গ্ৰন্থশিল্পঃ সোণৰ চামুচ মুখত লৈ – বিক্ষিপ্ত আত্মজীৱনীঃ দীপক শৰ্মা

সোণৰ চামুচ মুখত লৈ
সোণৰ চামুচ মুখত লৈ
  •  
  •  
  •  
  •  
  •  

প্ৰসঙ্গক্ৰমে কৈ ল’ব বিচাৰিছোঁ, যদিও এই শিতানটি ‘গ্ৰন্থ সমালোচনা’ নামেৰে নামকৰণ কৰা হৈছে, মোৰ লেখাটো কিন্তু সমালোচনা নহয়। গ্ৰন্থখন পঢ়াৰ পিছৰ মোৰ অনুভৱখিনিহে ইয়াত ব্যক্ত কৰা হৈছে। শিতানটিৰ নাম ‘গ্ৰন্থশিল্প’ দিব পাৰি নেকি উপযুক্তজনে বিবেচনা কৰিব। কিছুদিনৰ আগৰ কথা। শুভাকাংক্ষী দাদা এজনে মোৰ হাতত এখন কিতাপ দেখি সুধিলে মই কি পঢ়িছোঁ। কিতাপখনৰ নাম কলোঁ। দাদাজনে কলে – মই আজি এখন কিতাপ পঢ়ি শেষ কৰিলোঁ, বৰ সুন্দৰ কিতাপখন – পঢ়ি চাবাচোন। ভাল পাবা। দাদাই নামটো ক’লে – ‘সোণৰ চামুচ মুখত লৈ’, ডঃ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী।

কিতাপখন প্ৰকাশৰ খবৰ মই পাইছিলোঁ, কিন্তু পাহৰি গৈছিলোঁ। দাদাক সুধিলোঁ কিতাপখন দিব নেকি। তেখেতে দিম বুলি ক’লে। কিন্তু দিয়াটো নহ’লগৈ। তেনেতে এদিন আমাৰ পুথিভঁৰালৰ নতুন গ্ৰন্থসংগ্ৰহৰ মাজত কিতাপখন দেখিলোঁ। আঃ পাই গ’লো- মনটো লকলকাই উঠিল। বিলম্ব নকৰি কিতাপখন হস্তগত কৰিলোঁ। ঘৰলৈ আহি সন্ধিয়াৰে পৰা পঢ়িবলৈ ললোঁ, নহয় ক’ব পাৰি গো-গ্রাসে গিলিবলৈ ললো বুলি। শনি-ৰবিবাৰ দুদিন বন্ধ, গতিকে অত্যাৱশ্যকীয়ৰ বাহিৰে আন কাম বাদ দিলোঁ।

সোণৰ চামুচ মুখত লৈ
কেইদিনমান পিছত দাদাক লগ পাই কলোঁ কিতাপখন পোৱাৰ কথা। সুধিলে কেনে পালোঁ- কলোঁ। দাদাই কলে- লিখি দিবাচোন তোমাৰ অনুভৱখিনি। ডঃ প্ৰণৱজ্যোতি ডেকাৰ ৰচনাই ইতিমধ্যে অসমীয়া সাহিত্যত এক সুকীয়া স্থান অধিকাৰ কৰিছে। তেখেতৰ লেখা সততে ব্যতিক্ৰমী লেখা হিচাপে পৰিচিত হৈ আহিছে। গতিকে তেখেতৰ আত্মজীৱনী পঢ়িবলৈ লৈ আশা কৰিছিলোঁ এখন অগতানুগতিক আত্মজীৱনী, যত সচৰাচৰ জীৱনবৃত্তৰ বাহিৰেও আন কিবা পাব পাৰোঁ। কিন্তু কি পাম সেইয়া ডঃ ডেকাই হে ক’ব পাৰিব, পঢ়ুৱৈয়ে অনুমান কৰা কেতিয়াও সম্ভৱ নহয়। ‘সোণৰ চামুচ মুখত লৈ’ও ইয়াৰ ব্যতিক্ৰম নহয়। পঢ়ুৱৈয়ে গ্ৰন্থখনৰ পৃষ্ঠাই পৃষ্ঠাই তাৰ প্ৰমাণ পাব। তেখেতৰ এজন শিষ্যই হেনো ভৱিষ্যতবাণী কৰিছিল এইবুলি ‘… অতএব চাৰ, আপুনি বৰ নিমাখিত আত্মজীৱনী নিলিখিব’। অৰ্থাৎ ডঃ ডেকাৰ ৰচনা নিমাখিত হোৱাৰ কথাই নাহে।

সুদীৰ্ঘ আত্মজীৱনীখন আগকথা বাদ দি কুৰিটা অধ্যায়ত বর্ণনা কৰা হৈছে। সেইকেইটা হল ক্ৰমে- সোণৰ চামুচ মুখত লৈ, অনাদি পাতন, বাল-গোপালৰ সোণৰ বাঁহী, সৰস্বতী বন্দনা, কামৰূপ-কামাখ্যা আৰু ভাৰতৰ স্কটলেণ্ড, পুনৰ কামৰূপ-কামাখ্যা, স্নাতক মহলালৈ, কাশীত স্নাতকোত্তৰ পাঠ, বিৰাম কাল, টাসখন্দ, লেনীনগ্ৰাডত অৱস্থান, মোৰ বৈজ্ঞানিক গৱেষণাৰ ফল : জীৱনত, জিলিকিছে লুইতৰে পাৰ, জীৱনে মোক কি শিকালে, জীৱনৰ অধোবিন্দু, মোৰ জীৱনত ৰাজনীতি আৰু সাহিত্য চৰ্চা, মোৰ যৌন অন্বেষণৰ কাহিনী, অনুভূতি, ভূত আৰু অদ্ভূত, বিবিধ, আৰু সদৌ শেষত সময় বালিত খোজ। অধ্যায় কেইটাৰ প্ৰতিটো শিৰোনামাই স্ব-অৰ্থবাহক। মোৰ অনুভৱ, পঢ়ুৱৈয়ে শিৰোনামা এটি পঢ়ি অধ্যায়টোৰ পৰা যিমান আশা কৰিব তাতকৈ কিছু বেছিকৈয়ে পাব।

কিতাপ খনৰ প্ৰথম অধ্যায় – সোণৰ চামুচ মুখত লৈ। ইয়াত লেখকৰ শৈশৱ কালৰ চাৰি বছৰ বয়সৰে পৰা বৰ্ণনা কৰিছে। জন্মতে মুখত লৈ অহা ‘সোণৰ চামুচ’ৰ বিড়ম্বনা অকণো লুক-ঢাক নকৰাকৈ প্ৰতিটো অধ্যায়তে প্ৰকাশ কৰিছে। লেখকৰ ভাষাতেই – “…সদায় ক’বলৈ মন গৈছিল, সোণৰ চামুচ ডিঙিত বজি মৰিব ধৰিছিলোঁ কেবা বাৰো জীৱনত। সোণৰ কথা বাদেই দিয়ক, মোৰ মুখত চামুচ আছিলনে কি আছিল কোনোবাই চাইছেনে বিচাৰ কৰি?”
অগতানুগতিক ৰচনাশৈলী আৰু তীক্ষ্ণধাৰ ভাষা হৈছে ডঃ প্ৰণৱজ্যোতি ডেকাৰ লেখাৰ চিনাকি। কিতাপখনৰ ভাষাৰ তীক্ষ্ণতাৰ বিষয়ে উদাহৰণ দি লেখাটি দীঘলীয়া কৰাৰ অভিপ্ৰায় মোৰ নাই।
আত্মজীৱনীখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ৰচকৰ সম্ভৱপৰ নিৰ্মোহ আত্মবিশ্লেষণ। কেতিয়াবা তেখেতে নিজকে প্ৰকাশ কৰিছে কঠোৰ ব্যক্তি ৰূপে, কিন্তু কঠোৰতাৰ আৰত লুকাই থকা কোমলতাখিনি প্ৰকাশ নোপোৱাকৈ থকা নাই। যেনে – ‘…আমাৰ প্ৰাপ্তবয়স্ক অৱস্থাতো গুণি চাইছোঁ, আমাৰ মাৰ মোৰ প্ৰতি যেন এক hidden resentment আছিল। … মই পিতাৰ দীঘল দীঘল আঙুলিৰ মাজত মোৰ মাতৃৰ পৰা পোৱা চুটি চুটি আঙুলিৰ হাতখন সুমাই দি পিতাৰ টোপনী নহালৈকে বহি থাকিছিলোঁ …।’ ডঃ ডেকাই আত্মবিশ্লেষণ কৰিয়েই ক্ষান্ত থকা নাই। তেখেতৰ সংস্পশলৈ অহা প্ৰতিটো বিষয় বা প্ৰতিজন ব্যক্তিকেই সম্ভৱত তেখেতে চুই গৈছে। তেখেতে জীৱনৰ সম্ভাৱনীয় সকলো প্ৰশ্নৰ উত্তৰ ইয়াৰ মাজেৰে দিছে।

