শ্ৰৱণ-অনুভুতি: শ্ৰীকবীন্দ্ৰ কুমাৰ ডেকা

  • 15
  •  
  •  
  •  
  •  
    15
    Shares

মানুহৰ সভ্যতা-সংস্কৃতিৰ ন ন দিশ উন্মোচনৰ ক্ষেত্ৰত ধ্বনি বা শব্দৰ শ্ৰৱণজনিত ক্ৰিয়া-প্ৰতিক্ৰিয়া সমূহৰ ভূমিকাক অন্যতম কাৰক হিচাপে অৱশ্যেই গণ্য কৰিব পাৰি। প্ৰকৃতি আৰু মানুহৰ বিবিধ বিচিত্ৰ ক্ৰিয়া-কাণ্ড,ঘটনা-পৰিঘটনাসমূহত আনুষংগিকভাৱে নিৰ্গত সুকীয়া সুকীয়া ধ্বনি বা মাতৰ পৰিচয়সূচক অভিজ্ঞতাই কাৰ্য একোটাৰ বিশেষ পৰিচয়ো দি আহিছে। শব্দময় এই বিশ্বত আমি লক্ষ্য কৰোঁ‌ যে, য’তেই শব্দ এটা নিৰ্গত হৈছে, আমি বুজি পাওঁ‌ তাতেই কিবা এটা কাৰ্য সংঘটিত হৈছে। ইয়াৰ লগতে, শব্দটোৰ ধ্বনিগত লক্ষণ নিৰীক্ষণ কৰি আমি বুজি উঠো সেয়া কি কাৰ্য সংঘটিত হ’ব পাৰে। শব্দবিশেষৰ শ্ৰৱণৰ পূৰ্ব-অভিজ্ঞতা থাকিলে কাৰ্যবিশেষৰ পৰিচিতি পাবলৈও সহজ হয়, নহ’লে অচিনাকী শব্দ বা আৱাজ একোটাই আমাক কৌতূহলী কৰি তোলে সেই শব্দৰ উৎস কি হ’ব পাৰে। ভয়ংকৰ শব্দ একোটাই হৃদস্পন্দন বন্ধ কৰি দিব পৰাকৈ যেনেকৈ আমাক সন্ত্ৰস্ত কৰি তুলিব পাৰে, সুমধুৰ শব্দ একোটাই হৃদয় শাঁ‌ত পেলাব পৰাকৈ আমাক তৃপ্ত কৰি তুলিব পাৰে। ঢেৰেকনিৰ শব্দটো নিজৰাৰ কুলু-কুলু শব্দৰ সৈতে নিমিলে, লোহাত মৰা হাতুৰিৰ কোবৰ শব্দটো কেঁ‌চুৱা এটিক চুমা খোৱা শব্দটিৰ লগত নিমিলে, বন্দুকৰ গুলী ওলোৱা শব্দটো কুলি চৰাইৰ কুউ-কুউ শব্দৰ সৈতে নিমিলে। বিশেষ কাৰ্যৰ সৈতে সংলগ্ন বিশেষ ধ্বনিৰ এই সম্পৰ্কৰ নিৰীক্ষণ বিদ্যাৰ আলমতেই দশৰথ ৰজাই শব্দভেদী বাণ মাৰি লক্ষ্যবস্তু এটাক চকুৰে নেদেখাকৈয়ে লক্ষ্যভেদ কৰিব পৰা কথাটো আমাৰ ৰামায়ণ মহাকাব্যতো আছে।
সভ্যতা-সংস্কৃতি, মগজুৰ ক্ৰমবিকাশ, উৎকৰ্ষ-প্ৰগতি আদি কথাবোৰ মানৱ-প্ৰজাতিৰ ক্ষেত্ৰতো অবান্তৰ হ’লহেঁ‌তেন, যদিহে ধ্বনি বা শব্দৰ উচ্চাৰণৰ বিচিত্ৰ প্ৰয়োগ-কৌশলবোৰ মানুহে ক্ৰমাগতভাৱে আয়ত্ব কৰি ল’বলৈ নিশিকিলেহেঁ‌তেন অথবা শিকিব নোৱাৰিলেহেঁ‌তেন। বাক-শক্তিৰ সংযোজন তথা শ্ৰৱণেন্দ্ৰিয়ৰ জৰিয়তে শুনা ধ্বনিবোৰৰ আনুভুতিক অৰ্থবোৰৰ স্বৰূপ মগজুৱে বুজি ল’ব পৰাকৈ উৎকৰ্ষক্ষম বিশেষ স্নায়ুতন্ত্ৰৰ সংযোজন — — এই দুটা হৈছে মানুহক প্ৰকৃতিয়ে দান কৰা দুই ব্যতিক্ৰমী জৈৱিক শক্তি, যাৰ দ্বাৰা মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰাৰ সুচলতা লৈ সূচনা কৰিবলৈ ধৰিলে মানৱ-সভ্যতাৰ জয়যাত্ৰা। স্বৰযন্ত্ৰৰ বিশেষ গঠনৰ সুবাদত জিভা,ওঁ‌ঠ,দাঁ‌ত আৰু থুতৰি-সংলগ্ন দন্তভেটি (lower jaw) ৰ যথাযথ অনুশীলন-পৰিশীলনেৰে মানুহে ক্ৰমাগতভাৱে বিবিধ মাত-কথা উচ্চাৰণ কৰিবলৈ লৈ লৈ মানুহৰ জীৱন-যাত্ৰাক বাঙ্ময় কৰি আনিলে। ধ্বনি, শব্দ, বাক্যৰ বিচিত্ৰ বিন্যাসত সৃষ্টি হোৱা ভাষাৰ মাধ্যমত মানুহে এই মানৱীয় জীৱন-যাত্ৰাত কিমান যে কি সংলাপ-আলাপ, কথা-সুৰ আওৰালে ! আদিম মানৱৰ চিকাৰী জীৱনৰ সৌ সংকেত-ধ্বনিবোৰৰ পৰা সিন্ধু নৈৰ পাৰৰ ঋষি-মুনিসকলৰ বৈদিক মন্ত্ৰ-স্তোত্ৰবোৰলৈকে, ঈশ্বৰ-স্তুতিৰ পৰা গীত-বাদ্য-নৃত্যলৈকে, শ্ৰমৰ পৰা ধ্যানলৈকে, সংযোগ-বিনিময়ৰ পৰা বৌদ্ধিক-শৈক্ষিক-সামাজিক-ৰাজনৈতিক ক্ষেত্ৰসমূহলৈকে সৰ্বত্ৰ পৰিলক্ষিত হয় মানুহৰ এই বাঙ্ময় অভিযাত্ৰা। মানুহৰ ভাৱজগত আৰু কৰ্মজগতৰ পৰিসৰ বৃদ্ধিৰ লগে লগে শব্দৰ উৎপত্তি আৰু বুৎপত্তিৰ দিশবোৰো উন্মোচিত, সম্প্ৰসাৰিত, বিকশিত, পৰিশীলিত হৈ আহিবলৈ ধৰিলে, আৰু আনুভুতিক অৰ্থেৰে সংপৃক্ত হৈ শব্দবোৰ হৈ পৰিল মহিমামণ্ডিত। শব্দত নিহিত হৈ পৰা এই মহিমাকে লৈ কোৱা হয় যে ‘ শব্দই ব্ৰহ্ম’।
শব্দ মাথোন কোনো কাৰ্য সংঘটনৰ ক্ষেত্ৰত হোৱা দুই বা ততোধিক বস্তুৰ মাজৰ সংস্পৰ্শ-সংঘৰ্ষ-ঘৰ্ষণ-আঘাতৰ দ্বাৰা সৃষ্ট ধ্বনিয়েই নহয়, নতুবা গতি-কম্পন-ঘূৰ্ণন-স্পন্দন আদিৰ ফলত সৃষ্ট হোৱা ধ্বনিয়েই নহয়, ই মানুহৰ মন-মগজু-বিবেক-হৃদয়ত দোলা দি যাব পৰাকৈ ভিন্ন ৰূপৰ অনুভূতিক জাগৃত কৰি তুলিব পৰা এক বিশেষ আনুভুতিক সমল, আৰু এই সমলটোত নিহিত অনুভুতিবোৰ প্ৰথমেই সংবাহিত হয় আমাৰ শ্ৰৱণ-অনুভুতিৰ মাধ্যমতহে। কোনো কথা শুনিবলৈ যদি ভাল লাগিছে, তেন্তে মনটোৱেও ভাল বুলি লয়, মগজুটোৱেও ভাল বুলি লয়,বিবেকেও লয়, হৃদয়েও লয়। আকৌ, শ্ৰৱণ-অনুভুতি সাৰ্থক বা সফলকাম হ’বলৈ হ’লে আমাক লাগিব কৰ্মক্ষম শ্ৰৱণেন্দ্ৰিয়(অৰ্থাৎ কাণ দুখন), একোটা অনুভৱী হৃদয়, কলাসুলভ মন, পৰিশীলিত মেধাৰে সংপৃক্ত বিবেক আৰু সবল স্নায়ুতন্ত্ৰৰে সুগঠিত উৎকৰ্ষগামী মস্তিষ্কৰ সুষম সমন্বয়।
মানুহৰ সাংস্কৃতিক শ্ৰৱণ-অনুভুতিক লৈয়েই হয়তো শ্ৰীকৃষ্ণই বাঁ‌হীত জুৰিছিল অমিয়া সুৰ, শিৱই বজাইছিল ডম্বৰু, সৰস্বতীয়ে হাতত লৈছিল বীণা, উৰ্বশীয়ে কৰিছিল লয়লাস নৃত্য। অকল ভাৰতীয় সংস্কৃতিতেই নহয়, শ্ৰৱণৰ যোগেদি যে মানুহে মানসিক খোৰাক লাভ কৰে তথা আনুভুতিক তৃপ্তি লাভ কৰে বা জৈৱনিক স্বস্তিৰ সমল বিচাৰি পায়, তাক বিশ্বৰ সকলো দেশৰ, সকলো গোষ্ঠীৰ, সকলো ভাষাৰ মানুহেই অনুভৱ কৰে বাবেই বিশ্বৰ সকলো সভ্যতা- সংস্কৃতিতেই বিদ্যমান থকাটো দেখা যায়।