এডালেই মমবাতি, তথাপিঃ খগেশ সেন ডেকা

একটাই মোমবাতি
একটাই মোমবাতি
  •  
  •  
  •  
  •  
  •  

এডালেই মমবাতি : তুমি তাক কিয়
দুইমূৰে জ্বলাইছা ?
অতিশয় অহংকাৰী হ’লেহে এনে কাণ্ড কৰা
যায়৷
তুমি কিয় ইমান অহংকাৰী ?
চকুত চকু থ’লে আন ফালে
চোৱা,
হাতত হাত থ’ব খুজিলে ঠেলি দিয়া,
হাতৰ আমলখীৰ মালা হঠাৎ টান মাৰি তুমি
পেলাই দিয়া,
অথচ তাৰ পাছতো তুমি শান্ত স্বৰেৰে কথা কোৱা,
যেন
একোৱেই হোৱা নাই, যেন
য’ত যি যেনেকৈ আছিল, সকলো  তেনেকৈয়ে আছে৷
অতি বেছি অহংকাৰী হ’লে এনে কাণ্ড কৰা
যায়
অথচ এনে কাণ্ড কৰাৰ এতিয়াই কোনো
আৱশ্যক নাছিল৷
আন কিবা থাকক নাথাকক, তোমাৰ
স্মৃতি আছিল; স্মৃতিৰ ভিতৰত
পৃথিৱী ওপঙোৱা এখন নৈ আছিল; তুমি
নৈখনৰ মাজত পুনৰ ডুব দি কেইটিমান
বছৰ
অনায়াসে কটাব পাৰিলাহেঁতেন৷ কিন্তু নকটালা;
এতিয়াই তুমি জ্বলি উঠিলা দপদপাই প্ৰচণ্ড হালধীয়া হৈ৷
অতিশয় অহংকাৰী হ’লেহে এনে কৰা
যায়৷
তুমি কিয় ইমান অহংকাৰী ?
এডালেই মমবাতি, তথাপি অহংকাৰত মত্ত হৈ তাক
তুমি
দুয়োমূৰে জ্বলাইছা৷
[অনুবাদক পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক]

Be the first to comment

Leave a Reply

Your email address will not be published.