অসমৰ উদ্ভিদ পৰিচয় ২ঃ ড৹জিন্টু শৰ্মা

প্ৰৱন্ধ বিতান

  • 50
  •  
  •  
  •  
  •  
    50
    Shares

উদ্ভিদ পৰিচয়ঃ ৫

বৈজ্ঞানিক নাম: Albizzia lebbeck (L.) Benth.

গোত্ৰ: Mimosaceae

ইংৰাজী নাম: Siris Tree, Woman’s Tongue

অসমীয়া নাম: কঠিয়া কৰৈ

অন্য নাম: হিন্দী – চৰচ্ ,  তামিল – চিৰিদাম, মালায়লম – ভাগা, মনিপুৰী – খক্

বিৱৰণ: এবিধ বৃহৎ পৰ্ণপাতী বৃক্ষ, বাকলি মুগা বৰণৰ, চিৰাল ফাট মেলা। পাত যৌগিক, মুখ্যবৃন্ত ১০-১৫ ছে:মি: দীঘল। পত্ৰশাখা ২-৫ যোৰ। মাখিপাত ৩-১০ যোৰ মান থাকে, মাজত গ্ৰন্থি থাকে, অায়তাকাৰ, দীৰ্ঘাগ্ৰ, অাগ জোঙা নহয়, পাতল সেউজীয়া। ফুল সুগন্ধিযুক্ত, সেউজ বগা, মুন্দক পুস্পবিন্যাসত ফুলে। পুংকেশৰ অতি দীঘল। ফল চেপেটা, ১৫-৩০ ছে: মি: মান দীঘল হয়, দুইমুৰ জোঙা, পাত সৰাৰ পাছত ওলমি থাকে।

বিস্তৃতি: ভাৰত, ফিলিপাইনছ, লাওছ, নেপাল আদি।

ব্যৱহাৰ: ভাৰতত মূলতঃ চাহ খেতিত ছাঁঁ দিবৰ বাবে ৰোপণ কৰে। মৌ পালনৰ বাবেও ই এবিধ উত্তম গছ।

উদ্ভিদ পৰিচয়ঃ ৬

বৈজ্ঞানিক নাম: Artocarpus heterophyllus Lamk.

গোত্ৰ: Moraceae

ইংৰাজী নাম: Jack Fruit

নাম: কঁঠাল

অন্য নাম: হিন্দী –কাঠাল, মণিপুৰী – থৈবোং, তামিল – পাল্লা, তেলুগু – পানাচ, মালায়ালাম –চাক্কা, বাাংলা – কাঁঠাল, সংস্কৃত- পনচম্

বিৱৰণ: এবিধ অসমৰ প্ৰায় সকলোতে পোৱা চিৰসেউজ বৃক্ষ। কোমল অংশবোৰ তৰুক্ষীৰ যুক্ত। পাত মিহি, ৭ – ২০ছে:মি: মান দীঘল, ৩ – ৭.৫ ছে: মি: বহল। উপবৃত্তাকাৰ বা অধো ডিম্বাকাৰ, পকিলে গাঢ় ৰঙা বৰণৰ হয়। ফুল সৰু সৰু, একলিংগী, বৌখাৰদ্বাৰা আবৃত। ফল বৃহৎ, কাইটীয়া, ই আচলতে অনেক সৰু সৰু ফলৰ সমষ্টি, এক যৌগিক ফলহে।

বিস্তৃতি: ভাৰত, এচিয়া মহাদেশৰ প্ৰায়সমূহ দেশ, ব্ৰাজিল।

ব্যৱহাৰ: ফল  খাবৰ বাবে অতি উত্তম। ফলৰ ৰস তেজৰ বেমাৰৰ উপযোগী। ভাৰত অন্যতম কঠাল উৎপাদনকাৰী দেশ।

উদ্ভিদ পৰিচয়ঃ ৭

বৈজ্ঞানিক নাম: Solanum ferox L.

গোত্ৰ: Solanaceae

ইংৰাজী নাম: Hairy Fruited Eggplant

অসমীয়া নাম: কটাহী বেঙেনা

বিৱৰণ: এবিধ মুগা নোমেৰে আবৃত, অৰ্ধ জোপোহা জাতীয় কাঁঁইটীঁয়া উদ্ভিদ। পাত উপবৃত্তাকাৰ-ডিম্বাকাৰ, ১২ – ১৩  ছে.মি. দীঘল অাৰু প্ৰায় ৭ – ১৮ ছে:মি: বহল, পাতলীয়া খাজ যুক্ত, পাতৰ মধ্য সিৰাত কাঁঁইট থাকে। ফুল পাতৰ গুৰিত চাইম পুস্পবিন্যাসত ফুলে, বৃতি ঘনকৈ শুঙ যুক্ত। ফল গোলাকাৰ। কোমল অবস্থাত অত্যন্ত শুঙাল। পকিলে হালধীয়া হয়।

বিস্তৃতি: ভাৰত, দক্ষিণ চীন, থাইলেণ্ড, মালয়েচিয়া।

ব্যৱহাৰ: ভাৰতীয় লোকসকলে খাদ্য হিচাপে ব্যাবহাৰ কৰে। থাইলেণ্ডত ইয়াৰ পৰা “নাম প্ৰেক” নামৰ এবিধ বিশেষ চচ প্ৰস্তুত কৰে। অসমৰ বিভিন্ন জনজাতীয় লোকে ইয়াৰ ফাইলটো এজমাৰ দৰৱ হিচাবে ব্যৱহাৰ কৰে।

উদ্ভিদ পৰিচয়ঃ ৮

বৈজ্ঞানিক নাম: Cardiospermum helicacabum L.