অকল শ্ৰুতিৰ যোগেদি জ্ঞান আহৰণৰ ৰীতি চলি অহা কাৰণে ভাৰতৰ হিন্দু ধৰ্মশাস্ত্ৰ বেদৰ আন এটা নাম ‘শ্ৰুতি’ বোলা হৈছিল। অকল শ্ৰুতিৰ মাধ্যমত জ্ঞান, মনোৰঞ্জন, সংবাদ আৰু গীত-নাটৰ অপূৰ্ব স্বাদ দিব পৰাকৈ মাৰ্কনিয়ে উদ্ভাৱন কৰা ‘ৰেডিঅ”ৰ জনপ্ৰিয়তাই আধুনিক যুগটোকেই সমৃদ্ধ কৰি তুলিছিল।
হৃদয়, মন আৰু মগজুত উথলি উঠা ভাৱ, আবেগ আৰু অনুভুতিক বাঙ্ময় কৰি তুলিব খোজা নিৰন্তৰ স্পৃহাটো আচলতে শ্ৰৱণ-অনুভুতিৰেই ফল। জন্মৰে পৰা সম্পূৰ্ণৰূপে শ্ৰৱণ-ক্ষমতা ৰহিত শিশু এটা স্বাভাবিকতে বোবাও হয় । কাৰো পৰা একো মাত-কথা নুশুনা কাৰণে নিজেও মাত-কথাবোৰ ক’বলৈ অনুশীলন কৰাৰ প্ৰৱণতাও অৰ্জন কৰিব নোৱাৰা হয়। আলাপ, সাক্ষাৎকাৰ, মৌখিক পৰীক্ষা, সভা, সন্মিলন, আলোচনা-চক্ৰ আদিত কলা মানুহ এজনে যথাযথ উত্তৰ,সঁ‌হাৰি, বক্তব্য, মন্তব্য দিবলৈ অক্ষম হৈ পৰে, লাগিলে তেওঁ‌ সম্যক জ্ঞানেৰে যিমানেই পুষ্ট নহওক কিয়। কণ্ঠ আৰু বাদ্য নহ’লে গীত-নৃত্য যিদৰে অবান্তৰ, সংলাপ বা বচন নহ’লে নাটৰো আকৰ্ষণ নাই। সেইবাবেই চলচিত্ৰৰ জগতখনো নিৰ্বাক ছবিৰ যুগতেই ৰৈ নাথাকি সবাক ছবি, অৰ্থাৎ বোলছবি বা কথাছবিৰ যুগলৈ উত্তৰণ ঘটিল। বিজ্ঞানে শব্দ বা ধ্বনিক এক বিশিষ্ট শক্তিৰূপে প্ৰতিষ্ঠা কৰাই নহয়, শব্দ-সংৰক্ষণ, শব্দ-প্ৰেৰণ, শব্দৰ তীব্ৰতাৰ বৰ্ধন-সংকোচনৰ দিশত বিবিধ উপায় আৱিষ্কাৰ কৰি তাৰ আধাৰত গ্ৰামোফোন, টেলিফোন, টে’প ৰেকৰ্ডাৰ, মাইক বা লাউড-স্পীকাৰ, অডিঅ’-ভিডিঅ’ কেছেট, টেলিভিচন, মোবাইল ফোন, কম্পিউটাৰলৈকে বিবিধ যন্ত্ৰ-সামগ্ৰীৰে আধুনিক যুগৰ মানুহৰ পৰা আজিৰ অত্যাধুনিক যুগৰ মানুহলৈ ক্ৰমশঃ বৈদ্যুতিক-বৈদ্যুতিন উপচাৰেৰে সম্পদপুষ্ট কৰি আহিছে, আৰু আনুষংগিকভাৱে সৃষ্টি কৰিছে সংগীত, অভিনয়, সংবাদ, সাহিত্য, জ্ঞান-বিজ্ঞান, শিক্ষণ-প্ৰশিক্ষণ, সংযোগ-যোগাযোগ আদি সকলো ক্ষেত্ৰৰ সুচলজনক উচ্ছল পৰিবেশ। পিছে, মন গ’লেই কিনিব পৰা আজিৰ আৰ্থিক পৰিবেশত এই যান্ত্ৰিক-সম্পদবোৰ বাস্তবিকতে সোমাই পৰিছে বজাৰ, অৰ্থোপাৰ্জন, সস্তীয়া মনোৰঞ্জন, উৎসৱ-অনুষ্ঠানৰ আড়ম্বৰপূৰ্ণ আয়োজনৰ ক্ষেত্ৰসমূহতহে। ক্ৰয়-ক্ষমতাৰ প্ৰদৰ্শন, ধনবল-জনবলৰ অহংকাৰ তথা পৈশাচিক তৃপ্তি আচৰণৰ দৰে হীন প্ৰবৃত্তিৰ আৱেষ্টনিত সোমাই পৰি শব্দ-শক্তিও নিয়ন্ত্ৰণহীন হৈ পৰিছে, আৰু ইয়াৰ পৰিণতিত শব্দৰ আনুভুতিক অৰ্থটো ‘শব্দই ব্ৰহ্ম’ উক্তিটোৰ পৰা ক্ৰমাৎ ‘শব্দ-প্ৰদূষণ’লৈ পৰ্যবসিত হৈ আহিছে। কল-কাৰখানা, যন্ত্ৰ-সৰঞ্জাম, গাড়ী-মটৰৰ একঘেয়ামি বেসুৰা আৱাজৰ লগতে ৰাজহুৱা বা পাৰিবাৰিক পৰ্ব-অনুষ্ঠানসমূহত নিৰন্তৰ মাইকত বাজি থকা উচ্চ শব্দৰ গান-বাদ্যবোৰে আমাৰ কাণৰ কৰ্ণপটহত সহ্যাতীত মাত্ৰাৰ ডেচিবলৰ ধ্বনিয়ে কেনে আঘাত দিয়ে, আৰু এই আঘাতে আমাৰ স্নায়ু, ৰক্তচাপ, মস্তিষ্কত আমাৰ অলক্ষিতে কি কুপ্ৰভাৱ পেলায়, সেইয়া স্থূল মানসিকতাৰ সাধাৰণ লোকৰ আপাত দৃষ্টিয়ে ঢুকি নাপালেও প্ৰজ্ঞাশীল মানৱ-প্ৰেমী প্ৰকৃতি-প্ৰেমীসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। যি বিজ্ঞানৰ যহত বিজ্ঞানীসকলে পদাৰ্থত নিহিত প্ৰাকৃতিক গুণ-ধৰ্ম-শক্তি-সম্ভাৱনাসমূহক আৱিষ্কাৰ কৰি যন্ত্ৰ আৰু কৌশলবোৰ উদ্ভাৱন কৰিলে, এতিয়া আকৌ বিজ্ঞানসন্মত চিন্তা-মেধাৰ দিশটো শব্দ-প্ৰদূষণ ৰোধৰ অভিমুখে গতি কৰিবলগীয়া হৈছে। শব্দজনিত এই ক্ষতিকৰ হৈ-হাল্লা, কোলাহলবোৰ আচলতে মানুহৰ স্বভাৱজাত প্ৰবৃত্তিয়ে যন্ত্ৰক পৰিচালিত কৰি ৰাখিব খোজাৰ ফল নে যন্ত্ৰইহে উদ্ৰেক কৰা প্ৰবৃত্তিৰ ফল, সেয়াও আন এক চিন্তাৰ বিষয়। কিন্তু এটা কথা লক্ষ্যনীয় যে, আমি কিন্তু এতিয়া ‘বিজ্ঞানৰ যুগ’ পাৰ হৈ ‘বজাৰৰ যুগ’তহে জীৱন নিৰ্বাহ কৰিছো। আদিম কালৰ ভিন্ন মানৱ- গোষ্ঠীসমূহৰ পাৰস্পৰিক যুদ্ধ-সংঘৰ্ষ, আক্ৰমণ-প্ৰত্যাক্ৰমণ, হিংসা-বৈৰিতাৰ বৰ্বৰ আচৰণ এৰি ক্ৰমাৎ মানৱীয় সভ্যতা-সংস্কৃতি, প্ৰেম-সেৱা, সদ্ভাৱ-সম্প্ৰীতিৰ মাৰ্জিত আচৰণবোৰ আয়ত্ব কৰাৰ অনুশীলন-পৰিশীলন কৰি কৰি আজিৰ যুগ পাইছোহি, মধ্যযুগীয়া সেই ধৰ্মান্ধতাক গৰিহণা দি প্ৰতিটো ধৰ্মত থকা নৈতিকতা-মানৱতাৰ পাঠখিনিৰে উদ্বুদ্ধ হৈ শান্তি-যুক্তিৰ সুন্দৰ যুগ এটিৰ ৰচনা কৰি আজিৰ এই যুগত উপনীত হৈছোহি; কিন্তু বাস্তৱত আজিও ৰণোন্মাদ মানুহৰ হিংসাৰ উন্মাদনা কমা নাই, বৰং ধৰ্ম-সম্প্ৰদায়-জাতি-গোষ্ঠী-দেশ-ভাষা-দল-মত-পন্থা-উপপন্থাৰ আলম লৈ বহু বেছি ভয়ংকৰ ৰূপত অত্যাধুনিক প্ৰযুক্তি-কৌশলৰ যহত লাভ কৰা বিধ্বংসী বোমা-মাৰণাস্ত্ৰৰ দ্বাৰা দেশে দেশে ঠায়ে ঠায়ে বাজি উঠে যুদ্ধৰ দামামা।
শব্দৰ বিপৰীতে এতিয়া শান্তিপ্ৰিয় মানুহে নৈশব্দ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।
