰ দোকমোকালিতে শুনিবলৈ পাওঁ চৰাইৰবোৰৰ সুুললিত সংগীত। মন পুলকিত হৈ পৰাত চৰাই সম্পৰ্কে লিখিবলৈ মন গ’ল।
অসমলৈ বিভিন্ন সময়ত চৰাইৰ প্ৰব্ৰজন ঘটে। অসমৰ মুঠ মাটিকালি হ’ল ৭৮,৫২৩ বৰ্গ কিলোমিটাৰ। আনহাতে অসমকে ধৰি উত্তৰপূৱ ভাৰতৰ মাটিকালি ধৰি ল’লে মাটিকালি ২২৫,০৩৫ বৰ্গ কিলোমিটাৰ। শীতকালত বিভিন্ন দেশৰ পৰা জাকে জাকে হাজাৰ হাজাৰ যোজন অতিক্ৰম কৰি পৰিভ্ৰমী চৰাইবোৰ দিনে-নিশাই আকাশত উৰি উৰি আহি বিভিন্ন অঞ্চলত বিয়পি পৰে। অৰণ্যৰ সুৰক্ষাত চাকৰি কৰো, সেয়েহে ভ্ৰমি ফুৰা চৰাইবোৰ দেখিলে, সিহঁতৰ কথাবোৰ ভাবি কেতিয়াবা কেতিয়াবা নিজৰো চৰাই হৈ উৰি ফুৰিবলৈ মন যায়। চৰাইবোৰে যিহেতু ভৌগোলিক আৰু ৰাজনৈতিক পৰিধিৰ সীমা ভেদ কৰি এক বিশাল অঞ্চলত বিস্তৃত হৈ থাকে, চৰাইৰ বিষয়ে জানিবলৈ হ’লে এক বিশ্বজননী দৃষ্টিৰে আলোচনা কৰিব লাগিব। এসময়ত পক্ষীবিদ সকলে চৰাইৰ প্ৰজাতিসমুহ তথ্যভূক্ত কৰিবলৈ চৰাইটো যিকোনো প্ৰকাৰে জীৱন্ত বা মৃত অৱস্থাত সংগ্ৰহ কৰিছিল। আজি সেই প্ৰথা বন্ধ হৈছে, তাৰ ঠাইত চৰাইটো পোৱাৰ উচিত প্ৰমাণ আলোক-চিত্ৰ বা তথ্য-চিত্ৰৰ সহায়ত কৰিব লাগে বা দিব লাগিব। গতিকে চৰাইটোক ধৰি অনা বা হত্যা কৰাৰ প্ৰশ্ন নুঠে। প্ৰজাতিগত ভাবে অসমত ইমান চৰাই দেখা পোৱা যায় যে অসমক পক্ষী উপত্যকা বুলি উল্লেখ কৰিলেও বঢ়াই কোৱা নহ’ব। অসমত পোৱা চৰাইসমুহক আৱাসস্থল অনুসাৰে সাধাৰণতে ৬টা ভাগত ভগাব পাৰ। ১/ হাবিৰ চৰাইৰ ২/ ঘাঁহনিৰ চৰাই ৩/ নদী পৰীয়া চৰাই ৪/ আদ্ৰভূমি চৰাই ৫/নগৰ আৰু গাঁৱৰ আশে-পাশে থকা চৰাই, আৰু ৬/ পাহাৰীয়া চৰাই।
