অসমীয়া সংগীতৰ ঐশ্বৰ্য : ধ্ৰুপদী ভাষালৈ ইয়াৰ অনুবাদ-যোগ্যতা আৰু অন্যান্য প্ৰসংগ: ৰঞ্জন বেজবৰুৱা

  • 56
  •  
  •  
  •  
  •  
    56
    Shares

দীৰ্ঘ দিন ধৰি আমি অসমীয়া সংগীতৰ অনুবাদ-কাৰ্যত সবিনয়ে ব্ৰতী হৈ আছোঁ । মুখ্যত: শ্ৰীমন্তশংকৰদেৱৰ পৰা ভূপেন হাজৰিকালৈকে অসমীয়া সংগীতক, আৰু বিশেষকৈ আধুনিক সংগীত আৰু লোকসংগীতক সংস্কৃতলৈ অনুবাদ কৰিবলৈ চেষ্টা কৰি অহাৰ কথা মানুহে অল্প-বিস্তৰ জানে ।

এই ক্ষেত্ৰত অনেকৰ অনেক প্ৰশ্ন, শংকা বা সন্দেহ থাকিব পাৰে । থকাই স্বাভাৱিক । কিয়, কেনেকৈ, কি চিন্তাৰ ভিত্তিত অসমৰ কালজয়ী গীতসমূহ সংস্কৃতলৈ ভাঙনি কৰিবলৈ ল’লো আজি তাৰে কিছু কথা ক’বলৈ লৈছোঁ ।

অসমীয়া সংগীত নি:সন্দেহে ‘সৰ্বভাৰতীয়’ । ই প্ৰান্তীয় অথচ ৰাষ্ট্ৰীয় । ‘অসমীয়া সংগীতৰ ভাৰতীয়ত্ব’– এই অৱধাৰণাটোক নানা প্ৰকাৰে বিচাৰ কৰি চাব পাৰি ।

দুটামান বিশেষ দিশ দাঙি ধৰোঁ–

ঊনবিংশ শতিকাৰ শেষাৰ্ধত অসমীয়া সুগম সংগীতৰ যেতিয়া নৱোন্মেষ ঘটিছিল, সেই কাল ধৰি আজিলৈকে অসমীয়া সংগীত- লোকসংগীত, ৰাগসংগীত আৰু পাশ্চাত্য সংগীতৰ বিচিত্ৰ উপাদান সমন্বিতে এক সুষম ৰূপত প্ৰতিভাত হৈছে ।

সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা-জ্যোতিপ্ৰসাদৰ পৰা ভূপেন হাজৰিকা বা অন্গ পুৰোধাসকললৈকে এই বৈশিষ্ট্যৰ বৰ্ণিল বিস্তৃতি । এই সাংগীতিক প্ৰেক্ষাপট প্ৰাদেশিক হৈও ৰাষ্ট্ৰীয় । ৰাষ্ট্ৰীয় হৈও বিশ্বজনীন ।

একেটি সুৰতেই যেন ভাৰতীয় সুৰৰ বাঁহীটি বন্ধা ।
একেই ৰাগ ভৈৰৱীৰ বৈৰাগ্য, ভূপালী-মোহনমৰ ভক্তি কিম্বা সাৰংগৰ চঞ্চলতা কামৰূপী, হিন্দুস্তানী অথবা কৰ্ণাটকী সংগীতত ।

এইবাৰ কেইটামান বিশেষ অসমীয়া গীতৰ উল্লেখ কৰোঁ- লক্ষীৰাম বৰুৱাৰ ‘আজি শুভদিন কিনো বিতোপন’; জ্যোতিপ্ৰসাদৰ ‘অ’ সখি আজি যৌৱন বন জুৰি’; কীৰ্তিনাথ শৰ্মা বৰদলৈৰ ‘নামে মন্দাকিনী সৰগৰে পৰা’; কমলানন্দৰ ‘নমামি নমামি জন্মভূমি’; বিষ্ণু ৰাভাৰ ‘আজি মন্দিৰ দুৱাৰ খোলা’; ভূপেন হাজৰিকাৰ ‘স্নেহেই আমাৰ শত শ্ৰাৱণৰ’; মলিন বৰা/তাৰিকুদ্দিন আহমেদৰ ‘ইমান ধুনীয়া মুকুতাৰ মালা’; নৱকান্ত-বীৰেন দত্তৰ ‘বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন’; কেশৱ মহন্ত-খগেন মহন্তৰ ‘প্ৰিয়তম এই জীৱন’ আৰু কত কি !