গতিকে দেখা যায়, হৃদয় জুৰ পেলোৱাৰ পৰা আৰম্ভ কৰি মৃত্যুৰ বিভীষিকাৰে হৃদস্পন্দন বন্ধ কৰিব পৰালৈকে ‘শ্ৰৱণ অনুভুতিয়ে বিবিধ বিচিত্ৰ অনুভুতি কঢ়িয়াই আনিব পাৰে। এই বিবিধ অনুভুতি কঢ়িয়াব পৰাৰ সুবাদতেই শব্দইও বিভিন্ন ক্ষেত্ৰত বিভিন্ন ৰূপ-অৱৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ‘শব্দ’ৰ প্ৰতিশব্দও আমি বহুবোৰ পাওঁ‌ , যেনে-
ধ্বনি প্ৰতিধ্বনি মাত কথা বচন
নাদ নিনাদ আৰাও গুঞ্জন ঝংকাৰ
সুহুৰি কিৰিলি কল্লোল কাকলি কুৰুলি
চিঞৰ চিৎকাৰ গেঙনি গাজনি কোলাহল
ৰিং ফুঁ‌ টোকৰ ৰোদন গৰ্জন আটাহ
বাইক ভাষণ আৰ্তনাদ উচুপনি ফুচফুচনি
খিলখিলনি অট্টহাস্য ক্ৰন্দন আৱাজ সংলাপ
ইত্যাদি ইত্যাদি।
মেঘৰ গাজনি, চৰাইৰ কাকলি, নিজৰাৰ কুলু-কুলু, সংগীতৰ মূৰ্চনা, জুনুকাৰ ঝুনঝুন, মৌমাখিৰ গুণ-গুণ্, সিংহৰ গৰ্জন, শিয়ালৰ হোৱা, গৰুৰ হেম্বেলনি, শিশুৰ থুনুক-থানাক মাত, কোকিল কণ্ঠ প্ৰভৃতি বিবিধ ব্যঞ্জনাৰে সজাই তোলা ভাষাই শ্ৰৱণৰ অনুভুতিত কেনে নান্দনিক সৌন্দৰ্য প্ৰদান কৰি আহিছে, সাহিত্য-ৰসেৰে জীপাল মনৰ প্ৰতিজন মানুহেই নিশ্চয় হৃদয়ংগম কৰিব পাৰে। মানুহৰ কণ্ঠেৰে নিগৰিত ভিন্ন স্বাদৰ, ভিন্ন উদ্দেশ্যৰ ভাষা বা শব্দই শ্ৰৱণ-অনুভুতিৰ জোলোঙাৰে মানুহৰ কৃষ্টি- পৰম্পৰা, বিধি-আচৰণ আদি সামাজিক-পাৰিবাৰিক-ব্যক্তিগত জীৱন-যাত্ৰাৰ সৈতে জড়িত বিশ্বাস,দৰ্শন, নীতি, ব্যৱস্থাসমূহকো উদ্ভাসিত কৰে। সেয়ে কোনো বিশেষ বিষয়, দৰ্শন, বিশ্বাস, দস্তুৰ, কাৰ্য, আচাৰ আদিৰ প্ৰসংগত বিশেষ বিশেষ শব্দ বা ধ্বনিৰ প্ৰয়োগৰ ঠাঁ‌চবোৰো সুকীয়া ৰূপৰ হয়। ক্ষেত্ৰবিশেষে প্ৰযোজ্য এনে শব্দবোৰক কেতবোৰ উদাহৰণেৰে দাঙি ধৰা হ’ল —
(১) ঈশ্বৰ বা উপাস্য দেৱ-দেৱীৰ উপাসনা, ধৰ্মীয় আচৰণ, আধ্যাত্মিক চিন্তা বিষয়ক = প্ৰাৰ্থনা, বন্দনা, জপ, মন্ত্ৰ, নাম-কীৰ্তন, নামাজ, আজান, প্ৰেয়াৰ, ভজন, বৰগীত, ভাওনা, ওজাপালি আদি।
(২) অন্ধবিশ্বাস, সংস্কাৰ, কুসংস্কাৰ, জনবিশ্বাস বিষয়ক = জৰা-ফুঁ‌কা মন্ত্ৰ, প্ৰেতমন্ত্ৰ, ফেঁ‌চাৰ কুৰুলি, যমডাকিনীৰ মাত, অসময়ত শুনা কাউৰীৰ কা-কা বা শিয়ালৰ হোৱা-হোৱা আদি।
(৩) প্ৰাকৃতিক পৰিঘটনা বিষয়ক = ঢেৰেকনি, হোঁ‌-হোৱনি, ৰিম্-ঝিম্, টুপ্-টুপ, গাজনি, সমুদ্ৰৰ গৰ্জন আদি।
(৪) সংবেদন বিষয়ক = হাঁ‌হি, কান্দোন, হুমুনিয়াহ, উচুপনি, আৰ্তনাদ, সম্বোধন, অভিবাদন, গালি, চিঞৰ আদি। ( ছিঃ ছিঃ, বাঃ বাঃ, উস্, আস্ আদি ভাৱবোধক অব্যয়বোৰো এই শ্ৰেণীৰ)
