কোকিলা মাহাৰী – ৰবি পাটনায়ক, অনুবাদ: মহেন্দ্ৰ কুমাৰ নাথ

কোকিলা মাহাৰী
কোকিলা মাহাৰী
  • 35
  •  
  •  
  •  
  •  
    35
    Shares

(উৰিয়া গল্পকাৰ ৰবি পাটনায়ক ভাৰতীয় সাহিত্য জগতৰ এক প্ৰসিদ্ধ নাম৷ তেওঁৰ গল্প ইংৰাজীকে ধৰি বিভিন্ন দেশী-বিদেশী ভাষালৈ অনূদিত হৈছে৷ চাৰিশৰো অধিক চুটি গল্পৰ জনক ৰবি পাটনায়কে উৰিয়া সাহিত্য অকাডেমী বঁটা, সৰলা বঁটা আৰু ১৯৯২ চনত সাহিত্য অকাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হয়৷)
এই ক’লা চৰাইজনী কি কাৰণতনো ডাক-তাঁৰ বিভাগৰ এই ক’লা তাঁৰবোৰৰ মাজত প্ৰায়েই দোলা দি দি ওলমি থাকে ? ঘৰলৈ কোনোবা আলহী আহিব লগা থাকিলে কাউৰীজনীয়ে কিয়নো কা কা কৰি চিঞৰি থাকে ? আৰু সেই কুলি চৰাইজনীয়ে মুখখন গছৰ আঁৰত লুকুৱাই লুকুৱাই কিয়নো অকলে অকলে গান গাই থাকে ? কোকিলা মাহাৰীৰ জীৱনটো কিহৰ বাবেনো এনেকৈ নষ্ট হৈ গ’ল ? বিভিন্ন উশৃংখলতাৰ মাজেদি কোকিলা মাহাৰীৰ জীৱনটো কি কাৰণতনো এনেদৰে বিধ্বস্ত হৈ গ’ল ? কিয় ? কি কাৰণত ? কিহৰ বাবে ?
অৱধাৰিতভাবেই প্ৰত্যেকটা কাম আৰু ঘটনাৰ অন্তৰালত একো একোটা নির্দিষ্ট কাৰণ থাকে, একেদৰেই আছে একোটাকৈ উত্তৰ প্ৰতিটো প্ৰশ্নৰে৷ কিন্তু কোকিলা মাহাৰীৰ জীৱনৰ পৰা এই প্ৰশ্নসমূহৰ প্ৰত্যেকটো উত্তৰেই এটা এটাকৈ আঁতৰি গৈছে৷ তাই সৰু হৈ থকা কালছোৱাত এই ধৰণৰ ধাৰণা তাইৰ মনত জন্ম হোৱা নাছিল, আনকি কল্পনাতো স্থান পোৱা নাছিল এনেবোৰ বাৰে-বিংকৰা চিন্তাই৷ আৰু লাহে লাহে তাই যেতিয়া গাভৰু হ’ল এই ধৰণৰ চিন্তা আৰু অনুভৱ কৰাৰ বাবে তাইৰ সময়ো নাছিল, অৱকাশো নাছিল৷ এতিয়া এই বৃদ্ধাৱস্থাত এনে শত সহস্ৰ বিভিন্ন প্ৰশ্নৰ দ্বাৰা জর্জৰিত হৈ হাড়-ছাল লগা কংকালসাৰ দেহাৰে সমগ্ৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ বাট বিচাৰি হাঁহাকাৰ কৰিছে কোকিলা মাহাৰীয়ে৷ বয়সৰ লগে লগে তেওঁ দিন প্ৰতিদিন