গ্ৰন্থ – ক্ৰমবিকাশৰ পৰা গ্ৰন্থমেলালৈ : খজেন ডেকা

  • 31
  •  
  •  
  •  
  •  
    31
    Shares
 #জ্ঞান অন্বেষণ মানুহৰ পুৰাতন প্ৰবৃতি। বৰ্তমান যুগত মানুহৰ জ্ঞান অন্বেষণৰ অন্যতম আধাৰ হৈছে গ্ৰন্থ। মানৱ সভ্যতাৰ বিকাশ আৰু অগ্ৰগতিত যিসমূহ উপাদানে প্ৰভূত অৰিহণা যোগাই আহিছে তাৰে ভিতৰত গ্ৰন্থ হ’ল অন্যতম উপাদান। মানৱ সভ্যতাৰ প্ৰতিটো যুগৰ, প্ৰতিটো ঘটনাৰ কথা লিপিবদ্ধ হৈ আহিছে গ্ৰন্থত আৰু গ্ৰন্থই কঢ়িয়াই আনিছে যুগৰ পিছত যুগ আৰু পুৰুষৰ পিছত পুৰুষলৈ অলেখ জ্ঞানৰ ভাণ্ডাৰ। অসমৰ প্ৰখ্যাত সাহিত্যিক সত্যনাথ বৰা ডাঙৰীয়াই কৈ গৈছে – ‘গ্ৰন্থ হ’ল থূপাই থোৱা ধনৰ নিচিনা।’ থূপাই থোৱা ধনৰ পৰা নিজৰ ইচ্ছানুসৰি ধন ব্যৱহাৰ কৰিব পাৰি। সেইদৰে গ্ৰন্থত সঞ্চিত হৈ থকা জ্ঞান আমি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি আমাৰ জ্ঞানৰ ভঁৰাল টনকিয়াল কৰিব পাৰো। আজি আমি লাগ বুলিলেই যিকোনো এখন গ্ৰন্থ ক্ৰয় কৰি বা সংগ্ৰহ কৰি তাৰ ৰসাস্বাদন কৰিব পাৰো বা জ্ঞানৰ অন্বেষণ কৰিব পাৰোঁ। কিন্তু আমি আজি সহজে পোৱা এই গ্ৰন্থৰ ইতিহাস হাজাৰৰো অধিক বছৰ পুৰণি। শিলালিপিৰ পৰা আৰম্ভ কৰি ঢাপে ঢাপে বিকাশ ঘটি গ্ৰন্থই আজিৰ ৰূপ পাইছে। অতি পুৰণি কালৰে পৰা মানুহৰ কথিত ভাষাক শিলালিপি, স্মাৰকলিপি ইত্যাদিৰ মাধ্যমত ৰূপ দিয়াৰে পৰা বোধহয় গ্ৰন্থৰ ইতিহাসৰো আৰম্ভনি হৈছে। সি যিয়েই নহওঁক শিলালিপিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ কম্পিউটাৰৰ মাইক্ৰ’ফিচিলৈকে গ্ৰন্থৰ আছে এক দিঘলীয়া ইতিহাস। মানৱ সভ্যতাৰ অগ্ৰগতিৰ ঢাপে ঢাপে বিভিন্ন স্তৰত গ্ৰন্থৰো বিকাশ ঘটি আহিছে। তাৰ লগে লগে গ্ৰন্থই মানৱ সভ্যতাৰ বিকাশত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে।
 # গ্ৰন্থৰ ক্ৰমবিকাশত লিপিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। লিপি আৱিষ্কাৰৰ আগতে মানুহে মৌখিক ৰূপতে জ্ঞানৰ বিকাশ ঘটাইছিল। কিছুমান চিহ্ন বা চিহ্নৰ ৰূপত লিপি ব্যৱহাৰৰ লগে লগে  মানুহে নিজৰ মনৰ ভাৱ বা জ্ঞানৰ কথাবোৰ শিলত বা গুহাৰ বেৰত খোদিত কৰিবলৈ লৈছিল। হয়তো এয়াই আছিল গ্ৰন্থৰ ক্ৰমবিকাশৰ পাতনি। ইয়াৰ পিছত বিভিন্ন দেশত, বিভিন্ন ভাষাত লিপিৰ ক্ৰমবিকাশ ঘটি নিজা নিজা ভাষাত লিপিয়ে