বিজয়িনীঃ অভিজ্ঞা দত্ত

  • 110
  •  
  •  
  •  
  •  
    110
    Shares

মহাকাব্যৰ পৰা ঔদ্যোগীকৰণলৈ
ওৰণিৰ পৰা অনৱগুন্ঠিতালৈ
যুগ প্ৰবাহিনী তুমি
ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ কলা হৈ
সিঁচি দিছা সময়ৰ ইতিহাস ৷

সৃষ্টিৰ আঁৰত লুকাই জুমি চাই
এটা বেদনাই অহর্নিশ ………
তুমি সাহসৰ প্ৰতীকী সাজেৰে জানকী হৈ
ত্যাগৰ ধ্বজ্জা উৰুৱাইছিলা৷
তুমি পাঞ্চালী হৈ অজেয় জিনিছিলা
অত্ৰেয়ী, মৈত্ৰেয়ী হৈ শাস্ত্ৰজ্ঞানেৰে তুমি পয়োভৰা৷

তুমিয়েই অভ্ৰভেদী কল্পনা৷
তুমিয়েই সতী জয়মতী৷
দেশৰ বাবে প্ৰাণ উচর্গা কৰা
স্বর্গাদপী বীৰ গৰীয়সী কনকলতা তুমি৷

যদিও সময়ৰ পাহিৰ দৰে
মৰহে পৰিৱর্ত্তনৰ তাগিদাত,
মৰহা পাতত জিলিকে তোমাৰ ত্যাগ
সংগ্ৰাম নিয়ৰৰ বুটা হৈ ……….
আজিও আছে বহু দুঃশাসন
যি বসুন্ধৰাৰ আঁচল উৰুৱাই
তথাপিও আছে দৃঢ় নাৰীৰ ৰূঢ় প্ৰতিৰোধ
প্ৰতিটো পলৰ বিদায়ী ক্ষণত নতুন পলৰ আগমন৷
[এই কবিতাটোৰ কবি এগৰাকী উদীয়মান কবি, চিত্ৰ শিল্পী, ডিব্ৰুগড়ৰ বাসিন্দা] ]

  • 110
    Shares

4 Comments

  1. বিজয়িনী,, এটা বলিষ্ঠ বক্তব্যক দৃঢ় ৰূপ দি প্ৰকাশ কৰা কবিতাটো পঢ়ি আপ্লুত হৈছো,,,,

Leave a Reply

Your email address will not be published.