ইটালীৰ ৰোম মহানগৰীত ধ‍্যানমগ্ন এইজন কোন সন্ন্যাসী? : ৰাণা গগৈ

5a_ৰোম মহানগৰত ধ্যানমগ্ন বাবাজী (Color)
5a_ৰোম মহানগৰত ধ্যানমগ্ন বাবাজী (Color)
  • 71
  •  
  •  
  •  
  •  
    71
    Shares

ইংৰাজীৰ ব‍্যাকৰণৰ শ্ৰেণীত ‘ভূতকাল’ অৰ্থাৎ ‘পাষ্ট টেন্ছ’ৰ বিষয়ে বুজাবলৈ গৈ ইংৰাজী ছাৰে কৈ গ’ল — “I saw the Taj Mahal – এইটো ভুল। শুদ্ধ বাক্যটো হ’ল ‘I have seen the Taj Mahal’ ৷ পিছে এনে কিয় হয়? …” ছাৰে বুজাই গ’ল — “… তাজমহল এনে এটা কীৰ্তিস্তম্ভ যিটো এবাৰ দেখাৰ পাছত কেতিয়াও পাহৰিব নোৱাৰি। দেখাৰ বহু বছৰৰ পাছতো সৌ সিদিনাহে দেখা যেন লাগে। সেয়েহে এই বাক‍্যশাৰী সদায় ‘প্ৰেজেণ্ট-পাৰ্টিচিপল ফৰ্ম’তহে হয়, পাষ্ট টেন্ছত নহয় ৷ অৰ্থাৎ সদায় ‘I have seen the Taj Mahal’ হে শুদ্ধ বাক্য। সকলো বিখ্যাত কীৰ্তিস্তম্ভৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য ….”।

হাইস্কুলত পঢ়ি থকাৰ সময়ত ইংৰাজী বিষয়ৰ শিক্ষকে শিকোৱা এই কথা সিদিনা ভালদৰে বুজি পাইছিলোঁ আৰু চিৰদিনলৈ মনত ৰৈ গৈছিল। এই কথা বুজি উঠাৰ লগতে সিদিনা মোৰ ল’ৰালি মনত পিছে এটা কৌতুহল জাগিছিল — তাজমহলত এনে কিনো কথা আছে যে এবাৰ দেখিলে চিৰদিন পাহৰিব নোৱাৰি? ছমহীয়া পৰীক্ষা আৰু বছেৰেকীয়া পৰীক্ষালৈ বুলি তৈয়াৰী কৰাৰ সময়ত যেতিয়া এই ইংৰাজী বাক্যশাৰী কেইবাবাৰো পঢ়িছিলোঁ, সেই কৌতুহল পাছলৈ গৈ এক হেঁপাহলৈ পৰিণত হৈছিল — জীৱনত তাজমহল অন্ততঃ এবাৰ হ’লেও চাবই লাগিব।

তেনেকৈ ইংৰাজীত এষাৰ বাক্য আছে যি শাৰী বাক্যই মোৰ মনত কৌতূহলৰ পৰা এক হাবিয়াসলৈ ৰূপান্তৰ কৰিছিল — Rome was not built in a day, ভুকুতে কল নপকে। “…. ৰোম মহানগৰীত কি নাই ….” । ছাৰে কৈ গৈছিল, “… চিত্ৰশিল্প, ভাস্কৰ্য‍্য, সাহিত্য, দৰ্শন, বিজ্ঞান, সংগীত, কি নাই?
পৃথিৱীৰ সমস্ত বস্তু এই নগৰীখনত আছে আৰু ইয়াৰ বাবে বহু যুগ লাগিছিল, এদিনতে হোৱা নাছিল। অৰ্থাৎ ভুকুতে কল কেতিয়াও নপকে, বুইছ? ….”।

পাছলৈ দিল্লীত চাকৰি কৰি থাকোঁতে তাজমহল চাবলৈ কেইবাবাৰো গৈছিলোঁ; পূৰ্ণ হৈছিল বাল‍্য কালৰে পৰা সাঁচি ৰখা এটা সাঁচতীয়া সপোন, এটা পুৰণি হেপাঁহ। পিছে ইটালীৰ ৰোম নগৰী একা? Impossible …..।