(৫) ৰোগ, আঘাত, যন্ত্ৰণা বিষয়ক = গেঙনি, বিননি, চিৎকাৰ, কান্দোন, ফেঁ‌কুৰ, ঢপঢপনি আদি।
(৬) জীৱ-জন্তুৰ মাত = হেম্বেলনি, বেঁ‌বনি, চিঁ‌- চিয়নি, গোজৰণি, ফোঁ‌চ-ফোঁ‌চনি, টোৰ্-টোৰণি, ভুক্-ভুকনি, ভুন্-ভু্ন্, ৰুণ, কুৰুলি, গুঞ্জন আদি।
ইত্যাদি ইত্যাদি।
গীতত ব্যৱহৃত কথাৰ সুৰ আমি যি ধৰণে শুনো, নাটকৰ সংলাপৰ কথাখিনি ভিন্ন ধৰণে শুনো। কাৰোবাক গালি দিয়াৰ কথাখিনিৰ সুৰ, কাৰোবাৰ সৈতে প্ৰেমালাপ কৰাৰ সুৰৰ সৈতে একে নহয়। সেইদৰে, আশীৰ্বাদৰ বচনফাঁ‌কি হুকুম দিয়াৰ বচনফাঁ‌কিৰ সৈতে নিমিলে। অৰ্থাৎ, ভিন্ন কাৰ্য বা ভিন্ন উদ্দেশ্যত বক্তাই নিজৰ বক্তব্যখিনি শ্ৰোতাৰ আগত ব্যক্ত কৰোতে ভাষা আৰু উচ্চাৰণৰ ঠাঁ‌চবোৰো যথানুৰূপ মিলাই ল’বলগীয়া হয় যাতে শুনোতাজনৰ শ্ৰৱণ-অনুভুতিয়ে যথাৰ্থৰূপে বুজি উঠিব পাৰে। এনে পৰিপ্ৰেক্ষিতত আমি ক’ব পাৰো যে শ্ৰৱণ-অনুভুতিৰো ভিন ভিন ক্ষেত্ৰ আছে। উদ্দেশ্য অনুসাৰে সুকীয়া সুকীয়া কথন-ভংগীবিশিষ্ট এনে ক্ষেত্ৰবোৰ হ’ল —
আশীৰ্বাদ, অনুৰোধ, অনুমতি, উপদেশ, সম্বোধন,
আদেশ, নিৰ্দেশ, আবৃত্তি, সংলাপ, বাৰ্তালাপ,
প্ৰেমালাপ, ভাষণ, কন্দল, ইতিকিং, তিৰস্কাৰ,
প্ৰশস্তি, গৰিহণা, প্ৰশ্ন, উত্তৰ, বাণী, বাৰণ, দাবী,
মিনতি, তৰ্ক, আড্ডা, বুজনি, ধমকনি, শুভেচ্ছা,
শাওপাত, ভেঙুচালি, কথোপথন, হকা-বধা,
ৰং-ধেমালি, খং-ৰাগ,শ্ৰদ্ধা-নিবেদন,প্ৰেম-নিবেদন
, আদৰণি-সম্ভাষণ, বিদায়-সম্ভাষণ, ঘোষণা,
বিজ্ঞাপন ইত্যাদি।
গীত, বাদ্য, নৃত্য, নাট, ক্ৰীড়া আদি অভিৰুচিমূলক বিদ্যাৰ ক্ষেত্ৰসমূহকে ধৰি বৃত্তি-ব্যৱসায় আদি সকলো কৰ্মক্ষেত্ৰত আমি সুকীয়া সুকীয়া শব্দ-বাক্য যিদৰে প্ৰয়োগ কৰিবলগীয়া হয়, সেইদৰে সেই শব্দ-বাক্যবোৰ প্ৰক্ষেপন কৰাৰ ৰীতিও সুকীয়া সুকীয়া ৰূপৰ হয়, আৰু সেই অনুৰূপে শ্ৰৱণ-অনুভুতিয়ে উদ্ৰেক কৰা উদ্দীপনা, সংবেদন, সঁ‌হাৰি, ক্ৰিয়া, প্ৰতিক্ৰিয়াও ভিন ভিন ধৰণৰ হৈ পৰে। সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক- ধৰ্মীয়-কৃষ্টীয়- পাৰিবাৰিক- ব্যক্তিগত আদি সমূহ ক্ষেত্ৰৰ পটভূমিতেই ‘ কথন-ভংগী আৰু শ্ৰৱণৰ সংবেদনশীলতাৰ সম্পৰ্ক’ৰ এই নিবিড়তা লক্ষ্য কৰিব পাৰি। সংযোগ- যোগাযোগ-সাক্ষাৎ- আলাপ আদিৰ বাবে যেতিয়া এজন ব্যক্তিয়ে আন এজনৰ সৈতে কথা পাতিবলগীয়া হয়, তেতিয়া আচল কথাৰ বকলা মেলাৰ আৰম্ভনিতেই সদাচাৰপূৰ্বক কিছুমান শব্দ বা শব্দাংশৰে ‘অভিবাদন’ বা ‘সম্বোধন’ কৰি কথাৰ আঁ‌ত ধৰা হয়; যেনে —