স্থায়ী ৰূপ পালে। লিপিৰ উদ্ভাৱনে গ্ৰন্থৰ ক্ৰমবিকাশক কিছু গতি প্ৰদান কৰাৰ পিছতে কাগজৰ আৱিষ্কাৰে ইয়াক অধিক তৰান্বিত কৰিলে। কাগজ উদ্ভাৱনৰ লগে লগে লেখন সামগ্ৰী আৰু মুদ্ৰণ পদ্ধতিৰো বিকাশ সাধন হ’ল। মানুহে কাগজত হাতেৰেই কিতাপ লিখিবলৈ ল’লে। কিন্তু এই কাম আছিল অতি কষ্টকৰ আৰু সময় খৰছী। পোন প্ৰথমে চীন দেশতেই মুদ্ৰণ পদ্ধতিৰ আৱিষ্কাৰ হোৱা বুলি জনা যায়। কাঠত কাটি লোৱা আখৰৰ সাঁচবোৰত চিয়াঁহী সানি কাগজত ছাপ মৰাৰ পদ্ধতিটো চীনৰ বৌদ্ধ সন্ন্যাসী সকলে আৱিষ্কাৰ কৰিছিল। একে সময়তে  চীনৰ বুৰঞ্জীবিদ সকলে কাঠত কটা আখৰৰ ছাপ মাৰি কেলেণ্ডাৰ, তাচপাত কাগজৰ নোট আদি ছপা কৰিছিল বুলি জনা যায়। প্ৰথম প্ৰাচীন ছপা কিতাপ হ’ল চীনা ভাষাৰ বৌদ্ধ ধৰ্মৰ উপদেশ সন্নিবিষ্ট ‘ডায়মণ্ড সূত্ৰ’। ইয়াক ৮৬৮ চনত চীনত ছপা কৰি উলিওৱা হৈছিল। কিন্তু চীনা ভাষাত লিপিৰ সংখ্যা বহুত হোৱাৰ বাবে মুদ্ৰণ ব্যৱস্থাৰ বিশেষ  উন্নতি হোৱা নাছিল। পিছলৈ ইউৰোপত কাঠ বা ধাতুৰ পাতত আখৰ খোদিত কৰি মুদ্ৰণ ব্যৱস্থাৰ বিকাশ ঘটোৱা হৈছিল যদিও এই ব্যৱস্থাৰ দ্বাৰা কেৱল নিৰ্দিষ্ট কিতাপৰ বাহিৰে অন্য একো ছপাব পৰা নগৈছিল। কাগজ আৱিষ্কাৰৰ পিছতে জন গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰা লগে লগে গ্ৰন্থ জগতলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিল। জন গুটেনবাৰ্গে তেওঁৰ ছপাশালৰ যোগেদি পোন প্ৰথমবাৰৰ বাবে ১২৮২ পৃষ্ঠাৰ বাইবেল ছপা কৰি উলিয়ায়। কিতাপখন ‘গুটেনবাৰ্গৰ বাইবেল’ নামেৰে পৰিচিত হয় যদিও প্ৰতিটো পৃষ্ঠাতে ৪২ টাকৈ শাৰী থকাৰ বাবে ই ’৪২ শাৰীৰ বাইবেল’ বুলিও জনাজাত হয়।
 # জাৰ্মানীৰ পিছতে ক্ৰমে ইটালী আৰু ফ্ৰান্সত ছপাশাল স্থাপন হয়। ক্ৰমে সমগ্ৰ ইউৰোপত ছপাশাল স্থাপন হ’বলৈ ধৰে আৰু নানা তৰহৰ কিতাপ প্ৰকাশ পাবলৈ ধৰে। লাহে লাহে ইউৰোপতেই আধুনিক ছপা যন্ত্ৰৰো বিকাশ হ’বলৈ ধৰে। ভাৰতত প্ৰথমে ১৯৫৬ চনত পৰ্টুগীজ সকলে গোৱাত ছপাশালৰ কাম আৰম্ভ কৰে। ইয়াত ‘কনক্লুজ’ছ’ নামৰ পৰ্টুগীজ ভাষাৰ প্ৰথম কিতাপখন ছপা কৰি উলিওৱা হৈছিল। ভাৰতীয় ভাষাৰ প্ৰথমখন কিতাপ ছপা হৈছিল ১৫৭৭ চনত। এইখন আছিল  ফ্ৰান্সিছ জেভিয়াৰ্ছৰ ‘ড্ৰকটিনা খ্ৰীষ্টাও’ৰ তামিল অনুবাদ। খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত অসমতো ছপা কিতাপে আত্মপ্ৰকাশ কৰিছিল। প্ৰথমখন অসমীয়া ছপা কিতাপ হ’ল আত্মাৰাম শৰ্মাৰ ‘ধৰ্ম পুস্তক’। এই কিতাপখন ছপা হৈছিল ১৮১৩ চনত। খ্ৰীষ্টান মিছনেৰী সকলেই ‘অৰুণোদই’ নামৰ প্ৰথমখন অসমীয়া ভাষাৰ বাতৰি কাকত প্ৰকাশ কৰিছিল। সেইদৰে নাথান ব্ৰাউনে প্ৰথমখন অসমীয়া ভাষাৰ ব্যাকৰণ লিখি ছপা কৰি উলিয়াইছিল। ছপাযন্ত্ৰৰ আৱিষ্কাৰে কিতাপৰ পৃথিৱীলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ লগে লগে ছপাযন্ত্ৰৰো বিকাশ ঘটি এদিন ‘লেটাৰ প্ৰেছ’ৰ ৰূপ ল’লে। কিতাপ হৈ পৰিল সহজলভ্য। মানুহৰ জ্ঞান অন্বেষণৰ গতিও তৰান্বিত হ’ল।  লেটাৰ প্ৰেছৰ সমান্তৰালভাৱে লিথোগ্ৰাফি পদ্ধতিৰো উদ্ভাৱন হয়। সম্প্ৰতি লিথোগ্ৰাফি পদ্ধতিৰো ভালেখিনি পৰিৱৰ্তন হৈ অফছেট প্ৰেছৰ সৃষ্টি হ’ল। অফচেট প্ৰেছত ছপা কৰা গ্ৰন্থবোৰ হৈ পৰিল অতি উন্নতমানৰ ছপা আখৰেৰে সমৃদ্ধ আৰু আকৰ্ষণীয়। আধুনিক ছপাযন্ত্ৰৰ উত্তৰণৰ লগে লগে শিলৰ ফলক, গুহাৰ বেৰত সৃষ্টি হোৱা গ্ৰন্থই আজিৰ আধুনিক কিতাপৰ ৰূপ পালে। কিতাপৰ ক্ৰমবিকাশৰ এই দীঘলীয়া যাত্ৰাত আজি এনেকুৱা এটা বিষয় নাই, যিটো বিষয় কিতাপে চুই যোৱা নাই। বিজ্ঞান, কলা, ভূগোল, দৰ্শন, বুৰঞ্জী, ধৰ্ম আদিৰ ওপৰি গল্প, সাধু, কাহিনী, ৰোমাঞ্চকৰ কাহিনী, কল্প কাহিনী – এই সকলো বিষয় আজি কিতাপৰ অন্তৰ্ভূক্ত বিষয়। সেয়ে কিতাপ বা গ্ৰন্থ হ’ল সকলো বিষয়ৰ ‘লিপিবদ্ধ জ্ঞান’।
 # সাম্প্ৰতিক যুগত গ্ৰন্থ হ’ল মানুহৰ নিত্য সহচৰ। গ্ৰন্থ অবিহনে মানৱ সভ্যতা অচল হৈ পৰিব। কি ধৰ্ম, কি বিজ্ঞান সকলোতে মানুহৰ বাবে অপৰিহাৰ্য্য হৈ পৰিছে গ্ৰন্থ। ভাৰতীয় মানুহৰ বাবে ৰামায়ণ-মহাভাৰত আৰু অসমীয়া মানুহৰ বাবে কীৰ্ত্তন-নামঘোষাই প্ৰমাণ কৰি দিছে যে গ্ৰন্থ আমাৰ সমাজৰ বাবে কিমান প্ৰয়োজনীয় সম্পদ। বেদৰ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে আমাৰ সমাজ জীৱন আৰু ভাষা-সংস্কৃতিৰ প্ৰতিটো দিশ গ্ৰন্থই প্ৰভাৱিত কৰি আহিছে। গ্ৰন্থৰ এনে জয়জয় ময়ময় অৱস্থাতো আমাৰ এচামৰ মনত কিন্তু শংকা জন্মিছে – এই বিশ্বায়নৰ যুগত, কম্পিউটাৰ-ইন্টাৰনেটৰ যুগত অনাগত দিনতো গ্ৰন্থৰ অৱস্থা একেই জয়জয় ময়ময় হৈ থাকিবনে ? বৰ্তমান যুগত কম্পিউটাৰ, ম’বাইলত পঢ়িব পৰা পঠন সামগ্ৰীবোৰে কাগজৰ গ্ৰন্থৰ স্থান ল’ব