অসমীয়া কালজয়ী সংগীতসমূহৰ ভাৱ আৰু বিষয় অতি উচ্চ । ইয়াৰ শব্দ-চয়ন তুলনাবিহীন । থলুৱা শব্দ-ধ্বনিৰ লগতে নিহিত আছে প্ৰচুৰ সংস্কৃতীয়, মূলৰ বা তৎসম শব্দ l আছে তাত সংস্কৃতজ ঐতিহ্যৰ উল্লেখ, প্ৰসংগ, অনুষঙ্গ ।

ওপৰত উল্লেখ কৰা গীতৰাজিৰ উপৰি আৰু কেইটিমান গীতলৈ চাওক- চন্দ্ৰকুমাৰৰ ‘অসমা সুষমা নিৰুপমা’; জ্যোতি প্ৰসাদৰ ‘বিশ্ববিজয়ী ন জোৱান’, জানো জানো জানো বিফলে নাযায়’; অম্বিকাগিৰিৰ ‘আজি বন্দো কি ছন্দেৰে’; বিষ্ণু ৰাভাৰ ‘বিশ্বৰে ছন্দে ছন্দে’; মিত্ৰদেৱ মহন্তৰ ‘চিৰ চেনেহী মোৰ মোৰ ভাষা জননী’; পুৰুষোত্তম দাসৰ ‘শ্ৰীময়ী অসমীৰ’; ভূপেন হাজৰিকাৰ ‘সাগৰ সংগমত’ আদি গীতবোৰ সংস্কৃতগন্ধী শব্দ বা শব্দ-বন্ধেৰে ভৰপূৰ । সংস্কৃতীয়া ভাৱানুষঙ্গৰ তো কথাই নাই ।

সাহিত্যত সংস্কৃত শব্দৰ উপস্থাপন মানেই ধ্ৰুপদী ভাৱ-সম্পদ, ধ্ৰপদী বিষয়ৰ উপস্থাপন । ইয়াৰ লগে লগে দেখা যাব- কেতবোৰ গীতৰ শব্দমালা যদিও থলুৱা- সুৰ, ভাৱ আৰু প্ৰকাশ-শক্তিত সিহঁত যেন ভাৰতীয় । যেনে, বিষ্ণু ৰাভাৰ ‘উলাহেৰে নাচি বাগি’, উমেশ চন্দ্ৰ চৌধাৰীৰ ‘পৰশি তোমাৰ কমল পাৱ’, কৰুণাধৰ বৰুৱাৰ ‘বলিছে মলয়া বা’, ভূপেন হাজৰিকাৰ ‘তুমিয়ে মোৰ কল্পনাৰে’ কিম্বা ‘জীৱন জোৰা খ্যাতিয়ে যদি’।

এটা বিশেষ গীত– যি দেখাত অতি সৰল আৰু সুকোমল- কিন্তু তাৰ অন্তৰ্লীন ভাৱ অতি গভীৰ । গীতটি– ‘সখি হে, কি ক’ম দুখৰে কথা’ ।
বেজবৰুৱাৰ এই গীতৰ ভাৱ-কথা থলুৱা । কিন্তু গীতটিৰ ভিতৰলৈ চালেই পাব প্ৰচুৰ ধ্ৰপদী সাহিত্যৰ অনুষঙ্গ ।

