জুইঃ নিংকু নিশা নেওগ

Jui
Jui
  • 110
  •  
  •  
  •  
  •  
    110
    Shares

পৰীক্ষাহলত ডিউটি দি থকা ধৰণী মাষ্টৰে বাওঁহাতৰ গৰম চিঙৰাটোত একামোৰ মাৰি পৰম তৃপ্তিৰে আইনাৰ গিলাছটোৰ পৰা ৰঙাচাহ এশোঁহা মাৰিছিলহে, কেৰমেৰণি ধৰি দেৱযানীৰ পেটটো পাক মাৰি ধৰিলে। তাই এবাৰ ছাৰৰ হাতৰ চিঙৰাটোলৈ, এবাৰ সন্মূখত মেলি ৰখা প্ৰশ্নকাকতখনলৈ চালে। ক্ৰমিক নম্বৰ দি লাহে লাহে লিখি ৰখা উত্তৰবোৰে তাইলৈ যেন ভেঙুচালিহে কৰিলে। চাৰিওফালে এবাৰ চকু ফুৰাই বাওঁহাতেৰে তাই নিজৰ পেটটো হেঁচি ধৰিলে, জানোচা তাইৰ ওচৰতে বহা কোনোবাই তাইৰ লঘোণীয়া পেটৰ শব্দ শুনা পায়।

ঃ তোৰ পৰীক্ষা কেনেকুৱা হ’ল দেৱযানী ?

পৰীক্ষাবহী জমা দিয়েই একেলগে বহা কমলে তাইলৈ চাই সুধিলে। তাই কমললৈ চালে। তাৰ সোঁহাতৰ আঙুলিবোৰত নীলা চিঞাহীৰ দাগ। তাই কেৰাহিকৈ কমলৰ বাওঁহাতৰ তলুৱাখনলৈ এপাক চালে। সদায়ৰ দৰে আজিও তাৰ হাতৰ তলুৱাত সৰুকৈ ইংৰাজী “D” বৰ্ণটো লিখি ৰাখিছে। পৰীক্ষা কাৰণেই আখৰটোৰ আকাৰ আজি আনদিনাতকৈ সৰু।

ঃ বৰ এটা ভাল নহ’ল অ’। তোৰ কেনেকুৱা হ’ল ?

ঃ লেটাৰ নৰ’ব যেন লাগিছে মোৰো। ভাগ্যছাৰৰ আগত যে কেনেকৈ মুখ দেখুৱাম ! পৰীক্ষাৰ আগত মোৰ টিউচনৰ ফিজ নোলোৱাকৈ ছাৰে পঢ়াই দিছিল জাননে ?

কমলে কিছু আক্ষেপেৰে কথাষাৰ কৈ তাইৰ মুখলৈ চালে।

ঃ অ’… অংকনো তোৰ কিয় বেয়া হ’ল ? তই দেখোন সৱ অংক পাৰ’ ?

ঃ এহ্ .. বহুত কথা। তই হ’বলা কালিও পঢ়িব নোৱাৰিলি ?

ঃ……….

উহু..বুলি উত্তৰটো ওলাই আহিছিল যদিও তাই জিভা কামুৰি ৰৈ গ’ল। নোৱাৰে ক’ব তাই। কিয় ক’ব তাই নিজৰ ঘৰৰ কথাবোৰ ! কেনেকৈ ক’ব তাইৰ বাপেকে যে কমলহঁতৰ ঘৰখনৰ কাৰণেই আজিকালি নিজৰ ঘৰখনলৈ মন কাণ নিদিয়ে। চলচলীয়া চকুৰে তাই মাত্ৰ কমলৰ মুখলৈ চালে আৰু একো নোকোৱাকৈ ওলাই গ’ল।

ঃ ঐ শুনচোন ঐ… ৰ’বিচোন পাগলী। মই চাইকেলেৰে তোক ঘৰত থৈ আহিমগৈ ৰ ?

