বজালীৰ শব্দকোষ ৪: ডঃ জয়ন্ত কুমাৰ শৰ্মা

বজালীৰ শব্দকোষ
বজালীৰ শব্দকোষ
  • 62
  •  
  •  
  •  
  •  
    62
    Shares

অ’ৰঃ ইয়াৰ, এই ঠাইৰ। যেনে – ইয়াধ্ধৰি একো বিচৰি নাপ হৈছি, অ’ৰ বস্তু ত’ত থয়ে।

অ’ৰপেঃ  ইয়াৰ পৰা। যেনে – অই জেলকা, বস্তুগিলা অ’ৰপে ত’ত নেনবি।

অৰণিঃ ওৰণি, তিৰোতাই মূৰ ঢাকি লোৱা কাপোৰ। যেনে – কইনাটুৰ অৰণিখেন ভালকে দিয়া।

অৰ্ হিঃ উৰহি, লতাজাতীয় চেইথকা উদ্ভিদ। যেনে – তুহাৰ ঘৰৰ অৰ্ হি কেইপেট মস্ত সদ এ।

অল্ ঃ ওলা, বাহিৰ হ। যেনে – ও আপীটু অল্ ছ? দেৰীয়ে হ’ব ইতা।

অলগদ্ধঃ জধামূৰ্খ, নিৰ্বোধ। যেনে – ই মহা অলগদ্ধ এ, এটা কামো ভালকে কৰবা নৰে।

অলং নলংকেঃ দোধোৰ মোধোৰকৈ। যেনে – এনেকে  অলং নলংকে অলছা যি পূজা চাবা মন আছেনা নাই?

অলপমেনঃ অলপমান, অকণমান। যেনে – মোক অলপমেন ভাত দি।

অলমঃ ওলম, মিস্ত্ৰীৰ সঁজুলি। যেনে – অই জাকিৰ, অলমটু লৈ আহ।

অল্ মে থঃ ওলোমাই থ, আঁৰি থ। যেনে – অ মাইছানা, তেলৰ বটলটু লৈ আহ, পাকঘৰত অল্ মে থ আছে দে।

অলে আহ্ ঃ ওলাই আহ। যেনে – অই ৰাজা, অলে আহ্ , মণ্টুৰ তাতে যাবা লাগে।

অলে থাক্ ঃ ওলাই থাক। যেনে – আব্দুল তই অলে থাক্, আমি আহি তোক লৈ যাম।

অলৌ তলৌঃ অনাই বনাই, ইফালে সিফালে। যেনে – অই ৰাধা, পৰীক্ষা আইহছি, এনেকে অলৌ তলৌকে ঘূৰি নুফুৰবি।

আহুচ, অশুচঃ অশৌচ, অশুচি কাল। যেনে – জেঠা আহাৰ বিয়াখেন নহব হেন পাইছু, মাজু দাদা আহাৰ আহুচ লাগছি।

অসুইখাঃ অসুখীয়া, ৰুগীয়া। যেনে – কি কচ্চায়ে, তই এই অসুইখা চলিটু কিয় লৈ আইহচা?

অহল্ বহল্ ঃ আহল বহল, মুকলি, বাহুল্য। যেনে – মই অলপ অহল্ বহল্ কে থাকিহে ভাল পাউং।

অহ্ লিঃ ওহালি, শিপিনীয়ে শালত বব পৰা অংশ। যেনে – অই ৰুণু, বিহু আইহচি এ, আজি দুই অহ্ লি কাপুৰ নুবকে নাজবি।

অহে, অহেদি, অহেদ্দেখিঃ এইফালে, এইপিনে। যেনে – মাধৱ, ধান কাটবা যাৱতে অহেদ্দেখি সুমে যাবি।

[স্বৰবৰ্ণৰ “অ” বৰ্ণ সমাপ্ত]

  • 62
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.