অসমৰ উদ্ভিদ পৰিচয় ৪ : ড৹জিন্টু শৰ্মা

উদ্ভিদ পৰিচয়ঃ
উদ্ভিদ পৰিচয়ঃ
  • 123
  •  
  •  
  •  
  •  
    123
    Shares

উদ্ভিদ পৰিচয়ঃ ১৭
বৈজ্ঞানিক নাম: Garcinia morella (Gaertn.) Desv.
গোত্ৰ : Clusiaceae
ইংৰাজী নাম : Indian Gamboge
অসমীয়া নাম: কুঁজী থেকেৰা
অন্য নাম: তামিল- ইৰাভাচিন্বি, মালায়ালম- ইৰাভি, কানাড়া- আৰদালা

 

 

বিৱৰণ : প্ৰায় ১০-১৫ মিটাৰ মান ওখ, চিৰসেউজ বৃক্ষ। পাত অভিমুখী, ৫-২৮ ছে.মি. দীঘল, ২-৭ ছে.মি. বহল, উপবৃত্তাকাৰ – বল্লমাকাৰ। ফুল হালধীয়া, একলিংগী। ফল ৫ ছে.মি. মান দীঘল হয়, প্ৰায় গোলাকাৰ যদিও আগ ঠেক বা জোঙা, বেঁকা ধৰণৰ।

বিস্তৃতি : ভাৰত, শ্ৰীলংকা আৰু মধ্য ফিলিপাইন।

ব্যৱহাৰ : এই উদ্ভিদ জোপা অত্যন্ত ঔষধি গুণ যুক্ত। অসমত ইয়াৰ ফল চকলিয়াই , ৰ’দত শুকুৱাই বহু দিনলৈ সাঁচি থয়। ইয়াৰ পৰা চৰবত বনায়। ই অত‍্যন্ত টেঙা। হাগনি হলে ইয়াৰ ৰস উত্তম।

উদ্ভিদ পৰিচয়ঃ ১৮
বৈজ্ঞানিক নাম: Adenanthera pavonina L.
গোত্ৰ : Mimosaceae
ইংৰাজী নাম : Sandal bed Tree, Coral wood, peacock flower fence
অসমীয়া নাম: কু চন্দন
অন্য নাম: হিন্দী- বড়ী গুমছি, মাৰাঠী- থোৰলা গুঞ্জ, তামিল- আনি কুদামানী, মালায়ালম- চেম, কানাড়া- এনে গোলাগাঞ্জী, বাংলা- ৰঞ্জনা, সংস্কৃত – চাৰাকা, কুচন্দনা, তাম্ৰক

বিৱৰণ : মধ্যম আকাৰৰ পৰ্ণপাতী বৃক্ষ। পাত যৌগিক, দ্বি শাখা যুক্ত, মুখ্য বৃন্ত ২০-২৫ ছে.মি. দীঘল, শাখা ৩-৬ যোৰ, মাখি পাত ৬-১৬ খিলা, একান্তৰ, ২-৫ x ১-২.৫ ছে.মি., আয়তাকাৰ, ডিম্বাকাৰ, বা উপবৃত্তাকাৰ, ফুল সৰু সৰু অনিয়ত পুষ্পবিন্যাসত ফুলে। ফল পাক খোৱা, বীজ উজ্বল ৰঙা।

বিস্তৃতি : ভাৰত , দক্ষিণ পুৱ চীন, মালয়েচিয়া, শ্ৰীলংকা, থাইলেণ্ড, বাংলাদেশ, ম‍্যানমাৰ, কম্বোডিয়া, লাওছ, অষ্ট্ৰেলিয়া, ছলোমন দ্বীপ।

ব্যৱহাৰ : ইয়াৰ ফল, পাত আদি খোৱাৰ উপযুক্ত। ইয়াৰ বীজত ২৫% চৰ্বি তথা ৩০ % প্ৰোটিন পোৱা যায়। ইয়াৰ ছালত ছেপোনিন নামৰ ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিবোৰ চাবোন হিচাপে ব্যৱহাৰ কৰিব পাৰি।