অভিবাদন = নমস্কাৰ, প্ৰণাম, হেল্লো, আদাব, গুড মৰ্ণিং, গুড ইভিনিং , সুপ্ৰভাত আদি।
সম্বোধন = মহাশয়, ডাঙৰীয়া, চাৰ, বাইদেউ, মেদাম, হেৰা, হেৰি, হেৰ ইত্যাদিৰ লগতে সম্বন্ধ অনুসাৰে মা,দেউতা,খুৰা, মামা, দাদা, বাইদেউ, ভণ্টি, ভাইটি ইত্যাদিবোৰ।
মানুহে দৈনন্দিন জীৱনত বহু শব্দ বা ধ্বনিৰ শ্ৰৱণৰ সৈতে পৰিচিত হৈ আহিছে। সা-সামগ্ৰী, যন্ত্ৰ-পাতি আৰু কৰ্মক্ষেত্ৰ যিমানেই বিস্তৃত হৈ আহিছে, শব্দধ্বনিৰ বিচিত্ৰতাও সিমানেই বাঢ়ি আহিছে। প্ৰাকৃতিক শক্তিসমূহৰ ক্ৰিয়া-প্ৰক্ৰিয়া, জীৱ-জন্তুৰ মাতকে ধৰি বিভিন্ন জীৱ তথা ধাতৱ-অধাতৱ বস্তুৰ মাজত ঘটা পাৰস্পৰিক সংস্পৰ্শ-সংঘাত-আঘাত- প্ৰত্যাঘাত আদিৰ ফলত নিৰ্গত হোৱা সুকীয়া সুকীয়া শব্দধ্বনিক লিপিবদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ ব্যাকৰণতো আমি ‘অনুকাৰ শব্দ’ বুলি এশ্ৰেণীৰ শব্দ পাওঁ‌ ; যেনে–
মিউ মিউ (মেকুৰীৰ মাত)
ভুক্ ভুক্ (কুকুৰৰ মাত)
হোৱা হোৱা (শিয়ালৰ মাত)
কা-কা (কাউৰীৰ মাত)
কুউ-কুউ (কুলিৰ মাত)
পেঁ‌ক-পেঁ‌ক (হাঁ‌হৰ মাত)
টং টং (ঘণ্টাৰ মাত)
টিক্- টিক্ (ঘড়ীৰ মাত)
ঘৰ্ ঘৰ্ (কাৰখানাৰ মাত)
খট্- খট্ ( ঘোঁ‌ৰাৰ দৌৰ বা জোতা পিন্ধি খোজ
কঢ়াৰ শব্দ)
ঝক্- ঝক (ৰেলগাড়ী চলাৰ শব্দ)
পিপ্ পিপ্ ( গাড়ীৰ হৰ্ণ বজোৱা শব্দ)
কিন্ কিন্ (কিনকিনিয়া বৰষুণৰ শব্দ)
বুদ্- বুদ্ (পানীৰ মাজেদি বায়ু অলপ অলপকৈ
টোপাল বান্ধি ওলাই থকা শব্দ)
টুপ্ টুপ্ (নিয়ৰ সৰা শব্দ)
ঠাচ ঠাচ্ (চৰ মৰা শব্দ)
ঠল্ ঠল্ (সৰি পৰা শব্দ)
টক্ টক্ (দুৱাৰ বা খিৰিকীত টুকুৰিওৱা শব্দ)
ইত্যাদি।
কুকুৰাই ডাক দিয়ে, পাৰই ৰুণ দিয়ে, কাউৰীয়ে ৰমলিয়ায়, মহে কুনকুনায়, মাখিয়ে ভুনভুনায়, জেঠীয়ে টিকটিকায়, বিচনাখন কেৰমেৰায়, গীতৰ কলি গুণ্ গুণায় প্ৰভৃতিবোৰো হৈছে একো একোটা বিশেষ মাত বা শব্দধ্বনিৰেই প্ৰকাশ-ৰূপ।
ওপৰৰ এই আলোচনাখিনিৰ পৰা এটা কথা প্ৰতীয়মান হয় যে, মানুহে এই মৌখিক কথা বা বিবিধ ধ্বনিবোৰ শুনি শুনি ক্ৰমশঃ মানুহে জ্ঞান-মেধা-চিন্তা-ধাৰণা-অভিজ্ঞতা-অনুভুতিৰ উৎকৰ্য সাধন কৰি অহাৰ লগে লগে সেই কথা বা ধ্বনিবোৰ লিখি ৰাখিব পৰাৰ কৌশল উদ্ভাৱন কৰাৰ অদম্য স্পৃহা এটাও স্বতঃফুৰ্তভাৱে জাগৃত হৈ আহিল। আৰম্ভনিতে বিশেষ বিশেষ চিন বা