বিজ্ঞান বিচিত্রাঃ ড৹ ৰাস্না ৰাজখোৱা

Vigyan vichitra
Vigyan vichitra
  •  
  •  
  •  
  •  
  •  

🔘 বর্ণসংকৰ অজগৰৰ ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি

ফ্লৰিডাৰ দক্ষিণ অঞ্চলত নতুনকৈ আৱিষ্কৃত হোৱা বর্ণসংকৰ অজগৰ (Hybrid Pythons) অবর্ণসংকৰ অজগৰতকৈ যথেষ্ঠ শক্তিশালী আৰু তাৰ পৰিৱেশৰ বাবে বেছি উপযোগী৷ এই বিচিত্ৰ অজগৰ জিনীয়ভাৱে ক’বলৈ গ’লে ব্ৰহ্মদেশীয় অজগৰ (Python Bivittatus)৷ এই সাপবোৰ ১৯৮০ চনত ফ্লৰিডালৈ আকর্ষণ আৰু সৌন্দর্যৰ বাবে অনা হৈছিল আৰু অৰণ্য অঞ্চলত এৰি দিয়া হৈছিল৷ তেতিয়াৰ পৰা ব্ৰহ্মদেশৰ অজগৰৰ সংখ্যা বহুত বেছি বৃদ্ধি হয় আৰু সৰু স্তন্যপায়ী প্ৰাণীবোৰৰ জীয়াই থকাৰ কাৰণে যুদ্ধ আৰম্ভ হয়৷ ১৯ আগষ্টত ‘Ecology and Evolution’ জার্নেলত প্ৰকাশ হোৱা এটা প্ৰৱন্ধত প্ৰকাশ কৰিছে যে শেহতীয়া অধ্যয়নত গম পোৱা গৈছে কিছুমান ব্ৰহ্মদেশৰ অজগৰে আন অজগৰৰ জিনীয় অৱশেষ কঢ়িয়াইছে আৰু অন্য এটা সুস্পষ্ট প্ৰজাতি, মজবুত বর্ণসংকৰলৈ ৰূপান্তৰিত হৈছে৷

গৱেষকৰ  দল এটাই এভাৰগ্লেডচকে ধৰি ফ্লৰিডাৰ দক্ষিণাঞ্চলৰ পৰা ২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত সংগ্ৰহ কৰা ৪২৬ টা ব্ৰহ্মদেশীয় অজগৰৰ নেজৰ কলা (Tissue) বিশ্লেষণ কৰোঁঁতে অজগৰৰ বর্ণসংকৰ প্ৰজাতি চিনাক্ত কৰে৷ বিজ্ঞানীদলটোৱে ১৩ টা সাপত ভাৰতীয় অজগৰৰ  মাইট্ৰকণ্ড্ৰীয়েল ডি এন এ (DNA)ৰ জিনীয় অৱশেষৰ স্বাক্ষৰ পায়, যিটো মাতৃৰ পৰা সন্তানলৈ যায়৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে নতুন বিপদজনক বর্ণসংকৰ প্ৰজাতি হঠাতে ফ্লৰিডাৰ কাৰণে আতংকৰ কাৰণ হৈছে৷ গৱেষকসকলে ভাৱে অজগৰৰ বর্ণসংকৰ প্ৰজাতি বহুত দিনৰ আগৰ পৰাই বংশ বৃদ্ধি হৈ আছে৷ দুইটা প্ৰজাতিৰ শক্তিশালী জিনীয় সংযোজনৰ পৰা সৃষ্টি হোৱা শক্তিশালী বর্ণসংকৰ অজগৰ যিকোনো পৰিৱেশত আৰু পৰিবর্তনশীল জলবায়ুৰ বাবে উপযোগী৷ গৱেষকসকলে প্ৰকাশ কৰে যে ভাৰতীয় অজগৰ সাধাৰণতে ওখ আৰু শুষ্ক অঞ্চলত থাকে, আনহাতে ব্ৰহ্মদেশৰ অজগৰ পানীত, নদী কাষৰীয়া হাবিত আৰু প্লাবিত হোৱা অৰণ্য অঞ্চলত থাকি ভাল পায়৷ মুঠৰ ওপৰত আচল কথাটো হ’ল ব্ৰহ্মদেশৰ অজগৰৰ বংশ বৃদ্ধি খুব বেছি হয় আৰু সেইটোৱে আন স্থানীয় প্ৰাণীবোৰৰ কাৰণে বিপদজনক কাৰণ হৈ উঠিছে৷ দুইটা সাপেই দ্ৰুত গতিত বংশবৃদ্ধি কৰা প্ৰজাতি৷ নেচনেল জিঅ’গ্ৰাফিকৰ মতে ব্ৰহ্মদেশৰ অজগৰ দক্ষিণ-পূৱ এছীয় মূলৰ আৰু ইয়াৰ বৃদ্ধি ২৩ ফুট পর্যন্ত (৭ মিটাৰ) আৰু ওজন ২০০ পাউণ্ড (৯১ কিলোগ্ৰাম)৷ সৰীসৃপ স্বত্বাধীকাৰী সকলৰ বাবে এই ডাঙৰ সাপবোৰ বেছি আকর্ষণী হয় ভাৰতীয় অজগৰ ব্ৰহ্মদেশীয় অজগৰতকৈ সৰু আৰু দ্ৰুতবেগী৷ ইহঁতবোৰ ভাৰত, শ্ৰীলংকা, পাকিস্তান আৰু নেপাল মূলৰ৷