উদ্ভিদ পৰিচয়ঃ ১৯
বৈজ্ঞানিক নাম: Jasminum multiflorum (Burn.f.) Andrews
গোত্ৰ : Apocyaceae
ইংৰাজী নাম : Downy Jasmine, Musk jasmine, Indian jasmine
অসমীয়া নাম: কুন্দফুল, খৰিকা জাঁই
অন্য নাম: হিন্দী- বালিনি, মাৰাঠী- কুন্দা, তামিল- কস্তুৰী মাল্লিকাই, মালায়ালম- কুন্দাম, কানাড়া- দোদ্দা কাদ্দু, বাংলা- চামেলী, সংস্কৃত – আট্টাহাছাকা, মনোহৰা, মুক্তাপুষ্প, কালিন্দা

বিৱৰণ : আন গছত ভেজাদি বগাই যোৱা, চিৰসেউজ, জোপোহা উদ্ভিদ, কোমল কাণ্ড নোমাল। পাত অভিমুখী, বৃন্ত ২.৫-৭.৫ ছে.মি. দীঘল, ডিম্বাকাৰ, দীৰ্ঘাগ্ৰ। ফুল সৰু সৰু নিয়ত পুষ্পবিন্যাসত ফুলে, কাণ্ডৰ শীৰ্ষত ধৰে, সুগন্ধি।

বিস্তৃতি : ভাৰত , ম‍্যানমাৰ, কম্বোডিয়া, লাওছ, বাৰ্মা, ভিয়েটনাম, থাইলেণ্ড।

ব্যৱহাৰ : ফুল বিভিন্ন পূজাত ব্যৱহাৰ হয়। এই ফুল বিষ্ণু দেৱতাৰ প্ৰিয় বুলি বিভিন্ন ধৰ্মীয় পুথিত উল্লেখ আছে। মণিপুৰী বিয়াৰ ই অন‍্যতম অংশ। সৌন্দৰ্য-বৰ্ধক গছ হিচাপে বাগিচাত ৰোপন কৰা হয়।

উদ্ভিদ পৰিচয়ঃ ২০
বৈজ্ঞানিক নাম : Careya arborea Roxb.
গোত্ৰ : Lecythidaceae
ইংৰাজী নাম : Slow match tree,Wild Guava, Ceylon Oak, Patana Oak
অসমীয়া নাম: কুমাৰী, কুম্ভী, কুমৰ টেঙা
অন্য নাম: হিন্দী- কুম্ভী, মাৰাঠী- কুম্ভা, তামিল- পুত্তু টানি মাৰম্, মালায়ালম- পিলম্, কানাড়া- দাদ্বাম, বাংলা- ভাকাম্বা, গাৰো- ডিম্বিল বোল, খাচী- কা মাহিৰ, সংস্কৃত – কাঈদাৰিয়া, ভদ্ৰেন্দ্ৰানী

বিৱৰণ : মধ‍্যম আকাৰৰ পৰ্ণপাতী বৃক্ষ, পূৰঠ গছৰ বাকলি ছাই ৰঙৰ। পাত অধোডিম্বাকাৰ, অধোবল্লমাকাৰ, ১৫-৩০ছে.মি. দীঘল, ৭-১৭ ছে.মি. বহল, খাজ কটা। ফুল ডাঙৰ, বগা বা ঈষৎ গুলপীয়া, পুং কেশৰ অসংখ্য দীঘল, সহজে চকুত লগা, দুৰ্গন্ধময়। ফল ৬-৮ ছে.মি. বহল, গোল, মূৰত বেটুপাতৰ অবশিষ্ট লাগি থাকে।