গোত্ৰ: Sapindaceae

ইংৰাজী নাম: Balloon Vine, Heart Seed, Love in a Puff

অসমীয়া নাম: কপালফুটা লতা

অন্য নাম: হিন্দী – কানফাটা , তামিল – কাট্টাভাম, মাৰাঠী – কানফুটী

বিৱৰণ: এবিধ আকৰ্ষযুক্ত, ক্ষীণ ৰোহিনী লতা। পাত যৌগিক,  ৫ – ৭ ছে.মি. দীঘল। মাখিপাত তিনিখিলা, মিহি, দাতি খাজ কটা, দীৰ্ঘাকাৰ। ফুল সৰু সৰু পাহি হালধীয়া বগা। ফল ত্ৰিকোণী চেপেটা, পুষ্পধৰ পত্ৰই আবৰি থাকে। ফলটো বেলুনৰ দৰে ফুলা। কপালত মাৰি দিলে ফুটি যায়।

বিস্তৃতি: আফ্ৰিকা আৰু এচিয়াৰ সকলো দেশতে পোৱা যায়।

ব্যৱহাৰ: শিপা বাতবিষৰ মহৌষধ।

উদ্ভিদ পৰিচয়ঃ ৯

বৈজ্ঞানিক নাম: Neolamarckia cadamba (Roxb.) Bosser.

গোত্ৰ: Rubiaceae

ইংৰাজী নাম: Burflower tree, Leichhardt pine

অসমীয়া নাম: কদম

অন্য নাম: হিন্দী, মাৰাঠী – কদম্ব, তামিল – কাপাম, ভেল্লাই, তেলেগু – কাদাম্বামু, মালায়ালাম – আট্টুটেক

বিৱৰণ: এবিধ অসমত সাধাৰণতে পোৱা পৰ্ণপাতী বৃহৎ বৃক্ষ। ডাল গা-গছৰ পৰা চক্ৰাকাৰে ওলায়। পাত মিহি অভিমুখী, ১২ – ২৫ ছে: মি: মান দীঘল, ৫ – ১০ ছে: মি: বহল, অায়তাকাৰ, ডিম্বাকাৰ, নিমজ। ফুল গোলাকাৰ মুুণ্ডক পুষ্পবিন্যাসত ফুলে, অসংখ্য, হালধীয়া বগা বৰণৰ। ফল অতি ৰসাল। কমলা বৰণৰ। ফুল জুনৰ পৰা চেপ্তেম্বৰ লৈ ফুলে।

বিস্তৃতি: ভাৰত, চীন, বাংলাদেশ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড, কম্বোডিয়া, লাওচ, ভিয়েটনাম, ইন্দোনেচিয়া।

ব্যৱহাৰ: ভাৰতীয় হিন্দু সভ্যতাত কদম গছৰ বিশেষ ভূমিকা আছে। ভগৱান শ্ৰীকৃষ্ণৰ লগত কদম গছৰ সম্বন্ধৰ কথা আমি সকলোৱে জানোঁঁ। কৰ্ণাটক চৰকাৰে প্ৰতি বছৰে কদম্বোৎসৱ পালন কৰে। ফুল সুগন্ধি দ্ৰব্য উৎপাদন ত ব্যৱহাৰ হয়। গা-গছ কাঠৰ বাবে উত্তম। কাগজ তৈয়াৰ কৰাৰ বাবেও ব্যৱহাৰ হয়।

উদ্ভিদ পৰিচয়ঃ ১০

বৈজ্ঞানিক নাম: Dioscorea alata L.

গোত্ৰ: Dioscoreaceae

ইংৰাজী নাম: White yam, Water yam

অসমীয়া নাম: কাঠ আলু

অন্য নাম: তামিল – ৰাচা ভাল্লি কিলাংগু, মাৰাঠী – কোন্ডফাল, মালায়ালাম – কাচিৰ

বিৱৰণ: এবিধ একবৰ্ষী আৰোহী লতাজাতীয় উদ্ভিদ। পাত মিহি, ১০ – ৩৫ ছে: মি: মান দীঘল, আৰু প্ৰায় সমানে বহল, ডিম্বাকাৰ, পত্ৰফলকত সীৰা ৫ – ৭ দাল থাকে। পুষ্পবিন্যাস নিয়ত, একলিংগী। মূল অত্যন্ত মঙহাল। ১০০-১৮০ ছে: মি: দীঘল, গা খহটা, ভিতৰত বগা।

বিস্তৃতি: ভাৰত, অন্য দক্ষিণ  পূৱ এচিয়াৰ দেশসমূহ।

ব্যৱহাৰ: আলুটো পাচলি হিচাপে ব্যৱহাৰ কৰে। বিভিন্ন ৰোগৰ মহৌষধ। অন্যদেশত আইচক্ৰীম, কেক আদিতো বহুলভাৱে ব্যৱহাৰ হয়।

[লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ কাৰ্য্যালয় সহকাৰী। ভাৰত চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক]

  • 50
    Shares

Be the first to comment

Leave a Reply

Your email address will not be published.