🔘 অন্য তাৰকাৰাজ্যৰ ৪ টা বৃহৎ গ্ৰহৰ শিশু নক্ষত্ৰৰ চাৰিওফালে পৰিভ্ৰমণ

এটা নতুন অধ্যয়নৰ প্ৰতিবেদন মতে, জ্যোর্তিবিজ্ঞানত প্ৰথমবাৰৰ কাৰণে, চাৰিটা বৃহৎ গ্ৰহ, এটা যুৱ নক্ষত্ৰৰ চাৰিওফালে চিনাক্ত কৰা হৈছে৷ চি আই টাও [CI Tau]  নামৰ নক্ষত্ৰটো পৃথিৱীৰ পৰা ৫০০ আলোকবর্ষ দূৰত্বত অৱস্থিত৷ চি আই টাও নক্ষত্ৰটো মাত্ৰ ২ নিযুত বছৰ বয়সৰ আৰু এতিয়াও ইয়াক আগুৰি গেছ আৰু ধূলিৰ থাল ঘূৰ্ণায়মান হৈ আছে যাক ‘আদ্যগ্ৰহীয় থাল'(Protoplanetary Disc) বুলি জনা যায়৷ নক্ষত্ৰটোক এটা গ্ৰহৰ গৃহস্থ বুলি ইতিমধ্যে জনা গৈছে৷ বৃহস্পতি গ্ৰহতকৈ 10 গুণ বেছি ডাঙৰ গ্ৰহটো প্ৰতি নদিনত নক্ষত্ৰ চি আই টাওৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰে৷ এই গ্ৰহটোক চি আই টাও বি (CI Tau B) বুলি কোৱা হয়, এতিয়ালৈকে আৱিষ্কাৰ হোৱা তেনেকুৱা যুৱ নক্ষত্ৰৰ প্ৰথমটো ‘উত্তপ্ত বৃহস্পতি’ বুলি ক’ব পাৰি৷ নতুন অধ্যয়নটোত, গৱেষকৰ এটা দলে চি আই টাও আৰু ইয়াৰ থাল, এটকেমা লার্জ মিলিমিটাৰ/ উপমিলিমিটাৰ শৃংখলা  (Atacama Large Milimeter/Submilimeter Array—–ALMA] চিলিয়েন এণ্ডেজৰ ৰেডিঅ’ টেলিস্ক’প নেটৱর্কৰ সহায়ত পর্যবেক্ষণ কৰে৷ জ্যোর্তিবিদসকলে কয় ALMA য়ে নক্ষত্ৰটোৰ পৰা ১৩, ৩৯  আৰু ১০০ জ্যোর্তিয় একক দূৰত্বত (এক জ্যোর্তিয় একক দূৰত্ব হ’ল সূর্য আৰু পৃথিৱীৰ গড় দূৰত্ব = ৯৩ মিলিয়ন মাইল বা ১৫০ মিলিয়ন কিলোমিটাৰ) থালখনত তিনিটা অতিৰিক্ত খালী ঠাই চিহ্নিত কৰে৷ গতিকে চি আই টাও বি [CI Tau B] ৰ তিনিটা সহোদৰ গ্ৰহ আছে আৰু এই নতুনকৈ আৱিষ্কাৰ কৰা পৃথিৱীখন যথেষ্ট ডাঙৰো৷ দলটোৱে কয় একেবাৰে ভিতৰৰটো বৃহস্পতিৰ সমানেই ডাঙৰ, আৰু বাহিৰৰ দুটা প্ৰায় শনি গ্ৰহৰ সমান৷