‘জীৱনে মোক কি শিকালে’ অধ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ পিতৃৰ পৰা তেখেতে শিকা কথাৰ বিষয়ে লিখিছে- ‘আৰ্থিকভাৱে এজন ব্যক্তি সম্পূৰ্ণ সৎ হোৱা উচিত সকলো ক্ষেত্ৰতে। আৰু, সেই কার্য কেৱল আভ্যন্তৰীণ বিবেকৰ নিৰ্দেশত কৰা প্ৰয়োজন, আনে কি কব বা কার্যৰ ফল কি হব সেই কথা চিন্তা কৰি নহয়’-এনে উদাহৰণ আত্মজীৱনীখনৰ প্ৰতিটো পৃষ্ঠাতে পঢ়ুৱৈয়ে পাব।
‘সোণৰ চামুচ…’ কেৱল এখন আত্মজীৱনী নহয়, ই এটা সময়ৰ, এখন সমাজৰ জীয়া ইতিহাস। বিশেষকৈ লেখকৰ জন্মস্থান পুৰণি গুৱাহাটীৰ পৰিস্থিতি, গুৱাহাটী বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয়, লেনীনগ্ৰাড খনিবিদ্যা শিক্ষানুষ্ঠান, গুৱাহাটী উচ্চ ন্যায়ালয়, খনিবিদ্যা আদিৰ অজানা কথাবোৰ সচাকৈয়ে মনোগ্ৰাহী।

‘সময় বালিত খোজ’ অধ্যায়ত গ্ৰন্থখনিৰ ৰচনাৰ উদ্দেশ্য সম্বন্ধে তেখেতে লিখিছে- ‘ঘাইকৈ পাঠকৰ মনোৰঞ্জনৰ উদ্দেশ্য লৈ লিখা হৈছে আমাৰ আত্মজীৱনী। কিন্তু এই কাৰ্যত কিমানদূৰ সফল হম তাতো আমাৰ সন্দেহ ৰৈ গল। … এটা মাত্ৰ প্ৰত্যাভূতি বৰ্তমান লিখকে পাঠকক দিব পাৰে, হাস্যৰস বৃদ্ধিৰ বাবে কৰা অতিশয়োক্তিৰ বাদে, গ্ৰন্থত বৰ্ণিত সমস্ত ঘটনা আখৰে আখৰে সত্য।’ মোৰ অনুভৱ, লেখক নিসন্দেহে তেওঁৰ উদ্দেশ্যত সফল হৈছে। সাধাৰণ দৃষ্টিত সোণৰ চামুচ মুখত লৈ জন্মা ব্যক্তি এজনে সেইখন দলিয়াই থৈ এলুমিনিয়ামৰ চামুচ মুখত লোৱাৰ সাহস বা প্ৰবণতা ডঃ ডেকাৰ দৰে ব্যতিক্ৰমী ব্যক্তিৰ বাবেহে হোৱাটো সম্ভৱ।

আকৰ্ষণীয় প্ৰচ্ছদ আৰু সুন্দৰ ছপা-বন্ধাৰে আটক ধুনীয়া কিতাপখনৰ প্ৰকাশক গুৱাহাটীৰ ‘বান্ধৱ’। পৃষ্ঠা সংখ্যা ৬১৬ আৰু মূল্য ৪৬০.০০ টকা।
পুনঃচ: কিতাপখনৰ বিষয়ে দাদাজনে কৈছিল- “যদি ‘সোণৰ চামুচ…’ ভালদৰে বুজিবলৈ বিচাৰিছা ডঃ প্ৰণৱজ্যোতি ডেকাৰ অন্য লেখা বিশেষকৈ তেখেতৰ গল্প সংকলনকেইটি আৰু ‘জ্যোতি দ্বিভাষিক অভিধান’ ৰ পাতনি পঢ়ি ললে ভাল হব।” মই তেখেতৰ দুই এটা গল্প বিক্ষিপ্ত ভাবে পঢ়িছোঁ যদিও অভিধানখনৰ পাতনি কেতিয়াও পঢ়া নাই। সেইখিনি পঢ়ি লৈ ‘সোণৰ চামুচ…’ পুনঃ পঢ়ি হৃদয়ংগম কৰিম বুলি আশা ৰাখিছোঁ।

Be the first to comment

Leave a Reply

Your email address will not be published.