‘মেনেজমেণ্ট’ৰ ভাষাত কোৱা হয় যে ‘Impossible’ বুলি কোনো কথা নাই, কাৰণ Impossible শব্দটোয়ে নিজেই কয় — I  m  possible । আনহাতে মোৰ তেজৰ গ্ৰূপো ‘Be Positive’ (B+ve)।

ইটালীৰ ঐতিহাসিক মহানগৰ — মিলান (Milan)। এই মিলান নগৰীক পৃথিৱীৰ ‘ফেশ্বন ডিজাইন’ৰ ৰাজধানী বুলি কোৱা হয়। পাশ্চাত্যৰ স্থাপত্যকলাৰ (architecture) ক্ষেত্ৰতটো এই মিলান নগৰখনৰ এটা ডাঙৰ ভূমিকা আছে। এইখনেই মিলান নগৰী য’ত লিঅ’নাৰ্ডো ডা ভিঞ্চিয়ে গীৰ্জাৰ এখন প্ৰাচীৰত বিশ্ববিখ্যাত ‘দি লাষ্ট চাপাৰ’ (The Last Supper) ছবিখন আঁকিছিল। ভিঞ্চিয়ে কেনভাচছত অঁকা ‘মনালিছা’ ছবিখনৰ দৰে, প্ৰাচীৰত অঁকা (wall painting) এই লাষ্ট ছাপাৰ ছবিখনো বিশ্ব বিয়পি যুগ যুগ ধৰি সমাদৃত। সেই ৫০০ বছৰীয়া পুৰণি ছবিখন এই মিলান নগৰীত এতিয়াও দেখিবলৈ পোৱা যায়।

ফুটবলপ্ৰেমীসকলৰ মাজত ‘এ চি মিলান’ (AC Milan) নামটো খুবেই পৰিচিত। মিলান নগৰীৰ স্থানীয় ফুটবল দলটোৱেই হ’ল এ চি মিলান, যিটো দল ইউৰোপীয় ফুটবল খেলত এটা ভাল দল হিচাবে জনপ্ৰিয়তা আছে।

এই মিলান নগৰীত অৱশ্যে মোৰো এখন চিনাকি ঠাই আছে আৰু সেইয়া হ’ল — মই বৰ্তমান কৰ্মৰত কোম্পানীৰ এক গুৰুত্বপূৰ্ণ ‘ক্লায়েণ্টৰ’ মুখ্য
কাৰ্য‍্যালয়। এই মিলান নগৰীৰ মাজমজিয়াতে অৱস্থিত ক্লায়েণ্টৰ মুখ্য কাৰ্য‍ালয়লৈ মোৰ মাজে-সময়ে গৈ থকা হয়।

তেনে এক ‘অফিচিয়েল’ ভ্ৰমণত মই এবাৰ মাজতে দুদিন, অৰ্থাৎ শনি আৰু দেওবাৰে আজিৰ সময় পালোঁ। অফিচিয়েল ভ্ৰমণবোৰৰ মাজত শনি আৰু দেওবাৰ আহি পৰিলে মই বৰ ভাল পাওঁ, কয় নহয় বোলে — এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিনীৰ বিয়া। সেয়ে এই আজৰি দুদিনত মই ৰোম মহানগৰ চোৱাৰ সোণালী সুযোগটো হেৰুৱাব নিবিচাৰিলোঁ।