অধ্যয়নটোৰ সদস্যসকলে কয়, জ্যোতিৰ্বিদসকলে তেনেকুৱা যুৱ নক্ষত্ৰৰ চাৰিওফালে আগতে কেতিয়াও গেছেৰে পৰিপূর্ণ চাৰিটা বিশাল গ্ৰহ আৰু কক্ষপথৰ বিস্তাৰ চিহ্নিত কৰা নাছিল৷ বহিঃতম গ্ৰহটো, চি আই টাওৰ পৰা একেবাৰে ভিতৰৰ গ্ৰহটোৰ দূৰত্বতকৈ ১০০০ গুণ বেছি দূৰত্বত অৱস্থান কৰে৷ গৱেষকসকলে কয় এই দূৰত্বই চৰম দূৰত্ব৷ সঁচাকৈ, এইটো স্পষ্ট নহয় যে বাহিৰৰ গ্ৰহ দুটাই কেনেকৈ আকৃতি ল’বলৈ সমর্থ হয়৷ শনি ভৰৰ গ্ৰহ দুটা ধৰা হ’ল প্ৰথম কঠিন শাঁহবোৰ জমা হৈ গঠন হ’ল আৰু তাৰপিছত সি গেছ টানি তাৰ ওপৰত গেছৰ তৰপৰ সৃষ্টি কৰিলে৷ কিন্তু এই পদ্ধতিবোৰ নক্ষত্ৰৰ পৰা বহু দূৰত খুব লেহেমীয়া বুলি ধৰা হয়৷ অধ্যয়নটোৰ মুখ্য লেখক, ইংলেণ্ডৰ কেম্বব্ৰীজ বিশ্ববিদ্যালয়ৰ জ্যোর্তিবিজ্ঞান প্ৰতিষ্ঠানৰ জ্যোর্তিবিদ কেথি ক্লার্কে কয়, বেছি ভাগ আর্হিয়ে এই দূৰত্বত ইমান ভৰৰ গ্ৰহ এটা গঠন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়৷

অধ্যয়নটোৰ সদস্যসকলে কয় এইটো অস্পষ্ট যে, যদি কিবা নিয়ম আছে, তেন্তে কোনটো নিয়ম মতে সহোদৰ (Sibling) গ্ৰহসমূহে চি আই টাও বিৰ অতি দৃঢ় কক্ষপথলৈ তাক ঠেলি নিব৷ ভৱিষ্যতে অন্য উন্নতমানৰ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি এই বিচিত্ৰ প্ৰণালীটো পর্যৱেক্ষণ কৰিলে এইবোৰ আৰু অন্য বহুতো প্ৰশ্নৰ উত্তৰ জনাত সহায় হ’ব বুলি অধ্যয়নটোৰ সদস্যসকলে কয়৷

