অসমৰ উদ্ভিদ পৰিচয় ১ঃ ড৹জিন্টু শৰ্মা

অসমৰ উদ্ভিদ পৰিচয়

  • 100
  •  
  •  
  •  
  •  
    100
    Shares

উদ্ভিদ পৰিচয়ঃ ১

বৈজ্ঞানিক নাম: Phrynium pubinerve Bl.
গোত্ৰ: Marantaceae
অসমীয়া নাম: কৌপাত, কৌ।
বিৱৰণ: পাত অায়তাকাৰ বা অায়তাকাৰ-ডিম্বাকাৰ, ২০ৰ পৰা ৬০ ছে.মি. দীঘল অাৰু প্ৰায় ৭ – ২০ ছেমি বহল। ফলকৰ গুৰি গোলাকাৰ অাৰু অাগ হঠাতে ঠেক। পুস্পবিন্যাস ‘স্পাইক’। গোলাকাৰ। পুস্পধৰ পত্ৰ ৰঙা।

বিস্তৃতি: ভাৰত (অসম, পূব হিমালয়, অৰুণাচল, মেঘালয়), উত্তৰ-পূব চীন, কম্বোডিয়া, লাওচ, ম্যানমাৰ, ভিয়েটনাম।

ব্যৱহাৰ: কৌপাত অসমৰ সমাজ জীৱনৰ লগত জড়িত এবিধ উদ্ভিদ। ইয়াৰ পাত সকলো ধৰণৰ  খাদ্য বান্ধিবৰ বাৱে উপযোগী। ই খাদ্যসমমূহক অণুজীৱৰ অাক্ৰমণৰ পৰা বচায় অাৰু নষ্ট হব নিদিয়ে। ইয়াৰ বহুল ব্যৱহাৰ চীনতো দেখা যায়। অসমৰ দৰং জিলাৰ অন্তৰ্গত “কোপাতি” ৰ নাম এই কৌপাতৰপৰা হোৱা বুলি কয়।

উদ্ভিদ পৰিচয়ঃ ২

বৈজ্ঞানিক নাম: Terminalia arjuna (Roxb. ex DC) Weight & Arn.
গোত্ৰ: Combretace
ইংৰাজী নাম: Arjun Tree
অসমীয়া নাম: অৰ্জুন গছ।
অন্য নাম: হিন্দী – অৰ্জুন, মণিপুৰী – মাইযোকফা, তামিল – মাৰুত্তু মাৰাম, তেলেগু – থেলামাদি, মালায়ালাম – নিৰ্মৰত্তু, কানাড়া – নিৰ্মাত্তি

বিৱৰণ: এবিধ পৰ্ণপাতী ডাঙৰ বৃক্ষ। উচ্চতা ৭ মি. মানলৈ হোৱা দেখা যায়। ঠাল-ঠেঙুলি বহলকৈ অাগুৰি থাকে অাৰু ডালবোৰ সাধাৰণতে দোখোৱা। বাকলি সামান্য মুগা বৰণৰ মিহি। পাত অভিমুখী, কেতিয়াবা একান্তৰ, অায়তাকাৰ, অাগ জোঙা, বৃন্ত গ্ৰন্থিযুক্ত। ফুল পাতল হালধীয়া, ‘স্পাইক’ পুস্পবিন্যাসত ফুলে। ফল ৩-৭ ছে.মি. দীঘল, ৫ সিৰিয়া, পাতল পাখিযুক্ত, মুগা বৰণৰ।

বিস্তৃতি: ভাৰত অাৰু বাংলাদেশ। সাধাৰণতে শুকান নদীৰ তীৰত হয়।

ব্যৱহাৰ: হিন্দু ধৰ্ম মতে অৰ্জুন গছ সীতাৰ অতি প্ৰিয়। বহুতে ইয়াক পূজা কৰে। ইয়াৰ বাকলি হৃদ ৰোগৰ মহৌষধ।