বেছিৰ পৰা বেছিলৈ বেঁকাহে হৈ আহিব ধৰিলে৷ জীৱনৰ বোজাৰ ভৰত তেওঁ যিমানেই বেঁকা হৈ আহিছে, সিমানেই এই প্ৰশ্নসমূহৰ উত্তৰ লাভৰ বাট বিচাৰি তেওঁৰ হিয়া-মন ছাটিফুটি কৰিছে৷ পাবলৈ হাবাথুৰি খাই থকা এই প্ৰশ্নসমূহৰ উত্তৰলানিয়েই বোধকৰো কোকিলাৰ জীৱনৰ উত্তৰণৰ চাবিকাঠি,জীৱনৰ সমস্ত বোজা আৰু যাতনাৰ পৰা উদ্ধাৰ হোৱাৰ পথ৷ সেই প্ৰশ্নসমূহৰ উত্তৰ পোৱাৰ পিছতহে কিজানি তেওঁ জীৱনৰ এই দীর্ঘকাল জোৰা অভিযান সামৰি শান্তিৰে চকু মুদিব পাৰিব৷

কোকিলা মাহাৰী
কাৰ জীয়েক আছিল বাৰু কোকিলা মাহাৰী? তেওঁ বৰ পাণ্ডাৰ জীয়েক নে ভগৱান জগন্নাথ মন্দিৰৰ প্ৰধান পুৰোহিতজনৰ জীয়েক? নে মন্দিৰৰ কর্মচাৰী তালিচ্ছু মহাপাত্ৰৰ, মুখ্য গাণনিক দেউলাকৰণৰ, নে ভগৱান জগন্নাথ মন্দিৰৰ মূল ৰান্ধনি মহাসুৱাৰৰ জীয়েক? নে কোকিলা মাহাৰীহঁতৰ নিজা গাঁও বুলি কোৱা চাহী নামৰ ঠাইখনৰ মল্লযোদ্ধা খুন্টিয়াৰ জীয়েক? কাৰ জীয়েক হ’ব পাৰে বাৰু তেওঁ ? ওঁহো নহয়, তেওঁ জগন্নাথৰ বাদে আন কাৰো জীয়েক নহয়৷ কোকিলা ভগৱান জগন্নাথ আৰু চঞ্চলা মাহাৰীৰ জীয়েক ৷ 

যিজনী ছোৱালীয়ে স্বামীৰ গৃহাভিমুখী বাট হেৰুৱাইছে, পিতৃগৃহৰ ঠিকনা হেৰুৱাইছে তাইক কোনে দিব পিতৃ অথবা স্বামীৰ গৃহাভিমুখী পথৰ সন্ধান ? বহু মানুহেই জানে কোকিলাৰ ঘৰলৈ অহাৰ বাট কেনি, কিন্তু তাইৰ গিৰীয়েক হ’ব লগা তাইৰ বহু আকাংখিত প্ৰিয় মানুহজনেহে কোনোদিনে বিচাৰি উলিয়াব নোৱাৰিলে কোকিলাৰ ঘৰলৈ অহাৰ বাট৷ সেইবাবেই কোনোকালে কাৰোবাৰ বোৱাৰী হোৱাৰ সন্মান অথবা গৌৰৱ অনুভৱ কৰিব নোৱাৰিলে কোকিলাই৷ হয়তো তাইৰ ওচৰলৈ অহা পুৰুষসকলৰ মাজতে তাই বিচাৰি উলিয়াব পাৰিলেহেঁতেন তাইৰ নিজৰ মানুহজনক৷ কিন্তু সেই সময়খিনি কেতিয়ানো কেনেকৈ পাৰ হৈ গ’ল তাই গমকে নাপালে৷
তিনিকুৰি দহটা বসন্তই গৰকি যোৱা এই বয়সত এতিয়া এইবোৰ কথা বিচাৰি চোৱাৰ প্ৰয়োজনীয়তাই বা কি ? বাৰাণ্ডাৰ সন্মুখৰ এচুকত অলসভাৱে দেহাটো আওজাই এক শূন্য আৰু উদাস দৃষ্টিৰে কোকিলাই সন্মুখৰ দীঘলীয়া ৰাস্তাটোৰ ফালে চাই ৰ’ল৷