নেকি ? কিন্তু বিশ্বৰ দেশে দেশে অনুষ্ঠিত হ’বলৈ ধৰা গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাবোৰত ক্ৰমাগত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধিয়ে উপৰিউক্ত আশংকা অমূলক বুলি প্ৰমাণ কৰিছে। গ্ৰন্থমেলাবোৰত দেখা গৈছে বিভিন্ন লেখকৰ গ্ৰন্থসমূহ স্বকীয় মহিমাৰে উজ্বলি উঠিছে। বিজ্ঞজনে কৈছে গ্ৰন্থৰ স্পৰ্শ অবিহনে মানুহৰ জীৱনৰ সাৰ্থকতা নাই।
 #গ্ৰন্থমেলাৰ জন্ম হৈছিল বিদেশৰ মাটিত। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই পৃথিৱীৰ নানা দেশত চেগা-চোৰোকাকৈ গ্ৰন্থমেলাৰ আয়োজন চলি আহিছিল। বৈজ্ঞানিক আৱিষ্কাৰৰ অভিনৱত্ব, জ্ঞান-বিজ্ঞানৰ আকৰ্ষণ আৰু মানুহৰ ন ন চিন্তাৰ বিস্তৃতি লাভ আদিয়ে এই যুগৰ মানুহক কৰি তুলিছে গ্ৰন্থপ্ৰেমী আৰু স্বাভাৱিকতে গ্ৰন্থমেলাবোৰ হৈ উঠিছে জনপ্ৰিয়। আমাৰ ভাৰততো বিভিন্ন ঠাইত বহুদিনৰে পৰা গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে। নতুন দিল্লীৰ নেশ্বনেল বুক ট্ৰাষ্টৰ উদ্যোগত ১৯৬৯ চনত মুম্বাই চহৰত পূৰ্ণাংগ জাতীয় গ্ৰন্থমেলাৰ শুভাৰম্ভনি কৰা হয়। সেইদৰে তেওঁলোকৰ উদ্যোগতে দিল্লী, চেন্নাই আৰু কলিকতা চহৰতো অনুষ্ঠিত হয়। ১৯৭৪ চনত ভাৰতত প্ৰথমখন বিশ্ব গ্ৰন্থমেলা অনুষ্ঠিত হয় দিল্লীত। এই গ্ৰন্থমেলাখনৰো উদ্যোক্তা আছিল নেশ্বনেল বুক ট্ৰাষ্ট। বৰ্তমান প্ৰতি দুবছৰৰ মূৰে মূৰে বিশ্বৰ বিভিন্ন দেশত বিশ্ব গ্ৰন্থমেলা অনুষ্ঠিত হয়। অসম প্ৰকাশন পৰিষদৰ উদ্যোগতো অসমত গ্ৰন্থমেলাৰ শুভাৰম্ভনি হয় ১৯৮৪ চনৰ পৰা। বৰ্তমানো এই গ্ৰন্থমেলা প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে। সেইদৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত বিগত  কেইবাবছৰো ধৰি গুৱাহাটীত উত্তৰ-পূৱ গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে। অসমৰ গ্ৰন্থমেলাত অসমৰ প্ৰকাশকসকলৰ উপৰিও কলিকতা, দিল্লী আদিৰ প্ৰকাশক সকলে অংশ গ্ৰহণ কৰি আহিছে। তদুপৰি অসম সাহিত্য সভাৰ প্ৰতিখন অধিৱেশনতে হৈ আহিছে বৃহৎ গ্ৰন্থমেলা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতো গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈ আহিছে। অসমৰ শিশুসকলক লৈয়ো সুকীয়াকৈ গ্ৰন্থমলো অনুষ্ঠিত হোৱাতো অসমীয়া গ্ৰন্থৰ বাবে শুভলক্ষন। গুৱাহাটীৰ ওপৰি বৰ্তমান তেজপুৰ, যোৰহাট, নগাঁও, মঙলদৈ, নলবাৰী, তিনিচুকীয়া, ডিব্ৰুগড় আদি ঠাইত নিয়মীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত হৈ আহিছে। বি.