মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ ৰমেন গোস্বামী

মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ
মুখ ঢাকি আন্ধাৰ হ’ল মানুহঃ
  •  
  •  
  •  
  •  
  •  

সাপৰ নেজ চিঙা ধাৰ
মুগীফেঁটী সোঁত
চকৰীৰ্ফেঁটী সোঁত
সোঁতত উটিছে মুখ

উৰি উৰি গঙা চিলনিয়ে সুধিছে
গংগাত পানী কিমান ৰাধিকা
ভৰিলনে কলসী তোমাৰ

শগুনৰ সভাত হাত চাপৰি
ডালশলীয়া গছত
ভেটি খান্দি নিয়া সোঁতত
নাকি চিঙা গোণাম’হ
মুখ থেকেছা খাই পৰি ৰ’ল বোকাত

মুখ ঢাকি আন্ধাৰ হ’ল মানুহ
শিল বান্ধি বুকুত
খেপিয়াই বাটৰ আঁত

ঘূণে ধৰা বুকুৰ এসোঁতা তেজ মছি
ইকাটি সিকাটি
ঢোলত হাত থ’লে দেওউঠা ককাই
আয়ে এতিয়া নিচুকণি গায়।
[কবি শোণিতপুৰ জিলা সাহিত্য সভাৰ উপ সভাপতি]

Be the first to comment

Leave a Reply

Your email address will not be published.