মানুহে কয়- কলীয়া অর্থাৎ জগন্নাথেই তেওঁৰ পতি৷
প্ৰায় দুকুৰি বছৰকাল ধৰি কলীয়াৰ সন্মুখত নাচি নাচি গীত গাই গাই তেওঁ ভাগৰি পৰিছে৷ কিন্তু এই চল্লিশটা বছৰত কলীয়াই মাথোন এটা মুহূৰ্তৰ বাবেও তেওঁৰ সন্মুখত দেখা দি কেতিয়াও এবাৰো নক’লে-এই কোকিলা, ময়েই তোমাৰ স্বামী, তুমি মোৰ প্ৰিয় অর্দ্ধাঙ্গিনী৷ কোকিলা মাহাৰী বহু নামজ্বলা , প্ৰতিষ্ঠিত পুৰুষৰ সুদীর্ঘদিনীয়া শয্যা-সঙ্গিনী আছিল যদিও আবিয়ৈ হৈ ৰোৱাৰ বাবেই বহু গঞ্জনা আৰু গৰিহণা খাব লগা হৈছিল তেওঁ৷
বর্তমান তেওঁ দুচকুৰ অসুখত ভূগিছে৷ মূৰৰ চুলি মৰাপাটৰ দৰে ঢকঢকীয়া বগা হৈ পৰিছে৷ দাঁত সৰিছে৷ দন্তহীন মুখ আৰু শুকাই তললৈ নামি পৰা ওঁঠ৷ মণিবন্ধা ছাল ৷ কাণ দুখনেৰেও ইতিমধ্যে প্ৰায় নুশুনা হৈ পৰিছে৷
কোনোবাই তেওঁৰ একেবাৰে কাণৰ কাষত চিঞৰি কোৱাদি ক’লে- ‘কোকিলা মাহী, তোমাৰ কাষলৈ কোনোবা এজন আহিছে৷’
ৰোগাক্ৰান্ত চকু দুটা নিৰলস দৃষ্টিৰে বহলাই মেলি দি তেওঁ প্ৰশ্নৰ সুৰত ক’লে-‘মোক ? এতিয়া কোনে আকৌ মোক লৈ ধেমালি খেলিবলৈ আহিছে ? এই বয়সত মোৰ ওচৰলৈ…………..?’
কোকিলা মাহাৰী ৷ কোকিলাই হ’ল একমাত্ৰ প্ৰতিনিধি যি সেই হেৰাই যোৱা গোষ্ঠীটোৰ ধ্বজা বহন কৰি সম্প্ৰতিও জীৱনৰ উত্তৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁক লগ পাবলৈ ৰমেশ প্ৰতিহাৰি আহিছে৷ উৰিয়া সাহিত্যত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি থকা ৰমেশ প্ৰতিহাৰিয়ে পুৰীৰ শ্ৰীমন্দিৰৰ বিষয়ে কৰিবলৈ লোৱা গৱেষণা প্ৰকল্পৰ কামত সহায়ক হোৱাকৈ কোকিলা মাহাৰীৰ সাক্ষাৎকাৰ বাণীবদ্ধ কৰি নিবলৈ আহিছে৷
ৰমেশে ক’লে এয়া ধেমালি নহয় মাহী, মই আহিছো, সচাঁই৷ তোমাৰ জীৱনৰ কাহিনী শুনিবলৈ আহিছোঁ ৷ মই তোমাৰ জীৱন সম্পর্কত কিছু কথা জানিব খোজোঁ৷
