আশাৰে বাট চালোঃ পণ্টু বৰগোহাঁই

কাব্যশিল্প

  • 193
  •  
  •  
  •  
  •  
    193
    Shares

তুমি আহিবা বুলি মই আশাৰে বাট চালোঁ
থমকি নৰ’বা
চ’তৰ বৰদৈচিলা জাকৰ লগত বিলীন হৈ তুমি আহা
ব’হাগ হৈ আমাৰ মাজলৈ

তোমাক আদৰণি জনাবলৈ প্ৰতিজন অসমীয়াই হাতত ঢোল, পেপা , তাল লৈ অতি আশাৰে বাট চাই আছে,
ৰৈ আছে পদূলিৰ মুখৰ বকুল জোপাত থকা সেই “কপৌফুল” জুপিয়েইও ।

হেঁপাহৰে বৈ থোৱা বিহুৱান খন দিবলৈ ,
প্ৰেয়সী ৰৈ আছে জুৰীয়া আঁহতৰ তলত,
তুমি আহিলেই বুকুৰ মৰম যাচিব আপোনজনক,
আশাৰে বাট চাই আছে “বহাগ”তুমি অহালৈ।

গছ,বন,তৰুলতাই ন-সাজ পিন্ধিবলৈ
আশাৰে বাট চাই আছে তুমি অহালৈ ,
পদূলী মুখত থকা তগৰ জুপিয়েও প্ৰেমৰ সুৱাস বিলাবলৈ ৰৈ আছে তোমাৰ অপেক্ষাত ।

তোমাৰ আগমনে কুলি, কেতেকী মন উন্মাদনা হৈ পৰিছে।
দুভাগ ৰাতি কুলি কেতেকী মিঠা মাতত ,
সকলোৱে টোপনি কাঢ়ি লৈ যায় দূৰদূৰনিলৈ
সেয়ে ” বহাগ ” আশাৰে বাট চালো তুমি অহালৈ।

পণ্টু বৰগোহাঁই

  • 193
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.