জীৱনৰ দুদিনঃ ৰুমী নাথ

গল্পগুচ্ছ

  •  
  •  
  •  
  •  
  •  

জিলমিল দাস | মাজে মাজে কিবাকিবি ভাৱত ডুলি থকা ছোৱালীজনী | ৰাতিপুৱাৰ শুই উঠিয়েই দেখিলে ৰ’দ বিৰিঙিছে, – উফ্ মূৰটোত এক প্ৰচণ্ড বিষ , যেন কপালখন ফাটি এসোঁপা গৰম গৰম ধোৱা ওলাই আহিব | ঘড়ীটোলৈ চালে সঁচাকৈয়ে বহুত পলম হ’ল | খৰধৰকৈ গা ধুবৰ বাবে খোজ…। তাতে আকৌ হাঁহ কেইজনী আহি তাইৰ ওচৰতেই পেক্ পেক্ পেক্ কৰিব ধৰাত বিষ উঠি থকা মুৰত আকৌ কোনোবাই টাঙোনৰে কোবোৱা যেন লাগিল, সিঁহতৰ পেক্ পেক্ মাতত! খঙতে লাঠি এডাল দলিয়াই পঠিয়ালে হাঁহ কেইজনীৰ গালৈ,গোটেইবোৰ দৌৰি পলাল | কলেজলৈ ক্লাছ পাবলৈ হ’লে মই এই ডেৰ ঘন্টাৰ ভিতৰতে গা ধুই, খাই, চাৰি কিলমিটাৰ চাইকেল চলাই, ধূৰ্জতি ছাৰৰ ঘৰত চাইকেল থৈ দহ কিলোমিটাৰ গাড়ীৰে যাব লাগিব | কথাখিনি ভাবি জিলমিলে খৰধৰ্ কৰিলে |
কলেজৰ শেষত ঘৰলৈ উভতিল | ক্লান্ত শৰীৰটো লৈ ঘৰ পোৱাতহে কিছু সকাহ পালে জিলমিলে | গধূলি চেলিমাই ফোন কৰিছিল | উফ্…আজিয়েই দেখোন সেই দিনটো | য়াছমিন য়াছমিন য়াছমিন…নামটো মনত পৰিলেই বুকুখন আৰ্তনাদ কৰি উঠে | ধুনীয়া মুখমণ্ডল,দীঘল কলা চুলিকোছাৰে সৈতে মৰমলগা ছোৱালীজনী মৃত্যুৰ কেইবাদিনো আগলৈক স্কুলত মোৰ ওচৰতে বহিছিল তাই | মোৰ লগত বহা প্ৰথমটো দিনত তাই মোক সুধিছিল —
তোৰ কিতাপ নাই?
–নাই
কিয়?
মই মনে মনে থকা দেখি তাই কৈছিল, – হু এইখন ল | মোৰ গণিত দুখন আছে | এইখন তই ৰাখিবি |
আলমাৰিটো খুলি তাই দিয়া কিতাপখন জিলমিলে বিচাৰিলে | এতিয়াও ধুনীয়া হৈ আছে কিতাপখন | প্ৰথম পৃষ্ঠাটোত তাই তাইৰ নামটো ডাঙৰকৈ লিখিছিল “য়াছমিন” | নামটোৰ ওপৰতে হাত ফুৰাই অজানিতে দুচকু ভৰি আহিল | হাঁহাকাৰ কৰি উঠিল আকৌ এবাৰ বুকুখন | য়াছমিন ক’ত এতিয়া তই?
জিলমিল আৰু শ্ৰেণীটোৰ সকলোৱে য়াছমিনৰ ঘৰলৈ গৈছিল | তাইৰ খবৰ লব | তাই হেনো মাকৰ আগত কৈছিল, ” মা মোক সকলোৱে চাব আহে, মোৰ লগৰবোৰে মোক চাবলৈ নাহে কিয়? মই সিহঁতক, স্কুলখনক নেদেখাই হলো | ” তাৰ পাছদিনাখন সকলোৱে মিলি তাইৰ ওচৰলৈ গৈছিল | তাই শুই আছিল | ওচৰতে থকা টেবুলখন বিভিন্ন ঔষধেৰে ভৰা |য়াছমিনৰ বৃক্ক নষ্ট হৈছিল | জড় বস্তুৰ দৰে পৰি আছিল বিচনাখনত তাইৰ শৰীৰ | ওচৰতে মাকে বহি অনবৰতে কান্দিছিল | তাইৰ বাইটি জনীয়ে হাতত মণি এডাল লৈ কোনেও নুশুনাকৈ কিবাকিবি কৈ থাকিছিল |