ঃ নাযাওঁ তোৰ লগত।

কমললৈ নোচোৱাকৈ তাই দূৰৰ পৰাই চিঞৰি কৈ গ’ল।

ঃ পাগলী…

সি অনুচ্ছ মাতেৰে কোৱা মৰম মিহলি আক্ষেপখিনি দেৱযানীয়ে শুনাৰ আগতেই কোনোবাখিনি পালেগৈ।

কমলৰ ইচ্ছা গ’লেও দেৱযানী তাৰ চাইকেলত নুঠে। সেয়া হয়তো সিও জানে। তথাপি সি মাজে মাজে তাইক জোকাবলৈকে কৈ চায়।

ঃ হোঁ এইটো ৰাখচোন।

ঃ কি ? নালাগে মোক।

ঃ চাচোন আগতে কি দিছো ?

কমলৰ কথা মতে তাই হাতৰ মুঠিটো খুলি চায়। এখন খমখমীয়া এশটকীয়া নোট। কমলে তাইক পইচা দিয়া দেখি বিস্ময়ত তাইৰ চকু ডাঙৰ হৈ গ’ল।

ঃ পইচা দিলি যে ? ভিক্ষাৰী বুলি ভাৱিছ নেকি ?

ঃ ভিক্ষা কিয় দিম ক’ৰ পৰা দিম ? তহঁতৰ দেউতা কালি আহোতে পকেটৰ পৰা পৰি গৈছিল। মই মনে মনে উঠাই থৈ দিছিলো। হোঁ ল ?

তাই লওঁ- নলওঁকৈ পইচাটো ল’লে। পইচাটো দেখাৰ লগে লগে কালিৰ পৰা লোঘোণে থকা পেটটোৱেও বেছিকৈ কোৰকোৰাবলৈ ধৰিলে। তাই ভাৱিলে, ঘৰলৈ চাউল অলপ কিনি নিব নে দেউতাকক পইচাটো ঘূৰাই দিব ! নে দেউতাকে মদৰ নিচাত যোৱা নিশা গুৰিয়াই কঁকাল বেঁকা কৰি দিয়া মাকজনীলৈ বিষৰ মলম এটা কিনি নিব ? নে পেণ্টটো ফাটি যোৱা কাৰণে কেইবাদিনো স্কুল নোযোৱা ভায়েকটোৰ পেণ্টটো চিলাই কৰাই অানিব। তাইৰ ষোল্ল বছৰীয়া মগজুটোৰোতো ইমান বেছি দক্ষতা নাই যে সংসাৰৰ জোৰা টাপলি মাৰি হিচাপ মিলাব পৰাকৈ পৈণত হৈ উঠিছে।

দেৱযানী ওচৰৰ ফাৰ্মাচীখনলৈ গৈ মাকলৈ বিষৰ মলম এটা ল’লে। আঠাৱন্ন টকা গ’লেই। বাকী থকা বিয়াল্লিছ টকাৰে চাউল এক কেজি, আলু দুটামান লৈ তাই ঘৰলৈ উভতিল। ভায়েকৰ পেণ্টটো পিছত চিলাবও পৰা যাব বুলি ধৰি ল’লে।

ঘৰলৈ গৈয়ে তাই মাকক বিচাৰিলে। কান্ধৰ বেগখন পেলাই থৈয়েই তাই গোটেই ঘৰ, পিছফালৰ বাৰী সকলো বিচাৰি আহিলগৈ। নাই ,মাক নাই । ভায়েকটোৱে তাইৰ হাতৰ টোপোলাটো দেখি ভিতৰ সোমাই আহিছিলেই। বেগৰ চাউলখিনি দেখিয়েই নেকি ল’ৰাটোৱেও থেনথেননি এৰি চুপচাপ বায়েকৰ পিছে পিছে মাকক বিচাৰি ফুৰিলগৈ।

মাকলৈ অনা মলমটো নিজৰ বিজ্ঞানৰ বহীখনৰ কাষতে থৈ তাই পাকঘৰৰ চৌকাটোত ভাতৰ চৰুটো বহাই দিলে। অালু দুটামানো বাকলিৰে সৈতে চাউলতে দি দিলে। তাইৰ আচলতে ডাঠ মচুৰ দাইলৰ সৈতে সৰহকৈ তেল দি ৰঙা হৈ যোৱাকৈ মচমচীয়াকৈ ভজা আলুৰে ভাত গৰাহ নেমু ৰস অকমান সানি পৰম তৃপ্তিৰে খাবলৈ বৰ মন গৈছে। কিন্তু তাইৰ কাৰণে আজিৰ সময়ত সেয়াও বিলাসিতাৰ বাহিৰে আন একো নহয়।