টি.এ.ডি. অঞ্চলত বিটিচি প্ৰশাসনৰ উদ্যোগত সুকীয়াকৈ ‘বড়োলেণ্ড গ্ৰন্থমেলা’ অনুষ্ঠিত হৈ আহিছে। এই গ্ৰন্থমেলাত বিটিচি প্ৰশাসনে অঞ্চলটোৰ প্ৰতিখন হাইস্কুল আৰু মহাবিদ্যালয়সমূহক ২৫ হাজাৰৰ পৰা এক লাখ টকালৈকে গ্ৰন্থ ক্ৰয়ৰ অনুদান আগবঢ়াইছে। বিটিচি প্ৰশাসনৰ এই কাৰ্য্য গ্ৰন্থমেলাৰ লগতে লেখক আৰু প্ৰকাশক সকলৰ বাবে সুখৰ খবৰ। সেইদৰে গুৱাহাটীৰ অন্বেষা নামৰ প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন সৰু সৰু মফচলীয় চহৰতো গ্ৰন্থমেলাৰ আয়োজন কৰি গ্ৰন্থক পঢ়ুৱৈ সমাজৰ অধিক ওচৰ চপাই নিয়াৰ কামত ব্ৰতী হৈ আছে। আশাৰ কথাটো হ’ল একেটা বছৰৰ ভিতৰতে অসমত ইমানবোৰ গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ পিছতো কোনোখন গ্ৰন্থমেলাতে পঢ়ুৱৈৰ সংখ্যা কমি যোৱাটো পৰিলক্ষিত হোৱা নাই। আজিৰ ‘গ্ৰন্থমেলা’ কেৱল ‘মেলা’তে সীমাবদ্ধ হৈ থকা নাই। ই এক বিৰাট গ্ৰন্থ আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। কেৱল পঢ়ুৱৈৰ কিতাপ ক্ৰয়তে গ্ৰন্থমেলাৰ অৰ্থ সীমাবদ্ধ হৈ থকা নাই। গ্ৰন্থমেলা হৈ পৰিছে লেখক, প্ৰকাশক, পঢ়ুৱৈ আৰু কবি-সাহিত্যিকৰ পুণ্যতীৰ্থ মিলনভূমি। গ্ৰন্থমেলাৰ ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তা আৰু সফলতাই গ্ৰন্থ প্ৰকাশন জগতলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। গ্ৰন্থমেলাৰ জৰিয়তে প্ৰকাশকসকল পুৰণি দুষ্প্ৰাপ্য কিতাপ প্ৰকাশ কৰিবলৈ উৎসাহিত হৈছে আৰু নতুন কিতাপ প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত হৈছে। লগে লগে সৃষ্টি হৈছে এচাম নতুন লেখক আৰু পঢ়ুৱৈৰ। ‘অসমত কিতাপ লিখি জীৱন নিৰ্বাহ কৰিব নোৱাৰি’ — এই ধাৰণাক গ্ৰন্থমেলাই কিছু পৰিমাণ ভুল বুলি প্ৰতিপন্ন কৰিছে। এনেদৰেই গ্ৰন্থমেলাবোৰ হৈ উঠিছে মানুহৰ সভ্যতা-সংস্কৃতি আৰু আধুনিক জীৱনৰ একান্ত সংগী।
                  *********************************
– খজেন ডেকা, ৰৌতা চাৰিআলি,
  • 31
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.