🔘জলবায়ুৰ গুৰুত্বপূর্ণ আধা ডিগ্ৰী উষ্ণতা

2015 চনত পেৰিচত স্বাক্ষৰিত হোৱা চুক্তিত সকলো দেশে তেওঁলোকৰ দেশৰ কার্বন নির্গমন কমোৱাৰ আৰু গোলকীয় উষ্ণতাৰ 2.0  ছেলচিয়াছ (3.6 ফাৰেনহাইট) উচ্চসীমাত সীমাৱদ্ধ কৰাটো প্ৰতিশ্ৰুতি দিছিল৷ ভবা হৈছিল, এই চুক্তিখনেই জলবায়ু পৰিৱর্তনৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিৱ৷ কিন্তু বহুত দেশে তেওঁলোকৰ লক্ষ্যৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে৷ শেহতীয়াকৈ আই পি চি চিয়ে [Intergovernmental Panel on Climate Change-IPCC] প্ৰতিবেদন দাখিল কৰি দেখুৱাইছে যে অদূৰ ভৱিষ্যতে জলবায়ুৰ কাৰণে হ’ব পৰা ভয়াৱহ ঘটনাবোৰ এৰাই চলিব পাৰি, যদিহে উষ্ণতা বৃদ্ধিৰ পৰিমাণ 2.0 ছেলিচয়াছৰ পৰিৱর্তে 1.50 ছেলিচয়াছত সীমাৱদ্ধ কৰি ৰাখিব পাৰি৷

কেৱল মাত্ৰ আধা ডিগ্ৰী (0.50)ৰ পার্থক্যই নির্ণয় কৰিব উত্তৰ মেৰু তুষাৰ মুক্ত দহ বছৰত হ’ব নে এশ বছৰত হ’ব; প্ৰৱাল দ্বীপ প্ৰায় সম্পূর্ণ নোহোৱা হ’ব নে শতকৰা 30% থাকিব; বিশ্বৰ এক তৃতীয়াংশ মানুহ চৰম তাপ তৰংগৰ মুখামুখী হ’ব নে এক দশমাংশ মানুহ হ’ব? এই বিকল্প ভৱিষ্যতৰ কথা 2018 চনৰ অক্টোবৰৰ দ্বিতীয় সপ্তাহত জলবায়ু পৰিৱর্তনৰ আন্তঃচৰকাৰী দলৰ [Intergovernmental Panel] প্ৰতিবেদনত উপস্থাপন কৰিছে যিয়ে তিনিবছৰৰ আগতে ঐতিহাসিক পেৰিচ চুক্তিত অনুমোদন জনোৱা 2100 চনলৈকে নিদ্ধাৰিত প্ৰাক-উদ্যোগিক সময়তকৈ 2.0 ছেলচিয়াছ উষ্ণতা বৃদ্ধিৰ পৰিৱর্তে 1.50 ছেলিচয়াছলৈ উষ্ণতা বৃদ্ধি সীমাৱদ্ধ কৰিব পাৰিলে সাম্ভাব্য পৰিৱর্তন সমূহৰ কথা উল্লেখ কৰিছে৷ এই প্ৰতিবেদনে বন্ধ দুৱাৰখন খুলি দিছে জনসাৰণৰ ওচৰত, কোনটো ভৱিষ্যত তেওঁলোকে বিচাৰে নির্ণয় কৰিবলৈ৷

উষ্ণতা বৃদ্ধিৰ লগত প্ৰায়ে উদ্ভৱ হোৱা তাপ তৰংগৰ লগত উষ্ণতাৰ স্পষ্ট সম্পৰ্ক আছে৷ যেতিয়া তাপ তৰংগৰ উদ্ভৱ হয়, তেতিয়া তাৰ পৰিণাম কিমান ঋণাত্মক সেয়া জলজল পটপট হৈ পৰে। অধ্যয়নটোয়ে ইতিমধ্যে দেখুৱাইছে গোলকীয় উষ্ণীভৱনৰ চিহ্ন হিচাপে বর্তমানৰ জলবায়ুত মুখ্য তাপ তৰংগৰ ফলত গোলকীয় গড়তকৈ অতি উষ্ণীয় দিন দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ জলবায়ু আর্হি ব্যৱহাৰ কৰি নতুন অধ্যয়নটোত উল্ল্যেখ কৰিছে বিশ্বৰ কিমান জনসাধাৰণ তাপ তৰংগৰ মুখামুখি হব তাক পৰিৱর্তন কৰিব পাৰি৷ সংখ্যাটো বৃদ্ধি হ’ব 10% ৰ তলৰ পৰা 50% আবাসীলৈ, যদি 1.50 উষ্ণতা বৃদ্ধি হয়, আৰু 2.0 বৃদ্ধি হ’লে 70%তকৈ বেছি হ’ব৷

