ৰক্তবীজঃ জুবিন গাৰ্গ

কাব্যশিল্প

  • 4.3K
  •  
  •  
  •  
  •  
    4.3K
    Shares

মোৰ বুকুৰ শেৱালিবোৰ ফুলিব দিয়া
তোমাৰ আৱেগৰ স্নিগ্ধ চকুত
শেৱালিবোৰ সৰিব দিয়া
তোমাৰ চেঁচা নিয়ৰৰ ঘাঁহনিত
গচকি গচকি যোৱা
আৰু বাৰে বাৰে উলিয়াব দিয়া
মোৰ প্ৰেমৰ ৰক্তবীজ ৰূপ

মোৰ তেজ সলনি নহয়
নহয় মোৰ ৰূপ
নহয় মোৰ প্ৰেম নাইবা কবিতা
মাথোঁ মৰহিব নিদিবা মোৰ
হৃদয়ৰ শেৱালিবোৰ

অলপ দিনৰ বাবে বন্ধ কৰি দিয়া ৰ’দবোৰ
মই জোনাকত ফুলোঁ !

  • 4.3K
    Shares

5 Comments

  1. শিল্পীজনাই এইটো গীত হিচাপে পৰিবেশন কৰিলে ভাল হব।

  2. শিল্পীজনাই ইয়াক গীত হিচাপে পৰিৱেশন কৰিব লাগে।

Leave a Reply

Your email address will not be published.