বিস্তৃতি : ভাৰত , ভূটান, বাংলাদেশ, নেপাল, মালদ্বীপ, পাকিস্তান, শ্ৰীলংকা।

ব্যৱহাৰ : বাকলি বিভিন্ন ৰোগৰ বাবে উপযোগী।

উদ্ভিদ পৰিচয়ঃ ২১
বৈজ্ঞানিক নাম : Delonix regia (Bojer.) Ref.
গোত্ৰ :Caesalpiniaceae
ইংৰাজী নাম: Flame Tree, Royal Poinciana.
অসমীয়া নাম : কৃষ্ণচুড়া
অন্য নাম: হিন্দী- গুলমোহৰ, কানাড়া-কেম্পুটৰাই, বাংলা- কৃষ্ণচুড়া

বিৱৰণ : বিস্তৃত ঠালঠেঙুলিৰে ভৰপুৰ, মধ‍্যম আকাৰৰ পৰ্ণপাতী বৃক্ষ। পাত যৌগিক, দ্বি শাখাযুক্ত, শাখাবৃন্ত ১১-১৮ যোৰ, মাখিপাত সৰু সৰু। ফুল তিকতিকিয়া ৰঙা, পাহি অসমান, এটা পাহিৰ ভিতৰফাল বগা আৰু তাতে ৰঙা ফুট থাকে। ফল চিৰা, ৩০-৬০ ছে.মি. দীঘল, টান, চেপেটা।

বিস্তৃতি : মাদাগাস্কাৰৰ স্থানীয়। ভাৰতত প্ৰাকৃতিকৰণ কৰা হৈছে।

ব্যৱহাৰ : পথত সৌন্দৰ্যবৰ্ধক গছ হিছাপে ব্যৱহাৰ হয়।

উদ্ভিদ পৰিচয়ঃ ২২
বৈজ্ঞানিক নাম : Argemon maxicana L.
গোত্ৰ : Papaveraaceae
ইংৰাজী নাম: Mexican prickly poppy, flowering thistle, Cardo or Cardosanto
অসমীয়া নাম: কুহুমকাটা, শিয়াল কাটা
অন্য নাম: হিন্দী- সত‍্যনাশী, কানাড়া- গাটুৰীদিদ্দা, বাংলা- শিয়ালকান্টা, মণিপুৰী- খোমথোঙপী, তেলুগু- ব্ৰহ্মদন্দী

বিৱৰণ : ২-৪ ফুট মান ওখ , শাকবন জাতীয় উদ্ভিদ। কাণ্ডৰ পৰা হালধীয়া ৰস ওলায় । পত্ৰ নীলাভ সেউজীয়া, দাঁতি খাজকটা, কাঁইটৰ দৰে জোঙা। ফুল উজ্বল হালধীয়া, ২-৪ ছেন্টিমিটাৰ ব্যাসৰ। বেটুপাত ২-৩, পাহি ৫-৬ টা। ফল কাঁইটীয়া।

বিস্তৃতি : পশ্চিম আমেৰিকা আৰুমেক্সিকোৰ স্থানীয়। ভাৰতৰ এবিধ অন‍্যতম অপতৃণ।

ব্যৱহাৰ : ই এবিধ অপতৃণ। ইয়াৰ বীজত প্ৰায় ৩০% অখাদ‍্য আৰ্জেমন তেল পোৱা যায়। এই তেলত বিষাক্ত চেংগুইনেৰাইন আৰু ডিহাইদ্ৰোচেংগুইনেৰা-ইন নামৰ পদাৰ্থ পোৱা যায়। যি সেৱন কৰিলে দ্ৰপ্চি নামৰ মাৰাত্মক ৰোগ হয়। ইয়াৰ বীজ সৰিয়হৰ বীজৰ লগত মিলে। ইয়াৰ তেল দুষ্কৃতিকাৰীয়ে সৰিয়হৰ তেলৰ লগত মিহলাই অধিক উৎপাদন কৰাৰ কথা ভাৰততো ১৯৯৮ চনত ধৰা পৰিছিল।
[লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ উচ্চশ্ৰেনী লিপিক। ভাৰত চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক।]

  • 123
    Shares

3 Comments

  1. Najana kotha bahut gom palu…. Eidharanar prachesta hadai anukaraniya…. Agoloiu eibikhaye aru lekhani pam buli asha thakil

Leave a Reply

Your email address will not be published.