মিলান আৰু ৰোমৰ মাজৰ দূৰত্ব প্ৰায় ৫৬০ কিলোমিটাৰ। দূৰত্ব যথেষ্ঠ যদিও ইমানখিনি দূৰত্ব ইন্টাৰচিটী হাই স্পীড ৰে’লে (high speed train) মাত্ৰ
তিনি ঘন্টামান সময়ত পূৰা কৰে; (আমৰ দেশত এনে উন্নত ৰে’লৰ অত্যন্ত প্ৰয়োজন আছে)। মই পাৰ্যমানে যিমান সোনকালে পাৰোঁ হোটেল ৰূম এৰি মহানগৰ ৰোমত উপস্থিত হোৱাটো বিচাৰিছিলোঁ যাতে সম্পূৰ্ণ দুদিন এই মহানগৰীখন চাব পাৰোঁ। সেয়ে শুক্ৰবাৰে ক্লায়েণ্টৰ কাৰ্য‍ালয়ত কৰিবলগীয়া মোৰ কামবোৰ সমাপন কৰি, সন্ধিয়া পোনে পোনে ৰে’ল ষ্টেচন পালোঁগৈ, মেট্ৰ’ ৰেলৰ অহা-যোৱা টিকট এটা আগতীয়াকৈ ল’বলৈ।

পুৱা পাঁচ বজাত এৰিবলগীয়া প্ৰথম ৰে’লখনেৰে যাত্ৰা কৰিবৰ বাবে মই টিকট লৈছিলোঁ। কিন্তু মই নিৰ্ধাৰিত সময়তকৈ বহু আগতেই মিলান চেন্ট্ৰেল ৰে’ল ষ্টেচনত হাজিৰ হৈছিলোঁ। সঁচা কথা ক’বলৈ গ’লে, মোৰ আগনিশা ভালদৰে টোপনি অহা নাছিল। ল’ৰালি কালৰ সপোন এটা পূৰণ হ’বলৈ আৰু কেইমুহূৰ্তমান বাকী, এই কথাই মোক উত্তেজিত কৰিছিল, মোৰ মন আনন্দত আত্মহাৰা হৈ উঠিছিল।

যথা সময়ত মই ৰে’লত বহি মিলানৰ পৰা ৰোম মহানগৰী অভিমুখে যাত্ৰা কৰিলোঁ।

ইউৰোপ মহাদেশৰ যিকেইটা বৃহত্তৰ ৰে’ল ষ্টেচন আছে তাৰ ভিতৰত ৰোমৰ ‘ৰমা টাৰমিনি’ নামৰ এই ষ্টেচনো এটা, যিটো ইটালীৰ ৰাজধানী এই ৰোম মহানগৰীৰ মুখ্য ৰে’ল ষ্টেচন। অৱশেষত প্ৰায় পুৱা ৮.০০ বজাত মই এই ৰমা টাৰমিনি ৰে’ল ষ্টেচনত উপস্থিত হলোঁ।

এইখনেই ৰোম মহানগৰ যি পাশ্চাত্য সভ‍্যতাৰ মাতৃভূমি। এইখনেই ৰোম নগৰ যি ইউৰোপৰ ৰেনেছাঁ যুগৰ সূচনাত এক মুখ্য ভূমিকা লোৱাই নহয়, সময়ত এক মুখ্য কেন্দ্ৰও হৈ পৰিছিল। এইখনেই ৰোম নগৰ যি শিল্প, সাহিত্য, দৰ্শন আৰু বিজ্ঞানৰ ন ন অন্বেষণ আৰু চিন্তাই ইউৰোপ, বৃটেইন আনকি আমেৰিকা আৰু এছিয়াৰ বহুতো দেশ জোকাৰি গৈছিল, গধুৰ চিন্তাৰ পলস পেলাইছিল। এইখনেই ৰোম নগৰ যাৰ পটভূমিত শ্বেইকছপীয়েৰৰ চিন্তাত জুলিয়াচ ছিজাৰ, এন্টনী, ব্ৰূটাছ আদি একো একোটা বিখ্যাত চৰিত্ৰৰ জন্ম লৈ অমৰ হৈ ৰৈছে। এইখনেই ৰোম মহানগৰ য’ত মাইকেল এঞ্জেলোৰ যাদুকৰী হাতৰ পৰশ পাই নিষ্প্ৰাণ পাষাণৰ টুকুৰায়ো প্ৰাণ পাই উঠিছিল, নিৰ্বিকাৰ শিলাখণ্ডয়ো কবিতা কবিতা লগা অনুভূতিৰ সঞ্চাৰ কৰিছিল। এইখনেই ৰোম নগৰী য’ৰ পৰা পৰোৱানা পঠিওৱা হৈছিল গ‍েলিলিওক শাস্তি বিহিবলৈ, যিহেতু গ‍েলিলিওৱে ’সূৰ্য নহয় পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে’
বুলি কৈ পোপ (Pope)ৰ ৰোষত পৰিছিল।