তেওঁৰ ফালে বৃদ্ধাই অবিশ্বাস আৰু সন্দেহৰ দৃষ্টিৰে চালে- ‘বহু বছৰ পাৰ হৈ গ’ল৷ কিন্তু কোনেওটো মোৰ বিষয়ে জনাৰ ইচ্ছা নকৰিলে৷ আচৰিত হৈছো- তুমি যে মোৰ বিষয়ে জনাৰ আগ্ৰহ দেখুৱাইছা ৷ কেৱল ভগৱান জগন্নাথৰ ‘খাইভোগ’ৰ কাৰণেই মোৰ জীৱন শেষ হৈ গৈছে৷’
ৰমেশ প্ৰতিহাৰিও পুৰীৰে বাসিন্দা৷ সুদীর্ঘ চৌব্বিশ বছৰ ধৰি তেওঁ পুৰীতে আছে যদিও এই প্ৰথম বাৰৰ বাবেহে কোকিলা মাহাৰীৰ ঘৰলৈ আহিছে তেওঁ ৷
ৰমেশৰ বন্ধু চদেই পাণ্ডাই তেওঁক পৰামর্শ দি মাহীৰ সম্পর্কত কৈছিল-‘মাহীৰ মুখৰ পৰা কথা উলিওৱাটো বহুত টান কাম ভাই ৷ ভাং অথবা তেনেজাতীয় নিচাযুক্ত বস্তুৰ বাবে তুমি কেইটকামান খৰচ কৰিব লাগিব৷ মাহীয়ে কাণেৰে নুশুনে, চকুৰেও নেদেখে৷ কেৱল নিচাইহে তেওঁৰ মুখলৈ কিছু শব্দ আনিব পাৰিব বুলি আশা কৰিব পাৰি৷’
সেইদিনা ৰমেশ ঘূৰি গ’ল৷ পিছদিনা তেওঁ আকৌ আহিল কোকিলা মাহীৰ ওচৰলৈ ৷
‘মাহী তুমি পুৰীৰে বাসিন্দানে?’
‘ ওঁ , হয়৷ মোৰ ইয়াতেই জন্ম আৰু ইয়াতেই মৰিমো৷’
‘তোমাৰ সৰুকালৰ বিষয়ে মোক কিছু কথা জানিবলৈ দিবানে ?’
‘নাই , মই এতিয়া একো মনত পেলাব নোৱাৰোঁ ৷ সকলোবোৰ পুৰি ছাই হৈ গ’ল৷ মোৰ এই মুর্খ মনটোৱে সকলো হেৰুৱাই পেলালে৷ মই চম্পা মাহাৰীৰ ছোৱালী৷ মোৰ…মা…চম্পা মাহাৰী, তুমি বুজিছা বাপু ? চম্পা মাহাৰী আহিছে বুলি ক’লে আনকি বৰ পাণ্ডাইও মূৰ দোঁৱাই বাট এৰি দিছিল৷ কেৱল তেওঁৰ গান শুনিবলৈকে যেন ৰজাই নিজকে সৃষ্টি কৰিছিল৷ তেওঁ আছিল মোৰ আই চম্পা মাহাৰী৷’
বৃদ্ধাৰ স্মৃতিত আউল লাগিল৷ তেওঁ কি কৈ আছে বা কি ক’বলৈ গৈছে তাৰ কোনো লাগ বান্ধ নাই৷ জিভাখনো ভালকৈ লৰাব নোৱাৰে৷ তেওঁ কৈ যোৱা প্ৰায় আধাখিনি কথাই বুজিব নোৱৰা৷ ৰমেশে টেপ ৰেকর্ডাৰৰ পৰা পিছত পুনৰ শুনি নিজৰ প্ৰয়োজনীয়খিনি কামত লগাব পাৰে৷