বৰ্তমান মই আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ পাহাৰীয়া ঠাইত কৰ্মৰত। ইয়াত দেখা পাইছো ভিন্নৰঙী সৰু বৰ চিনাকি অচিনাকি বহু চৰাই। টহলদাৰিত গ’লে সচাৰচৰ ওচৰৰ পৰাই ভৌৰোক কৈ উৰা মাৰে । তাৰে ভিতৰত বেচিকৈ দেখা পাওঁ ডৰিক চৰাইটোক। ইংৰাজী যাৰ নাম “KALEEJ PHEASANT” বৈজ্ঞানিক নাম Lophura leucomelanos lathami । ৰ লাগি চাই থাকো চৰাইবোৰ আৰু জানিব বিচাৰো সিহঁতৰ অৱস্থানৰ কথা। সেয়েহে দেখা পালেই লুকাই লুকাই সিহঁতৰ গতিবিধি লক্ষ্য কৰো। এই বিধ চৰাই সচাৰচৰ থলুৱা প্ৰজাতিৰ। পাহাৰীয়া, ঘাঁহনি, আৰু সেমেকা অঞ্চলতে বেচি ভাগ থাকে। দেখাত কুকুৰা চৰাইৰ দৰে দেখি। ডঁৰিক চৰাই কেইবা প্ৰকাৰৰ আছে। তাৰে ভিতৰত পাহাৰীয়া কুকুৰা জাতিয় ডঁৰিক চৰাইবোৰ দেখিবলৈ পাখীৰ ৰঙ আৰু মতা-মাইকীবোৰ দেখাত বেলেগ বেলেগ হয়। দেখা পাওঁ ৰাজ ধনেশ, পাহাৰীয়া মইনা, পৰঘুমা, হাৰুৱাকপৌ, দীঘল নেজিয়া ফেঁচু, ফেঁচা, বুলবুলি, বগলী, মাছৰোকা হেঁটুলুকা, পাট মাদৈ বনকুকুৰা আদিকে কৰি অনেক ধৰণৰ চৰাই। পাহাৰৰ ওপৰত থকা হ্ৰদ সদৃশ জলাশয়তো সময়ে সময়ে হাঁহ জাতিয় পৰিভ্ৰমি চৰাইবোৰ আহে।
চৰাইবোৰৰ বিষয়ে অধিক জানিবলৈ হ’লে অৰণ্য ভ্ৰমণ কৰি কেমেৰাত আবদ্ধ কৰি চিনাক্ত কৰিব পৰা যায়। অৰণ্যলৈ দুই-চাৰিটাকৈ আহিবলৈ লৈছে পৰিভ্ৰমী চৰাই।
অৰণ্য ভিতৰ চ’ৰাত থাকোতে আবেলি আকাশেদি উৰি উৰি যোৱা এজাক পৰিভ্ৰমী চৰাই দেখি মনলৈ অহা ভাববোৰ প্ৰকাশ কৰিবলৈ মন যায়। সেয়া কবিতা নহ’বও পাৰে। কবিতা পঢ়ি ভাল পাওঁ যদিও লিখিবলৈ কাব্যিক জ্ঞান নাই তথাপিওঁ লিখি থৈ দিওঁ। আলহি চৰাইৰ শিৰোনামাৰে-