ইটালীৰ এনে এখন ঐতিহাসিক মহানগৰীত উপস্থিত হ’বলৈ পাই অভিভুত হৈছিলোঁ, নিজকে ধন্য মানিছিলোঁ।

দুদিনত মই দৰ্শন কৰিবলগীয়া স্থানবোৰৰ তালিকাখন দীঘলীয়া। আচলতে ভালকৈ চাওঁ বুলিলে ৰোম মহানগৰীখন দুদিনত চাই শেষ কৰিব নোৱাৰি। তদুপৰি কেৱল মহানগৰীখনেই নে? আচৰিত যে, এই মহানগৰীখনৰ চাৰি সীমাৰ ভিতৰত এখন দেশ আছে, পৃথিৱীৰ ক্ষুদ্রতম দেশ — ‘ভেটিকান চিটি’। নেদেখাকৈ বুজিব নোৱাৰি যে এখন মহানগৰৰ ভিতৰত কেনেকৈ তেনেই অকণমানি স্বাধীন দেশ এখন থাকিব পাৰে। ভাবি চাওকচোন, যদি গুৱাহাটীৰ ভিতৰতে থকা গণেশগুড়িখন যদি এখন স্বাধীন দেশ হয়? আচৰিত হোৱাৰ লগতে হাঁহি উঠাৰ কথাও নহয়নে বাৰু? নক’লেও বুজিব পাৰি যে এই ক্ষুদ্রতম দেশখন, নগৰখনৰ ভিতৰত অৱস্থিত হোৱাৰ বাবে চকুৰে দেখাকৈ নিজস্ব কোনো দেশীয় সীমা নাই, যি আছে কাগজ-পত্ৰতহে আছে। আপুনি যেতিয়ালৈকে ইউৰোপৰ ভিতৰত আছে তেতিয়ালৈকে এই ভেটিকান চিটি দেশখনত প্ৰৱেশ কৰিবলৈ কোনো ধৰণৰ পাছপোৰ্ট বা ভিছা নালাগে, বঢ়িয়া নহয়নে?

ভেটিকান চিটিৰ উপৰি এই ৰোমতেই আছে পৃথিৱীৰ সাতোটা আশ্চৰ্য‍ৰ ভিতৰত এটা, সেইটো হৈছে — ক’লোজিয়াম (Colosseum)। ৰোমৰ এই ‘আইকনিক’ কীৰ্তিস্তম্ভ ক’লোজিয়ামে বহু যুগ ধৰি সপ্ত-আশ্চৰ্য‍ৰ (7 wonders) এটা স্থান দখল কৰি আহিছে। ২০০৭ চনৰ ৭ জুলাই অৰ্থাৎ ০৭.০৭.০৭ তাৰিখত এই বিষয়ৰ এখন আন্তৰ্জাতিক কমিটীয়ে প্ৰকাশ কৰা নতুন তালিকাখনত এই ক’লোজিয়ামে দুনাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সেই নতুন তালিকাতখনত আমাৰ ভাৰতৰ তাজমহলো আছে। মুঠতে দৰ্শন কৰিবলগীয়া তালিকাখন সঁচাই দীঘলীয়া।

‘টাইম মেনেজমেণ্ট’ বিষয়ে পঢ়োঁতে এটা কথা শিকোৱা হৈছিল যে সৰ্বপ্ৰথমে ডাঙৰ ডাঙৰ (ঘাই ঘাই) কামবোৰ কৰি ল’ব লাগে; সৰু সৰু অথবা খুচুৰা কামবোৰ এই ডাঙৰ কামৰ ফাঁকে ফাঁকে হৈ যায়। এই সূত্ৰ অনুসৰি মই সৰ্বপ্ৰথমে ক’লোজিয়াম দৰ্শন কৰাটো ঠিৰাং কৰিলোঁ।