‘মই চম্পা মাহাৰীৰ জীয়েক৷ কোকিলা মাহাৰী৷ কোকিলা মাহাৰী মোৰ আচল নাম বুলি ভাবিছা নেকি তুমি ? এই নামটো মোক মহামান্য মহাৰাজে নিজে দিয়া৷ যিদিনা মই তেওঁৰ সন্মুখত প্ৰথমবাৰৰ বাবে ‘ৰসকল্লোল’ গাইছিলোঁ ৷ তেতিয়া মোৰ বয়স কিমান আছিল মনত নাই ৷ মুঠতে মই চকু মেলিবলৈকো লাজ কৰিছিলোঁ৷ গোটেই সভামণ্ডপ জনসমাগমেৰে দলদোপ- হেন্দোলদোপ৷ ৰাজ বিষয়া, পণ্ডিত আৰু পুৰুহিতেৰে ৰাজ সভা ভৰি আছিল৷ আৰু যেতিয়া মোৰ গীত গোৱা শেষ হৈছিল , মই নাজানো সেয়া মই কি ভাষাৰে বর্ণনা কৰোঁ, সমগ্ৰ দর্শক-শ্ৰোতাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই মোক প্ৰশংসা কৰিছিল৷ মহাৰাজে কেৱল তেখেতৰ মণি মুকুতাৰ চেইনডাল মোলৈ দলিয়াই দি ‘কোকিলা’ বুলি সম্বোধন কৰিছিল৷ কোকিলা মানে কুলি ৷ সেইদিন ধৰি মই কোকিলা বুলিয়েই জনাজাত হৈ আহিছোঁ৷ মোৰ আয়ে মোক আকৌ কলাৱতী বুলিহে মাতিছিল৷ কলাৱতী নামটো মোৰ আইৰ চিতাজুইৰ লগতে যেন পুৰি ছাই হৈ গ’ল৷ মোৰ আইৰ মৃত্যুৰ লগে লগেই সেই নামটোৰো মৃত্যু হ’ল৷ সেইদিন ধৰি কোনেও আৰু মোক কলাৱতী বুলি মতা নাই ৷ মই নাচ শিকিছিলো ৰঘু ওস্তাদৰ পৰা৷ ৰঘু ওস্তাদ আছিল ‘গতিপুৱা’ নাচৰ ওজা৷ মই তেওঁৰ পৰা গীতো শিকিছিলোঁ৷ কিন্তু মোৰ আচল গুৰু আছিল মোৰ আই৷ তেওঁ মোক প্ৰায়েই কৈছিল- ‘তই যেতিয়া মহাপ্ৰভূ জগন্নাথৰ সমুখত গীত গাবি , তেওঁৰ চকুলৈ নাচাবি৷ কলীয়াই মাথোন তোক উপভোগ কৰি থাকিব৷ যেতিয়া তই গীত-গোবিন্দ গাবি তই তোৰ সমস্ত লাজ কাতি কৰি থ’ব লাগিব৷ তললৈ দুচকু থৈ সম্পূর্ণ আত্মনিৱিষ্ট হৈ কেৱল নাচি যাবি৷ সেই মুহূৰ্ত তই আবেগ বিহ্বলা হৈ পৰিব লাগিব৷ গীতৰ ছন্দলৈ মন দিয়াৰ দৰকাৰ নাই ৷ কেৱল অনুভৱকহে প্ৰাধান্য দি তই তোৰ নাচত একাত্ম হ’ব লাগিব৷ এক সুগভীৰ আত্মানুভূতিৰে সিক্ত হৈ নাচত যোগ দিব লাগিব ৷ আৰু নাচৰ সময়ত তই ভাবি ল’বি যে চিকাৰী কলীয়াই ধেমালিৰে তোৰ দেহৰ আটাইবোৰ কাপোৰ এপদ এপদকৈ খুলি তোৰ নিৰাভৰণ দেহ তেওঁৰ দুবাহুৰ মাজত সাৱটি লৈছে৷ তেৱেঁই তোৰ সেই যৌৱন ফুলৰ পাপৰি চোহা প্ৰেমিক ভোমোৰা৷ স্বামী কিন্তু নহয়, প্ৰেমিকহে৷ যৌন ক্ৰীড়নৰ খেলৰ লগৰী৷’
