অসমৰ উদ্ভিদ পৰিচয় ৩ঃ ড৹জিন্টু শৰ্মা

অসমৰ উদ্ভিদ পৰিচয়

  • 32
  •  
  •  
  •  
  •  
    32
    Shares

উদ্ভিদ পৰিচয়ঃ ১১

বৈজ্ঞানিক নাম: Murraya paniculata L.
গোত্ৰ: Rutaceae
ইংৰাজী নাম: Orange jasmune, Chinese box .
অসমীয়া নাম:কামিনী কাঞ্চন।
অন্য নাম: হিন্দী- কামিনী, মণিপুৰী- কামিনী কুসুম, তামিল–ভেংগাৰী, তেলুগু- নাগাগুলুংগু, মাৰাঠী- কুংতী, মালায়ালাম– মাৰামুল্লা, নেপালী- কামিনী ফুল।

 

 

বিৱৰণ: এবিধ চিৰসেউজ, জোপোহা, মধ্যম আকাৰৰ  উদ্ভিদ। পাত মিহি, যৌগিক, ৩-৯ খিলা,  ২-৫ ছে:মি: মান দীঘল, আৰু প্ৰায় সমানে বহল, উপবৃত্তাকাৰ, বল্লমাকাৰ, গুৰি অসমান। ফুল বগা, থোপা বান্ধি ফুলে, উগ্ৰ সুগন্ধিযুক্ত। প্ৰায় গোটেই বছৰ ফুলি থাকে।

বিস্তৃতি: ভাৰত, দক্ষিণ পূব এচিয়াৰ স্থানীয় গছ।

ব্যৱহাৰ: ফুলৰ সুগন্ধিৰ বাবে সৌন্দৰ্য্য বৰ্ধক গছ হিচাপে বহুল সমাদৃত। মৌ পালকৰ বাবে এবিধ পচন্দৰ গছ।

উদ্ভিদ পৰিচয়ঃ ১২

বৈজ্ঞানিক নাম: Tabernaemontana divericata (L.) R. Br.
গোত্ৰ: Apocynaceae
ইংৰাজী নাম: Crape jasmine, Moon bean.
অসমীয়া নাম: কাথন্দা, কাঠ মালতী।
অন্য নাম: হিন্দী- চান্দনী, তামিল– নান্দিয়াৰ ভাট্টাই , মাৰাঠী– আনান্তা।

বিৱৰণ: এবিধ বহুবৰ্ষী চিৰসেউজ জোপোহা জাতীয় উদ্ভিদ। পাত আৰু কোমল কান্দ তৰুক্ষীৰযুক্ত। পাত সৰল,  মিহি, দাতি ঢৌ খেলোৱা, দীৰ্ঘাকাৰ। পুষ্পবিন্যাস চাইম। পাহী বগা তলফালে লগলাগি চুপহীৰ আকাৰ লয় । সল বেৰি, দীঘলীয়া। বীজ ৰঙা।

বিস্তৃতি: ভাৰতৰ স্থানীয়, দক্ষিণ পূব এচিয়াৰ দেশৰ সমূহতো ৰোপন কৰা দেখা যায়।

ব্যৱহাৰ: সৌন্দৰ্য্য বৰ্ধক উদ্ভিদ হিচাপে ব্যৱহাৰ কৰে।

উদ্ভিদ পৰিচয়ঃ ১৩

বৈজ্ঞানিক নাম: Cascabala thevetia (L.) Lippold
গোত্ৰ: Apocynaceae
ইংৰাজী নাম: Yellow oleander, Maxican oleander .
অসমীয়া নাম: কৰবী ।
অন্য নাম: হিন্দী- পীলি কনেৰ , মনিপুৰী- উতোংগ লৈ, বঙালী- কল্প ফুল।

বিৱৰণ: এবিধ চিৰসেউজ, জোপোহা, মধ্যম আকাৰৰ  উদ্ভিদ, কুমলীয়া অংগত তৰুক্ষীৰ থাকে। পাত ৰেখাকাৰ, সৰল,  ৭-১৫ ছে:মি: মান দীঘল, আৰু প্ৰায় ১-১.৫ ছে:মি: বহল, দালৰ আগত সৰ্পিল আকাৰে সজ্জিত। ফুল হালধীয়া, কেতিয়াবা বগা বা ৰঙচুৱা হয়, সুগন্ধিযুক্ত, প্ৰায় ৫ ছে:মি :দীঘল, পাহিৰ গুৰি লগ লাগি দীঘলীয়া নলীৰ আকাৰ লয়। প্ৰায় গোটেই বছৰ ফুলি থাকে। ফল  তিনিকোনীয়া। বীজ এটা।

বিস্তৃতি: ভাৰত(অসম, মেঘালয়), আমেৰিকাৰ স্থানীয় গছ।

ব্যৱহাৰ: ফুলৰ সুগন্ধিৰ বাবে সৌন্দৰ্য্যকJ বৰ্ধক গছ হিচাপে বহুল সমাদৃত।

উদ্ভিদ পৰিচয়ঃ ১৪

বৈজ্ঞানিক নাম: Derris indica (Lam.) Benet.
গোত্ৰ: Papilionaceae
ইংৰাজী নাম: Pongam tree, Indian beech tree .
অসমীয়া নাম: কৰচ।
অন্য নাম: হিন্দী- কৰংজ , মালায়লম- পন্নো, উন্নু , নেপালী- কৰেংগী।