জয়মতী নাটকৰ এই আপুৰুগীয়া গীতৰ অন্তৰ্গঠনত (deep structure) ক্ৰিয়া কৰি আছে মধ্যযুগীয় বৈষ্ণৱ সাহিত্য আৰু সংস্কৃত সাহিত্যই ।

অলপ মন দিলেই ইয়াত শুনিব পাৰি কবি বিদ্যাপতিৰ-‘ সখি, আমাৰ দুখেৰ নাহি ওৰ’ । বিদ্যাপতিৰ ‘অমৃত সাগৰে সিনান কৰিনু, সকলি গৰল ভেল’ অংশটি গৈ সাহিত্যৰথীৰ হাতত হ’লগৈ ‘অমৃত মথোঁতে বিহ উপজিলে, মিঠা মৌ হ’ল তিতা’ ।

সুৰ অংশত আকৌ জ্যোতিপ্ৰসাদে আনিলে অসমীয়া গোঁসাই নামৰ সুৰ । তাতে ৰবীন্দ্ৰনাথো প্ৰতিধ্বনিত হ’ল ‘সোণৰে সঁজাতে পখীটি ৰাখিলোঁ’ত । (দিনগুলি আমাৰ সোণাৰ খাঁচায় ৰইল না-ৰবীন্দ্ৰ সংগীত।)

শেষৰ ফালে ‘কোনেও নেদেখোতে, কোনেও নুশুঙোতে’ কলিটোত শুনা যাব কালিদাসৰ অভিজ্ঞানশকুন্তলমৰ ‘অনাঘ্ৰাতং কুসুমম্’ শ্লোকৰ গুঞ্জৰণ…ইত্যাদি ।

একেদৰেই জ্যোতিপ্ৰসাদৰ ‘অ’ সখি আজি’ত কালিদাসৰ শকুন্তলাৰ, ‘জননীৰ সন্তানত’ উপনিষদৰ; ‘অ’ সোৱৰণি’ আৰু ‘জয় আলোকময়’ অথৱা নৱ বৰুৱাৰ ‘পালোঁ নে নেপালোঁ’ত শংকৰ-মাধৱৰ, ভূপেন হাজৰিকাৰ ‘নতুন নিমাতী নিয়ৰৰে নিশা’ত গীতগোৱিন্দমৰ; ‘এটুকুৰা আলসুৱা’ আৰু ‘স্নেহেই আমাৰ’ত মেঘদূতমৰ; পাৰ্বতিপ্ৰসাদৰ ‘আজি নীল আকাশৰ ধূলি উৰুৱাই’ বা ভূপেন হাজৰিকাৰ ‘শাৰদী ৰাণী’ত ‘ঋতু- সংহাৰৰ’ স্পষ্ট প্ৰতিধ্বনি শুনা যায় ।

ইফালে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সোণ বৰণীয়া কেতেকী ধুনীয়া’ বা ভূপেন হাজৰিকাৰ ‘এইটি বা কোন ওলালে’ ৰ আৰম্ভণ-বিন্দুত আছে একোটিকৈ সংস্কৃত শ্লোক ।

ইফালে নলিনীবালা, প্ৰসন্নলাল চৌধুৰী, পাৰ্বতিপ্ৰসাদ, অম্বিকাগিৰি, ৰত্ন বৰকাকতী, নৱকান্ত বৰুৱা, লক্ষহীৰা দাস প্ৰভৃতিৰ ভালেখিনি গীত স্পষ্টত: ৰবীন্দ্ৰ-প্ৰভাৱযুক্ত- আৰু ৰবীন্দ্ৰনাথে যে ভাৰতীয় চিন্তাৰ আত্মাক ধৰি ৰাখিছে তাক কাকো বুজাই ক’ব নালাগে । সহৃদয়জনে এই সমুদায় সংগীততে অনুভৱ কৰিব এক অনুপম ধ্ৰুপদী মেজাজ ।