ক্ষন্তেক আগতে আশ্ৰয় লোৱা মোৰ হোটেলখনৰ পৰা ক’লোজিয়ামৰ দূৰত্ব মুঠেই এক কিলোমিটাৰ। সেয়ে মই চহৰৰ মাজে মাজে, এজন পৰ্যটক হৈ, খোজ কাঢ়ি আগ বাঢ়িলোঁ। এনেদৰে গৈ থাকোঁতে মই ভালদৰে  বুজি পাইছিলোঁ যে এই মহানগৰখনলৈ ভালে সংখ্যক দেশী আৰু বিদেশী পৰ্যটকৰ সমাগম হয় আৰু এনে সমাগম সম্ভৱতঃ গোটেই বছৰটো হৈয়েই থাকে।

ক’লোজিয়াম পাবলৈ প্ৰায় চাৰিশ মিটাৰমান থাকোঁতে মই হঠাৎ ৰৈ দিলোঁ। মই আচৰিত বিষয় এটাৰ সন্মুখীন হলোঁ। মই নিজেই নিজৰ চকুহালক বিশ্বাস কৰিব পৰা নাছিলোঁ। নিজকে বাৰম্বাৰ সুধিলোঁ — ই মই কি দেখিছোঁ, ই বাৰু সঁচানে? ভাৰতবৰ্ষৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈত এই ৰোম মহানগৰীৰ ৰাজপথত এইজন কোন সাধু-বাবাজী? গেৰুৱা বস্ত্ৰ পৰিধান কৰা এইজন কোন সন্ন্যাসী? ৰুদ্ৰাক্ষৰ মালা পিন্ধি এক গভীৰ তপস্যাত নিমগ্ন এইজন ক’ৰ ঋষি-মুনি? এইখন এখন মূলতঃ ৰোমান কেথলিকৰ দেশ। এই মহানগৰীখনত অকলেই প্ৰায় এহেজাৰমান গীৰ্জাঘৰ আছে। কিৰিলি পাৰিলে শুনি পোৱা দূৰত্বত সৌৱা ভেটিকান চিটি যাৰ প্ৰধান ৰাষ্ট্ৰনেতা এজন পোপ হয়। এনে এখন ঠাইত গেৰুৱা বস্ত্ৰ পিন্ধি ধ‍্যানমগ্ন সন্ন্যাসী ক’ৰ পৰা ওলাল?

মই তাতোকৈ বেছি আচৰিত হ’লোঁ যে সন্ন্যাসীজন কেৱল নিবিড় ধ‍্যানমগ্নই নহয়, তেওঁ মাটিৰ পৰা প্ৰায় তিনি ফুটমান উচ্চতাত সম্পূৰ্ণ শূন্য়ত চকু মুদি ধ‍্যানমগ্ন হৈ বহি আছে। অৰ্থাৎ একপ্ৰকাৰ বতাহত ওপঙি আছে, ই কেনেকৈ সম্ভৱ? কেইবছৰমান আগতে এবাৰ হৰিদ্বাৰ আৰু ঋষিকেশলৈ যাওঁতে বহুতো সন্ন্যাসী দেখিছিলোঁ।  কিন্তু ইমানবোৰ সন্ন্যাসীৰ মাজত মই এনে এজনো সন্ন্যাসী নেদেখিলোঁ যি বতাহত ওপঙি বা শূন্যত ভাঁহি থাকি গভীৰতম তপস্যাত নিজকে এনেদৰে মগ্ন কৰিব পাৰে।  কিন্তু এই ৰোম মহানগৰীৰ ৰাজপথত ই কি অলৌকিক? তাতে আকৌ এনে এটা পথ য’ত মানুহৰ  সমাগম যথেষ্ট বেছি, গাড়ীয়ে-মটৰৰ কোলাহলো আছে। মোৰ মনে ধৰিছিল, ই নিশ্চয় কোনো  অলৌকিক শক্তি নহৈ নিশ্চয় কিবা এটা কিটিপ থাকিব পাৰে৷ পিছে এই কিটিপটোনো কি?