………”আলহী চৰাই”…………
আবেলি আকাশেদি উৰি গ’ল
এজাক পৰিভ্ৰমি চৰাই
গায় যায় সিহঁতে জীৱনৰ গান ,
পক্ষীৰ মৃদুল ধ্বনি উঠে বননিত
স্বাধীন পক্ষীৰ জীৱনৰ
সুৱলিল সুৰৰ তান ।
আহে আকাশেদি হাজাৰ যোজন
অসমীক ধিয়াই
পৰিভ্ৰমী আলহী চৰাই।

বননিত বাজি উঠে সুৰৰ ৰাগিনী
জীৱন জগাই তোলা
প্ৰভাতীৰ সুমধুৰ গান ।
গুচি গ’ল উৰি উৰি আকাশেদি
পুনৰ এজাক আলহী চৰাই
গাই গ’ল সুমধুৰ
জীৱনৰ জয় গুন গাই ,
থৈ গ’ল সিহঁতৰ ভ্ৰমণ কাহিনী
ৰচিলে অনেক গুণৰ কথা
ৰাখি থ’লে গুণ কথা অসমী আই ।
তেনেদৰে অৰণ্যত নিজান ৰাতি কেতেকীৰ বিননি শুনি আলহী চৰাই বুলি ভবা কেতেকী জনীৰ বিষয়ে লিখিছিলো এনেদৰে-
বাৰিষাৰ এটি নিজান নিশা কেতেকী জনীয়ে গছৰ ওপৰত বহি ইনাই-বিনাই মাতি থকা শুনাত মাজ ৰাতি সাৰ পায় কেতেকী জনীৰ কথাকে ভাবিব ধৰিলো । সৰুতে মায়ে মোক কোৱা কথা খিনিলৈ মনত পৰিল। কেতেকী জনীৰ বোলে এজন বৰ মৰমৰ ককাইয়েক আছিল । বিয়া কৰোৱা পিচতো ভনীয়েকক বৰ মৰম কৰা দেখি বৌয়েকৰ খং উঠে আৰু সহ্য নহয়। এদিন ঘৰুৱা কথাত কাজীয়া লগাত ককায়েকক বৌয়েকে বিষ খুৱাই হত্যা কৰি অৰণ্যৰ মাজত পুতি থ’লে । ককায়েকক নেদেখি কেতেকীয়ে বৌয়েকক সুধিলে- ” বৌ কাকা ক’ত” ? “বৌ কাকা ক’ত”?
বৌয়েকে ক’লে ভাত ৰান্ধীবলৈ হাবিত খৰি লুড়িব গৈছে। ফাগুন, চ’ত মাহৰ দিন শুকান খৰি পাব যেতিয়া আনিব যোৱা বুলিয়ে কেতেকীয়ে ভাবিলে ! ইফালে নিশা বৰদৈ চিলাৰো আগমনৰ বতৰা পাইছে কেতেকীয়ে। ৰাতি বতাহ বৰষুণ অহাত ককায়েকক ঘৰত নহা দেখি আকৌ কেতেকীয়ে সুধিলে -“বৌ কাকা ক’ত”? “বৌ কাকা ক’ত”? বৌয়েকৰ খং উঠি ক’বলৈ ধৰিলে – ঐ কেতেকী, তই বনৰ ভিতৰলৈ যাগৈ ! ককায়েৰৰ প্ৰতি ইমানেই মৰম যদি বিচাৰি আনগৈ। চাবি কিন্তু কেতেকী, অকলে নাহিবি ককায়েৰক লগত লৈহে আহিবি কৈ থ’লো। ভয়ে ভয়ে ঘৰৰ বাহিৰ হৈ যোৱাত বতাহ -ধুমুহা, শিল-বৰষুণত পৰি মানুহৰূপী কেতেকীজনী অৰণ্যত মৰি থাকিল। মৰাৰ আগতে তাই চিঞৰি চিঞৰি কান্ধিছিল। কেতেকীৰ কান্দোন শুনি বনদেৱীয়ে তাইক পাই কেতেকীক পুনৰ চৰাই হৈ জনম ল’বলৈ বৰ দিলে। চৰাই হৈ উপজাৰ পিচতে বনদেৱীয়ে কান্দি থকা মাতটোকে মাতিব দিলে। সেই দিনাৰ পৰা আজিলৈ ডাঠ বনৰ ভিতৰত সোমাই ওখ ওখ গছৰ ডালত বহি বহি ইনাই বিনাই চৰাই হয়ো ককায়েকক বিচাৰি ফুৰাৰ দৰে “বৌ কাকা ক’ত, বৌ কাকা ক’ত” বুলি কেতেকী জনীয়ে চিঞৰি থাকে।