উষ্ণতা বৃদ্ধি আৰু মহাসাগৰৰ পানী এচিডযুক্ত হোৱাৰ কাৰণে ইতিমধ্যে বিগত বছৰ কেইটাত প্ৰবাল দ্বীপ ক্ষতিগ্ৰস্ত হৈছে, বিৰঞ্জক হৈছে৷ দ্বীপটোৰ এটা অন্ধকাৰ ভৱিষ্যত প্ৰতিফলিত হৈছে, য’ত জলবায়ুৰ 2.0 ছেলচিয়াছ উষ্ণতা বৃদ্ধিয়ে বর্তমানৰ দ্বীপটোৰ 99% নোহোৱা কৰিব; কিন্তু 1.50 ছেলচিয়াছ উষ্ণতা বৃদ্ধিত দ্বীপটো অলপ হ’লেও ৰক্ষা পৰিব৷ তাৰ ক্ষতিৰ পৰিমাণ হ’ব 70% আৰু 90% ৰ মাজত৷ অন্য জীৱ-জন্তুৱেও সিহঁতৰ আবাস ভূমি হেৰুৱাব৷1.50 ছেলচিয়াছৰ পৰিৱর্তে 2.0 ছেলচিয়াছ উষ্ণতা বৃদ্ধিত জলবায়ু উপযোগী আবাস স্থল মেৰুদণ্ডী আৰু উদ্ভিদে হেৰুৱাৰ পৰিমাণ প্ৰায় দুগুণ হ’ব আৰু তিনিগুণ হ’ব অমেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত৷ গ্ৰহটোৰ উষ্ণতাৰ তুলনাত উত্তৰ মেৰুৰ উষ্ণতা বৃদ্ধিৰ হাৰ ইতিমধ্যে প্ৰায় দুগুণ, যাৰ ফলত স্থায়ী তুষাৰৰ গলন হৈছে আৰু সাগৰৰ বৰফ ধীৰে ধীৰে গলিছে৷ 1.50 ছেলচিয়াছৰ পৰা 2.0 ছেলচিয়াছৰ অর্থ অতিৰিক্ত 1.50  নিযুতৰ পৰা 2.5 নিযুত বর্গ কিলোমিটাৰ স্থায়ী তুষাৰ লুপ্ত হোৱা৷ 1.50 ছেলচিয়াছৰ পৰা 2.0 ছেলচিয়াছৰ অর্থ উত্তৰ মহাসাগৰৰ প্ৰতি 100 বছৰত মুক্ত হ’ব লগা বৰফ প্ৰতি 10 বছৰত মুক্ত হ’ব৷ উষ্ণতা বৃদ্ধিয়ে মানুহে নির্ভৰ কৰা পানী আৰু খাদ্যলৈও সংকট কঢ়িয়াই আনিছে৷ 2.0 ছেলচিয়াছ উষ্ণতা বৃদ্ধি হ’লে, সাগৰত মাছ ধৰা দুগুণলৈ কমি যাব, পানীৰ সংকটত পৰিব মানুহ আৰু মাকৈ, ধান, ঘেঁহু উৎপন্নৰ হাৰ যথেষ্ট কমি যাব৷