ঠিক তেনে সময়ত প্ৰায় ২৩ — ২৫ বছৰীয়া ডেকা যুৱক এজন ধ‍্যানমগ্ন সন্ন্যাসীজনৰ ওচৰৰ দলিচা এখনত সজাই থোৱা ভিন্ন ৰঙৰ ফুলবোৰ আৰু কিছু ভালদৰে সজাই, বাটৰুৱাই আগবঢ়োৱা দক্ষিণাৰ পাত্ৰটো নিৰীক্ষণ কৰি হঠাতে নোহোৱা হ’ল। তাৰ মানে, মই বুজিলোঁ, এই ডেকা যুৱকজন সন্ন্যাসীজনৰ নিকটতম কোনোবা হয়। ডেকা যুৱকজনৰ সাজ-পোচাক আৰু দেখাত সম্পূৰ্ণ ভাৰতীয় আছিল।

মই কাষতে থকা পথৰ বেঞ্চখনত কিছু সময় বহিলোঁ, ইতিমধ্যে সন্ন্যাসীজনৰ ফটো এখনো ললোঁ।

এনেতে ডেকা যুৱকজন কিছু দূৰৈত পুনৰ আৱিৰ্ভাৱ হৈ সন্ন্যাসীজনৰ উদ্দেশ্যে চিঞৰি কিবা এটা কোৱা যেন লাগিল। কিনো ক’লে নুবুজিলোঁ, কিন্তু এটা কথা বুজিলোঁ যে তেওঁ কোৱা ভাষাটো আছিল বাংলা ৷ মানে দুয়ো কলিকতা বা পশ্চিমবংগৰ হ’ব লাগিব, যি আমাৰ ওচৰ-চুবুৰীয়া ৰাজ্য। বিদেশত ভাৰতীয় লোকক লগ পালে, স্বয়ংক্ৰিয়ভাৱে মনত কিবা এটা আপোনত্বৰ ভাব জাগি উঠে। তাতে এওঁ আকৌ আমাৰ ওচৰ-চুবুৰীয়া ৰাজ্যৰ। সেয়ে মই যুৱক জনক লগ পাবলৈ ইচ্ছুক হ’লোঁ।

আপোনাৰ এই কথাত দ্বিমত নাথাকিব চাগে’ যে কেতিয়াবা এজন ব‍্যক্তিৰ লগত বহুদিন ভাল চিনাকি থাকিও কিবা কাৰণত সুহৃদ সম্পৰ্ক গঢ়ি নুঠিবও পাৰে। কিন্তু আন কেতিয়াবা অতি কম সময়ৰ ভিতৰত, সদ‍্যহতে চিনাকি হোৱা এজনৰ লগতো আপোনাৰ এটা সুহৃদ সম্পৰ্ক গঢ়ি উঠিব পাৰে। ইয়াকেই বোধহয় ইংৰাজীত ‘connect’ কৰা বুলি কোৱা হয়। সিদিনা ৰাজপথত লগ পোৱা সেই ডেকা যুৱকজনৰ লগত মইও তেনে এটা ‘কানেক্ট’ সহজে কৰিব পাৰিছিলোঁ।