বিৱৰণ: এবিধ চিৰসেউজ মধ্যম আকাৰৰ  বৃক্ষ, ২০ মিটাৰ মানলৈ ওখ হোৱা দেখা যায়। মাৰ্চ – এপ্ৰিল মাহত কেতিয়াবা পাত সৰে। বাকলি গোন্ধায়। পাত যৌগিক, ৫-৭ খিলা, বিপৰীত মুখী,   ৫-১১ ছে:মি: মান দীঘল, আৰু প্ৰায় ২-৫.৫ ছে:মি: বহল,ডিম্বাকাৰ বা উপবৃত্তাকাৰ। ফুল কক্ষত থোপা পাতি ফুলে,  বগা বা পুৰৈয়া ৰঙৰ। হয়, গোন্ধযুক্ত । ফল  টান চেপেটা, ৫ ছে:মি: মান দীঘল। বীজ এটা কেতিয়াবা দুটা।

বিস্তৃতি: ভাৰত । এচিয়া মহাদেশৰ স্থানীয় গছ।

ব্যৱহাৰ: এই গছৰ বীজ ৰ পৰা এবিধ মূল্যবান তেল নিষ্কাষণ কৰা হয়। যাৰ পৰা চাবোন তৈয়াৰ কৰা হয়। সেই তেলবিধ বিভিন্ন ৰোগৰ ঔষধতো ব্যৱহাৰ হয়।

উদ্ভিদ পৰিচয়ঃ ১৫

বৈজ্ঞানিক নাম: Averrhoa carambola L.

গোত্ৰ: Averrhoaceae.

ইংৰাজী নাম: The star fruit.

অসমীয়া নাম: কৰ্দৈ।

অন্য নাম: হিন্দী- কৰ্মল, মণিপুৰী-হৈনৌজোম, মালায়ালম- কাতুৰাপল্লী।

বিৱৰণ: এবিধ মধ্যম আকাৰৰ চিৰসেউজ জোপোহা জাতীয় উদ্ভিদ। পাত যৌগিক, মাখিপাত আয়তাকাৰ উপবৃত্তাকাৰ, আগ জোঙা। ফুল সৰু সৰু একেলগে থোপা বান্ধি ফুলে। ফল ৰসাল, ৫ সিৰীয়া ,৫-১২ ছেঃমিঃ দীঘল, পকিলে হালধীয়া বৰণৰ হয়। মিঠা টেঙা সোৱাদ যুক্ত।

বিস্তৃতি: ভাৰত তথা  দক্ষিণ পূব এচিয়াৰ দেশ সমূহৰ স্থানীয় গছ।

ব্যৱহাৰ: ইয়াৰ ফল ঔষধি গুণ যুক্ত। ফলৰ পৰা সুস্বাদু আচাৰ, জেলি আদি বনোৱা হয়।

উদ্ভিদ পৰিচয়ঃ ১৬

বৈজ্ঞানিক নাম: _Andrographis paniculata (Burn.f.) Wall. ex Nees.

গোত্ৰ: Acanthaceae.

ইংৰাজী নাম: King of bitter Green chiraita.

অসমীয়া নাম: কল্পতিতা, চিৰতা।

অন্য নাম: হিন্দী- কিৰায়টা, মালায়ালম- কিৰিয়াথ্টা, কানাড়া- নিলাবেভু, তেলুগু- নিলাভেমা, গুজৰাটী-কাৰিয়াট্টু।

বিৱৰণ: প্ৰায় ১-২ফুট মান ওখ, একবৰ্ষী, কোমল, পাত আৰু গা গছত গ্ৰন্থি সদৃশ নোম থকা, চাৰি সীৰিয়া কান্দৰ শাক বন জাতীয় উদ্ভিদ। পাত ঠাৰি বিহীন, অভিমুখী, বল্লমাকাৰ বা ৰেখাকাৰ। ফুল বেঙুনীয়া -বগা বৰণৰ, দ্বি খন্ডিত। ফল কেপচুল, ২ছেঃমিঃ মান দীঘল হয়, বীজ হালধীয়া-মুগা বৰণৰ । পাত, গা গছ অতিশয় তিতা।

বিস্তৃতি: ভাৰত তথা শ্ৰীলংকাৰ স্থানীয় গছ।

ব্যৱহাৰ: এই উদ্ভিদ জোপা অত্যন্ত ঔষধি গুণ যুক্ত।ইয়াৰপৰা কাহ, জ্বৰ, যকৃত, বিভিন্ন ধৰণৰ আলচাৰ, বৃক্কৰ বিভিন্ন ঔষধ বনোৱা হয়। এই উদ্ভিদ মাত্ৰাধিক প্ৰয়োগ কৰিলে স্বাস্থ্যৰ হানি হ’ব পাৰে। গৰ্ভৱতী মহিলাৰ বাবে ই নিষিদ্ধ।

[লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ উচ্চশ্ৰেনী লিপিক। ভাৰত চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক।]

  • 32
    Shares

1 Comment

  1. বৰ সুন্দৰ লেখা । বৈজ্ঞানিক নামবোৰ জানিবলৈ পাৰিছোঁ‌ । ধন্যবাদ ল’ব ।

Leave a Reply

Your email address will not be published.