আগতে অৱশ্যে মাছে মঙহে দকচি খুৱাব নোৱাৰিলেও বাপেকটোৱে হাজিৰা কৰি ঘৰখন অাতোল-তোলকৈ চম্ভালি ৰাখিছিল। কেইটকামান সাঁচি ৰাখি সিহঁত বায়েক ভায়েকহালক পূজাই বিহুৱে নতুন কাপোৰ এসাঁজো দিছিল। মাকেও আধিকৈ তাঁত-সুত বৈ দুই- এপইচা আৰ্জি আৰ্থিকভাৱে অলপ সহায় কৰিছিল। আন নহ’লেও স্বাভিমানেৰে চলা মানুহঘৰৰ গাৱখনত অলপ হ’লেও এটা সুকীয়া পৰিচয় আছিল।

কিন্তু বিধি জানো সদায় সুপ্ৰসন্ন হৈ থাকে ? সিহঁতৰ হাঁহিবোৰতো লাহে লাহে গ্ৰহণ লাগিল। আগৰ পৰাই গাৱঁৰে দুই এজনৰ লগত সন্ধিয়া সন্ধিয়া দেউতাকে পথাৰৰ পৰা আহি কথাৰ মহলা মাৰে। এদিন লগৰে নোমল খুৰাই ৰহিলাৰ ঘৰলৈ দেউতাকক লগ ধৰিলে। ৰহিলাৰ ঘৰলৈ মানুহটো আগে পিছে গৈ পোৱা নাই। সেইদিনাও যাবলৈ ইচ্ছা নথকা স্বত্বেও নোমলৰ লগত গ’ল। ৰহিলাৰ বিষয়ে গাঁৱৰ মানুহৰ মুখে মুখে চলি ফুৰা মুখৰোচক কাহিনীবোৰৰ কাৰণেই সাধাৰণতে গাঁৱৰ সন্মানীয় কোনো মানুহ দিনে পোহৰে তাইৰ ঘৰলৈ নাযায়। অৱশ্যে মুখা পিন্ধা দুজনমান ভদ্ৰলোক ৰাতিৰ আন্ধাৰত তাইৰ চুৱা পাতনিত ঠিকেই চোপ লৈ থাকে। দেৱযানীৰ দেউতাকে হাল বাবলৈ যাওঁতে ৰহিলাৰ চৰিত্ৰও যে সন্দেহজনক সেয়াও শুনিছিল। সেয়েহে নোমলত লগত যাবলৈ মানুহটো সামান্যও আগ্ৰহ নাই।

সিহঁত দুটা ৰহিলাৰ ঘৰ পাওঁতে তাইৰ ঘৰটো আন্ধাৰত ডুব গৈ আছিল। ইকৰাৰ বেৰত গোবৰেৰে লিপি থোৱা তেনেই সাধাৰণ ৰহিলাৰ ঘৰটো। চাৰিওফালে ঘোপ মৰা অন্ধকাৰ। ৰহিলাৰ ঘৰৰ ওপৰত উপঙি থকা অন্ধকাৰখিনিয়েই আচলতে সেইদিনা দেৱযানীৰ দেউতাকৰ হাৱাই চেণ্ডেলযোৰত লাগি ঘঁহনি ঘঁহনি খাই খাই সিহঁতৰ সৰু সুখী পৰিয়ালটো গিলি পেলাইছিল। সেয়া অৱশ্যে দেৱেনে পিছতহে অনুধাৱন কৰিছিল যদিও ভুলৰ সংশোধন কৰিব পৰাকৈ মানুহটো সক্ষম হৈ থকা নাছিল।