চিত্ৰ অংকণ কৰি ভাৱ-প্ৰকাশৰ লিখিত ৰূপ এটা প্ৰতিষ্ঠা কৰিছিল, আৰু এই প্ৰয়াসৰ উৎকৰ্ষমুখী অনুশীলনত এদিন লিপিৰ উদ্ভাৱন কৰিবলৈও সক্ষম হৈ উঠিল। লিপিৰ উদ্ভাৱন মানুহৰ জ্ঞানময় জগতখনৰ বাবে মানৱ-প্ৰজাতিয়ে সাধন কৰা মহত্বম কীৰ্তি। লিপিবদ্ধ ৰূপত ভাৱ-প্ৰকাশৰ দিশটো উন্মোচন হোৱাৰ লগে লগে শ্ৰুতি-মাধ্যমৰ শব্দবোৰে লিপি-মাধ্যমৰ শব্দৰ ৰূপ লৈ অধিক ৰূপময় হৈ আহিবলৈ ধৰিলে। মানুহে মুখেৰে কোৱা আৰু কাণেৰে শুনা শব্দ, বাক্যবোৰ অধিক শৃংখলিত, পৰিমাৰ্জিত, জ্ঞানসমৃদ্ধ আৰু উপাদেয় কৰি তুলিবলৈ লিখিত ভাষাত ব্যাকৰণ, মাৰ্জিত শব্দ-বাক্যৰ প্ৰয়োগ, চিন্তা-ধাৰণা-প্ৰজ্ঞা-অনুভৱৰ পৰিশীলন, তত্ব-যুক্তি-মানৱতাবোধ আৰু সাহিত্য-ৰসেৰে পুষ্ট কৰি অনাৰ প্ৰয়াসেৰে লিখিত ৰূপটোক কথিত ৰূপটোতকৈ উচ্চ পৰ্যায়ৰ আসনত অধিষ্ঠিত কৰোৱাব বিচাৰিলে। লিখা-পঢ়াৰ ক্ষেত্ৰত লিখনী-সামগ্ৰীসমূহৰ পৰা (অৰ্থাৎ চিয়াহী, কাপ, তুলাপাত আদি) ৰচনা-শৈলীসমূহলৈকে (অৰ্থাৎ পদ, কাব্য, গদ্য, গীত, নাট, বাণী আদি) বহু তৰহৰ বস্তু, কৌশল, মাধ্যমৰ লগতে ভাষা, ৰচনা-ৰীতি, অধ্যয়ন, নিৰীক্ষণ, সততা-সত্যতা-মানৱতাৰ প্ৰতি দায়বদ্ধতাৰ দিশত ৰচয়িতা বা লেখক এগৰাকীয়ে বৌদ্ধিক-সাংস্কৃতিকভাৱে যথাসম্ভৱ উৎকৰ্ষিত হৈ উঠিব লগীয়া হৈছিল। সংস্কৃতত এষাৰ কথা আছে, ” শতং বদ, লিখ মা” , যিটোৰ ভাৱাৰ্থ হ’ল ‘ তুমি মুখেৰে এশটা কথা ক’ব পাৰা, কিন্তু নিলিখিবা ‘ ; অৰ্থাৎ, লিখা কথাবোৰ অথবা গ্ৰন্থ একোখন অকল সমসাময়িক প্ৰজন্মৰ মাজতেই সঞ্চাৰিত নহয়, এইবোৰ সংৰক্ষিত হৈ ৰৈ পাচৰ প্ৰজন্মসমূহকো প্ৰভাৱিত কৰি থাকে, সেয়ে অসত্য-বিভ্ৰান্ত-ক্ষতিকৰ-দায়িত্বজ্ঞানশূণ্য কথাৰে লিপিবদ্ধ ভাৱ-প্ৰকাশৰ মাধ্যমটোৰ প্ৰতিষ্ঠিত মৰ্যাদাক ক্ষুণ্ণ কৰিব বিচৰাটো সমীচিন নহয়। নিজৰ হীন মানসিকতাৰে উদ্ভুত ক্ষন্তেকীয়া যশ-প্ৰতিষ্ঠা-ধন-ক্ষমতাৰ লালসা চৰিতাৰ্থ কৰাৰ নামত, অথবা বজাৰ-ব্যৱসায়ৰ সম্প্ৰসাৰণৰ স্বাৰ্থত বিজ্ঞাপনৰ লেখীয়াকৈ লব্ধপ্ৰতিষ্ঠ সুন্দৰ সুন্দৰ শব্দবোৰ নিৰ্বাচন কৰি সজাই তোলা বাক্য বা লেখাৰ দপদপনিত যাতে শব্দবোৰে প্ৰকৃত আনুভুতিক অৰ্থ হেৰুৱাই নেপেলায়, তাৰ বাবে আমি সচেতন হোৱাৰ সময় আহি পৰিছে।

  • 15
    Shares

2 Comments

  1. মননশীলতাৰে সমৃদ্ধ লেখাটিৰ শব্দ-মাধুৰ্য্য মুগ্ধ কৰিলে ৷

Leave a Reply

Your email address will not be published.