মই বাংলা ভাষা বুজি পাওঁ, সাৱলীলভাৱে ক’ব নোৱাৰিলেও বেয়া নকওঁ অৱশ্য়ে।সিদিনা ৰোম মহানগৰীৰ ৰাজপথত, নাতিদূৰৈত থকা বিখ্যাত কীৰ্তিস্তম্ভৰ সন্মুখত, আমাৰ দুয়োৰে বাংলা ভাষাত হোৱা কথোপকথনৰ সাৰমৰ্মখিনি আছিল এনে ধৰণৰ — ডেকা যুৱকজনৰ নাম হাছান আলী। জগত-শূন্য কৰি ধ‍্যানমগ্নত বহি ঋষি-মুনি হৈ থকাজনৰ নাম ’মইনুল’ (উপাধিটো পাহৰিলোঁ)। সিহঁত কলিকতাৰ নহয়, পশ্চিমবংগৰো নহয়। সিহঁত আচলতে পূৰ্ববংগ অৰ্থাৎ বাংলাদেশৰ ‘ৰাণীগঞ্জ’ নামৰ ঠাইৰ পৰা অহা। সিহঁতৰ লগত আৰু এজন আছে যিজন এই ঠাইখিনিৰ পৰা অলপ দূৰৈত
এনে একেই সন্ন্যাসী ৰূপত ধ‍্যানমগ্ন হৈ বতাহত বহি আছে। এই তিনিওজন একেলগে একেটা কোঠাত থাকে, অৰ্থাৎ সিহঁত তিনিওজন ‘ৰুম-মেট’ । তিনিওজনে এই ৰোম নগৰত নিম্ন পৰ্য‍ায়ৰ চাকৰি কৰে। যিহেতু শনি আৰু দেওবাৰে সিহঁতৰ কাৰ্যালয় বন্ধ থাকে, সেয়েহে এই দুদিনত এনে কাৰ্য‍ কৰি কিছু অতিৰিক্ত ধন উপাৰ্জন কৰে। দুয়োজন সন্ন্যাসী যিহেতু চকু মুদি দিনটো তপস্যাত থাকে, সেয়ে এই ডেকাজনে সিহঁতৰ ‘বিকল্প চকু’ হৈ দুয়োৰে যতন লয়, তদাৰক কৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন নহয়। দিনটোৰ অন্তত, উপাৰ্জন হোৱা ধনখিনি তিনিওৰে মাজত ভাগ হয়।

‘ৱৰ্ক পাৰ্মিট’ (work permit) ভিছা লৈ ইটালীলৈ অহাৰ প্ৰক্ৰিয়াটোনো কি বুলি মই সোধাত, হাছান আলীয়ে মোক জানিব দিলে যে – কেৱল ইটালীয়েই নহয়, ইউৰোপৰ আন কেবাখনো দেশ লগতে আমেৰিকা, অষ্ট্ৰেলিয়া আৰু আনকি এছিয়াৰ কেইখনমান দেশ (জাপান, কোৰিয়া, ছিংগাপুৰ, আৰৱ দেশ আদি) লৈ ভিছাসহ কৰ্মৰ ব‍্যৱস্থা কৰি পঠিয়াব পৰা বাংলাদেশত বহুতো ‘এজেন্ট’ আছে, যাৰ দ্বাৰাই এই তিনিওজন ৰোমলৈ আহিবলৈ সক্ষম হৈছিল।

নজনা কথা এটা জানিলোঁ। কিন্তু মোৰ মূল প্ৰশ্নটোৰ উত্তৰ তেতিয়াও পোৱা নাছিলো, মোৰ কৌতূহলৰ ওৰ তেতিয়াও পৰা নাছিল। সন্ন্যাসীজন বতাহত ওপঙি অথবা শূন্যত ভাঁহি থাকে কেনেকৈ — এই কথা মই হাছান আলীক জোৰ দি সুধিছিলোঁ। কিন্তু হাছান আলীয়ে এই বিষয়ে জনাবলৈ মোক অনিচ্ছা প্ৰকাশ কৰিছিল, মাথোঁ কৈছিল — “দাদা, ইয়াৰ বাবে ‘সাধনা’ লাগে …”।

হাত-ঘড়ীটোলৈ চালোঁ, অনুভৱ কৰিলোঁ যে ইতিমধ্যে বহু সময় পাৰ হৈ গ’ল। মই হঠাৎ আন এক কথাৰ শুংসূত্ৰ বিছাৰি গৈ ‘টাইম মেনেজমেণ্ট’ৰ মূল সূত্ৰটো পাহৰি গৈছিলোঁ।