তাৰ দুদিন পাছতে স্কুলত ক্লাছৰ সময়তে কোনোবা এজন আহি ক’লে, য়াছমিন আৰু নাই | তাই মৰিল | আবেলিলৈকে তাইক এটা ডাঙৰ দীঘলয়াকৈ গাঁত খান্দি তাত তাইক মাটিৰে পুতি পেলাৱা হ’ল |
গধূলি মই ঘৰলৈ আহি অকলে শুই বহুত কান্দিলো | আনকি স্কুলৰ পৰা আহি জিৰণী লোৱাৰ সলনি যেতিয়া বেলেগৰ ঘৰলৈ টিভি চাব যোৱাৰ বাবদ দেউতাই কেঁচা চিকিনিৰে কোবতো মই ইমান কান্দি দিয়া নাছিলোঁ | কিবা এটা মৰমৰলগা বস্তু হেৰাই গৈছিল আমাৰ স্কুলখনত | এতিয়া ছাগে তাইৰ শৰীৰো সম্পূৰ্ণৰূপে মাটিৰ লগত মিলি গৈছে |
কিতাপখন আলমাৰিটোত পুনৰ সোমাই থৈ জিলমিল পঢ়া টেবুলত বহিল যদিও পঢ়া নহ’ল | মন মগজুত আন কিবাকিবি ভাবেহে দুলি থাকিল |
কোনোমতেই ক্লাছ মিছ কৰিব নোৱাৰি | পৰীক্ষাও আহি আছে | ঘনে ঘনে পৰীক্ষা হয় আজিকালি | ক্লাছ টেষ্ট, চেশন্যেল,ফাইনেল দিয়েই থাকিব লাগে | চাইকেল চাফা কৰি মচি থাকিয়েই জিলমিলে কথাবোৰ ভাবে |
–ৰ’দ যে আৰু মই চাইকেলখন ওলালেই খাও খাওকৈ দিয়ে | জিলমিলৰ খং উঠি যায় | তাইৰ মনত পৰিল অমল দাদাৰ কথা | সৰুতে এখন চাইকেলতে পাঁচজনকৈ উঠিছিলো | আগৰ ধামডালত এটা বহিছিল, অমল দাদাই চিটত বহি চলাইছিল আৰু তাৰ ঠিক পিছতেই চিটতেই সৰু সৰু ভৰি দুখন থৈ অমল দাদাৰ কান্ধত ধৰি ধুনু থিয় হয়, পিছৰ কেৰিয়েল খনত দুটা বহিছিলো | ককাই দেখি চিঞৰি থাকিছিল- ঐ ঐ কচুখোৱা সোঁপা পৰি মৰিবি নামিলি নে নাই তহঁত…. আমি আটাইবোৰে খিলখিলাই হাঁহিছিলো…| অমল দাদাই তেনেকৈয়ে আমাক চাইকেল চলাই গাওঁখন ঘূৰাই লৈ ফুৰিছিল | আমাৰ গাঁওখন অমল দাদাৰ মোমায়েকৰ গাঁও | মাহীয়েকে অমল দাদাক গালি পাৰি গালি পাৰি মাতি নি পদূলিৰে তামোল গছ এডালত ৰ’দতে গৰু বন্ধা পঘাৰে বান্ধি থৈছিল | তেজ ওলোৱাকৈ কোবাইছিল | সি চকু মুজি কোববোৰ সহ্য কৰি কান্দিছিল |
জিলমিলে মাকক চিঞৰিলে–অ’ মা ছাটিটো লৈ আহচোন, ইমান ৰ’দ দিছে |
জিলমিলহঁতৰ ওচৰৰ মানুহ গৰাকীয়ে মাকক ক’য়, –ইমান কষ্ট কৰি, টকা খৰছ কৰি ছোৱালী পঢ়াই কি লাভ আছে বাইদেউ? জিলমিলৰ মাক মনে মনে থাকিল | ছাটিটো মেলি এখন হাতেৰে চাইকেলৰ হেণ্ডেল, আনখনেৰে ছাটিটো ধৰি লৈ জিলমিল তীব্ৰ গতিত চাইকেল চলাই ক্ৰমে নেদেখা হৈ পৰিল |

[ লেখিকা ৰুমী নাথ দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জাৰ ছাত্ৰী। ]

1 Comment

Leave a Reply

Your email address will not be published.