বজালীৰ শব্দকোষ ৩: ডঃ জয়ন্ত কুমাৰ শৰ্মা

বজালীৰ শব্দকোষ

  • 34
  •  
  •  
  •  
  •  
    34
    Shares

অদ্ লঃ মুখ গোমোঠা কৰ। যেনে – কি মুখখেন অদ্ লে থাকা? মায়ে পূজা চাবা নিব যা।

অদ্ লনিঃ মুখ গোমোঠা কৰা কাৰ্য্য। যেনে – বাপ্পা ঐ, তোৰ মুখৰ অদ্ লনি মোই আৰ সহ্য কৰবা নৰা হৈছু।

অদল-বদল কৰঃ সালসলনি কৰ। যেনে – হাও, কি লেখছা এ, এখনি অদল-বদল কৰ।

অদ্ লি আহঃ ওফন্দি তললৈ আহ। যেনে – চাউ চু চাউ, মেঘমাখা অদ্ লি আইহছি, মস্ত বৈহৰান দিব গতে।

অদ্ লে থাকঃ মুখ গোমোঠা মাৰি থাক। যেনে – আইহেৰে, মুখখেন অদ্ লে নাথকিবি দে, মোই মস্ত বয়া পাউং।

অদা, অদা হঃ নিমখ কম হ, কামত ঢিলা। যেনে – মাংসৰ আঞ্জাখেন ভালে হৈছিল, খালি অলপ অদা হৈছি।

অধপাতে যাঃ নষ্ট হ, চৰিত্ৰৰ স্খলন হ। যেনে – এই বুঢ়ী মানহুটুৰ কথা নুশুনা, অধপাতে যাবি যা।

অধাচাৰ, অধাচাৰ কৰ্ , অধাচাৰ হঃ অপব্যয়, অপব্যয় কৰ, অপব্যয় হ। যেনে – ঐ আপী আহুন। আজিকালি দামৰ বস্তু। এইঙ্কে অধাচাৰ নকৰবি।

অন, অনে থাক্ ঃ মনোযোগেৰে শুনি থাক। যেনে – ও ৰাধাৰ মায়েক, ও কি কচ্ছহে? কি কৰবাহে। এ বহিখাৱ আহাৰ ঘৰত নাম গাইছি, তাকে অনে আছু ৰবা।

অনবৰতঃ সকলো সময়তে। যেনে – মোই দেখচু নহে, জীয়টুই অনবৰত বাহিৰা কিতাপ পঢ়ি থাকে।

অনুপানঃ ঔষধৰ (ওজাৰ) লগত মিহলোৱা বস্তু। যেনে –  এটু ঔষধৰ লগত বেছি অনুপান নাই দিয়া।

অনে-বনেঃ অনাই-বনাই। যেনে – চলিটুৰ পঢ়াশুনাত অলপো মন কাণ নাই, গতে বছৰটু অনে-বনে ঘূৰি ফুল্লাক।

অন্ধি-সন্ধিঃ সম্ভেদ, সাৰমৰ্ম। যেনে – কবা নৰুদে মাই। তাইৰ কথাৰ একো অন্ধি-সন্ধি নাপং।

অপক হঃ বেছিকৈ পকা। যেনে – এ কলকটা এনে খাবা নৰি, দৈৰ লগতহে খাবা লাগব। পকি একেবাৰে অপক হৈছি।

অপগণ্ডঃ মূৰ্খ, দায়িত্বহীন। যেনে – কি কৰবা! মোৰ সৰুটু চলি মহা অপগণ্ড হল।

অপদ্ চমৎকাৰে, অপদ্ চমৎকাৰঃ অকস্মাৎ, অভাৱনীয়ভাৱে। যেনে – ঐ ৰবীন, গম পাইছানা নাই? আমাৰ ৰানাই কালি পুৱা জানত মাছ মাৰবা যাৱতে অপদ্ চমৎকাৰে এটা বেগত এক লাখ টাকা পাই গেল নহে।

অপৰখেতিঃ প্ৰচুৰ, যথেষ্ট (কৃষিৰ ক্ষেত্ৰত)। যেনে – ৰ’দে বৈৰহানে ইবাৰ এনে কুবইছি, আমাৰ জাহাধানৰ গতে অপৰখেতি হৈছি।

অবচনকাৰীঃ অবাধ্য। যেনে – বাপাহেৰে, মোৰ দৰে বুঢ়া মানহুটুৰ অবচনকাৰী নহবি।

অবাইচঃ অশ্লীল কথা, নিকৃষ্ট কথা। যেনে – ঐ চলি, মোৰ আগত আবাইচ মাত মাতবা সাহস কচ্ছা ?

অবিলবিলাঃ প্ৰচুৰ, যথেষ্ট। যেনে – বানপানী হৰ কাৰণে ইবাৰ জানটুত মাছ গতে অবিলবিলা হৈছি।

অবুজিলঃ যি বুজনি নামানে। যেনে – আজিকালিৰ চলিগিলাক মহা অবুজিল।

অবেহিঃ এৰেহা, খোৱাৰ আংশিষ্ট অংশ। যেনে – তাক মই নাজনু, পুৰোহিতৰ ঘৰৰ অবেহি খাই খাই ডাঙাৰ হৈছি।

অভংঃ মইমতীয়া মানুহ। যেনে – এটু মহা অভং চলি এ?

অভংভত্ ৰাঃ মইমতীয়া মানুহ। যেনে – এটু কি অভংভত্ ৰা মানুহ এ?

অম্ ল, অম্ লে থঃ ওলোমাই থোৱা, ওলোমাই থ।  যেনে – এ লীনা, লো, এই তেলৰ বটলটু সেই গাজলটুত অম্ লে থো।

অমুক, অমুকাঃ কোনো মানুহৰ নামৰ সলনি ব্যৱহাৰ কৰা শব্দ। যেনে – এই অমুকাক চিনি পাৱ নাই? তুহাৰ গতেমাখাকে খুজি ভাত নাপ কৰিম।

  • 34
    Shares

1 Comment

  1. “বজালীৰ শব্দকোষ” অনাগত দিনত বজেইলা ভাষাৰ এক দলিল ৰূপে পৰিগণিত হ’ব। এনে মহৎ প্ৰচেষ্টাৰ বাবে ড: জয়ন্ত কুমাৰ শৰ্মা ধন্যবাদৰ পাত্ৰ। বজালীবাসীৰ, বিশেষকৈ নবপ্ৰজন্মৰ বাবে ই এখন মূল্যবান গ্ৰন্থৰূপে বিবেচিত হ’ব বুলি আমাৰ দৃঢ় বিশ্বাস।

Leave a Reply

Your email address will not be published.