মোৰ দেউতাৰ নাম মই নাজানো৷ কোন হ’ব পাৰে মোৰ দেউতা ? অ’ জগন্নাথেই মোৰ পিতৃ৷ জগন্নাথেই মোৰ পিতৃ আৰু তেওঁ মোৰ পতিও৷ মোৰ সন্মুখত তেওঁ কেতিয়াবা বৰ পাণ্ডাৰ ৰূপত আবির্ভাৱ হয়, কেতিয়াবা মহাসুৱাৰাৰ ৰূপত, অন্য কোনোবা এদি আকৌ দেউলাকৰণৰ ৰূপত ৷ মাজৰাতি তেওঁ বিচনালৈ যায়৷ মহাপ্ৰভূৰ নিদ্ৰাৰ কাল আৰম্ভ হয়৷ মন্দিৰৰ সমগ্ৰ দুৱাৰ খিৰিকি অতি নিকপকপীয়াকৈ বন্ধ কৰি দিয়া হয়৷ মই প্ৰায়েই আচৰিত হওঁ বন্ধ দুৱাৰ খিৰিকি ভেদি তেওঁ সেই একেই ক্ষুধাৰে মাজনিশা কি দৰে আহে মোৰ ওচৰলৈ ?
ৰাতি হ’লে তেওঁ মোৰ কোঠাত সোমায়৷ প্ৰেমৰ মধুৰ বাৰেৰহনীয়া খেল খেলে মোৰ সৈতে৷ গোটেই ৰাতি৷ আকৌ নাইকিয়া হৈ যায় যেতিয়া পুৱাৰ সুৰভিয়ে নিশা ভগাৰ বাতৰি আনে৷
নিজকে যদি এজোপা গছৰ সৈতে ৰিজাই চাওঁ, তেতিয়াহ’লে ক’ব লাগিব যে সেইজোপা গছত সাধাৰণতে ফল নালাগে৷ যদি কিবাকৈ ফল লাগেও , তেওঁ সেই একেই ৰূপত আহে আৰু নোহোৱা কৰি থৈ যায়৷ অর্থাৎ সময়ত তেওঁ সেই ফল দূৰণিৰ কোনো কাউৰীৰ বাহলৈ দলিয়াই দিয়ে৷
মৃত্যুৰ আগে আগে মোৰ আয়ে এবাৰ মোক কৈছিল – কলা, আমাৰ এই মাহাৰী জীৱনটো কুলি চৰাইৰ জীৱনটোৰ সৈতে একেই৷ বৰটোকোলা, কপৌ, হাঁহ, ভাটৌ আৰু মইনা চৰাই আদিৰ মতা-মাইকীহালে যোৰ পাতি প্ৰেম প্ৰণয়েৰে একেলগে পতি-পত্নীৰ দৰে জীৱন উদযাপন কৰে৷ মতা-মাইকী দুয়োটাই কণী উমনি দিয়ে, পোৱালিৰ আদৰ যতন লয়, ডাঙৰ-দীঘল কৰে৷ কেৱক কুলি চৰাইজনীয়েহে পতিহীন আৰু গৃহহীন হৈ জীৱন পাত কৰিব লাগে৷ মতা কুলি চৰাইবোৰে একোটা সময়ত দলবান্ধি তাইক উপভোগ কৰে ৷ আৰু উপভোগৰ অন্তত অকলশৰীয়াকৈ তাইক এৰি থৈ গুচি যায়৷ দুর্ভগীয়া মাইকীজনীয়ে কণী পাৰে৷ কিন্তু কণী উমনি দিবলৈ তাইৰ বাবে বাহ ক’ত৷ কণীবোৰ লগত লৈ এধানিমান আশ্ৰয়ৰ আশাত তাই ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰে৷ তায়ো এজনী মাক৷ অথচ কাহানিও নিজৰ পোৱালিক তাই লগত ৰাখিব নোৱাৰে৷ সেই পোৱালিবোৰৰ পিতৃ হিচাপে তাই কাক আঙুলিয়াই দিব৷ কণী উমনি দিয়াৰ বেলিকা তাইক কোনে আহি খাদ্যৰ যোগান ধৰে ! কুলিৰ জীৱনত পতি অথবা স্বামী নামৰ কোনো শব্দই নাই , কলা৷ কেৱল আছে উপভোগ আৰু অভিসাৰৰ পিছত মৰিলোনে আছো কেতিয়াও কোনো খবৰ ল’বলৈ নহা এজাক কামাসক্ত প্ৰেমিক৷ সেই খং ক্ষোভ আৰু দুখতে কুলি চৰাইজনীয়ে নিজৰ মুখখন সদায় ডাঠ গছ আৰু বননিৰ পাতৰ আঁৰত লুকুৱাই ৰাখে৷ ক্ষোভৰ জুইত পুৰি ছাই হৈ যোৱা মুখখন তাই কাক কেনেকৈ দেখুৱাব !জীৱনৰ দুখৰ গাথা গাই গাই সেয়ে অন্ধকাৰাচ্ছন্ন অৰণ্যৰ মাজে মাজে তাই টলৌ টলৌকৈ অকলে অকলে ঘূৰি ফুৰে৷ আহ ! কি যে সুৱদী কন্ঠ ! কি যে সৌন্দর্য ! সকলোৱে স্বীকাৰ কৰে তাইৰ সেই সুৱদী কন্ঠৰ কথা৷ কিন্তু কোনে বুজিব বসন্তৰ ৰং উলাহৰ মাজতো তাই যে এজনী নি:সঙ্গ মাহাৰী, আনৰ সুখ আৰু সম্ভোগৰ বাবেই যাৰ জন্ম !
কুলিৰ সন্তানে নাজানে সিহঁতৰ মাক কোন , দেউতাক কোন ? কি যে এক অবৈধ জীৱন ! অবৈধতাত নিমিজ্জত হৈ থাকি তাই কি দৰে কেনেকৈ আনৰ আগত মুখ উলিয়াবলৈ সাহস কৰিব ৷ যেতিয়া তাই বুজি পোৱা হয় জীৱন কি, পৃথিৱী কি ইতিমধ্যে লজ্জা আৰু বিৰহৰ জুইত পুৰি তাই মৃতপ্ৰায় হয়৷ সেই বাবেই ঘনঘোৰ অৰণ্যকে তাই হয়তো বাছি লৈছে তাইৰ নিৰাপদ আশ্ৰয় স্থল হিচাপে৷ এক অবৈধ সন্তান, সমাজে যাক কেতিয়াও স্বীকাৰ কৰি নলয়, আদৰি নলয়৷ হয়তো, কোনো পূর্বজন্মত তাই কৰি অহা পাপৰ পৰিণতিয়ে তাইক আনি এনে এক জীৱনৰ সৈতে মুখামুখি কৰালেহি৷ আৰু বা কিমান দিনলৈ কত যুগ যুগান্তৰলৈ জীৱনে জীৱনে তাই এই পাপৰ শাস্তি ভূগিব লগা হয়৷ কোনে ক’ব পাৰে এই অভিশপ্ত জীৱনৰ পৰা তাই কেতিয়া মুক্ত হ’ব ? কোনে দিলে এই অভিশাপ ? কাহানিও কৈ শেষ কৰিব নোৱাৰা এনে পাপেৰে সিক্ত কদর্য জীৱন সমস্ত চৰাইক বাদ দি কেৱল কুলি চৰাইৰ ওপৰতহে জাপি দিব লাগেনে ?’