দেৱেনে মন কৰিছিল ৰহিলাৰ ঘৰটোৰ এফলীয়া কোঠা এটাত কোনোবা এটাই কেৰাচিনৰ চাকি এটা জ্বলাই মানৰ অসম আক্ৰমণৰ বিষয়ে ডাঙৰ ডাঙৰকৈ পঢ়ি আছিল। দেৱযানীৰ দেউতাকে ভালকৈ জানে, এইটো আন কোনো নহয় তাৰ জীয়েকৰ লগত একেলগে পঢ়া কমলহে। সিও আচলতে ঘৰলৈ অহা মানুহবোৰৰ অবাইচ মাতবোৰৰ পৰা নিজৰ কাণখনক বচাই ৰাখিবৰ বাবেহে প্ৰয়োজনাধিক উচ্চস্বৰত পাঠ পঢ়ি আছিল। ঘৰটোৰ পদূলি পাৰ হওঁতেই কিবা এটা কেচেমা-কেচেম গোন্ধে বতাহজাক বিষণ্ণ কৰি ৰাখিছিল। গোটেই পৰিবেশটোৱে দেৱযানীৰ দেউতাকৰ ডিঙিটো কিবা শুকুৱাই অনা দি আনিছিল। ৰহিলাৰ ঘৰলৈ আহি যেন মানুহটোহে সৰ্বানাশী ভুলহে কৰিব ওলাইছিল। মনে মনে হয়তো হোজা মানুহটোৱে তেনেকৈয়েই ভাৱিছিল।

দেৱেনে নোমলক পানী এগিলাছ খোৱাৰ কথা ক’লে। নোমলে ৰহিলাৰ হতুৱাই পানীৰ সলনি চৰবত এগিলাছ দেৱেনক খুৱালে। চেঁচা চৰবত গিলাছ খাইহে তাৰ যেন কণ্ঠলৈ প্ৰাণশক্তি ঘূৰি আহিল। গাটোকো কিবা এক অনামী শিহৰণে শিহৰিত কৰি পেলালে। ৰহিলাক খুজি মানুহটোৱে আৰু এগিলাছ চৰবত কোটকোটকৈ পি খালে। তাৰ পিছত মানুহটোৰ কি হ’ল জানো নিজেই একো ক’ব নোৱাৰা হ’ল ? কথা ক’লেও মুখ মেল নাখায়, মুখ মেলিলেও শব্দবোৰ ফুটি নোলায়। শৰীৰটো কোনোবা সময়ত কমোৱা তুলাৰ দৰে পাতল পাতল লাগে নহ’লে কোনোবা সময়ত ভৰি দুখন ইমানেই গধুৰ হৈ পৰে যে সি ভৰি আগলৈ দিলে পিছলৈ যায় পিছলৈ দিলে কাষলৈ যায়। থৰক্ বৰক মানুহটোক সেই দিনা নোমলেহে আহি ঘৰত থৈ গ’ল।

ৰহিলাই সস্তীয়া মদ বেচি পৰিয়াল চলায় বুলি দেৱেনেও জানে। আনহে নালাগে তাই নিজৰ পেটৰ পোৱালিৰ পেটৰ জুই নুমুৱাবলৈ কেতিয়াবা আনৰ শৰীৰৰো জুই নুমুৱায়। তাইৰ ঘৰৰ চৌকাত পাতি থোৱা চচপেনটোৰ তলিত তেতিয়াহে জুইকুৰা জ্বলে যেতিয়া তাইৰ শৰীৰটো কাৰোবাৰ নখ, দাঁতৰ বিষত কেঁকাই উঠে ; পুতেকৰ টেবুলৰ কেৰাচিনৰ চাকিটোৰ শলিতাডাল তেতিয়াহে উজ্জ্বল হৈ জ্বলি উঠে যেতিয়া তাইৰ দৰে শৰীৰবোৰ ভোকাতুৰ মাংসখোৱা নৰমনিচৰ হাতত ধৰফৰাই উঠে। সেয়ে কিজানি ৰহিলাৰ দৰে মহিলাক সন্মান কৰিব নোৱাৰিলেও দেৱেনে ঘিণ কৰিব নোৱাৰে। সমাজৰ তেনে চাম নাৰীৰ প্ৰতি হৃদয়ৰ কোনোবাখিনিত বিষ এচিকুট মানুহটোৱে অনুভৱ কৰে। কেতিয়াবা সহানুভূতিৰ ৰূপত নহ’লে কেতিয়াবা দয়াৰ ৰূপত সেই বিষকণৰ বহিৰ্প্ৰকাশ ঘটে।