মই সিদিনা ক’লোজিয়াম চালোঁ, ভেটিকান চিটি চালোঁ; আৰু দুয়োটা দিনত ৰোম মহানগৰীত অৱস্থিত বিশ্ববিখ্যাত বহুতো স্থান আৰু কীৰ্তিস্তম্ভ দৰ্শন
কৰিবলৈ মোৰ সৌভাগ্য হৈছিল। মোৰ এই ভ্ৰমণত বাল‍্যকালৰে পৰা সাঁচি ৰখা সপোন কিছুমানৰ এটা ডাঙৰ সপোন ‘পূৰণ’ হ’ল আৰু লগতে কোনোদিনে পাহৰিব নোৱাৰা, চিৰজীৱনলৈ বুলি বহুতো মধুৰ স্মৃতিৰ ‘যোগ’ হল।

মোৰ দুদিনীয়া ৰোম ভ্ৰমণ সমাপ্ত কৰি, যথা সময়ত মিলানলৈ উভতিছিলোঁ। মিলানত মোৰ অফিচিয়েল জৰুৰী কামখিনি সমাপন কৰি, সময়ত নিজ দেশৰ কৰ্মস্থানলৈ উলটি আহিলোঁ  যদিও ৰাজপথৰ সন্ন্যাসীৰ সেই অলৌকিক অথবা কিটিপৰ কৌতূহলটো মোৰ মনত মাজে মাজে জাগি উঠিছিল।

এই যাত্ৰাৰ কিছু সপ্তাহৰ পাছত, এদিন হঠাৎ ‘Tricks Revealed’ নামৰ এটা দূৰদৰ্শনৰ প্ৰগ্ৰেম  চাই আচল কিটিপটো সহজে বুজি পালোঁ।

ঠিক দলিচাখনৰ তলত, যিখন দলিচা ফুলেৰে সজোৱা আছিল, লোহাৰে নিৰ্মিত এখন বহল আৰু মজবুত ফলক (plate) থাকে আৰু সেইখনৰ লগত সংলগ্ন থাকে এডাল লোহাৰ নলী (য’ত সন্ন্যাসীজনে সোঁহাতখন থয়)। এই নলীৰ লগত কিছু একা-বেঁকাকৈ লোহাৰ দণ্ডৰে সংলগ্ন কৰা থাকে এখন আসন য’ত ব‍্যক্তি এজন বহিব পাৰে। আনজন বন্ধুৰ সহায় লৈ ঋষি-মুনিৰ প্ৰয়োজনীয় সাজ-পোছাক, আ-অলংকাৰবোৰ পিন্ধি লোৱা হয়; লোহাৰ দণ্ডবোৰ আৰু আসনখনো এই পোছাকেৰে ঢাক খাই পৰে। এনেদৰেই হৈ পৰে এজন সন্ন্যাসী, গেৰুৱা বস্ত্ৰ পৰিধিত পৃথিৱীৰ নিবিড়তম ধ‍্যানমগ্ন এজন মুনি,
ভাৰতবৰ্ষৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈত।

প্ৰগ্ৰেমটো চাই উঠি হাছান আলীলৈ মনত পৰিল। মোক যে কৈছিল ‘সাধনা’ লাগে বুলি, হয়তো তেওঁ মিছা মাতিছিল অথবা মোৰ শুনা বা বুজা ভুল হৈছিল ৷ ‘সাধনা’ নহয়, আচলতে ‘সাধন’হে লাগে।

[ লেখক বহুজাতিক প্ৰতিষ্ঠানত কৰ্মৰত, দেশ-বিদেশৰ ভ্ৰমণৰ অভিজ্ঞতাৰে পুষ্ট এজন জনপ্ৰিয় লেখক ]

” ধৰাৰ দিহিঙে দিপাঙে” ৰাণা গগৈৰ প্ৰথম ভ্ৰমণ কাহিনীৰ পুথিখন এই মাহতেই প্ৰকাশ হৈ ওলাইছে । মণিকূট পৰিয়ালৰ তৰফৰ পৰা গগৈদেৱলৈ আন্তৰিক অভিনন্দন তথা ওলগ জনাইছোঁ। অগতানুগতিক ভ্ৰমণ কাহিনীৰ এই আটকধুনীয়া কিতাপখনে পঢ়ুৱৈৰ মন জিনিব বুলি আমি নিশ্চিত।

  • 71
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.