উদ্ভিদ পৰিচয়ঃ ৩

বৈজ্ঞানিক নাম: Saraca asoca (Roxb.) de Willd.
গোত্ৰ: Caesalpiniaceae
ইংৰাজী নাম: Ashoka Tree.
অসমীয়া নাম: অশোক।
অন্য নাম: হিন্দী – সীতা অশোক, গুজৰাটী – অশোপল্লভ, তামিল – অশোগাম, তেলেগু – অশোকামু, নেপালী – অশৌ।

বিৱৰণ: অশোক ভাৰতীয় সংস্কৃতিৰ লগত জড়িত, অতি দেখনিয়াৰ ফুল ফুলা এবিধ চিৰসেউজ, মধ্যম অাকাৰৰ বিৰল গছ। পাত যৌগিক, মুখ্যবৃন্ত ১০-২০ ছে:মি: দীঘল। মাখিপাত ৪ যোৰ মান থাকে, বল্লমাকাৰ, অায়তাকাৰ, দীৰ্ঘাগ্ৰ, অাগ জোঙা। ফুল সুগন্ধিযুক্ত, থোপাপাতি ফুলে, কমলা ৰঙা ৰঙৰ। পুংকেশৰ অতি দীঘল। ফল ১৫ ছে:মি: মান দীঘল হয়, দুইমুৰ জোঙা। সাধাৰণতে ফেব্ৰুৱাৰী – এপ্ৰিল মাহত ফুলে।

বিস্তৃতি: ভাৰত। বিশেষকৈ উত্তৰ-পূৱ ভাৰত অাৰু উৰিষ্যা অাৰু ত্ৰিপুৰাত পোৱা যায়। বৰ্তমান অশোক গছক IUCN এ বিপদাপন্ন (Vulnerable) গছ বুলি নিৰ্ধাৰণ কৰিছে।

ব্যৱহাৰ: হিন্দু ধৰ্মত অশোক গছৰ বিশেষ স্থান অাছে। বাসন্তী পূজাৰ অষ্টমী তিথিক অশোকাষ্টমীও বোলে। সেইদিনা ইয়াৰ ফুল খালে শোক নোহোৱা হয় বুলি হিন্দু ধৰ্মত মান্যতা অাছে। ইয়াৰ পাতৰ ৰস মহিলাৰ মাহেকীয়াৰ সমস্যাৰ বাবে উপকাৰী। বাকলিৰ উতলোৱা ৰস হাগনিৰ মহৌষধ।

উদ্ভিদ পৰিচয়ঃ ৪

বৈজ্ঞানিক নাম: Antidesma acidum Retz.
গোত্ৰ: Euphorbiaceae
ইংৰাজী নাম: Rohitaka
অসমীয়া নাম: অাবু টেঙা, নেখন টেঙা, সৰু হেলচ।
অন্য নাম: হিন্দী – অাম্লি, মিচিং – ইন চুন অাৰোন, গাৰো – অাবুৰক, খাচি – দিয়েং জাপুৱে, তামিল – অাচাৰিপুল্লি, তেলেগু – পেল্লা গুমুদু, মালায়ালাম – অাৰিপাজাম।

বিৱৰণ: এবিধ অসমৰ জংগলত পোৱা পৰ্ণপাতী সৰু বৃক্ষ। কোমল অংশবোৰ ৰংচুৱা নোমাল। পাত মিহি, ১২ ছে:মি: মান দীঘল, অায়তাকাৰ, বল্লমাকাৰ বা ডিম্বাকাৰ, পকিলে গাঢ় ৰঙা বৰণৰ হয়। ফুল সৰু সৰু, একলিংগী, ভিন্নবাসী, সেউজ হালধীয়া ৰঙৰ। ফল সৰু গোলাকাৰ। টেঙা।

বিস্তৃতি: ভাৰত, চীন, থাইলেন্ড, কম্বোডিয়া, লাওচ, ভিয়েটনাম, ইন্দোনেচিয়া।

ব্যৱহাৰ: পাত অাৰু ফল টেঙা খাবৰ অতি উত্তম। শিপাৰ ৰস যকৃতৰ বেমাৰৰ উপযোগী। [লিখক তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ কাৰ্য্যালয় সহকাৰী]

Be the first to comment

Leave a Reply

Your email address will not be published.