দেৱেনৰ এই যে দুৰ্বলতাখিনি, তাৰ সুযোগ ৰহিলাই পুৰামাত্ৰাই ল’লে। তাইৰ নিপোটল শৰীৰটোৰ লোভ দেখুৱাই দেৱেনক বশ কৰি পেলালে। লাহে লাহে সস্তীয়া মদ খুৱাই খুৱাই মদাহী কৰি পেলালে। লাহে লাহে মানুহটোৰ পেটৰ বিষো আৰম্ভ হ’ল। দেৱেন যেন ক্ৰমশঃ  দেৱযানীৰ মাকৰ কামৰ ভৰত শুকাই যোৱা হাত- ভৰিৰ প্ৰতি  উদাসীন হৈ পৰিল। পুৱা কাউৰীয়ে কা কৰোতেই পথাৰত নাঙল জোৰা মানুহটো ভৰ দুপৰলৈকে বিচনাত চিতভোলোঙা দি শুই থাকে। হকে- বিহকে দেৱযানীৰ মাকজনীক মাৰপিট কৰে। লাহে লাহে মানুহটো মুদ্ৰাদোষত ভোগা বেমাৰীৰ নিচিনাকৈ কঁপি থকা হ’ল। ৰহিলাৰ ঘৰত গৈ এটুপি খাবলৈ নাপালে বলীয়া হৈ পৰা হ’ল। আগৰ দৰে টকা পইচা দিব নোৱাৰি ধাৰ কৈ মদ খাবলৈ যোৱা মদাহী দেৱেনক ৰহিলায়ো আজিকালি ঘৰৰ ভিতৰ সোমাবলৈ নিদিয়া হ’ল।

দেৱযানীৰ পেটটোত যিকুৰা জুই জ্বলে, মাকৰ পেটটোতো সেইকুৰা জুই জ্বলে। কিন্তু দেৱযানী বুকুত মাকৰ দৰে উমি উমি জ্বলা জুই কুৰাৰ উত্তাপ নাই । তাই ভাতৰ চৰুটোৰ বকবককৈ উতলি থকা বগা ভাতখিনিলৈ একান্তমনে চাই অাছে। ভায়েকেও শান্ত হৈ পিৰা এখন পাৰি চৌকাৰ ওচৰতে বহি ভাতৰ চৰুটোলৈকে চাই আছে। দুয়োটাৰে চকুত একুৰা ভোকৰ জুই দপদপকৈ জ্বলি আছে। যেন ভাতৰ চৰুটো আৰু সিহঁতৰ মাজলৈ অহা প্ৰতিটো বস্তুকে সিহঁতে পুৰি ছাৰখাৰ কৰি পেলাব।

ঃ মাজনী, তই আহিলি হ’বলা ? চাওঁ এইফালে আহ্চোন অ’ আই ?

মাকৰ মাততহে তাইৰ তন্ময়তা ভাঙিল।

ঃ গৈছো মা…

তাই খৰধৰকৈ কলহৰ চেঁচা পানী এগিলাছ লৈ মাকৰ ওচৰ পালেগৈ।

ঃ পৰীক্ষা কেনেকুৱা হ’ল আই ? ইমান ডাঙৰ পৰীক্ষাটো দিবলৈ যাওঁতেও তোক লঘোণে পঠাবলগীয়া হৈছে। এয়াই মোৰ কপাল অ’ অাই…

চকুৰ কোণেৰে বৈ অহা চকুপানীখিনি মানুহজনীয়ে সিহঁতে নেদেখাকৈ টুকি ল’লে। কিন্তু দেৱযানীৰ চকুৰ পৰা সাৰি নগ’ল।

ঃ পৰীক্ষা ভাল হৈছে মা। চাবাচোন তুমি আশা কৰাৰ দৰেই মোৰ ৰিজাল্ট হ’ব।

ঃ হওঁক দে আই। ৰ মই সাউতকৈ দোকানৰ পৰা আহোগৈ। চাউল এক কেজিমানকে সদ্যহতে লৈ আনোগৈ। আজি মাধৱী নবৌৰ তাত কাম কৰা পইচাকেইটা দিলে নহয়। যাচোন মাজনী হাঁহৰ গড়ালত কণী আছে নেকি চাই আহগৈ। আজি আমি সৱেই কণীৰ পিটিকাৰে পেট ভৰাই গৰম গৰম ভাত খাম। ন মইনা ?

কথা কৈ কৈ মানুহজনীয়ে সৰু পুতেকটোৰ মূৰত হাত বুলাই দিলে।

ঃ অ’ মা ,বায়ে ভাত বনালেই নহয়। তুমি দোকান যাব নালাগে।

ঃ ভাত বনাবলৈ চাউল ক’ত পালি মাজনী ?