ইফালে বৌয়েক ‘কলি’ৰো ঘৰ দুৱাৰ বতাহত ভাঙি চুৰমাৰ হোৱাত কাউৰী মাহিয়েকৰ ঘৰত আশ্ৰয় লৈ থাকিবলৈ গ’ল আৰু গৈ দেখে মাহিয়েক ঘৰত নাই । কলিয়ে ভাবিলে নিজৰ পোৱালীটো মাহিয়েকৰ ঘৰতে ডাঙৰ-দীঘল হওঁক বুলি আৰু তাতেই থৈ আহিল। মাহিয়েকৰো পোৱালি আছিল যদিও কলিয়ে ঘৰৰ পৰা উলিয়াই মাৰি পেলালে। মাহিয়েক ঘৰলৈ আহি কলিৰ পোৱালিকে নিজৰ বুলি ভাবি লৈ ডাঙৰ দীঘল কৰিব ধৰিলে। ইফালে কলিৰ পোৱালি ডাঙৰ হৈ মাতিব পৰা হোৱাত কলিয়ে লৈ গ’ল। মাহিয়েকে কথাটো জানি অভিশাপ দিলে চৰাই হৈ জনম ল’বলৈ। কলিয়ে পুনৰ জনম লোৱাত নাম পালে কুলি চৰাই আৰু সেই আগৰ স্বভাৱ আজিও থাকি গ’ল। পুৰ্ব জনমৰ ফল মতে কাউৰীৰ বাহতে কণী পাৰি কুলিয়ে নিজৰ পোৱালি জগাই থাকিব ল’লে। এনে বোৰ কথা শুনাৰ পিচত কোমলমতীয়া মনটোয়ে তেতিয়া হয়তো মানি লৈছিলো । মাক কৈছিলো- অ’ মা, তেনেহ’লে ইহঁত এসময়ত মানুহ আছিল । এতিয়া যেনিবা চৰাই হ’ল ! সেয়েহে মানুহে ইহঁতক বৰ মৰম কৰে ! এয়াই আছিল আই মাতৃ-আইতা সকলে কোৱা কিছু পক্ষীৰ গুণ গান, যিবোৰৰ বিষয়ে কৈ ৰোমাঞ্চকৰ কাহিনী শুনাইছিল। আজিও তেনেবোৰ কথাই মন সজীৱ কৰি ৰাখিব পাৰিছে বয়স হ’ল যদিও।
কিছু দিনৰ আগত হাবিত সোমাই দেখিলো কেতেকী চৰাইয়ে মাতি আছে । ভাবিলো কেতেকী চৰাই বহুতে ওচৰৰ পৰা হয়তো দেখা নাই , মাত শুনিছে । বহুতৰ মুখত শুনিছিলো পৰিভ্ৰমী চৰাই বুলি । কিন্তু এই অৰণ্যতে দেখা পাই আছো শীত কালতো, যদিও মাত শুনা নাছিলো। কেতেকী চৰাই সাধাৰণতে পৰ্ণপাতী চিৰ সেউজীয়া বনাঞ্চল বিলাকত বাস কৰে । মতা মাইকী জনীও একে বৰণৰ । অকলশৰীয়াকৈ থাকি ভাল পায় । সময় ভেদে ভেদে ইহঁতৰ মাতো বেলেগ বেলেগ ধৰণৰ । সচাৰচৰ শুনা মাতটো চ’ত ব’হাগৰ পৰাই অৰ্থাৎ বসন্ত কাল পৰাৰ লগে লগে মাতিবলৈ আৰম্ভ কৰে।
বসন্ত কালত বেছিকৈ শুনা পোৱাৰ বাবে বহুতে পৰিভ্ৰমী বুলি ভাবে । আচলতে অসমৰ ঘন সেউজীয়া বনত সকলো সময়তে কুলি আৰু কেতেকী চৰাইক দেখা পাওঁ যদিও চিৰ-পৰিচিত মাতটো শুনা নাপাওঁ। সেয়েহে কেতেকী আৰু কুলি চৰাই পৰিভ্ৰমী চৰাই নহয় বুলি মই নিশ্চিত। বসন্ত কাল পৰাৰ লগে লগে সিহঁতে আমি শুনি থকা শুৱলা মাতটো শুনিবলৈ পাওঁ আৰু চাবলৈ বিচাৰো। চৰাই বিধৰ আলমত আমি বিহুগীতো গাব ধৰো। তেনে এটি বিহুৰ কলিৰে-
বসন্ত ঐ আহিলে কুলিয়েই বিনালে ঐ
গছৰ ডালো শুৱনি কৰে ঐ অসমীয়া কিনো নো ভাবি আছা বিহু আকৌ পালেহি চোৱা ঐ সমনীয়া বিহু তলিত নাচোগৈ ব’লা………

সেয়েহে ক’ব বিচাৰো বসন্তৰ বতৰা দিয়ে চৰাইয়ে।

[ লেখক শ্ৰীযুত ঘনশ্যাম ৰাজবংশী দেৱ এজন প্ৰকৃতাৰ্থত প্ৰকৃতিপ্ৰেমী। বন বিভাগত কৰ্মৰত ৰাজবংশী দেৱৰ এতিয়ালৈ দুখন কিতাপ প্ৰকাশ হৈ ওলাইছে – ” অৰণ্যৰ ভিতৰ চ’ৰা ” আৰু ” অৰণ্যৰ মোহ, কাজিৰঙাৰ পৰা আমচৈলৈ ” । দুয়োখন পুথিয়েই পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। লেখক সামাজিক মাধ্যমতো যথেষ্ট জনপ্ৰিয়। ]

Be the first to comment

Leave a Reply

Your email address will not be published.