🔘সংৰোপণৰ কাৰণে সংশ্লেষিত অংগ

ত্ৰি-মাত্ৰিক জৈৱ প্ৰিণ্টাৰৰ দ্বাৰা জৈৱ চিঞাহী ব্যৱহাৰ কৰি শৰীৰৰ প্ৰয়োজনীয় অংগসমূহ প্ৰস্তুত কৰিবলৈ গৱেষক সকলে অবিৰাম চেষ্টা কৰি আছে৷ এই ক্ষেত্ৰত কিছু পৰিমাণে সফলো হৈছে৷ এনেদৰে প্ৰস্তুত কৰা অংগসমূহক সংশ্লেষিত অংগ বুলিও কোৱা হয়৷ গতিকে সংশ্লেষিত অংগ হ’ল শৰীৰত সংৰোপণৰ কাৰণে ত্ৰি-মাত্ৰিক জৈৱ প্ৰিণ্টাৰৰে জৈৱ-চিঞাহী ব্যৱহাৰ কৰি মুদ্ৰিত কৃত্ৰিম অংগ৷ বর্তমান মানৱ শৰীৰৰ যকৃত, বৃক্ক, হৃদপিণ্ডৰ দৰে জটিল অংগ প্ৰস্তুত কৰিবলৈ তীব্ৰ গতিত গৱেষণা চলি আছে আৰু কিছু পৰিমাণে সফল হৈছে যদিও এতিয়াও বহুতো জটিলতা আছে৷ ত্ৰি-মাত্ৰিক প্ৰিণ্টাৰৰ সহায়ত কলাজেনেৰে (এক বিশেষ ধৰণৰ গঠনাত্মক প্ৰটিন) বিশেষ অংগটোৰ গঠন কৰি লোৱা জঁকাটোৰ ওপৰত জৈৱ চিঞাহীৰে তৰপৰ ওপৰত তৰপ দি অংগটো প্ৰস্তুত কৰে৷

ত্ৰি-মাত্ৰিক প্ৰিণ্টাৰৰ আগমনে কৃত্ৰিম অংগৰ ভৱিষ্যত উজ্বল কৰিছে৷ যিকি নহওঁক সম্পূর্ণ কার্যক্ষম জটিল অংগ এটা বেমাৰী ব্যক্তি এজনৰ শৰীৰত ব্যৱহাৰ কৰিব পৰাকৈ বর্তমানলৈকে প্ৰস্তুত কৰিব পৰা হোৱা নাই, গৱেষকসকল এতিয়াও যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে৷ বর্তমান গৱেষকসকলে সম্পূর্ণ কাযক্ষম সৰু আৰু প্ৰতিৰূপ অংগ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে যদিও অযোগ্য ৰক্ত সংবহনীয় নলিকা জালিৰ কাৰণে সেই অংগৰ আয়ুস খুব কম৷ বর্তমান কৃত্ৰিম ধাতু আৰু প্লাষ্টিকৰ হাড়ৰ গঠন যেনে হনু (jaw), নিতম্ব (hips) আৰু আনকি ধাতু আঙুলিৰ গাঠি (যিটো সঁচাকৈয়ে যুদ্ধত যথেষ্ঠ প্ৰয়োজন) মুদ্ৰণ কৰাটো সম্ভৱ হৈছে৷ ছপা কৰা ছাল, জুয়ে পোৰা বা বেয়া হৈ যোৱা ছালৰ বাবে ব্যৱহাৰ কৰিব পৰা গৈছে৷ প্ৰসাধন দ্ৰব্য প্ৰস্তুত কৰোঁঁতা কিছুমান কম্পেনীয়ে প্ৰতিবছৰে বৃহৎ পৰিমাণে ত্ৰি-মাত্ৰিক মুদ্ৰিত গাৰ ছাল ব্যৱহাৰ কৰে৷ তেওঁলোকৰ প্ৰসাধন সামগ্ৰীসমূহ পৰীক্ষা কৰিবলৈ যাতে তেওঁলোকৰ গ্ৰাহকক সেই সামগ্ৰীসমূহ নির্ভয়ে বিক্ৰী কৰিব পাৰে৷ বর্তমান বহুতো গাইগুটীয়া ফার্ম আৰু কম্পেনী আছে যিবোৰে এই প্ৰযুক্তিত কাম কৰি আছে৷ কঠিন কোষীয় গঠনৰ প্ৰয়োজন হোৱা বেছি জটিল অংগবোৰৰ বিষয়ে বর্তমান গৱেষণা চলি আছে৷ দ্য আমেৰিকান হেলথ কেয়াৰ কম্পেনী, জনছন এণ্ড জনছন ইত্যাদিয়ে তেনেকুৱা ফার্মত যথেষ্ট ব্যয় কৰিছে৷

[লিখিকা জামুগুৰিৰ ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষক,  ফোন নং-৯৮৫৪৪৯২৩২৬]

1 Comment

Leave a Reply

Your email address will not be published.