দোকানলৈ আগবঢ়া দেৱযানী মাকৰ ভৰি দুখন আপোনা-আপুনি ৰৈ গ’ল। আজি দুদিন ধৰি কাৰো পেটত খুদকণ এটাও পৰা নাই। সৰু ল’ৰাটোক দুদিন আগতেই সিজোৱা কৰ্কৰা ভাত দুগৰাহ খুৱাই কোনোমতে চম্ভালি ৰাখিছে। তেনেক্ষেত্ৰত দেৱযানীয়ে মাক অহাৰ আগতেই ভাত ৰন্ধা কথাটো যেন বিশ্বাস কৰিবলৈ মানুহজনীয়ে টান পালে।

ঃ মানে মা…

ঃ মই সুধিছো তই পইচা ক’ত পালি ? দুদিনৰ পেটৰ ভোকো যদি সহিব নোৱাৰ মাৰৰ মূৰটোকে চোবাই নাখাৱ কেলৈ তই?

ঃ নহয় মা… শুনাচোন

ঃ পইচা কাক খুজি অানিলি তই ? ভিক্ষাৰীৰ জাত.. বাপকৰহে জীয়েক। তেজেই লেতেৰা তহঁতৰ।

মাকৰ জানো হঠাত্ ইমানকৈ কি কাৰণত খং উঠিল।

ঃ কাকো খোজা নাই মা। কমলেহে দিলে….

ঃ কোন কমল ?

ঃ ৰহিলা খুৰীৰ পুতেক যে আমাৰ লগত একেলগে পৰীক্ষা দিছে, সি।

ঃ কমলে তোক কিয় পইচা দিছে ? অহ্ বাপেৰৰ স্বভাৱতে গলি তই ? বাপৰক ৰহিলাই চোবাইছে আৰু পুতেকে তোক চোবাইছে।

ঃ নহয় মা.. দেউতাইহে….( পইচাটো সিহঁতৰ ঘৰত পেলাই থৈ আহিছিল।)

ডিঙিলৈকে অহা কথাখিনি মাকৰ ৰণচণ্ডী মূৰ্তি দেখি দেৱযানীৰ মুখৰ মাত বাহিৰ হ’বলৈকে নাপালে। মাকে তাইৰ গালত দুই চৰ লগাই দিলে। পেটৰ ভোকত দুৰ্বল হৈ থকা শৰীৰ যদিও অন্তৰৰ আঘাতত ক্ষত-বিক্ষত মানুহজনীৰ চৰ খাই দেৱযানী কোনোমতেহে বাগৰি নপৰাকৈ ৰ’ল। ইয়াৰ আগতে কোনোদিন দেৱযানীৰ গাত মাকে হাত তুলিব লগীয়া পৰিস্থিতি হোৱা নাছিল। কিন্তু আজি তাইক মাৰিও যেন মাকৰ খং শাম কটাৰ নামেই লোৱা নাই । এতিয়াও বাহিৰত অবাইচ মাতেৰে ৰহিলাক গুৱাল গালি পাৰিয়েই আছে।

মাকৰ গালি, তাইৰ চকুপানীৰে ভৰা গাললৈ অকণো ভ্ৰুক্ষেপ নকৰি দেৱযানীৰ সৰু ভায়েকটোহে ভাতৰ চৰুৰ পৰা বাতি এটাতে ভাত অলপ লৈ মাটিতে লেপেটা কাঢ়ি বহি লৈ খাবলৈ ল’লে। সেই মুহূৰ্তত মাকেও যেন পুতেকক গালি পাৰিব নে ভাতৰ বাতিটো দলিয়াই দিব একো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাকৈ শিল হৈ পৰিল। দুদিন লঘোণে থকা অপুষ্টিত ভোগা ল’ৰাটোৰ পেটৰ জুইকুৰাৰ আগত মানুহজনীৰ মনত বেশ্যা চপোৱা গিৰিয়েকটোৰ প্ৰতি থকা ক্ষোভখিনিৰ ওজন যেন বহুগুণেই কমি গ’ল। ◾
[লিখিকা তেজপুৰৰ যুগল হাইস্কুলৰ সহকাৰী শিক্ষক]

  • 110
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.