এনেবোৰ কথাই প্ৰমাণ কৰে যে আমাৰ শ্ৰেষ্ঠ অসমীয়া গীতি-সাহিত্যৰ কোঁহে কোঁহে ভাৰতীয় ধ্ৰুপদী সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ উপাদান, উল্লেখ বা অনুষঙ্গ সুন্দৰৰূপে পৰিস্ফুট হৈ আছে ।
গতিকেই এই অনুপম গীতিগুচ্ছ দৃঢ় প্ৰত্যয়েৰে সংস্কৃতৰ দৰে ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হ’ব পাৰে ।
[ প্ৰৱন্ধটোৰ লগত সংগতি ৰাখি মোৰ দ্বাৰা অনূদিত দুটি গীত তলত উল্লেখ কৰিলোঁ ]

১) স্নেহেই আমাৰ শত শ্ৰাৱণৰ
মূল ৰচনা: ড: ভূপেন হাজৰিকা ।

প্ৰেমাৱহতি মে শ্ৰাৱণানাম্
ধাৰাসাৰৱৃষ্টে: প্লাৱনশতম্,
য়ৌৱনৱাসনায়া: ৰিক্তকূলম্
পূৰ্ণয়তি তূন্মত্ততোয়ম্ ।।

নিৰ্জন-স্তব্ধ-তমো’ভিভূয়
উচ্ছলামানয়তি জীৱনধাৰাম্,
অপূৰ্ৱ-ৱৰ্ষায়াস্তৰংগৰাশি:
নৃত্যতি সৃষ্টেৰ্ ৰাগেণ ।

বিদ্যুৎক্ষিপ্ৰে তৱ নয়নে-
মৌনৱচোভিৰ্মাদয়ত:,
নিশ্বাসো মে প্ৰাপ্যাশ্বাসম্
তৃপ্তে: পৰিধিং ন মন্যতে ।

প্ৰীতি-দিগ্বলয়ে গানং প্ৰগতেৰ্
নিৰ্জিত-বজ্ৰ-গৰ্জ-ঘোষম্,
বৃষ্টে: তৃষ্ণয়া মৃগিতে কালৱাতে
দৃষ্টিৰ্মদীয়া চ জানাতি লক্ষ্যম্ ।
( অনুবাদ: ৰঞ্জন বেজবৰুৱা, ২০০০)

২) মোৰে ভাৰতৰে মোৰে সপোনৰে
মূল ৰচনা: জ্যোতিপ্ৰসাদ আগৰৱালা

মদীয়ভাৰতীয়ে
স্বপ্নৱিলসিতে
চিৰসুন্দৰসংস্কৃতে- !

শ্যামলবনেষু
শ্যামলমন:সু
বিকচং প্ৰকাশমানম্
নৱজনজীৱনানাম্
অভিনৱং জ্যোতি:;

অদ্য শিল্পীমনস: প্ৰণতি:,
অদ্য শিল্পীপ্ৰাণভক্তি:,
জয়ত্বজেয়ালোকময়ী,
বিশ্বৰূপিণী, অন্তবিজেত্ৰী
জনগণ-মনমুক্তি:
প্ৰণতি:, প্ৰণতি: !
(অনুবাদ: ৰঞ্জন বেজবৰুৱা, ১৯৯৯)

[ লেখক শ্ৰী ৰঞ্জন বেজবৰুৱা এগৰাকী সুদক্ষ কণ্ঠশিল্পী, লেখক আৰু সবাৰোপৰি এজন বিখ্যাত সংস্কৃত গীত আৰু সাহিত্যৰ নিৰৱিচ্ছিন্ন সাধক। বহুতো অসমীয়া কালজয়ী গীত তেখেতে সংস্কৃত ভাষালৈ অনুবাদ কৰি নিজেই কণ্ঠদান কৰি বাণীবদ্ধ কৰিছে যাৰবাবে তেখেতে আজি ভাৰতৰ বাহিৰেও বিদেশতো সুনাম আৰ্জিবলৈ সক্ষম হৈছে। ]

  • 56
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.