‘বুজিছ কলা , আমাৰ ভাগ্যও এনেকৈয়ে লিখা ৰ’ল৷ তাক কোনে খণ্ডন কৰে৷ এনেকৈয়ে সুদীর্ঘ দিনৰ বাবে , শ শ বছৰ জুৰি কলীয়াৰ ওচৰত আমাৰ দুখ বিজড়িত সংগীত আমি গাই আহিছোঁ৷ তথাপি সেই পাপবন্ধনৰ পৰা তেওঁ আমাক মুক্তি দিয়া নাই ৷ তেহেলৈ এই যাতনা চক্ৰৰ পৰা আমাক আৰু কোনে ৰক্ষা কৰে ! দুখ নকৰিবি মাজনী , সংসাৰ , স্বামী, সন্তান এইবোৰ চিন্তা তহঁতৰ মনৰ পৰা আঁতৰাই পেলা৷ যদি এনে চিন্তা এটা মনৰ পৰা আন এটা মনলৈ বিয়পে, নোপোৱাৰ বেদনাই তহঁতৰ হিয়া মন আৰু গধুৰ কৰি তুলিব৷ খং ক্ষোভে যৌৱনৰ ক্ষণিক সৌন্দর্য অনুভৱো ধূলিস্যাৎ কৰি পেলাব৷ গতিকে সকলোবোৰ ভাগ্যৰ লিখন বুলি মানি লৈ যি কৰিব লগাত পৰে কৰি যা৷ এনেকৈয়ে জীৱনৰ পৰা যিমান আনন্দ ল’ব পাৰি সেইখিনি লৈ জীৱনটো উপভোগ কৰাৰ যত্ন কৰিবি৷ যিমান দিন পাৰি কলীয়াৰ সন্মুখত হাঁহি খেলি নাচি গাই দিনবোৰ পাৰ কৰাৰ চেষ্টা কৰ৷ সম্ভৱ কেতিয়াবা তেওঁ মাহাৰীৰ দুখ দূৰ কৰিব৷ তোৰ সময়ৰ মাহাৰীবিলাকৰ নহলেও হয়তো তহঁতৰ পিছৰ মাহাৰীসকলক এই যুগমীয়া দাসত্বৰ পৰা কলীয়াৰ কৃপাই নিষ্কৃতি দিব৷’
মোৰ আইয়ে কোৱা এই কথাবোৰ সদায় মোৰ মনত বাজি থাকে৷ ইতিমধ্যে মই তিনিকুৰি দহ বছৰ পাৰ কৰিলোৱেই ৷ কিছুদিন সুখেৰে, কিছুদিন দুখেৰে৷ এতিয়া মোৰ কোনো বিষাদো নাই , কোনো আনন্দও নাই৷
ৰমেশ প্ৰতিহাৰিয়ে চিঞৰি কোৱাদিয়েই ক’লে-‘মাহী, আজিকালি মন্দিৰত তোমালোকৰ দিনৰ মাহাৰী প্ৰথা আৰু নাই নহয়৷ বহু বছৰৰ আগেয়েই এই প্ৰথাৰ অৱলুপ্তি ঘটিছে৷ তোমাৰ প্ৰর্থনা ভগৱানে শুনিলে মাহী৷’
নিয়তিৰ কি নিষ্ঠুৰ পৰিক্ৰমা ! কোকিলা মাহাৰীয়ে এতিয়া কাণেৰে একো শুনি নোপোৱাৰ দৰেই ৷ শ্ৰৱণেন্দ্ৰিয় প্ৰায় অকামিলা ৷ তদুপৰি টোপনিৰ নিচাই মাহীৰ দুচকুৰ পতা জাপ খুৱাই আনিছে ৷ টোপনিৰ জালত মাহীৰ অলস দেহা লাহে লাহে বাৰাণ্ডাৰ মজিয়াত ঢলি পৰিল ৷ *
[অনুবাদক তেজপুৰ বিশ্ববিদ্যালয়ৰ পুথিভঁড়ালৰ কৰ্মচাৰী]

  • 35
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.